ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
জাতীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰ
উদ্দেশ্য योगः कर्मसु कौशलम्
(যোগঃ কৰ্মষু কৌশলম্‌)
স্থাপিত 1967
ধৰণ মান্যতাপ্ৰাপ্ত বিশ্ববিদ্যালয় (deemed university)
সঞ্চালক ডঃ এন ভি দেশপাণ্ডে, অধ্যক্ষ
শৈক্ষিক কৰ্মচাৰী 200
স্নাতক শিক্ষাৰ্থী 2000 (আনুমানিক)
স্নাতকোত্তৰ শিক্ষাৰ্থী 200 (আনুমানিক)
স্থান শিলচৰ, অসম, ভাৰত
ৱেবছাইট nits.ac.in

ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰ (ইংৰাজী: National Institute of Technology Silchar; হিন্দী: राष्ट्रीय प्रौद्योगिकी संस्थान, सिल्चर) অসমৰ শিলচৰ চহৰত অবস্থিত এখন অভিযান্ত্ৰিক শিক্ষাৰ প্ৰতিস্থান। এই মহাবিদ্যালয়ত চিভিল. মেকানিকেল, কম্পি্উটাৰ চাইন্স আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগত স্নানক আৰু চিভিল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয় (২০১২ চন). ২০০৭ চনৰ 'ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থান আইন'-অৰ অধীনত ই এক 'মান্যতাপ্ৰাপ্ত বিশ্ববিদ্যালয়'স্বৰূপে (deemed university) পৰিগণিত। ইয়াক ১৯৬৭ চনত 'আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়' (ইংৰাজী: Regional Institute of Technology) হিচাবে প্ৰতিস্থা কৰা হৈছিল। শিলচৰ চহৰৰ কাষৰত প্ৰা্য় ৬৭০ একৰ আৱাসিক কেম্পাচত ই প্ৰতিস্থিত।

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত