ৰুবিয়াছ হেগ্ৰিড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুবিয়াছ হেগ্ৰিড
হেৰী পটাৰৰ চৰিত্ৰ

ৰুবিয়াছ হেগ্ৰিডৰ চৰিত্ৰত ৰব্বি কোলট্ৰেন
হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্ৰেটছ (চলচ্চিত্ৰ)'ত
প্ৰথম আৱিৰ্ভাৱ হেৰী পটাৰ এণ্ড দ্য ফিল’ছ’ফাৰ্ছ ষ্টোন
অন্তিম আৱিৰ্ভাৱ হেৰী পটাৰ এণ্ড দ্য ডেডলী হোলোজ
স্ৰষ্টা জে কে ৰাউলিং
ৰূপায়ণ ৰব্বি কোলট্ৰেন (বয়স্ক)
মাৰ্টিন বেইফিল্ড (কিশোৰ)
তথ্য
পৰিয়াল ফ্ৰিডৱুল্ফা (মাক)
গ্ৰপ (সতীয়া ভাতৃ)

ৰুবিয়াছ হেগ্ৰিড (ইংৰাজী: Rubeus Hagrid) জে কে ৰাউলিং সৃষ্ট হেৰী পটাৰ শৃংখলাৰ এক কাল্পনিক চৰিত্ৰ। “হেৰী পটাৰ এণ্ড দ্য ফিল’ছ'ফাৰ্ছ ষ্ট'ন”ত আবিৰ্ভাৱ ঘটা অৰ্ধ-দৈত্য আৰু অৰ্ধ-মানৱ হেগ্ৰিড হ’ল হগৱাৰ্টছৰ গৰখীয়া তথা ছাবিসমূহৰ ৰক্ষক। তৃতীয় উপন্যাস “হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান”ত হেগ্ৰিডক যাদু প্ৰাণী সমূহৰ তত্ত্বাৱধানৰ শিক্ষক হিচাপে নিযুক্তি দিয়া হয় আৰু পিছলৈ তেওঁ অৰ্ডাৰ অৱ দ্য ফিনিক্সৰ এজন সদস্য হয়।

চাৰিত্ৰিক বিকাশ[সম্পাদনা কৰক]

ৰাউলিংৰ মতে হেগ্ৰিড এনে এটা চৰিত্ৰ যাক তেওঁ “প্ৰথমদিনাই” সৃষ্টি কৰিছিল[1]। তেওঁৰ নামটিৰ বিষয়ে ৰাউলিঙে কয় “এক পুৰণি ইংৰাজী শব্দ-যাৰ অৰ্থ-তুমি যদি হেগ্ৰিড হ’লাহেতেন-এইটো এটা স্থানীয় শব্দ-তুমি ভয়ানক ৰাতিৰ সন্মুখীন হ’ব লগা হ’লহেতেন। হেগ্ৰিড এক বৃহত্ সুৰাপায়ী-আৰু তেওঁৰ বহুতো ভয়ানক ৰাতিৰ অভিজ্ঞতা আছে। "[2] ৰোজমেৰী গ’ৰিঙে তেওঁৰ নিবন্ধ “হেৰীজ ফেম”ত কৈছে যে ৰাউলিঙৰ লিখনিত “ফৰেষ্ট অৱ ডীন”ৰ প্ৰভাৱ আছে আৰু হেগ্ৰিডেই একমাত্ৰ চৰিত্ৰ তাক “ফৰেষ্ট অৱ ডীনৰ পৰা পোনে পোনে অংকিত কৰা হৈছে”। গৰিঙৰ মতে হেগ্ৰিডৰ “শব্দৰ শেষ অংশ উচ্চাৰণ নকৰাটো এক চেপষ্ট’ৰ বিশেষত্ব। .[3]

হেগ্ৰিডৰ চৰিত্ৰটো আৰু হেগ্ৰিডৰ জুপুৰীত হেৰী পটাৰ, ৰণ ৱিজলী আৰু হাৰমাইনী গ্ৰিঞ্জাৰৰ মাজৰ কথোপকথনে দৰাচলতে গোটেই শৃংখলাটিত এক ধাৰাভাষ্য হিচাপে কাম কৰে কিয়নো হেগ্ৰিডৰ লগত কথা পাতি ইহঁত তিনিও প্ৰায়েই হগৱাৰ্টছ আৰু এলবাছ ডাম্বলডোৰৰ বিষয়ে বিভিন্ন গোপন কথা আৱিষ্কাৰ কৰে কাৰণ হেগ্ৰিডৰ কথাৰ মাজতে ভুলতে নক’বলগীয়া কথা কৈ দিয়াৰ এক অভ্যাস আছে। হেগ্ৰিডেই প্ৰথমতে যাদুকৰ সকলৰ মাজত থকা বিশুদ্ধ তেজ আৰু লেতেৰা তেজৰ ধাৰণা যে বহু পুৰণি সেইকথা আন্গুলিয়াই দিয়ে।

এক সাক্ষাত্কাৰত ৰাউলিঙে কয় যে ছাত্ৰাৱস্থাত হেগ্ৰিড গ্ৰীফিন্দৰ হাউছত আছিল[4] হেগ্ৰিডে যেতিয়া আৰাগগ নামৰ এটা মকৰা পোহে তেতিয়া সেইটোৱেই স্লাইথেৰিণৰ দৈত্য বুলি ভাবি তেওঁক হগৱাৰ্ট্ছৰ পৰা উলিয়াই দিয়া হয়। যেতিয়া হেৰীয়ে হগৱাৰ্ট্ছত নাম ভৰ্তি কৰে তেতিয়া হেগ্ৰিডে হগৱাৰ্ট্ছৰ ছাবিৰ ৰখীয়া হৈ কাম কৰি থাকে যাৰ অৰ্থ ৰাউলিংৰ ভাষাত “সেইজন যিয়ে তোমাক হগৱাৰ্ট্ছৰ ভিতৰ সোমাবলৈ আৰু বাহিৰ ওলাবলৈ দিব”।[5] তদুপৰি হেগ্ৰিডেই প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰী সকলক তেওঁলোকৰ হগৱাৰ্ট্ছলৈ প্ৰথম আগমনৰ সময়ত নাৱেৰে হ্ৰদটো পাৰ কৰি দিয়ে।

আবিৰ্ভাৱ[সম্পাদনা কৰক]

হেৰী পটাৰ এণ্ড দ্য ফিল’ছ’ফাৰ্ছ ষ্টোন[সম্পাদনা কৰক]

হেৰী পটাৰ এণ্ড দ্য ফিল’ছ’ফাৰ্ছ ষ্টোনৰ "কীপাৰ অৱ দ্য কীজ" অধ্যায়ত থকা মেৰী গ্ৰেণ্ডপ্ৰীৰ হেগ্ৰিডৰ চিত্ৰায়ণ

প্ৰথম উপন্যাস খনৰ প্ৰথম অধ্যায়তে ৰুবিয়াছ হেগ্ৰিডে আত্মপ্ৰকাশ কৰে। লৰ্ড ভ'লডেমৰ্টে জেমছ পটাৰ আৰু লিলি পটাৰক হত্যা কৰাত ডাম্বলডোৰে হেগ্ৰিডৰ ওপৰত বিশ্বাস স্থাপন কৰি কণমানি হেৰীক মাক-দেউতাকৰ ঘৰৰ পৰা উদ্ধাৰ কৰি আনিবলৈ পথিয়াই। যেতিয়া মিনাৰ্ভা মেকগোনাগলে ইমান এটা দৰকাৰী কামত হেগ্ৰিডক বিশ্বাস কৰাটো সঠিক হয়নে বুলি ডাম্বলডোৰক প্ৰশ্ন কৰে, ডাম্বলডোৰে কয় যে নিজৰ জীৱন জড়িত হৈ থকা কথাকলৈও তেওঁ হেগ্ৰিডক বিশ্বাস কৰে আৰু এই কথাষাৰ তেওঁ শৃংখলাটিত বহুবাৰ উল্লেখ কৰে যিহেতু তেওঁ হেগ্ৰিডক প্ৰায়ে কিছুমান গোপন কাম কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰে দহ বছৰ পিছত হেগ্ৰিডে গ্ৰিংগটছ ধনগুলৈ বেংকৰ পৰা ফিল’ছ’ফাৰ্ছ ষ্ট’নটি হগৱাৰ্ট্ছলৈ লৈ আহে আৰু তিনিমূৰীয়া কুকুৰ ফ্লাফীক ইয়াৰ পহৰা দিবলৈ থৈ দিয়ে। ডাম্বলডোৰে হেগ্ৰিডক হেৰীক বিচাৰি উলিওৱা আৰু যাদুবিশ্ব তথা বিদ্যালয়ৰ সামগ্ৰী সমূহ কিনাত সহায় কৰিবলৈ দ্বায়িত্ব দিয়ে। পিছলৈ হেগ্ৰিড ৰণ আৰু হাৰমাইনীৰো ভাল বন্ধু হৈ পৰে। কিতাপখনত পিছলৈ এক মুখ ঢকা অবয়ৱে(ছদ্মৱেশী কুইৰেল) হেগ্ৰিডক এটা ড্ৰ্ৰেগনৰ কণী দি ফ্লাফীৰ বিষয়ে জানি লয়। হেগ্ৰিডে ভুলবশতঃ হেৰী,ৰণ আৰু হাৰমাইনীৰ আগত কৈ দিয়ে যে সংগীত শুনাই ফ্লাফীকঅতি সহজে শুৱাই থৈ দিব পাৰি। ড্ৰেগনৰ কণীটো ফুকোৱাৰ পিছত তিনিও ড্ৰেগন পোৱালি নৰবাৰ্টক ৰণৰ ককায়েক চাৰ্লিয়ে কাম কৰা ৰোমানিয়াৰ ড্ৰেগন অভয়াৰণ্যলৈ পলুৱাই পঠিওৱাত হেগ্ৰিডক সহায় কৰে।

হেৰী পটাৰ এণ্ড দ্য চেম্বাৰছ অৱ ছিক্ৰেটছ[সম্পাদনা কৰক]

এই দ্বিতীয় উপন্যাসখনতহে পাঠকে হেগ্ৰিডক হগৱাৰ্ট্ছৰ পৰা অপসাৰণ কৰাৰ কাৰণটো গম পায়। এইটোও গম পোৱা যায় যে পিছলৈ লৰ্ড ভ'লডেমৰ্ট হিচাপে পৰিচিত হোৱা টম ৰিডল কনিষ্ঠ হগৱাৰ্ট্ছত পঢ়ি থকা সময়তেই হেগ্ৰিডো হগৱাৰ্ট্ছৰ ছাত্ৰ আছিল। তৃতীয় বাৰ্ষিকত থাকোঁতে হেগ্ৰিডক এৰাগগ নামৰ এক বৃহত্‍ ভয়ানক মকৰাৰ সৈতে পোৱা যায় আৰু সকলোৱে ভাবে যে ইয়েই সেই "স্লিদেৰিণৰ দৈত্য"টি যাক হেগ্ৰিডে গোপন কোঠাৰ পৰা মুকলি কৰি দিছে আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে বা উদ্দেশ্যঅপ্ৰণোদিতভাভাৱে ছাত্ৰ-ছাত্ৰীসকলক আক্ৰমণ বা জড়ভৰত (একাৰ্থত হত্যা)কৰিবলৈ ব্যৱহাৰ কৰিছে। এই কাৰণতেই হেগ্ৰিডক বিদ্যালয়ৰ পৰা নাম কটাই দিয়া হয়। এৰাগগে অন্ধকাৰ অৰণ্যলৈ পলাই গৈ মকৰাৰ এক চুবুৰী গঢ়ি তোলে। আনহাতে প্ৰকৃত অপৰাধী টম ৰিডলে,যিয়ে বাছিলিস্ক নামৰ দৈত্যৰ সহায়ত ছাত্ৰ-ছাত্ৰী সকলক আক্ৰমণ কৰি আছিল,সকলোৰে মনত হেগ্ৰিড অপৰাধী বুলি থকা সন্দেহক ঘনীভূত কৰি তোলে। ঘটনাৰ পাকচক্ৰত বাছিলিস্কে পুনৰ বিদ্যালয়ত সন্ত্ৰাস চলায় আৰু হেগ্ৰিডকেই পুনৰ দোষী বুলি তেওঁক আজকাবান কয়দীশাললৈ পঠিওৱা হয়। কৰায়ত্ত হোৱাৰ আগতে হেগ্ৰিডে হেৰী আৰু ৰণক মকৰাবোৰক অনুসৰণ কৰা বুলি কৈ যায় যাতে দুয়ো এৰাগগক লগ ধৰি প্ৰকৃত দৈত্যটোৰ বিষয়ে জানিব পাৰে। হেৰীয়ে গোপন কোঠাত বাছিলিস্কক বধ কৰাৰ পিছত এইটো উদ্ঘাটন হয় যে প্ৰকৃততে জিনি ৱিজলীয়েহে টম ৰিডলৰ ডায়েৰীৰ প্ৰভাৱত কামবোৰ কৰি আছিল। তাৰ পিছত হেগ্ৰিডক মুক্তি দিয়া হয়।

হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান[সম্পাদনা কৰক]

তৃতীয় উপন্যাসখনত প্ৰফেছৰ ছিলভেনাছ কেটলবাৰ্ণে হগৱাৰ্ট্ছৰ পৰা অৱসৰ লোৱাত,ডাম্বলডোৰৰ মতে যিয়ে নিজৰ অৱশিষ্ট অংগবোৰৰ সৈতে কিছু সময় কটাব বিচাৰে,হেগ্ৰিডক যাদু প্ৰাণীৰ তত্ত্বাৱধান বিষয়ৰ শিক্ষক হিচাপে নিয়োগ কৰা হয়। যিহেতু তেওঁৰ নামৰ সকলো অভিযোগ মিছা বুলি প্ৰমাণিত হয় সেয়েহে তেওঁক যাদু প্ৰয়োগৰ অনুমতি দিয়া হয়।[6] প্ৰথম শ্ৰেণীতেই হেগ্ৰিডে তৃতীয় বাৰ্ষিকক বাকবীক নামৰ হিপ'গ্ৰিফটোৰ সৈতে চিনাকি কৰোৱায় কিন্তু, ড্ৰেকো মেলফয়ে তাক অপমান কৰাত সি ড্ৰেকোক আক্ৰমণ কৰে। ডাম্বলডোৰে হেগ্ৰিডক নিৰ্দোষী বুলি প্ৰমাণিত কৰে যদিও যাদু মন্ত্ৰালয়ে বাকবীকক মৃত্যুদণ্ডৰ আদেশ দিয়ে। এনেকৈয়ে হেগ্ৰিডৰ শ্ৰেণীটো বৰ বিৰক্তিকৰ হৈ পৰে আৰু হেৰী ,ৰণ আৰু হাৰমাইনীয়ে হেগ্ৰিডে বাকবীকক কেনেকৈ বচাব পাৰে সেই সম্বন্ধে তথ্য বিচাৰি সময় কটাব ধৰিলে। কিতাপখনৰ শেষৰফালে হাৰমাইনী আৰু হেৰীয়ে এটা সময় পৰিৱৰ্তকৰ সহায়ত বাকবীকক মৃত্যুৰ পৰা আৰু ছিৰিয়াচ ব্লেকক ডিমেনটৰৰ চুমাৰ পৰা ৰক্ষা কৰে।

হেৰী পটাৰ এণ্ড দ্য গব্লেট অৱ ফায়াৰ[সম্পাদনা কৰক]

চতুৰ্থ উপন্যাসখনত প্ৰকাশ হয় যে হেগ্ৰিড এক মিশ্ৰিত তেজৰ যাদুকৰ আৰু দৈত্যৰ সন্তান। তেওঁৰ মাক ফ্ৰিডৱুল্ফা এক দৈত্য আছিল যিয়ে হেগ্ৰিডৰ শিশু অৱস্থাতে যাদুকৰ দেউতাকক এৰি গৈছিল। যিহেতু দৈত্যবোৰ নিষ্ঠুৰ প্ৰকৃতিৰ আৰু এসময়ৰ ভ'লডেমৰ্টৰ সংগী,গতিকে হেগ্ৰিডে নিজৰ মাক দেউতাকৰ কথা গুপুতে ৰাখে আৰু মানুহবোৰক তেওঁৰ বৃহদাকাৰ শৰীৰৰ ৰহস্যৰ অন্য এক ব্যাখ্যা আগবঢ়ায় (প্ৰয়োজন নৌহওঁতেই এবটল হাড়-বাঢ় ঔষধ খোৱা)। হেগ্ৰিডৰ এই গুপ্ত পৰিচয় ৰীতা স্কিটাৰে ডেইলী প্ৰফেটত প্ৰকাশ কৰি দিয়ে আৰু হেগ্ৰিডক বিপদজনক(বিপদজনক জীৱ-জন্তুৰ প্ৰতি তেওঁৰ আকৰ্ষণৰ বাবে) আৰু অনুপযোগী হিচাপে বৰ্ণনা কৰে। এই ঘটনাত হেগ্ৰিডে বৰ দুখ পায় আৰু শিক্ষক পদৰ পৰা অব্যাহতি ল'ব খোজে অৱশ্যে ডাম্বলডোৰে তেওঁৰ এই আবেদন নাকচ কৰে। উপন্যাসখনত হেগ্ৰিডে আন এজনী অৰ্ধ দৈত্য যাদুকৰী আৰু ফৰাচী যাদু বিদ্যালয় বউবেটনৰ প্ৰধান শিক্ষয়িত্ৰী অলিম্প মেক্সিমৰ সৈতে এক প্ৰেমময় সম্পৰ্ক গঢ়ি তোলে। তদুপৰি হেগ্ৰিড সেইসকলৰ এজন আছিল যিয়ে আৰম্ভণিৰে পৰা বিশ্বাস কৰিছিল যে যাদুৰ ত্ৰিকোণীয় প্ৰতিযোগিতাত হেৰীয়ে নিজে নিজৰ নাম দিয়া নাছিল। পিছলৈ এলাষ্টৰ মুদীয়ে (প্ৰকৃততে ছদ্মবেশী বাৰ্টী ক্ৰাউচ কনিষ্ঠ) হেগ্ৰিডক প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত যে ড্ৰেগনৰ সৈতে যুঁজিব লাগিব সেয়া হেৰীক দেখুৱাই দিবলৈ পৰামৰ্শ দিয়ে। তদুপৰি প্ৰতিযোগিতাৰ তৃতীয় পৰ্যায়ত ব্লাষ্ট এণ্ডেড স্ক্ৰুটছ বোৰৰ যোগানো হেগ্ৰিডেই ধৰিছিল।

হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অৱ দ্য ফিনিক্স[সম্পাদনা কৰক]

পঞ্চম উপন্যাসখনৰ প্ৰথমাংশত হেগ্ৰিড উপস্থিত নাথাকে। তেওঁ পিছত হেৰী,ৰণ আৰু হাৰমাইনীক কয় যে অৰ্ডাৰৰ এক অভিযান অনুসৰি তেওঁ আৰু মেডাম মেক্সিমে সমগ্ৰ ইউৰোপ ভ্ৰমণ কৰে আৰু দৈত্যসকলক বিচাৰি সিহঁতক ভাল পক্ষ অৰ্থাত্‍ ডাম্বলডোৰৰ পক্ষ ল'বলৈ অনুৰোধ কৰে। অৱশ্যে ডেথ্ ইটাৰ সকলেও দৈত্য সকলক বিচাৰি পায় আৰু ভ'লডেমৰ্টৰ সংগ লবলৈ মান্তি কৰায়। এই অভিযানত দৈত্যসকলে হেগ্ৰিডক আক্ৰমণ কৰে আৰু মেডাম মেক্সিমে তেওঁক বচায়। অৱশ্যে ওভটনি যাত্ৰাত দুয়ো বেলেগে বেলেগে আহে কাৰণ হেগ্ৰিডে তেওঁৰ সতীয়া ভাতৃ গ্ৰপক বিচাৰি পায় আৰু তাক ঘৰলৈ লৈ আহিবলৈ চেষ্টা কৰে যাক লৈ মেক্সিম বিৰক্ত হৈ পৰে। দৈত্যসকলৰ সৈতে থাকি যাব খোজা গ্ৰপে হেগ্ৰিডক যথেষ্ট আঘাতপ্ৰাপ্ত কৰে। হেগ্ৰিডে হেৰী আৰু হাৰমাইনীক তেওঁৰ সতীয়া ভাতৃৰ সৈতে চিনাকি কৰি দিয়ে আৰু তেওঁ হগৱাৰ্ট্ছ এৰি গ'লে তাক চোৱা-চিতা কৰিবলৈ অনুৰোধ কৰে। হগৱাৰ্ট্ছৰ উচ্চ তদন্তকাৰী বিষয়া ডলৰ্ছ আমব্ৰিজে হেগ্ৰিডকে ধৰি হগৱাৰ্ট্ছৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ শ্ৰেণীসমূহ নিৰীক্ষণ কৰে আৰু ডাম্বলডোৰৰ সৈতে ঘনিষ্ঠ বাবে হেগ্ৰিডক অপসাৰণ কৰাৰ চেলু বিচাৰি ফুৰে। কিতাপখনৰ শেষৰফালে আমব্ৰিজ আৰু মন্ত্ৰালয়ৰ অন্য বিষয়ববীয়াসকলে হেগ্ৰিডক কৰায়ত্ত কৰাৰ চেষ্টা কৰে। হেগ্ৰিড পলাই সাৰে কিন্তু তেওঁক বচাবলৈ গৈ প্ৰফেছৰ মেকগোনাগল আঘাতপ্ৰাপ্ত হয়। অৱশেষত যেতিয়া ডাম্বলডোৰ পুনৰ প্ৰধান শিক্ষক পদত অধিষ্ঠিত হয়,হেগ্ৰিড স্কুললৈ ঘূৰি আহে।

হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্স[সম্পাদনা কৰক]

ষষ্ঠ উপন্যাসখনত হেৰী,ৰণ আৰু হাৰমাইনীয়ে যাদু প্ৰাণীৰ তত্ত্বাৱধান বিষয়ৰ শ্ৰেণী নলয় আৰু তাকে লৈ কিতাপখনৰ প্ৰথমাংশত হেগ্ৰিড হতাশ আৰু খঙাল হৈ থাকে, কিন্তু শীঘ্ৰেই হেগ্ৰিডে বুজি পায় যে ইয়াৰ অৰ্থ এইটো নহয় যে সিহঁতে হেগ্ৰিডক বেয়া পায়। পিছলৈ যেতিয়া এৰাগগৰ মৃত্যু হয়,হেগ্ৰিডে প্ৰাণৰ ভয়কো নেওচি মকৰাটোৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ যায়। তাৰ পিছত তেওঁ আৰু হোৰাছ স্লাগহৰ্ণে অত্যধিক ফায়াৰহুইস্কী খাই দিয়ে আৰু এই সুযোগৰ সুবিধা লৈ হেৰীয়ে (যি সেইসময়ত ফেলিক্স ফেছিলিছ ঔষধ বা "পনীয়া সৌভাগ্য"ৰ প্ৰভাৱত আছিল) স্লাগহৰ্ণৰ পৰা এক স্মৃতি আহৰণ কৰে। কিতাপখনৰ শেষৰফালে ডেথ্ ইটাৰ বোৰে হগৱাৰ্ট্ছ আক্ৰমণ কৰে আৰু সিহঁতৰ লগত যুঁজ কৰোঁতে হেগৰিডৰ জুপুৰীটোত জুই লাগে। ডাম্বলডোৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত হেগ্ৰিডে ডাম্বলডোৰৰ শৰীৰটো কঢ়িয়াই নিয়ে।

হেৰী পটাৰ এণ্ড দ্য ডেডলী হ’ল’জ[সম্পাদনা কৰক]

সপ্তম উপন্যাসখনত হেৰীক ডাৰ্চলীসকলৰ ঘৰৰ পৰা যাদুৰে সুৰক্ষিত কৰি ৰখা বাৰ'লৈ নিবলৈ অৰ্ডাৰ অৱ ফিনিক্সে গঠন কৰা দলটিত হেগ্ৰিডো থাকে। হেগ্ৰিডে হেৰীক ছিৰিয়াছ ব্লেকৰ পৰা পোৱা উৰণীয়া মটৰচাইকেল খনত হেৰীক লৈ যায় কিন্তু ডেথ্ ইটাৰে তেওঁলোকক আক্ৰমণ কৰে। স্বয়ং ভ'লডেমৰ্টে আহি আক্ৰমণ কৰাৰ পিছত দুয়ো কোনোমতে আহি বাৰ' ত উপস্থিত হয়। বিল ৱিজলী আৰু ফ্লিউৰ ডেলেকৰৰ বিয়াৰ পিছত হেগ্ৰিডে পুনৰ হগৱাৰ্ট্ছলৈ উভতি যায়। কিতাপখনৰ শেষৰফালে ডেথ্ ইটাৰবোৰে নিয়ন্ত্ৰণ কৰা হগৱাৰ্ট্ছৰ ভয়াবহ পৰিবেশত হেগ্ৰিডে নিজৰ জুপুৰীত "হেৰী পটাৰক সমৰ্থন কৰা" শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰে ফলত ডেথ্ ইটাৰৰ ভয়ত ফেং আৰু গ্ৰপেৰে সৈতে পৰ্বতত গৈ লুকাই থাকে। হগৱাৰ্ট্ছৰ যুদ্ধৰ শেষত যেতিয়া হেৰীয়ে ভ'লডেমৰ্টৰ ওচৰত আত্মসমৰ্পণ কৰে তেতিয়া হেগ্ৰিডক ডেথ্ ইটাৰ শিবিৰত বন্দী হৈ থকা দেখা পোৱা যায়। হেগ্ৰিডক হেৰীক স্কুললৈ কঢ়িয়াই লৈ যাবলৈ বাধ্য কৰা হয় আৰু হেৰীয়ে পুনৰ্জীৱন পোৱা বুলি গম নাপায় পথত থকা অশ্বনৰবোৰক একো নকৰাকৈ চাই থকা বাবে দোষ দিয়ে। ইয়াৰ পিছত অশ্বনৰ সকলে যুদ্ধত অংশগ্ৰহণ কৰে আৰু ডেথ্ ইটাৰ,যাদু প্ৰাণীৰ জল্লাদ ৱাল্ডেন মেকনেয়াৰক নিজৰ প্ৰতিদ্বন্দ্ব্ব্বী বুলি ভাবি হেগ্ৰিডেও যুদ্ধৰ দ্বিতীয়াৰ্দ্ধত অংশগ্ৰহণ কৰে আৰু ভলডেমৰ্টক পৰাস্ত কৰাৰ পিছত হেৰীক পোনপ্ৰথমে অভিনন্দন জনায়।

ৰাউলিঙৰ মতে অন্তিম কিতাপখনত থকা হেগ্ৰিডে হেৰীৰ শৰীৰটো মৃত বুলি ধৰি লৈ কঢ়িয়াই অনা দৃশ্যটো যথেষ্ট তাত্‍পৰ্য্যপূৰ্ণ কাৰণ "হেগ্ৰিডেই হেৰীক ডাৰ্ছলীহঁতৰ ঘৰৰ পৰা আনিছিল। হেগ্ৰিডেই হেৰীক যাদুবিশ্বলৈও আনিছিল… দৰাচলতে তেওঁ তাৰ অভিভাৱক বা দিকনিৰ্ণয়কাৰীৰ দৰে আছিল ...আৰু এতিয়া মই বিচাৰো হেৰীক অৰণ্যৰ পৰা কঢ়িয়াই অনা মানুহজন হেগ্ৰিডেই হওক। "[7] ৰাউলিঙে এয়াও কয় যে হেগ্ৰিডৰ কেতিয়াও মৃত্যুৰ ভয় নাছিল কাৰণ তেওঁৰ "মনত সদায় দৈত্যাকায় হেগ্ৰিডে হেৰীক কোলাত লৈ কান্দি কান্দি অৰণ্যৰ মাজেৰে আহি থকা দৃশ্যটো ভাঁহি আছিল। ".[8]

উপসংহাৰ[সম্পাদনা কৰক]

হগৱাৰ্ট্ছৰ যুদ্ধৰ ঊনৈশ বছৰ পিছতো হেগ্ৰিড হগৱাৰ্ট্ছতেই থাকে যদিও তেওঁৰ সামৰ্থ্য কিমান তাক জনা নাযায় (কাৰণ এই সময়ত তেওঁ প্ৰায় ৮৭ বছৰীয়া হ'ব)। ঠিক হেৰীক মতাৰ দৰেই তেওঁ হেৰীৰ পুত্ৰ এলবাছক চাহ খাবলৈ নিজৰ জুপুৰীলৈ মাতে আৰু ইয়েই সূচায় যে হেৰী আৰু হেগ্ৰিডৰ মাজত তেতিয়াও ঘনিষ্ঠ সম্বন্ধ আছে। ২০০৭ চনত হেগ্ৰিডে বিয়া কৰালেনে নাই বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰাউলিঙে কয় যে হেগ্ৰিডে এজনী দৈত্যৰ সৈতে এক সম্বন্ধ গঢ়ি তুলিছিল যদিও ই বেছিদিন নিটিকিল।[9]

চলচ্চিত্ৰ ৰূপায়ণ[সম্পাদনা কৰক]

স্কটিছ অভিনেতা ৰব্বি কোলট্ৰেনে হেৰী পটাৰ উপন্যাসসমূহৰ আটাইকেইখন চলচ্চিত্ৰ অভিযোজনতেই হেগ্ৰিডৰ চৰিত্ৰত অভিনয় কৰিছে।[10] ৰাউলিঙৰ মনত আগৰেপৰা এই চৰিত্ৰটোৰ বাবে কোলট্ৰেনৰ কথা খেলাই আছিল আৰু তেওঁৰ তালিকাখনত কোন শীৰ্ষস্থানত আছে বুলি সোধাত একে উশাহেই "হেগ্ৰিডৰবাবেৰব্বিকোলট্ৰেন বুলি উত্তৰ দিছিল।[11][12] কোলট্ৰেনে মন্তব্য দিছিল যে হেৰী পটাৰ ছবি সমূহৰ অংশ হোৱাটো "এক চমত্‍কাৰী ক্ষেত্ৰত জড়িত হোৱা। "[13] ৰাউলিঙে কোলট্ৰেনক হেগ্ৰিডৰ পটভূমিৰ বিষয়ে কিছু কৈছিল।[14] ৰাউলিঙে এয়াও কয় যে, "ৰব্বি হেগ্ৰিডৰ কাৰণে সম্পূৰ্ণ নিখুঁট নিৰ্বাচন কাৰণ হেগ্ৰিড এক মৰমলগা,পছন্দ হোৱা আৰু কিছু জমনি চৰিত্ৰ[...] কিন্তু তেওঁৰ – তুমি এয়া গম পাব লাগিব – এক সুনিশ্চিত ভিতৰুৱা কঠিনতা আছে[...] আৰু মই ভাবো এই ক্ষেত্ৰত ৰব্বি একদম পাকৈত। "[12]

ইংৰাজ ৰাগবী য়ুনিয়নৰ ফুটবলাৰ মাৰ্টিন বেইফিল্ডে তেওঁৰ গুৰুকায় শৰীৰৰ বাবে বিপদজনক দীঘলীয়া দৃশ্যসমূহত হেগ্ৰিডৰ ভাওঁ লৈছে। বেইফিল্ডে হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্ৰেটছত কিশোৰ হেগ্ৰিডৰ ভূমিকাতো অভিনয় কৰিছে।[15]

চৰিত্ৰায়ণ[সম্পাদনা কৰক]

বাহ্যিক অৱয়ব[সম্পাদনা কৰক]

ফিল'ছ'ফাৰ্ছ ষ্ট'নত হেগ্ৰিডক সাধাৰণ মানুহতকৈ দুগুণ ওখ আৰু পাঁচগুণ শকত বুলি কোৱা হৈছে কিন্তু ছবিখনত তেওঁক ৮ ফুট {{convert/and/fraএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৬"|৬}} ইঞ্চি (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ মিটাৰ) হিচাপে দেখুওৱা হৈছে আৰু পিছৰ কিতাপকেইখনত তেওঁক সাধাৰণ মানুহতকৈ তিনিগুণ শকত বুলি কোৱা হৈছে। হেগ্ৰিড তেওঁৰ পশ্চিমীয়া ধৰণৰ কথনশৈলীৰ বাবে জনাজাত। এজন অৰ্ধ-দৈত্য হোৱা হেতুকে তেওঁক যাদুবাণ আৰু মন্ত্ৰবোৰে মানুহতকৈ কম ক্ষতি সাধন কৰে। অৰ্ডাৰ অৱ দ্য ফিনিক্সত যেতিয়া আমব্ৰিজ আৰু অন্য যাদুকৰ সকলে তেওঁক হগৱাৰ্ট্ছৰ পৰা আঁতৰ কৰিবলৈ আহে তেতিয়া তেওঁ উভতি যুঁজ কৰে। তেওঁলোকে হেগ্ৰিডৰ ওপৰত যাদুবাণ আৰু মূৰ্ছাবান প্ৰয়োগ কৰে যদিও তেওঁ দৈত্যবংশী হোৱা সূত্ৰে লাভ কৰা প্ৰতিৰক্ষাৰ ফলত এইবোৰ তেওঁৰ গাত লাগি ওফৰি যায়। হাফ ব্লাড প্ৰিন্সফ্লাইট অৱ দ্য প্ৰিন্স অধ্যায়ত এই গুণতে হেগ্ৰিডে এজন ডেথ্ ইটাৰৰ শক্তিশালী যাদু সমূহৰ প্ৰতিৰোধ কৰিব পাৰে। কিছুমান ৰসায়ন যেনে কেৱল মানুহৰ কাৰণে নিৰ্মাণ কৰা পলীজ্যুচ ৰসায়ন আদিও হেগ্ৰিডৰ ক্ষেত্ৰত নিষ্ক্ৰিয়।[16]

ব্যক্তিত্ত্ব[সম্পাদনা কৰক]

হেগ্ৰিড এক বন্ধুত্বপূৰ্ণ তথা কোমল হৃদয়ৰ ব্যক্তি আৰু তেওঁৰ সহজে চকুপানী ওলাই যিটো কথা প্ৰথম দৃশ্যতে দেখা যায় ,যেতিয়া ফিল'ছ'ফাছ ষ্ট'নত হেগ্ৰিডে হেৰীক ডাৰ্ছলীহঁতৰ ঘৰত থৈ আহে। বন্ধুৰ প্ৰতি তেওঁ খুবেই বিশ্বাসী,বিশেষকৈ ডাম্বলড'ৰৰ প্ৰতি যাক তেওঁ কেবাবাৰো পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ যাদুকৰ বুলি অভিহিত কৰে। ফিল'ছ'ফাৰ্ছ ষ্ট'নৰ প্ৰথম দৃশ্যতে দেখা যায় যে কোনোবাই তেওঁৰ ওচৰত ডাম্বলড'ৰক অপমান কৰিলে তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে(যেতিয়া ভাৰ্ণন ডাৰ্ছলীয়ে ডাম্বলড'ৰক এটা "পগলা মুৰ্খ বুঢ়া" বুলি কয়)। হেৰীৰ ক্ষেত্ৰতো তেওঁ খুবেই বিশ্বাসী আৰু এই বিশ্বাস ৰক্ষাৰ্থেই শৃংখলাটিত কেবাবাৰো কষ্ট ভুগিব লগীয়া হৈছে আৰু কাৰাগাৰলৈ নাযাবলৈ দুবাৰ আত্মগোপন কৰিবলগীয়া হৈছে। ৰাউলিঙে হেগ্ৰিডৰ বিষয়ে কৈছে , "হেগ্ৰিড সদায় এক মৌলিক শক্তিৰ নিছিনা আছিল। তেওঁ যেন অৰণ্যৰ ৰজা নাইবা এক সেউজীয়া মানৱ। তেওঁ এক অৰ্ধবন্য মানুহ যিয়ে অৰণ্যৰ দাঁতিত বাস কৰে। ".[17]

যাদুকৰী সামৰ্থ্য আৰু দক্ষতা[সম্পাদনা কৰক]

হগৱাৰ্ট্ছৰ পৰা উলিয়াই দিয়াৰ পিছত যাদু মন্ত্ৰালয়ে হেগ্ৰিডৰ ওক গছৰ যাদুদণ্ডডাল ভাঙি পেলাই আৰু তেওঁৰ যাদু প্ৰয়োগত প্ৰতিবন্ধকতা আৰোপ কৰে।[18] হেগ্ৰিডে তেওঁৰ যাদুদণ্ডদাল এটা গুলপীয়া ছাতিৰ ভিতৰত সুমুৱাই থয় আৰু মাজে মাজে সৰু সুৰা যাদু প্ৰয়োগ কৰে; অৱশ্যে তৃতীয় কিতাপখনলৈ তেওঁৰ যাদু প্ৰয়োগত বাধা থাকে, আৰু যিহেতু তেওঁ পূৰ্ণ পৰ্যায়ৰ যাদুকৰ নহয়, তেওঁ অন্য বয়স্ক যাদুকৰ সকলতকৈ "সদায় কিছু অপৈণত হৈ থাকিব",[6] কিন্তু তেওঁ "প্ৰায়ে কিছুমান আকৰ্ষণীয় যাদু প্ৰয়োগ কৰি সকলোকে,আনকি নিজকো আচৰিত কৰি তোলে। "[19] তদুপৰি দৈত্যৰ বংশধৰ হোৱাৰ সুবাদতে তেওঁ উত্তৰাধিকাৰী সূত্ৰেও কিছুমান যাদুকৰী শক্তি লাভ কৰে। উদাহৰণস্বৰূপে হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অৱ দ্য ফিনিক্সত মন্ত্ৰালয়ৰ যাদুকৰবোৰে নিক্ষেপ কৰা মূৰ্ছাবাণবোৰ হেগ্ৰিডৰ গাত লাগি ওফৰি যায়।

পৰিয়াল[সম্পাদনা কৰক]

গ্ৰপ[সম্পাদনা কৰক]

গ্ৰপ হল এক দৈত্য আৰু হেগ্ৰিডৰ সতীয়া ভাতৃ। দুয়োৰে মাক একেজনীয়েই,ফ্ৰিডৱুল্ফা।[20] গ্ৰপ প্ৰায় ১৬ ফুট (4.9 মিটাৰ) ওখ যিটো হেগ্ৰিডৰ মতে দৈত্যৰ হিচাপত সৰু। তাৰ আঙুলিৰ পাববোৰ একোটা ক্ৰিকেট বলৰ সমান ডাঙৰ (~২২৫ মিমি পৰিধিৰ)। অন্য দৈত্য সকলে মাৰ ধৰ কৰি থাকে বাবে হেগ্ৰিডে গ্ৰপক নিষিদ্ধ অৰণ্যলৈ লৈ আহে। সি মাত্ৰ কেইটামানহে ইংৰাজী শব্দ জানে আৰু তাৰ ব্যৱহাৰবোৰ বন্য আৰু অনুমান কৰিব নোৱাৰা বিধৰ।

প্ৰথমতে গ্ৰপে হেগ্ৰিডে তাক সভ্য কৰিবলৈ চলাই থকা প্ৰচেষ্টাবোৰৰ প্ৰতি সঁহাৰি নিদিয়ে আৰু গছবোৰ উভালি সময় কটায় থাকিবলৈ পছন্দ কৰে। হেগ্ৰিডে হগৱাৰ্ট্ছ এৰি পলাই থকা সময়ত গ্ৰপক হেৰী,ৰণ আৰু হাৰমাইনীৰ তত্ত্বাৱধানত থৈ যায়। এবাৰ যেতিয়া হেৰী আৰু হাৰমাইনীয়ে অৰণ্যৰ মাজত অশ্বনৰসকলৰ সৈতে মুখামুখি হৈ এক বিপদজনক পৰিস্থিতিত পৰে তেতিয়া গ্ৰপে হেগ্ৰিডক 'হেগাৰ' বুলি মাতি তেওঁক বিচাৰি বিচাৰি অশ্বনৰ সকলৰ মনোযোগ আকৰ্ষণ কৰে।

