ৱিকিপিডিয়া:প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


প্ৰবন্ধ সৃষ্টি
সাধাৰণ সহায়
ধাৰনা আৰু তত্বাবধান
বিকশিত পক্ৰিয়াসমূহ
মেটাটুল আৰু গোটসমূহ
How to create a Wikipedia article - Right to science and culture.ogv
ৱিকিপিডিয়াত নতুন প্ৰবন্ধ আৰম্ভ কৰাৰ বিষয়ে দৃশ্যগত সহায় (ইংৰাজী)
চমুপথবোৰ:
WP:SAA
WP:CREATE

সূচী

[সম্পাদনা কৰক] সাধাৰণ পদক্ষেপসমূহ

আৰম্ভণি- ৱিকিপিডিয়াৰ বেটুপাতলৈ যাওক৷


অনুসন্ধান- প্ৰথমতে আপুনি অনুসন্ধান বাকচত আপুনি লিখিব বিচৰা প্ৰবন্ধটো আছেনে নাই বিচাৰক৷ যদিহে সেইটো এটা জনপ্ৰিয় বিষয় তেন্তে থাকিব পাৰে৷ আপুনি আপোনাৰ বিষয়টো অনুসন্ধান বাকচত লিখি এণ্টাৰ টিপক।


ফলাফল- যদিহে আপুনি বিচৰা প্ৰবন্ধটো বা বিষয়টো ইতিমধ্যে আছে, তেন্তে সেই প্ৰবন্ধটো দেখা পোৱা যাব৷ যদিহে আপুনি অনুসন্ধান কৰা প্ৰবন্ধটো বিচাৰি পোৱা নগ'ল তেন্তে তাৰ লগত মিল থকা এখন অনুসন্ধান ফলাফল তালিকা ওলাব৷ সেই তালিকাখন পৰীক্ষা কৰক৷ যদিহে আপুনি বিচৰা প্ৰবন্ধটোৰ নাম আন কোনোবা প্ৰবন্ধৰ ভিতৰত আছে তেতিয়া সেই নামটো স্পষ্টভাৱে নীলা আখৰেৰে বা ৰঙা আখৰেৰে জিলিকি থাকিব৷ "নীলা"ৰ অৰ্থ হ'ল প্ৰবন্ধটো ইতিমধ্যেই আছে। "ৰঙা"ৰ অৰ্থ হ'ল প্ৰবন্ধটো নাই।


ভাবক- যদিহে আপুনি সন্ধান কৰা প্ৰবন্ধটো নাই আৰু আপুনি নতুনকৈ সৃষ্টি কৰিব বিচাৰিছে, তেন্তে প্ৰথমতে আপুনি নিজকে তলৰ প্ৰশ্নকেইটা সোধক:

  • এইটো বিশ্বকোষৰ দৰে প্ৰকল্পত থাকিব লগা বিষয়নে?
  • এইটো তথ্যসমৃদ্ধনে (অন্য কোনোৱে পঢ়ি বিৰক্তি পাবনেকি)?
  • এইটো সত্যাপনযোগ্যনে (ইয়াক ইণ্টাৰনেট বা অন্য কোনো কিতাপত বিচাৰি পোৱা যাবনে)?
  • যদি এটাও উত্তৰ 'নহয়' হয় তেন্তে প্ৰবন্ধটো সৃষ্টি নকৰিব৷ তথ্যসমৃদ্ধ আৰু সত্যাপনযোগ্য নোহোৱা সকলো প্ৰবন্ধ আঁতৰাই দিয়া হ'ব৷ গতিকে আপোনাৰ কষ্টখিনি এনেই যাব পাৰে৷


সৃষ্টি কৰক- যদিহে অনুসন্ধান ফলাফলত আপুনি বিচৰা প্ৰবন্ধটো ৰঙা আখৰেৰে থকাৰ লগতে এই ৱিকিত পৃষ্ঠাখন সৃষ্টি কৰক! লিংকটো দেখা পায়, তেন্তে তাত ক্লিক কৰক৷ আৰু যদি দেখা পোৱা নাই তেন্তে তাৰ পৰা আঁতৰি আহক৷


