ৰামকৃষ্ণ পৰমহংস

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


Ramakrishna
ৰামকৃষ্ণ পৰমহংস

দক্ষিনেশ্বৰত ৰামকৃষ্ণ পৰমহংস
জন্ম ফেব্ৰুৱাৰী ১৮, ১৮৩৬
প্ৰকৃত নাম গদাধৰ চট্টোপাধ্যায়
উপাধি/সন্মান পৰমহংস
গুৰু ভৈৰবী ব্ৰাহ্মণী, তোতাপুৰী, গোবিন্দ ৰায়
দৰ্শন অদ্বৈত বেদান্ত, ভক্তি

ৰামকৃষ্ণ পৰমহংস (এই শব্দটোৰ বিষয়ে Ramkṛiṣṇo Pôromôhongśo ) আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেঁওৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ । সেয়েহে তেঁওৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেঁও আছিল মানৱতাৰ পূজাৰী। সাধনাৰ ফলত তেঁও এই সিদ্ধান্তত উপনীত হৈছিল যে- পৃথিৱীৰ সকলো ধৰ্মই সঁচা আৰু ইয়াত কোনো ভিন্নতা নাই। ই মাথো ঈশ্বৰপ্ৰাপ্তিৰ ভিন ভিন সাধন।[উদ্ধৃতিৰ প্ৰয়োজন]

সূচী

[সম্পাদনা কৰক] জন্ম

ৰামকৃষ্ণ পৰমহংসদেৱৰ জন্ম হৈছিল ১৮৩৬ খ্ৰীষ্টাব্দত, পশ্চিমবংগৰ গাঁও কামাৰপুকুৰত । তেঁওৰ দেউতাকৰ নাম আছিল খুদিৰাম চট্টোপাধ্যায়[1] আৰু মাকৰ নাম আছিল চন্দ্ৰমনি দেৱী । ৰামকৃষ্ণ পৰমহংসৰ সৰুকালৰ নাম আছিল গদাধৰ। তেঁওৰ শিশুসুলভ সৰলতা আৰু মন্ত্ৰমুগ্ধ হাঁহিয়ে সকলোকে মোহিত কৰিছিল ।

[সম্পাদনা কৰক] জীৱন

হিন্দু ধৰ্ম

হিন্দু ধৰ্মOhm.GIF

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্মHinduSwastika.svg

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

In 1855 Ramkumar was appointed as the priest of Dakshineswar Kali Temple, built by Rani Rashmoni—a rich woman of Calcutta who belonged to the kaivarta community.[2] Ramakrishna, along with his nephew Hriday, became assistants to Ramkumar, with Ramakrishna given the task of decorating the deity. When Ramkumar died in 1856, Ramakrishna took his place as the priest of the Kali temple.[3] কলিকতাৰ এখন পাঠশালাৰ সঞ্চালক অগ্ৰজ ককায়েক ৰামকুমাৰ চট্টোপাধ্যায়ে ৰামকৃষ্ণ পৰমহংসক তেঁওৰ পাঠশালাত অধ্যাপনা কৰিবলৈ লৈ গৈছিল । কিন্তু বহু চেষ্টাৰ পিছতো অধ্যাপনা-অধ্যয়নত তেঁওৰ মন নবহাত কলিকতাৰে ওচৰৰ দক্ষিনেশ্বৰত থকা কালী মাতাৰ মন্দিৰত ককায়েকে তেঁওক পুৰোহিতৰ দায়িত্ব সঁপিলে । ৰামকৃষ্ণ পৰমহংস হৈ পৰিল কালীমাৰ পৰম ভক্ত । এনেদৰে ২০ বছৰ বয়সতে মাতাৰ কৃপাত তেঁও লাভ কৰিলে পৰম দিব্য জ্ঞান ।

ৰামকৃষ্ণ পৰমহংসৰ পৰম শিষ্য আছিল স্বামী বিবেকানন্দ। ৰামকৃষ্ণদেৱে নিজস্ব অনুভূতিতে ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰিছিল । আধ্যাত্মিক সত্য, প্ৰখৰ ভক্তি এইবোৰ আছিল তেঁওৰ পথ প্ৰদৰ্শক । তেঁও ভক্তসকলক মানৱতাৰ পাঠ পঢ়ুৱাইছিল ।

