ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
চি. ভি. ৰমন
পালন কৰে ভাৰত
মহত্ব বিজ্ঞান প্ৰসাৰ
তাৰিখ ২৮ ফেব্ৰুৱাৰী

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (ইংৰাজী: National Science Day, চমুকৈ NSD) প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰমনৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত পালন কৰা হয়। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল[1]

এই আৱিষ্কাৰৰ বাবে ১৯৩০ চনত ৰমনে পদাৰ্থ বিজ্ঞানন’বেল বঁটা লাভ কৰে ।

সূচী

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ ইতিহাস [সম্পাদনা কৰক]

১৯৮৬ চনত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ আয়োগ(NCSTC)এ ভাৰত চৰকাৰৰ ওচৰত ২৮ ফেব্ৰুৱাৰীক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে স্বীকৃতি দিবলৈ আবেদন কৰে, পাছত চৰকাৰে এই আবেদনক অনুমোদন জনায়। এতিয়া গোটেই দেশজুৰি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আন আন শৈক্ষিক, বৈজ্ঞানিক, কাৰিকৰী, চিকিৎসা, গৱেষণা প্ৰতিষ্ঠানসমূহত এই দিৱস পালন কৰা হয়। প্ৰথম ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২৮ ফেব্ৰুৱাৰী ১৯৮৭ চনৰ পৰা NCSTC ’য়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰসাৰ আৰু জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ অৱদান যোগোৱা প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় বিজ্ঞান জনপ্ৰিয়কৰণ বঁটা আগবঢ়াই।

২০০৯ [সম্পাদনা কৰক]

২০০৯চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বিষয়বস্তু (আলোচ্য বিষয়) আছিল "বিজ্ঞানৰ দিগন্তৰ প্ৰসাৰ"।

সেই বছৰ দেশৰ মুঠ পাঁচ খন প্ৰতিষ্ঠানক ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে বিজ্ঞান প্ৰসাৰৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়াই। এই বঁটাই দেশত বিজ্ঞান জনপ্ৰিয়কৰণ কৰা কোনো ব্যক্তি আৰু চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানক স্বীকৃতি প্ৰদান কৰে।

২০০৯ চনত বিক্ৰম ছাৰাভাই বিজ্ঞান কেন্দ্ৰক বিজ্ঞান সম্পৰ্কীয় গৱেষণা আৰু বিজ্ঞান বিষয়ক বিভিন্ন কৰ্মশালা আৰু প্ৰশিক্ষণশালা আদিৰ আয়োজনৰ বাবে সেই বছৰৰ সৰ্বোচ্চ সন্মান আগবঢ়োৱা হয়।[2]

২০১২ [সম্পাদনা কৰক]

২০১২ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বিষয়বস্তু (আলোচ্য বিষয়) হৈছে "সুৰক্ষিত শক্তি উৎস আৰু নিউক্লীয় সুৰক্ষা"[3]

ৰমন পৰিঘটনা [সম্পাদনা কৰক]

তথ্যসুত্ৰ [সম্পাদনা কৰক]

  1. "ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস". আকাশবাণী. http://www.newsonair.com/news.asp?cat=national&id=NN5654। আহৰণ কৰা হৈছে: ২০০৯-০২-২৮. 
  2. "CSC আহমেদাবাদলৈ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বঁটা". গুজৰাত গ্ল’বেল. http://www.gujaratglobal.com/nextSub.php?id=4796&cattype=NEWS। আহৰণ কৰা হৈছে: ২০০৯-০২-২৮. [সংযোগবিহীন উৎস]
  3. ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস - ২৮ ফেব্ৰুৱাৰী ছাৰ চি.ভি. ৰমন - ৰমন পৰিঘটনাৰ আৱিষ্কাৰ ।