দ্য হাফ ব্লাড প্ৰিন্সত গ্ৰপক পৰ্বতলৈ লৈ যোৱা হয় য'ত থাকি সি বেছি আনন্দ পায়। আগতকৈ বহুত সভ্য আৰু শান্ত হৈ আৰু ভাল কাপোৰ-কানি পিন্ধি হসি হেগ্ৰিডৰ লগত ডাম্বলড'ৰৰ অন্ত্যেষ্টিক্ৰিয়াতো উপস্থিত থাকে। সি অনুভূতিবোৰো কিছু পৰিমাণে বুজি পায় আৰু হেগ্ৰিডক সান্ত্বনা দিবলৈ তেওঁৰ মূৰত লাহে লাহে থপৰিয়াই। হেৰী পটাৰ এণ্ড দ্য ডেডলী হ'ল'জত হেগ্ৰিডে তেওঁৰ জুপুৰীত "হেৰী পটাৰক সমৰ্থন কৰা" শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰে ফলত গ্ৰপ,হেগ্ৰিড আৰু ফেং লুকাই ফুৰিবলগীয়া হয় আৰু এই ক্ষেত্ৰত গ্ৰপে তেওঁলোকক সহায় কৰে। গ্ৰপেই একমাত্ৰ দৈত্য যিয়ে হগৱাৰ্ট্ছৰ যুদ্ধত ভ'লডেমৰ্টৰ বিৰূদ্ধে যুঁজে। গ্ৰপ ভ'লডেমৰ্ট পৰাস্ত হোৱাৰ পিছত হোৱা বিজয় উত্‍সৱটো ভাগ লয় (এখন খিৰিকিৰে হে কাৰণ হলঘৰটোত তাক নধৰে) আৰু হগৱাৰ্ট্ছৰ ছাত্ৰ-ছাত্ৰী সকলে তাৰ হাঁহি থকা মুখখনলৈ খাদ্য দলিয়াই তাৰ প্ৰতি থকা মৰম দেখুৱাই।

পঞ্চম কিতাপখনৰ চলচ্চিত্ৰ অভিযোজনত দেখুওৱা গ্ৰপটো কম্পিউটাৰেৰে তৈয়াৰী।[21] চলচ্চিত্ৰখনৰ কাৰণে এই দৈত্যটো সৃষ্টি কৰিবলৈ এন্দ্ৰিউ হোৱাইটহেডে প্ৰায় ১৮ মাহ কাম কৰে।[22] গ্ৰপৰ চৰিত্ৰত কণ্ঠদান কৰিছে টনী ম'ডস্লীয়ে।[23]


মাক-দেউতাক[সম্পাদনা কৰক]

দ্য গব্লেট অৱ ফায়াৰত হেগ্ৰিডৰ মাক দেউতাকৰ ৰহস্যটো ফাদিল হয়: শৃংখলাটিত এবাৰো নাম উল্লেখ নকৰা তেওঁৰ দেউতকে ফ্ৰিডৱুল্ফা নামৰ এজনী দৈত্য বিয়া কৰাইছিল। হেগ্ৰিড সৰু হৈ থাকোঁতেই তেওঁক দেউতাকৰ তত্ত্বাৱধানত থৈ ফ্ৰিডৱুল্ফা গুচি যায়। হেগ্ৰিডৰ মতে তাই বৰ মাতৃসুলভ নাছিল। পিছলৈ তাই গ্ৰপক জন্ম দিয়ে। অৰ্ডাৰ অৱ দ্য ফিনিক্সত হেগ্ৰিডে দৈত্যসকলক বিচাৰি যোৱাৰ বহু আগতেই তাইৰ মৃত্যু ঘটে। হেগ্ৰিডৰ মতে তেওঁৰ দেউতাক "এটা কণমানি মানুহ" আছিল যাক তেওঁ ছয় বছৰ বয়সতে এখন হাতেৰে উঠাই আলমাৰিৰ ওপৰত থৈ দিব পাৰিছিল। হেগ্ৰিডে তেওঁক খুব ভাল পাইছিল। হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবানত হেগ্ৰিডে কয় যে হগৱাৰ্ট্ছৰ তৃতীয় বাৰ্ষিকত থাকোঁতে দেউতাকৰ মৃত্যু হোৱাটো তেওঁৰ জীৱনৰ আটাইতকৈ দুখলগা স্মৃতি।

পোহনীয়া জীৱ-জন্তু[সম্পাদনা কৰক]

ফেং,হেগ্ৰিড আৰু নৰবাৰ্টৰ চিত্ৰ

হেগ্ৰিডৰ এনে কিছুমান পোহনীয়া জন্তু আছে যাক যাদুবিশ্বৰ মানুহবোৰে পোহাটো অসম্ভৱ বুলি ভাৱে আৰু বিপদজনক প্ৰাণীৰ প্ৰতি হেগ্ৰিডৰ এই প্ৰেমে শৃংখলাটোৰ বহুকেইখন কিতাপৰ কাহিনীত কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰে।

এৰাগগ[সম্পাদনা কৰক]

এৰাগগ আছিল এক বৃহত্‍ আৰু বিপদজনক কথা ক'ব পৰা এটা মকৰা—যিয়ে চিকাৰৰ সন্ধানত ভ্ৰমণ কৰিলে এক ক্লিক ক্লিক মাত ওলায়। হগৱাৰ্ট্ছত ছাত্ৰ হৈ থাকোঁতে এটা কণীৰ পৰা হেগ্ৰিডে তাক আলমাৰিত লুকাই লুকাই ডাঙৰ কৰিছিল। হেগ্ৰিড তৃতীয় বাৰ্ষিকত থাকোঁতে টম ৰিডলে হেগ্ৰিডক এৰাগগৰ লগত কথা পাতি থকা আৱিষ্কাৰ কৰে আৰু প্ৰচাৰ কৰে যে এৰাগগেই "শ্লিদেৰিণৰ ৰাক্ষস"টো আৰু হেগ্ৰিডেই গোপন কোঠাটো খুলিছে। কিন্তু বাস্তৱত ৰিডলেহে কোঠাটো খুলিছিল আৰু ৰাক্ষসটো আছিল এটা বাছিলিস্ক।

হেগ্ৰিডক অপসাৰণ কৰাৰ পিছত এৰাগগে নিষিদ্ধ অৰণ্যত বাস কৰে। হেগ্ৰিডে তাক মোছাগ নামৰ এজনী সংগী বিচাৰি দিয়ে যাৰ লগত এৰাগগে দৈত্যকাৰ মকৰাৰ এক চুবুৰী গঢ়ি তোলে। গোটেই জীৱনটো সি হেগ্ৰিডৰ ওচৰত কৃতজ্ঞ হৈ থাকে আৰু হেগ্ৰিডে তাক লগ কৰিবলৈ আহিলে আঘাত নিদিবলৈ তাৰ মাংসভোজী সন্তানবোৰক আদেশ দি থয়। অৱশ্যে হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্ৰেটছত সি সন্তানবোৰক হেৰী,ৰণ আৰু ফেঙক আক্ৰমণ কৰিবলৈ বাধা নিদিয়ে। হেগ্ৰিডে সিহঁতক "মকৰা বোৰক অনুসৰণ কৰা" বুলি পৰামৰ্শ দিয়ে। এৰাগগেই হেৰী আৰু ৰণক কয় যে স্লিদেৰিণৰ ৰাক্ষসটো সি নহয় বৰং হগৱাৰ্ট্ছতে জন্ম লাভ কৰা এক প্ৰাণী যাক মকৰাবোৰে ইমানেই ভয় কৰে যে কেতিয়াও তাৰ নাম নলয়। এৰাগগৰ সন্তানবোৰে হেৰীহঁতক আক্ৰমণ কৰিলেও মি০ ৱিজলীৰ উৰণীয়া গাড়ীখনে সিহঁতক ৰক্ষা কৰে। জীৱনৰ বাকীছোৱা এৰাগগে নিষিদ্ধ অৰণ্যতেই থাকে আৰু বুঢ়া হৈ হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্সত তাৰ মৃত্যু ঘটে। সন্তানবোৰে তাৰ দেহটো নষ্ট কৰি পেলাব বুলি হেগ্ৰিডে এৰাগগৰ দেহটো লৈ আহি তাক সসন্মানে সমাধিস্থ কৰে।

এৰাগগৰ সন্তানবোৰ হেৰী পটাৰ এণ্ড দ্য ডেডলী হ'ল'জৰ হগৱাৰ্ট্ছৰ যুদ্ধত অৰণ্যৰ পৰা ওলাই আহে আৰু যাকে পায় তাকে আক্ৰমণ কৰে। হেগ্ৰিডে সিহঁতক ৰক্ষা কৰিবলৈ যায় আৰু তাৰেই প্ৰতিদান হিচাপে সিহঁতে হেগ্ৰিডক ধৰি ভ'লডেমৰ্টৰ হাতত গতাই দিয়ে।