ৰামকৃষ্ণদেৱৰ শিষ্য নাগ মহাশয়দেৱে এদিন গংগাৰ পাৰত দুজন লোকে ৰামকৃষ্ণ পৰমহংসদেৱক গালি পাৰি কথা কৈ থকা শুনি ক্ৰোধিত হোৱাৰ পাছতো ঈশ্বৰক কৈছিল যে তেঁওলোকৰ মন ৰামকৃষ্ণৰ প্ৰতি ভক্তিৰে ভৰাই তোলা । সঁচা ভক্তিৰ ফলত সেই দুজন লোকে সন্ধিয়ালৈ একেলগে আহি ৰামকৃষ্ণদেৱৰ ভৰিত পৰি ক্ষমা খুজিছিল আৰু ৰামকৃষ্ণদেৱেও মানুহ দুজনক ক্ষমা কৰি দিছিল ।

জীৱনৰ বিয়লি বেলাত ৰামকৃষ্ণদেৱে সমাধিক্ষেত্ৰতে থাকিবলৈ ল'লে । শৰীৰৰ প্ৰতি মোহ লাহে লাহে কমি আহিল । স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিবলৈ শিষ্যসকলে কৰা অনুৰোধত তেঁও মাথো হাঁহিবলৈ ধৰিলে । তেঁওৰ শিষ্যসকলে তেঁওক ঠাকুৰ নামেৰে মাতিছিল । ৰামকৃষ্ণ পৰমহংসৰ পৰমশিষ্য বিবেকানন্দই কিছুদিনৰ বাবে হিমালয়ত গৈ তপস্যা কৰিবলৈ বিচাৰিছিল । আজ্ঞা ল'বলৈ বিবেকানন্দই যেতিয়া ৰামকৃষ্ণদেৱৰ ওচৰলৈ গৈছিল, তেতিয়া ৰামকৃষ্ণদেৱে কৈছিল যে- চাৰিওফালে মানুহ ভোকাতুৰ, চাৰিওফালে মাথো অজ্ঞানৰ আন্ধাৰ । ইয়াত মানু্হে হাহাকাৰ কৰিব আৰু তেঁও হিমালয়ৰ কোনো গুহাৰ আনন্দত নিমগ্ন থাকিলে তেঁওৰ আত্মাই শান্তি নাপাব । ইয়াৰ পাছতে বিবেকানন্দই দৰিদ্ৰৰ সেৱাত নিমগ্ন হ'ল ।

ৰামকৃষ্ণ পৰমহংস আছিল মহান যোগী, মানৱ সেৱাক ঈশ্বৰপ্ৰশস্ত পথ বুলি মনতে থাপি লৈ সমাজ সেৱাত নিজ জীৱন উচৰ্গা কৰি অনৈকতাত একতাৰ সন্ধান কৰা এজন মহাপুৰুষ ।

[সম্পাদনা কৰক] মৃত্যু

তেখেতে ১৮৮৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত শেষ নিশ্বাস গ্ৰহণ কৰে।

[সম্পাদনা কৰক] আলোকচিত্ৰ

[সম্পাদনা কৰক] টোকা

  1. Smart, Ninian The World’s Religions (1998) p.409, Cambridge
  2. Sen 2006, p. 176
  3. Harding 1998, p. 251

[সম্পাদনা কৰক] তথ্যসূত্ৰ

[সম্পাদনা কৰক] অধিক তথ্য

  • Ananyananda, Swami (1981). Ramakrishna: a biography in pictures. Advaita Ashrama, Calcutta. ISBN 978-8185843971. 
  • Chetanananda, Swami (1990). Ramakrishna As We Saw Him. St. Louis: Vedanta Society of St Louis. ISBN 978-0916356644. 
  • Hourihan, Paul (2002). Ramakrishna & Christ, the Supermystics: New Interpretations. Vedantic Shores Press. ISBN 1-931816-00-X. 
  • Olson, Carl (1990). The Mysterious Play of Kālī: An Interpretive Study of Rāmakrishna. American Academy of Religion (Scholars Press). ISBN 1-55540-339-5. 
  • Prosser, Lee. (2001) Isherwood, Bowles, Vedanta, Wicca, and Me. Writers Club: Lincoln, Nebraska. ISBN 0-595-20284-5
  • Satyananda, Saraswati. Ramakrishna: The Nectar of Eternal Bliss. Devi Mandir Publications. ISBN 1-877795-66-6. 
  • Torwesten, Hans (1999). Ramakrishna and Christ, or, The paradox of the incarnation. The Ramakrishna Mission Institute of Culture. ISBN 978-8185843971. 

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত