ৰাধাগোবিন্দ বৰুৱা
| ৰাধা গোবিন্দ বৰুৱা | |
|---|---|
![]() |
|
| জন্ম | অক্টোবৰ ১৭, ১৯০০ |
| মৃত্যু | জুলাই ১৫, ১৯৭৭ (৭৬ বছৰ) |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাধা গোবিন্দ বৰুৱা (ইংৰাজী: Radha Govinda Baruah) (১৭ অক্টোবৰ[1] ১৯০০[1][2] – ১৫ জুলাই[3][4] ১৯৭৭[2][3][4][5]) আছিল 'দ্য আছাম ট্ৰিবিউন' বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা। তেখেতেই ১৯৩৯ চনত প্ৰথমে 'দ্য আছাম ট্ৰিবিউন' কাকত প্ৰকাশ কৰিছিল। তেখেতেই বাতৰি-কাকত 'দৈনিক অসম' (১৯৬৫) আৰু সাপ্তাহিক 'অসম বাণী' প্ৰতিষ্ঠা কৰিছিল।[6] এগৰাকী ক্ৰীড়া সংগঠক আছিল।[2] এটা দশক জুৰি তেখেত 'অসম ক্ৰিকেট সংস্থা'ৰ (Assam Cricket Association) সভাপতি আছিল।[4] 'গুৱাহাটী অন্ত: ষ্টেডিয়াম', 'অসম সংগীত সন্মিলনী' আৰু 'গুৱাহাটী উৰণ সংঘ'ৰ প্ৰতিষ্ঠাতো আগভাগ লৈছিল।[6] এগৰাকী সমাজ সেৱক ৰূপেও তেখেতে বৰঙনি আগবঢ়াইছিল।[2][4][6] অসমীয়াৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বাবে তেখেতে যত্ন কৰিছিল।[7] গুৱাহাটীৰ 'R.G. Baruah কলেজ' তেখেতৰ নামতে ৰখা হৈছে।[7] তেখেতক 'আধুনিক অসমৰ আৰ্হি নিৰ্মাতা' ("the architect of modern Assam") বোলা হৈছে।[2]
২০০০ চনত 'মহান নেতাসকল: সামাজিক আৰু ৰাজনৈতিক' শিতানত 'জগলাল চৌধুৰী', 'বিজয়লক্ষ্মী পণ্ডিত' আৰু 'ৰেট্টামালাই শ্ৰীনিবাসন'-ৰ লগতে তেখেতক সন্মান যাঁচি এটা ডাক-টিকট প্ৰনয়ন কৰা হৈছে।[6]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 The Assam Tribune, আহৰণ: ১৭ অক্টোবৰ, ২০০৮
- ↑ 2.0 2.1 2.2 2.3 2.4 R G Baruah: the architect of modern Assam By Mitra Phukan
- ↑ 3.0 3.1 The Assam Tribune, আহৰণ: ১৫ জুলাই, ২০০৮
- ↑ 4.0 4.1 4.2 4.3 ACA appeals for top honour to RG, The Telegraph, ১৫ জুলাই, ২০০৪
- ↑ [1]
- ↑ 6.0 6.1 6.2 6.3 Stamp Calendar - Stamps Issued by India in August 2000, Dakshina Kannada Philatelic and Numismatic Association web site
- ↑ 7.0 7.1 Radha Govinda Baruah College, Guwahati, National Assessment and Accreditation Council, আহৰণ কৰা তাৰিখ: ২৪ ছেপ্টেম্বৰ, ২০০৪