দ্য চেম্বাৰ অৱ ছিক্ৰেটছৰ চলচ্চিত্ৰ অভিযোজনত জুলিয়ান গ্লোভাৰে এৰাগগৰ ভূমিকাত কণ্ঠদান কৰে।

বাকবীক[সম্পাদনা কৰক]

হেগ্ৰিডৰ এটা যাদু প্ৰাণীৰ তত্ত্বাৱধান বিষয়ৰ শ্ৰেণীত বাকবীকৰ লগতে আৰু এঘাৰটা হিপ'গ্ৰিফে আত্মপ্ৰকাশ কৰে। হেগ্ৰিডে বুজাই যে হিপগ্ৰিফবোৰ যথেষ্ট শান্ত,শক্তিশালী আৰু গৌৰৱী প্ৰাণী,কিন্তু সিহঁত বৰ অনুভূতিপ্ৰৱণ আৰু সিহঁতে সন্মান দাবী কৰে। হেৰীয়ে বাকবীকৰ কাষ চাপিবলৈ সক্ষম হয় আৰু বাকবীকে হেৰীক পিঠিত উঠাই স্কুলৰ চাৰিওফালে এপাক ঘূৰাই আনে।

ড্ৰেকো মেলফয়েও এক অহং ভাৱত হেগ্ৰিডৰ হাকবচন নামানি বাকবীকৰ পিঠিত উঠি দেখুওৱাবলৈ যায় আৰু বাকবীকৰ বিষয়ে তুচ্ছ মন্তব্য কৰে। ইয়াত খং খাই বাকবীকে ড্ৰেকোৰ হাতত তাৰ হাতোঁৰাৰে এখুন্দা দিয়ে। অলপ আঘাতকে বেছি বুলি কৈ ড্ৰেকোৱে দেউতাক লুছিয়াছ মেলফয়ক ৰাজনৈতিক শক্তি প্ৰয়োগ কৰি বাকবীকক মৃত্যুদণ্ড দিবলৈ দাবী কৰে। হেগ্ৰিডৰ আৱেদন অগ্ৰাহ্য কৰি বাকবীকক মৃত্যুদণ্ড দিবলৈ বিপদজনক প্ৰাণী সংহাৰ সমিতিৰ সদস্য সকল হগৱাৰ্ট্ছত উপস্থিত হয়। হাৰমাইনী আৰু হেৰীয়ে এটা সময় পৰিৱৰ্তকৰ সহায়ত অতীতলৈ গৈ বাকবীকক ৰক্ষা কৰে আৰু ডিমেনটৰ বোৰক গতোৱাৰ আগতে বন্দী কৰি ৰখা দূৰ্গৰ পৰা ছিৰিয়াছ ব্লেকক উদ্ধাৰ কৰে। ছিৰিয়াছে বাকবীকৰ পিঠিত উঠি পলাই যায়। হেৰীৰ চতুৰ্থ বছৰটোৰ বেছিভাগ সময় ছিৰিয়াছ আৰী বাকবীকে হগছমীডৰ ওচৰৰ পৰ্বত এখনৰ গুহাত লুকাই থাকি কটায়। তাৰ পিছত তেওঁলোকে নাম্বাৰ ১২ গ্ৰিম'ল্ড প্লেচত থাকে য'ত বাকবীকে ছিৰিয়াছৰ মৃতা মাকৰ কোঠাত থাকে।

হাফ ব্লাড প্ৰিন্সত হেৰীয়ে বাকবীকক লাভ কৰে আৰু সি হেগ্ৰিডক ইয়াৰ চোৱা চিতা কৰিবলৈ দি দিয়ে। মন্ত্ৰালয়ৰ বিষয়াসকলে সন্দেহ নকৰিবলৈ ইয়াক "ৱিদাৰৱিংছ" নাম দিয়া হয়। এক বিশ্বাসী প্ৰাণী হিচাপে বাকবীকে কিতাপখনৰ শেষত চেভেৰাছ স্নেইপক হেৰীৰ ওচৰৰ পৰা খেদি পঠিয়াই। হগৱাৰ্ট্ছৰ যুদ্ধত বাকবীকে থেষ্ট্ৰেলবোৰক লৈ ভলডেমৰ্টৰ বিৰূদ্ধে যুঁজে।

ফেং[সম্পাদনা কৰক]

ফেং হ'ল এটা ডাঙৰ বোৱাৰহাউণ্ড(ছবিখনত এটা নীপোলিটান মেস্তিফ) যি অতি বৃহত্‍ হ'লেও এটা অতি সাধাৰণ কুকুৰ। হেগ্ৰিডৰ মতে, "সি এটা মস্ত ভয়াতুৰ। " সি চিনাকি মানুহবোৰৰ সৈতে থকিবলৈ পছন্দ কৰে আৰু হেৰী,ৰণ বা হাৰমাইনীৰ মুখ বা কাণখন চেলেকি থাকি ভাল পায়।

দ্য ফিল'ছ'ফাছ ষ্ট'নত এটা আঘাতপ্ৰাপ্ত ইউনিকৰ্ণক বিচাৰি হেৰী,হেগ্ৰিড,ড্ৰেকো আৰু হাৰমাইনীৰ লগত নিষিদ্ধ অৰণ্যলৈ যায়। দ্য চেম্বাছ অৱ ছিক্ৰেটছত হেৰী আৰু ৰণে অৰণ্যলৈ ফেঙকো লৈ যায় য'ত সি দৈত্যাকাৰ মকৰাবোৰ আৰু উৰণীয়া গাড়ীখন দেখি ভয়ত বিতত হয়। হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্সত এটা পলৰীয়া ডেথ্ ইটাৰে ফেং ভিতৰত থাকোঁতেই হেগ্ৰিডৰ ঘৰটোত জুই লগাই দিয়ে; তেতিয়া হেগ্ৰিডে জুই লগা ঘৰটোত সোমাই ফেঙক সুৰক্ষিতভাৱে উলিয়াই আনে। হেৰী পটাৰ এণ্ড দ্য ডেডলী হ'ল'জত ফেং আৰু হেগ্ৰিডে হগৱাৰ্ট্ছৰ যুদ্ধত অংশগ্ৰহণ কৰে যদিও ফেঙে কি কৰে সেয়া জনা নাযায়। ফেং নিশ্চিত ভাৱে বাচি থাকে কাৰণ পিছলৈ হেগ্ৰিডক ফেঙৰ কাৰণে দুখী হোৱা দেখা নাযায়। হেৰীৰ সন্তান হগৱাৰ্ট্ছলৈ অহালৈকে ফেং বাচি থাকে নে নাই সেয়াও জনা নাযায়।

ফ্লাফী[সম্পাদনা কৰক]

ফ্লাফী হৈছে এটা দৈত্যাকায় তিনিমূৰীয়া কুকুৰ যাক হেগ্ৰিডে ফিল'ছ'ফাৰ্ছ ষ্ট'ন থকা গোপন কোঠাটোৰ গুপ্তদুৱাৰখন পহৰা দিবলৈ ৰাখি থৈছিল। কেৱল গীত বজাই শুৱাই থৈ হে ফ্লাফীক পাৰ হৈ যাব পাৰি। গ্ৰীক সাধুকথাৰ নৰকৰ দুৱাৰত পহৰা দিয়া তিনিমূৰীয়া কুকুৰ ছেৰবেৰাছৰ ওপৰত ফ্লাফী আধাৰিত। ফ্লাফীৰ দৰে ছেৰবেৰাছকো অৰফিয়াছে সংগীতেৰে শুৱাই থৈছিল।

