ৰামকৃষ্ণ পৰমহংস
|
|
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
| Ramakrishna ৰামকৃষ্ণ পৰমহংস |
|
|---|---|
দক্ষিনেশ্বৰত ৰামকৃষ্ণ পৰমহংস |
|
| জন্ম | ফেব্ৰুৱাৰী ১৮, ১৮৩৬ |
| প্ৰকৃত নাম | গদাধৰ চট্টোপাধ্যায় |
| উপাধি/সন্মান | পৰমহংস |
| গুৰু | ভৈৰবী ব্ৰাহ্মণী, তোতাপুৰী, গোবিন্দ ৰায় |
| দৰ্শন | অদ্বৈত বেদান্ত, ভক্তি |
ৰামকৃষ্ণ পৰমহংস (
Ramkṛiṣṇo Pôromôhongśo (সহায়·তথ্য)) আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেঁওৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ । সেয়েহে তেঁওৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেঁও আছিল মানৱতাৰ পূজাৰী। সাধনাৰ ফলত তেঁও এই সিদ্ধান্তত উপনীত হৈছিল যে- পৃথিৱীৰ সকলো ধৰ্মই সঁচা আৰু ইয়াত কোনো ভিন্নতা নাই। ই মাথো ঈশ্বৰপ্ৰাপ্তিৰ ভিন ভিন সাধন।[উদ্ধৃতিৰ প্ৰয়োজন]
সূচী |
[সম্পাদনা কৰক] জন্ম
ৰামকৃষ্ণ পৰমহংসদেৱৰ জন্ম হৈছিল ১৮৩৬ খ্ৰীষ্টাব্দত, পশ্চিমবংগৰ গাঁও কামাৰপুকুৰত । তেঁওৰ দেউতাকৰ নাম আছিল খুদিৰাম চট্টোপাধ্যায়[1] আৰু মাকৰ নাম আছিল চন্দ্ৰমনি দেৱী । ৰামকৃষ্ণ পৰমহংসৰ সৰুকালৰ নাম আছিল গদাধৰ। তেঁওৰ শিশুসুলভ সৰলতা আৰু মন্ত্ৰমুগ্ধ হাঁহিয়ে সকলোকে মোহিত কৰিছিল ।
[সম্পাদনা কৰক] জীৱন
|
ওঁ • ব্ৰহ্মা • ঈশ্বৰ |
|
ধৰ্মাচৰণ
|
|
|
In 1855 Ramkumar was appointed as the priest of Dakshineswar Kali Temple, built by Rani Rashmoni—a rich woman of Calcutta who belonged to the kaivarta community.[2] Ramakrishna, along with his nephew Hriday, became assistants to Ramkumar, with Ramakrishna given the task of decorating the deity. When Ramkumar died in 1856, Ramakrishna took his place as the priest of the Kali temple.[3] কলিকতাৰ এখন পাঠশালাৰ সঞ্চালক অগ্ৰজ ককায়েক ৰামকুমাৰ চট্টোপাধ্যায়ে ৰামকৃষ্ণ পৰমহংসক তেঁওৰ পাঠশালাত অধ্যাপনা কৰিবলৈ লৈ গৈছিল । কিন্তু বহু চেষ্টাৰ পিছতো অধ্যাপনা-অধ্যয়নত তেঁওৰ মন নবহাত কলিকতাৰে ওচৰৰ দক্ষিনেশ্বৰত থকা কালী মাতাৰ মন্দিৰত ককায়েকে তেঁওক পুৰোহিতৰ দায়িত্ব সঁপিলে । ৰামকৃষ্ণ পৰমহংস হৈ পৰিল কালীমাৰ পৰম ভক্ত । এনেদৰে ২০ বছৰ বয়সতে মাতাৰ কৃপাত তেঁও লাভ কৰিলে পৰম দিব্য জ্ঞান ।
ৰামকৃষ্ণ পৰমহংসৰ পৰম শিষ্য আছিল স্বামী বিবেকানন্দ। ৰামকৃষ্ণদেৱে নিজস্ব অনুভূতিতে ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰিছিল । আধ্যাত্মিক সত্য, প্ৰখৰ ভক্তি এইবোৰ আছিল তেঁওৰ পথ প্ৰদৰ্শক । তেঁও ভক্তসকলক মানৱতাৰ পাঠ পঢ়ুৱাইছিল ।
