ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ
স্থাপিত ১৯৯২
ধৰণ গৱেষণা প্ৰতিষ্ঠান
সঞ্চালক কে. ৱিজয়ৰাঘৱন
শৈক্ষিক কৰ্মচাৰী ২৪
প্ৰশাসনিক কৰ্মচাৰী ১০০
স্নাতকোত্তৰ শিক্ষাৰ্থী ১০০
স্থান বাংগালোৰ, কৰ্ণাটক, ভাৰত
ৱেবছাইট www.ncbs.res.in

ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ (ইংৰাজী: National Centre for Biological Sciences), চমুকৈ NCBS,[1]কৰ্ণাটকবাংগালোৰত অৱস্থিত জীৱবিজ্ঞানৰৰ গৱেষণাৰ বাবে বিশেষীকৃত এটি গৱেষণা কেন্দ্ৰ। কেন্দ্ৰটো ভাৰত চৰকাৰপাৰমানৱিক শক্তি বিভাগ (Department of Atomic Energy, DAE) ৰ অধীনত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান (ইংৰাজী: Tata Institute of Fundamental Research), চমুকৈ TIFR-ৰ এক অংশ। NCBS-ৰ মূল মন্ত্ৰ হৈছে জীৱ বিজ্ঞানৰ অগ্ৰণী ক্ষেত্ৰসমূহৰ উচ্চস্তৰীয় গৱেষণা আৰু অধ্যয়ন। কেন্দ্ৰৰ সংকায় সদস্যসকলৰ গৱেষণাৰ ক্ষেত্ৰসমূহ একক অণু (ইংৰাজী: single molecule)ৰ পৰা তন্ত্ৰ জীৱবিজ্ঞান (ইংৰাজী: systems biology) লৈকে প্ৰধানতঃ চাৰিটা বহল বিভাগত বিভক্ত। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰই iBio-ৰ দৰে পাৰস্পৰিক সহযোগিতাৰ গৱেষণা পদক্ষেপ আগবঢ়োৱাৰ লগতে অন্যান্য কেইবাটাও উদ্যম, যেনে- চিকিৎসা আৰু ৰোগ সম্পৰ্কীয় গৱেষণাৰ সহযোগিতা কাৰ্যক্ৰমৰ পৰিকল্পনা কৰিছে। কাণ্ড কোষ (ইংৰাজী: stem cell)ৰ গৱেষণা চলি থকা ভাৰতবৰ্ষৰ তিনিটা গৱেষণা প্ৰতিষ্ঠানৰ ভিতৰত ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ অন্যতম।[2]

ইতিহাস[সম্পাদনা কৰক]

১৯৯২ চনত গান্ধী কৃষি বিজ্ঞান কেন্দ্ৰৰ কেম্পাছৰ একাষে ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ স্থাপিত হয়৷

গৱেষণাৰ ক্ষেত্ৰ[সম্পাদনা কৰক]

  • জৈৱ-ৰসায়ন, জৈৱ-পদাৰ্থবিজ্ঞান আৰু বায়'ইনফৰ্মেটিক্স (Biochemistry, Biophysics, Bioinformatics)
  • কোষবিজ্ঞান (Cellular Organisation & Signalling)
  • বংশতত্ত্ব বিজ্ঞান (Genetics & Development)
  • নিউৰ'বায়'লজি (Neurobiology)
  • জৈৱপ্ৰক্ৰিয়া সম্পৰ্কীয় মডেলিং (Theory and Modelling of Biological Systems)
  • পৰিস্থিতিবিজ্ঞান তথা ক্ৰমবিকাশবিজ্ঞান( Ecology and Evolution)

বিভিন্ন পাঠ্যক্ৰম[সম্পাদনা কৰক]

  • পষ্ট ডক্টৰেল পাঠ্যক্ৰম (POST DOCTORAL PROGRAM)
  • ডক্টৰেল পাঠ্যক্ৰম (PhD PROGRAM)
  • INTEGRATED PhD PROGRAM
  • iBIO PROGRAM
  • MD-PhD PROGRAM
  • স্নাতকোত্তৰ পাঠ্যক্ৰম (MSc PROGRAM)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.ncbs.res.in ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰৰ ৱেবছাইট
  2. Sharma, Alka (November 2006). "Stem cell research: The Indian perspective". Archived from the original on 2012-02-25. https://web.archive.org/web/20120225221230/http://www.expresspharmaonline.com/20061115/anniversaryspecial10.shtml। আহৰণ কৰা হৈছে: 2012-03-09.