ৰাভা জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ৰাভা জনগোষ্ঠী
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
অসম, পশ্চিমবংগ, ভাৰত:
  
ভাষাসমূহ

ৰাভা ভাষা

ধৰ্ম

হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম

পশ্চিমবঙ্গৰ জলপাইগুৰিৰ এটা অঞ্চলৰ বসবাস কৰা একজন ৰাভা লোক।

ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম। অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। আনহাতে পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলটো এখেতসকলে কিছু পৰিমানে বাস কৰে। ৰাভাসকল অসমৰ পঞ্চম বৃহত্তম তপশিলি ভুক্ত উপজাতি। এই ৰাজ্যত দুই লাখ সাতসত্তৰ হাজাৰ ৰাভালোকে বসবাস কৰে।[1] ৰাভা সম্প্ৰদায়ত লোকসকল বৃহত্তৰ ইন্দো-মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভূক্ত।


ভাষা[সম্পাদনা কৰক]

ৰাভা জনজাতিৰ মানুহসকলে ৰাভা ভাষাত কথা কয়। বড়ো, গাৰো, কাছাৰী ইত্যাদি জনগোষ্ঠীৰ মানুহৰ লগত এওঁলোকৰ নৃতাত্বিক যোগাযোগ আছে।[2]

জীৱিকা[সম্পাদনা কৰক]

কোৱা হয় যে, ৰাভা সম্প্ৰদায়ৰ মানুহৰ লগত প্ৰকৃতি আৰু জঙ্ঘলৰ এক নিবিৰ সম্পৰ্ক আছে। পূৰ্বতে তেখেতসকলে ঝুম খেতি কৰিছিল। ঊনবিংশ শতাব্দীৰ ষষ্ঠ দশকত, ভাৰতত ইংৰাজ শাসকসলকে জলপাইগুড়ি, ডুয়াৰ্চ আৰু অসমৰ জঙ্গলবোৰক "সংৰক্ষিত বনাঞ্চল" বুলি ঘোষণা কৰাৰ লগে লগে ৰাভাসকলৰ এই জীৱন ধাৰাৰ পৰিবৰ্তন হয়। বৰ্তমান, ৰাভা সম্প্ৰদায়ৰ লোকসকল চাকৰী, ব্যৱসায় বানিজ্য ইত্যাদি বিভিন্ন জীৱিকাৰে নিযুক্ত হৈ আছে। এইসকলৰ সৰহসংখ্যক মানুহেই বনকৰ্মী অথবা কৃষক।[3]

পশ্চিমবংগত ৰাভা মহিলাসকলে পৰম্পৰগত সাজেৰে নৃত্য কৰা দৃশ্য

ধৰ্মাচৰণ[সম্পাদনা কৰক]

ৰাভাসকল প্ৰকৃতিৰ উপাসক। ৰাভাসকলৰ মাজত মূৰ্তি পূজাৰ প্ৰচলন নাই। তেওঁলোকে বৰ্তমান মূল ধৰ্ম পালনৰ লগে লগে হিন্দু ধৰ্মৰো কিছু আচাৰ আচৰণ পালন কৰে। ৰাভাসকলৰ প্ৰধান দেৱতা হ’ল "ঋষি" বা "মহাকাল"। সকলোবোৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত ইয়াৰ পূজা অতি আৱশ্যক।[4] ইয়াৰ বাদেও ৰাভাসকলৰ আৰু দুই দেৱী হ’ল 'ৰঙ্গতুক' আৰু 'বচেক'। এই দুগৰাকীক ঋষি বা মহাকালৰ কন্যা বুলি ভৱা হয়। 'ৰঙ্গতুক' আৰু 'বসেক' হ’ল পাৰিবাৰিক ধন সম্পত্তিৰ দেৱী। ৰাভাসকল মূলত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অনুগামী, এওঁলোকে পৰিবাৰৰ জ্যেষ্ঠা কন্যা পাৰিবাৰিক সূত্ৰৰে এই দুই দেৱীৰ অধিকাৰী হয়।[5] বৰ্তমান বহু ৰাভালোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে।


পৰম্পৰাগত লোকনাট্য[সম্পাদনা কৰক]

নৃত্য আৰু গীত ৰাভাসকলৰ সমাজৰ এক অবিচ্ছেদ্য অঙ্গ। তেওঁলোকে বিভিন্ন অনুষ্ঠানৰ আৰম্ভ আৰু শেষত নাচ আৰু গান থাকে। কোৱা হয় যে, সকলো ৰাভা মহিলাই নৃত্য আৰু গীতত পাৰদৰ্শী।

ভাৰীগান নাট্যৰ এটি দৃশ্য

অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী ৰাভাসকলৰ ভাৰীগান এবিধ লোকনাট্য হিচাপে পৰিচিত ৷ ৰাভা জনগোষ্ঠীৰ বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা অঞ্চলৰ পাতিৰাভাসকলৰ মাজত এই ভাৰীগান অতীজৰে পৰা প্ৰচলিত হৈ আহিছে ৷ এই নাট্যবিধৰ আৰম্ভনি কেতিয়া হৈছিল তাৰ কোনো লিখিত তথ্য নাই৷ ভাৰীগান বোৰ কাহিনীৰ ৰূপত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে৷ “ভাৰী” শব্দৰ অৰ্থ ওজন বা গধুৰ আৰু “গান” মানে হৈছে গীত ৷ সাধাৰণতে সমাজৰ কোনো বিদ্বানলোক বা গুৰুৱে এই নাট্যশৈলীৰ বিষয়ে আভাস দিয়ে বাবে এই নাট্য বিধক পাতিৰাভাসকলে “গুৰুবিদ্যা” বুলিও কয়৷ এইবিধ নাট্যৰ প্ৰদৰ্শনত প্ৰধানকৈ ঢোল আৰু তাল ব্যৱহাৰ কৰা হয় ৷[6]


লগতে চাওক[সম্পাদনা কৰক]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. "Assam-Data Highlights: THE SCHEDULED TRIBES, Census of India 2001, Census of India 2001" (PDF). http://censusindia.gov.in/Tables_Published/SCST/dh_st_assam.pdf. 
  2. Mitra, A. (1953), West Bengal: District Handbooks: Jalpaiguri, Govt. of West Bengal, p. cxxxviii
  3. Raha, M.K. (1989), "Matriliny to Patriliny: A Study of the Rabha Society", Delhi, Gyan Publishing House.
  4. Karlsson, B.G. (2000), "Contested Belonging: An Indigenous People's Struggle for Forest and Identity in Sub-Himalayan Bengal", Routledge, p.162
  5. Raha, M.K. (1989), "Matriliny to Patriliny: A Study of the Rabha Society", Delhi, Gyan Publishing House.p. 112
  6. লোক-বৈভৱ,আকাশবাণী গুৱাহাটী৷