ৰামকৃষ্ণদেৱৰ শিষ্য নাগ মহাশয়দেৱে এদিন গংগাৰ পাৰত দুজন লোকে ৰামকৃষ্ণ পৰমহংসদেৱক গালি পাৰি কথা কৈ থকা শুনি ক্ৰোধিত হোৱাৰ পাছতো ঈশ্বৰক কৈছিল যে তেঁওলোকৰ মন ৰামকৃষ্ণৰ প্ৰতি ভক্তিৰে ভৰাই তোলা । সঁচা ভক্তিৰ ফলত সেই দুজন লোকে সন্ধিয়ালৈ একেলগে আহি ৰামকৃষ্ণদেৱৰ ভৰিত পৰি ক্ষমা খুজিছিল আৰু ৰামকৃষ্ণদেৱেও মানুহ দুজনক ক্ষমা কৰি দিছিল ।
জীৱনৰ বিয়লি বেলাত ৰামকৃষ্ণদেৱে সমাধিক্ষেত্ৰতে থাকিবলৈ ল'লে । শৰীৰৰ প্ৰতি মোহ লাহে লাহে কমি আহিল । স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিবলৈ শিষ্যসকলে কৰা অনুৰোধত তেঁও মাথো হাঁহিবলৈ ধৰিলে । তেঁওৰ শিষ্যসকলে তেঁওক ঠাকুৰ নামেৰে মাতিছিল । ৰামকৃষ্ণ পৰমহংসৰ পৰমশিষ্য বিবেকানন্দই কিছুদিনৰ বাবে হিমালয়ত গৈ তপস্যা কৰিবলৈ বিচাৰিছিল । আজ্ঞা ল'বলৈ বিবেকানন্দই যেতিয়া ৰামকৃষ্ণদেৱৰ ওচৰলৈ গৈছিল, তেতিয়া ৰামকৃষ্ণদেৱে কৈছিল যে- চাৰিওফালে মানুহ ভোকাতুৰ, চাৰিওফালে মাথো অজ্ঞানৰ আন্ধাৰ । ইয়াত মানু্হে হাহাকাৰ কৰিব আৰু তেঁও হিমালয়ৰ কোনো গুহাৰ আনন্দত নিমগ্ন থাকিলে তেঁওৰ আত্মাই শান্তি নাপাব । ইয়াৰ পাছতে বিবেকানন্দই দৰিদ্ৰৰ সেৱাত নিমগ্ন হ'ল ।
ৰামকৃষ্ণ পৰমহংস আছিল মহান যোগী, মানৱ সেৱাক ঈশ্বৰপ্ৰশস্ত পথ বুলি মনতে থাপি লৈ সমাজ সেৱাত নিজ জীৱন উচৰ্গা কৰি অনৈকতাত একতাৰ সন্ধান কৰা এজন মহাপুৰুষ ।
[সম্পাদনা কৰক] মৃত্যু
তেখেতে ১৮৮৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত শেষ নিশ্বাস গ্ৰহণ কৰে।
[সম্পাদনা কৰক] আলোকচিত্ৰ
[সম্পাদনা কৰক] টোকা
- ↑ Smart, Ninian The World’s Religions (1998) p.409, Cambridge
- ↑ Sen 2006, p. 176
- ↑ Harding 1998, p. 251
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- Beckerlegge, Gwilym (March 2006). Swami Vivekananda's Legacy of Service. Oxford University Press. ISBN 9780195673883
- Bhattacharyya, Somnath. "Kali's Child: Psychological And Hermeneutical Problems". Infinity Foundation. Archived from the original on 2007-10-04. http://web.archive.org/web/20071004094718/http://www.infinityfoundation.com/mandala/s_rv/s_rv_bhatt_kali_frameset.htm. Retrieved 2008-03-15.
- Chatterjee, Partha (1993). The Nation and Its Fragments: Colonial and Postcolonial Histories. Princeton University Press. পৃষ্ঠা. 296. ISBN 978-0-691-01943-7.
- Gupta, Mahendranath ("M."); Swami Nikhilananda (1942). The Gospel of Sri Ramakrishna. Ramakrishna-Vivekananda Center. ISBN 0911206019. http://www.belurmath.org/gospel/
- Gupta, Mahendranath ("M."); Dharm Pal Gupta (2001). Sri Sri Ramakrishna Kathamrita. Sri Ma Trust. ISBN 978-81-88343-00-3. http://www.kathamrita.org/
- Harding, Elizabeth U. (1998). Kali, the Dark Goddess of Dakshineswar. Motilal Banarsidass. ISBN 8120814509
- Heehs, Peter (2002). "Ramakrishna Paramahamsa". Indian Religions. Orient Blackswan
- Hixon, Lex (2002). Great Swan: Meetings With Ramakrishna. Burdett, N.Y.: Larson Publications. ISBN 0-943914-80-9
- Isherwood, Christopher (1980). Ramakrishna and His Disciples. Hollywood, Calif: Vedanta Press. ISBN 0-87481-037-X (reprint, orig. 1965)
- Jackson, Carl T. (1994). Vedanta for the West. Indiana University Press. ISBN 0-253-33098-X
- Kripal, Jeffery J. (1995). Kali's Child: The Mystical and the Erotic in the Life and Teachings of Ramakrishna. University of Chicago Press
- Müller, max (1898). Ramakrishna: His Life and Sayings. Great Britain: LONGMANS, GREEN, AND CO.. ISBN 81-7505-060-8. http://www.sacred-texts.com/hin/rls/index.htm
- Neevel, Walter G.; Bardwell L. Smith (1976). "The Transformation of Ramakrishna". Hinduism: New Essays in the History of Religions. Brill Archive. পৃষ্ঠা. 53–97
- Rajagopalachari, Chakravarti (1973). Sri Ramakrishna Upanishad. Vedanta Press
- Ramaswamy, Krishnan; Antonio de Nicolas (2007). Invading the Sacred: An Analysis of Hinduism Studies in America. Delhi, India: Rupa & Co. ISBN 978-8129111821
- Rolland, Romain (1929). Life of Ramakrishna. Vedanta Press. ISBN 978-8185301440
- Saradananda, Swami; Swami Chetanananda (2003). Sri Ramakrishna and His Divine Play. St. Louis: Vedanta Society. ISBN 978-0916356811
- Saradananda, Swami; Swami Jagadananda (1952). Sri Ramakrishna The Great Master. Sri Ramakrishna Math
- Sen, Amiya P. (June 2006). "Sri Ramakrishna, the Kathamrita and the Calcutta middle classes: an old problematic revisited". Postcolonial Studies 9 (2): 165–177. doi:10.1080/13688790600657835
- Sen, Amiya P. (2001). Three essays on Sri Ramakrishna and his times. Indian Institute of Advanced Study
- Spivak, Gayatri Chakravorty (December 28, 2007). Other Asias. Wiley-Blackwell
- Tyagananda; Vrajaprana (2010). Interpreting Ramakrishna: Kali's Child Revisited. Delhi: Motilal Banarsidass. পৃষ্ঠা. 410. ISBN 9788120834996. http://www.interpretingramakrishna.com/.
[সম্পাদনা কৰক] অধিক তথ্য
- Ananyananda, Swami (1981). Ramakrishna: a biography in pictures. Advaita Ashrama, Calcutta. ISBN 978-8185843971.
- Chetanananda, Swami (1990). Ramakrishna As We Saw Him. St. Louis: Vedanta Society of St Louis. ISBN 978-0916356644.
- Hourihan, Paul (2002). Ramakrishna & Christ, the Supermystics: New Interpretations. Vedantic Shores Press. ISBN 1-931816-00-X.
- Olson, Carl (1990). The Mysterious Play of Kālī: An Interpretive Study of Rāmakrishna. American Academy of Religion (Scholars Press). ISBN 1-55540-339-5.
- Prosser, Lee. (2001) Isherwood, Bowles, Vedanta, Wicca, and Me. Writers Club: Lincoln, Nebraska. ISBN 0-595-20284-5
- Satyananda, Saraswati. Ramakrishna: The Nectar of Eternal Bliss. Devi Mandir Publications. ISBN 1-877795-66-6.
- Torwesten, Hans (1999). Ramakrishna and Christ, or, The paradox of the incarnation. The Ramakrishna Mission Institute of Culture. ISBN 978-8185843971.
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
| ৱিকিমিডিয়া কমন্সত ‘Ramakrishna Vivekananda’ বিষয় সংক্ৰান্তত মিডিয়া আছে। |
| ৱিকি উক্তিত ৰামকৃষ্ণ পৰমহংস’ বিষয় সংক্ৰান্তত উক্তি আছে। |
| ৱিকিচোৰ্চত ৰামকৃষ্ণ পৰমহংস বিষয় সংক্ৰান্তিয় মূল পাঠ্য আছে। |