ৱিকিচ'ৰ্ছ
| ইউ আৰ এল | http://www.wikisource.org/ |
|---|---|
| শ্লোগান | উন্মুক্ত পাঠশালা |
| বিজ্ঞাপন | নহয় |
| প্ৰকাৰ | সংকলন |
| পঞ্জীয়ন | ঐচ্ছিক |
| স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
| সৃষ্টিকাৰ | ব্যৱহাৰকাৰীসকলৰ দ্বাৰা সংগৃহীত |
ৱিকিচৰ্ছ বা ৱিকি উৎস (ইংৰাজী: Wikisource) ৱিকিমিডিয়া প্ৰকল্প যাৰ উদ্দেশ্য লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক ৱিকি উৎস নাম দিয়া হৈছে। আনহাতে বাংলা ভাষাত এই প্ৰকল্পক উইকিসংকলন বোলা হয়।
সূচী |
[সম্পাদনা কৰক] ইতিহাস
ৱিকি উৎসৰ আৰম্ভ হৈছিল ২০০৩ চনৰ ২৪ নৱেম্বৰত| তেতিয়া ইয়াৰ নাম ৰাখিছিল "Project Sourceberg" (a play on words for Project Gutenberg)[1] আৰু ইয়াৰ ইউআৰএল (URL) আছিল http://sources.wikipedia.org%7C ২০০৩ চনৰ ৬ ডিচেম্বৰত ইয়াৰ সদস্যসকলে ইয়াৰ নাম "Wikisource" লৈ ৰূপান্তৰিত কৰিলে কিন্ত ইউআৰএলটো ২০০৪ চনৰ, ২৩ জুলাইলৈকে http://wikisource.org লৈ নিয়া হোৱা নাছিল।
[সম্পাদনা কৰক] ৱিকি উৎসৰ সমল
ৱিকি উৎস ৱেবছাইটতত পূৰ্বে প্ৰকাশিত যিকোনো গুৰুত্বপূৰ্ণ লিখনি সংগ্ৰহ কৰি ডিজিটেল ৰূপ দিয়া হয়। ইয়াৰ মাজৰ কিছুমান হৈছে গল্প-উপন্যাস, চিঠি, ভাষণ, ধৰ্মীয় সংকলন, সাংবিধানিক আৰু ঐতিহাসিক দলিল আদি, আইন আৰু অনান্য দলিল আদি। সমস্ত সংগৃহীত লিখনি কপিৰাইটমুক্ত অথবা জিএফডিএল (GFDL-GNU Free Documentation License) লাইচেন্সৰ আওতাত থাকে। সকলো ভাষাৰ অনুবাদ লিখনি ইয়াত থাকিব পাৰে।
ৱিকি উৎস অৱদানকাৰীসকলৰ নিজস্ব কোনো বস্তু বা নিজৰ লিখনি প্ৰকাশ কৰা স্থান নহয়।
[সম্পাদনা কৰক] অসমীয়া ভাষাত ৱিকি উৎস
অসমীয়া ভাষাত ৱিকি উৎস ৩ জানুৱাৰী, ২০১১ৰ পৰা সক্ৰিয় কৰা হৈছে।
[সম্পাদনা কৰক] লগতে চাওক
[সম্পাদনা কৰক] তথ্যসূত্ৰ
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
- অসমীয়া ভাষাৰ ৱিকি উৎস
- ইংৰাজী ভাষাৰ ৱিকিচৰ্ছ
- বাংলা ভাষাৰ উইকিসংকলন
- মাৰাঠি ভাষাৰ ৱিকিস্ৰোত
- সংস্কৃত ভাষাৰ ৱিকিস্ৰোতশি
| ৱিকিমিডিয়া কমন্সত ‘ৱিকি উৎস’ বিষয় সংক্ৰান্তত মিডিয়া আছে। |
|
|||||