ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ
| ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ | |
|---|---|
ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰৰ ল'গ' |
|
| স্থাপিত | ১৯৯২ |
| ধৰণ | গৱেষণা প্ৰতিষ্ঠান |
| সঞ্চালক | কে. ৱিজয়ৰাঘৱন |
| শৈক্ষিক কৰ্মচাৰী | ২৪ |
| প্ৰশাসনিক কৰ্মচাৰী | ১০০ |
| স্থান | বাংগালোৰ, কৰ্ণাটক, ভাৰত |
| ৱেবছাইট | www.ncbs.res.in |
ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ (ইংৰাজী: National Centre for Biological Sciences), চমুকৈ NCBS; [1]কৰ্ণাটকৰ বাংগালোৰত অৱস্থিত জীৱবিজ্ঞানৰৰ গৱেষণাৰ বাবে বিশেষীকৃত এটি গৱেষণা কেন্দ্ৰ। কেন্দ্ৰটো ভাৰত চৰকাৰৰ পাৰমানৱিক শক্তি বিভাগ (Department of Atomic Energy, DAE) ৰ অধীনত টাটা মৌলিক গৱেষণা সংস্থান (ইংৰাজী: Tata Institute of Fundamental Research), চমুকৈ TIFR-ৰ এক অংশ। NCBS-ৰ মূল মন্ত্ৰ হৈছে জীৱ বিজ্ঞানৰ অগ্ৰণী ক্ষেত্ৰসমূহৰ উচ্চস্তৰীয় গৱেষণা আৰু অধ্যয়ন। কেন্দ্ৰৰ সংকায় সদস্যসকলৰ গৱেষণাৰ ক্ষেত্ৰসমূহ একক অণু(ইংৰাজী: single molecule)ৰ পৰা তন্ত্ৰ জীৱবিজ্ঞান (ইংৰাজী: systems biology) লৈকে প্ৰধানতঃ চাৰিটা বহল বিভাগত বিভক্ত। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰই iBioৰ দৰে পাৰস্পৰিক সহযোগিতাৰ গৱেষণা পদক্ষেপ আগবঢ়োৱাৰ লগতে অন্যান্য কেইবাটাও উদ্যম, যেনে- চিকিৎসা আৰু ৰোগ সম্পৰ্কীয় গৱেষণাৰ সহযোগিতা কাৰ্যক্ৰমৰ পৰিকল্পনা কৰিছে। কাণ্ড কোষ(ইংৰাজী: stem cell)ৰ গৱেষণা চলি থকা ভাৰতবৰ্ষৰ তিনিটা গৱেষণা প্ৰতিষ্ঠানৰ ভিতৰত ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ অন্যতম।[2]
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ http://www.ncbs.res.in ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰৰ ৱেবছাইট
- ↑ Sharma, Alka (November 2006). "Stem cell research: The Indian perspective". http://www.expresspharmaonline.com/20061115/anniversaryspecial10.shtml.