ফিল'ছ'ফাৰ্ছ ষ্ট'নত পীভ্ছ আৰু ফিলছৰ পৰা পলাই ফুৰোতে এদিন হেৰী,ৰণ,হাৰমাইনী আৰু নেভাইলে দুৰ্ঘটনাবশতঃ ফ্লাফীৰ ওচৰ পাইগৈ। ফ্লাফীয়ে ফিল'ছ'ফাৰ্ছ ষ্ট'নটি পহৰা দি থাকোঁতে ভ'লডেমৰ্টৰ সেৱক প্ৰফেছৰ কুইৰেলে ষ্ট'নটি পাবলৈ হাৰ্প বজাই ফ্লাফীক শুৱাই থয় আৰু হেৰীয়ে ষ্ট'নটি উদ্ধাৰ কৰিবলৈ যাঁওতে হেগ্ৰিডে দিয়া এটা বাঁহী ব্যৱহাৰ কৰে। এক সাক্ষাত্‍কাৰত ৰাউলিঙক ষ্ট'নটিৰ পহৰাদাৰৰ প্ৰয়োজন নোহোৱাত ফ্লাফীৰ কি হ'ল বুলি সোধাত তেওঁ ফ্লাফীক নিষিদ্ধ অৰণ্যত এৰি দিয়া হয় বুলি কয়।

নৰবাৰ্টা[সম্পাদনা কৰক]

নৰবাৰ্টা বা নৰবাৰ্ট হ'ল এটা নৰৱেইয়ান ৰিজবেক ড্ৰেগন যাক হেগ্ৰিডে হগছ হেডত এজন ৰহস্যময়,মুখঢকা অচিনাকি মানুহৰ পৰা কণী অৱস্থাতে পাইছিল যি দৰাচলতে প্ৰফেচৰ কুইৰেল আছিল। হেগ্ৰিডে ড্ৰেগনটোক কণীৰ পৰা ওলাবলৈ সহায় কৰে। পিছৰ কেইসপ্তাহমানতে নৰবাৰ্টা বহু ডাঙৰ আৰু বিপদজনক হৈ পৰে। সি ৰণক কামোৰে আৰু তাৰ দাঁতত থকা বিষৰ কাৰণে ৰণে চিকিত্‍সা গ্ৰহণ কৰিবলগীয়া হয়। হেৰী,ৰণ আৰু হাৰমাইনীয়ে ড্ৰেগনটিক ৰোমানিয়াত ড্ৰেগনৰ বিষয়ে পঢ়ি থকা ৰণৰ ককায়েক চাৰ্লি ৱিজলীৰ ওচৰলৈ পঠিয়াই দিবলৈ হেগ্ৰিডক জোৰ কৰে। দ্য ডেডলী হ'ল'জত চাৰ্লিয়ে হেগ্ৰিডক কয় যে "নৰবাৰ্ট" প্ৰকৃততে মাইকীহে গতিকে তাৰ নাম নৰবাৰ্টালৈ সলনি কৰা হয়।

সঁহাৰি[সম্পাদনা কৰক]

আইজিএনে হেগ্ৰিডক তেওঁলোকৰ ত্ৰয়োদশ শীৰ্ষ "হেৰী পটাৰ" চৰিত্ৰ হিচাপে আখ্যা দি কৈছে যে দৰ্শকৰ বাবে হেগ্ৰিড এক অতি চিনাকি চৰিত্ৰ আৰু হেৰী পটাৰ এণ্ড দ্য গব্লেট অৱ ফায়াৰ ছবিৰ সেই দৃশ্যটো যত তেওঁ হেৰী,ৰণ আৰু হাৰমাইনীৰ লগত তেওঁৰ মধুৰ স্মৃতিবোৰ ৰোমন্থন কৰে সেয়া তেওঁলোকৰ বাবেও এক "সুখদায়ক স্মৃতি" হৈ পৰে।[24] আইজিএনৰ জো য়ুটিছিয়ে হেগ্ৰিডক তেওঁৰ সপ্তম প্ৰিয় "হেৰী পটাৰ" চৰিত্ৰ বুলি কয়।[25]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Conversations with JK Rowling, p.37-8, accio-quote.org
  2. "WBUR radio interview, 12 October 1999". Accio Quote!. http://www.accio-quote.org/articles/1999/1099-connectiontransc2.htm। আহৰণ কৰা হৈছে: 15 August 2011. 
  3. Goring, Rosemary (17 January 1999), "Harry’s Fame", Scotland on Sunday.
  4. Barnes and Noble & Yahoo! chat with J.K. Rowling at barnesandnoble.com, 20 October 2000, republished at accio-quote.org
  5. Anelli, Melissa and Emerson Spartz (16 July 2005), "The Leaky Cauldron and MuggleNet interview Joanne Kathleen Rowling: Part Three" Archived 2006-09-07 at the Wayback Machine, The Leaky Cauldron
  6. 6.0 6.1 World Exclusive Interview with J K Rowling
  7. "Rowling: 'I wanted to kill parents' – Wild about Harry", – MSNBC.com
  8. "New Interview with J.K. Rowling for Release of Dutch Edition of 'Deathly Hallows'." (18 November 2007). The Leaky Cauldron. Retrieved 19 November 2007.
  9. Weingarten, Tara. "Rowling Says Dumbledore Is Gay". Newsweek. http://www.newsweek.com/id/50787। আহৰণ কৰা হৈছে: 20 October 2007 
  10. "Casting Is Complete on ‘Harry Potter and the Half-Blood Prince’" (Press release). Warner Bros.. 16 November 2007. http://www.prnewswire.co.uk/cgi/news/release?id=213122। আহৰণ কৰা হৈছে: 16 November 2007. 
  11. "Movie Trivia: Harry Potter and the Sorcerer’s Stone". Neatorama.com. 17 July 2007. http://www.neatorama.com/2009/07/17/movie-trivia-harry-potter-and-the-sorcerers-stone/। আহৰণ কৰা হৈছে: 15 August 2011. 
  12. 12.0 12.1 "‘They really do look as I’d imagined they would inside my head.’". Accio Quote!. 13 March 2007. http://www.accio-quote.org/articles/2001/1111-telegraph-alderson.html। আহৰণ কৰা হৈছে: 15 August 2011. 
  13. "Harry Potter And The Personal Demons". Archived from the original on 2009-08-29. https://web.archive.org/web/20090829142611/http://blogs.manchestereveningnews.co.uk/ianwylie/2006/09/harry_potter_and_the_personal.html। আহৰণ কৰা হৈছে: 2013-02-04. 
  14. JK Rowling interview in full CBBC Retrieved on 29 July 2007
  15. "Martin Bayfield Filmography". http://movies.yahoo.com/movie/contributor/1809048458। আহৰণ কৰা হৈছে: 15 August 2011. 
  16. Rowling, J. K. (2007). Harry Potter and the Deathly Hallows. London: Bloomsbury/New York City: Scholastic, et al. UK ISBN 1551929767/U.S. ISBN 0545010225. , chapter 5
  17. "Robbie Coltrane on South Bank". Accio Quote!. 25 September 2006. http://www.accio-quote.org/articles/2006/0925-southbank.html। আহৰণ কৰা হৈছে: 15 August 2011. 
  18. Section: Extra Stuff
  19. "JK Rowling’s World Book Day Chat". 4 March 2004. http://www.accio-quote.org/articles/2004/0304-wbd.htm। আহৰণ কৰা হৈছে: 15 August 2011. 
  20. Darby Dickerson (2008). "Professor Dumbledore's Advice for Law Deans". University of Toledo Law Review. http://papers.ssrn.com/sol3/papers.cfm?abstract_id=1088056 
  21. Sharon Waxman (15 October 2006). "Cyberface: New Technology That Captures the Soul". The New York Times. http://www.nytimes.com/2006/10/15/movies/15waxm.html?th&emc=th 
  22. H Tucker (2007). "At the movies". ITNOW (British Computer Society) খণ্ড 49 (5): 8–9. doi:10.1093/itnow/bwm023. http://itnow.oxfordjournals.org/cgi/content/abstract/49/5/8 
  23. Tony Maudsley as Grawp in 'Order of the Phoenix'. HPANA. 26 April 2006. http://www.hpana.com/news.19394.html 
  24. Brian Linder, Phil Pirrello, Eric Goldman, Matt Fowler (14 July 2009). "Top 25 Harry Potter Characters". IGN. Archived from the original on 18 May 2012. https://web.archive.org/web/20120518000252/http://uk.movies.ign.com/articles/100/1002569p3.html। আহৰণ কৰা হৈছে: 3 April 2011. 
  25. Joe Utichi (3 November 2010). "The Top 10 Harry Potter Characters". IGN. Archived from the original on 26 March 2012. https://web.archive.org/web/20120326065034/http://uk.movies.ign.com/articles/113/1132181p1.html। আহৰণ কৰা হৈছে: 3 April 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]