লেখা আৰম্ভ কৰক- আপুনি এতিয়া প্ৰবন্ধ লিখিব লগা ঠাইত এটা ডাঙৰ খালি বাকচ দেখিব৷ প্ৰথমে বিষয়টোৰ চমু পৰিচয় লিখক, তাৰ পিছত বিষয়টো বিস্তৃতভাৱে বৰ্ণনা কৰি লিখক৷ প্ৰবন্ধটো এটা নিৰ্দিষ্ট সজ্জাত সৃষ্টি কৰক আৰু তথ্যসমূহ সংযোগ কৰক৷ আপোনাৰ লিখি হোৱাৰ পিছত পৃষ্ঠাখন কেনে দেখা যাব তাক চাবলৈ "খচৰা দেখুৱাওক" বুটামটো টিপক। যদি আপুনি আপোনাৰ লেখাখিনিকলৈ সন্তুষ্ট, তেন্তে "সাঁচি থওক" বুটামটো টিপি দিয়ক। আপোনাৰ লেখাখিনি লগে লগে সকলো ৱিকিপিডিয়াৰ সদস্যই দেখা পাব।


'বিকল্প' : আপুনি যদি লিখিব খোজা প্ৰবন্ধটো ইতিমধ্যে নাই বুলি নিশ্চিত, তেন্তে তলৰ ইন্‌পুট বক্স ব্যৱহাৰ কৰিও নতুন প্ৰবন্ধ লিখিব পাৰে।

[সম্পাদনা কৰক] অন্যান্য কিটিপসমূহ

  • ইতিমেধ্যে থকা প্ৰবন্ধ সম্পাদনা কৰিবলৈ চেষ্টা কৰক। নতুন প্ৰৱন্ধ লিখাৰ আগতে ৱিকিপিডিয়াৰ ৰচনা-শৈলী আৰু চিহ্নসমূহৰ লগত ভালদৰে পৰিচিত হ'বৰ বাবে ই এটা উত্তম উপায়। নাইবা আপুনি নিৰ্বাচিত প্ৰবন্ধত থকা লেখাসমূহ পঢ়িব পাৰে।
  • প্ৰথমতে আপোনাৰ সদস্য পৃষ্ঠাত প্ৰবন্ধটো সাঁচি থ'ব পাৰে। আপোনাৰ সদস্য পৃষ্ঠাত প্ৰবন্ধটো আৰম্ভ কৰক, যিমান মন যায় সময় লৈ ভালদৰে গঢ়ক আৰু উপযুক্ত হ'লেহে মূল ৱিকিপিডিয়াত ইয়াক প্ৰকাশ কৰক। (টোকা: প্ৰবন্ধ বিশেষজ্ঞত এনে খচৰা পৃষ্ঠা তৈয়াৰ কৰাৰ বিকল্প থাকেই ।)
  • প্ৰথমে ৱিকিপিডিয়াত ভালদৰে সন্ধান কৰক। কেতিয়াবা আন নামত প্ৰবন্ধ এটা ইতিমধ্যেই থাকিব পাৰে। আপুনি বিচৰা বিষয়টোৰ ওপৰত যদি প্ৰবন্ধ এটা পায়, তেন্তে আপুনি ভবা নামটো সেই লেখাটোলৈ পুনৰ্নিৰ্দেশ কৰি দিয়াটো ভাল।
  • প্ৰসংগ কৰ্ম গোটাওক। তথ্যৰ উত্‍স উল্লেখ কৰিবলৈ আৰু আপোনাৰ প্ৰৱন্ধৰ বিষয়বস্তুৰ বিশ্বাসযোগ্যতা প্ৰমাণ কৰিবলৈ ই আৱশ্যকীয়। ব্ল’গ, ব্যক্তিগত ৱেবচাইট আৰু ফে’চবুকৰ প্ৰসংগ গ্ৰহণযোগ্য নহয়, বিশ্বাসযোগ্য উত্‍সহে প্ৰয়োজনীয়। বিশেষকৈ জীৱিত ব্যক্তিৰ জীৱনী ওপৰত প্ৰবন্ধ লিখোঁতে এই বিষয়ে সাৱধান হওক | উত্‍সৰ উল্লেখ নথকা লেখা বিলোপ কৰা হ’ব পাৰে ।
  • অনুগ্ৰহ কৰি আপোনাৰ নিজৰ বা বন্ধুৰ বিষয়ে প্ৰবন্ধ, বিজ্ঞাপন পৃষ্ঠা বা ব্যক্তিগত ৰচনা সৃষ্টি নকৰিব। আন আন ৱিকিপিডিয়াত থাকিব নলগীয়া প্ৰবন্ধও ইয়াৰ অন্তৰ্গত ।
  • এই কথাকেইটা লৈ সাৱধান হওক: নকল কৰা, বিতৰ্কিত বিষয়বস্তু, অত্যাধিক চুটি প্ৰবন্ধ, আৰু স্থানীয়ভাৱেহে গুৰুত্বপূৰ্ণ প্ৰৱন্ধ

[সম্পাদনা কৰক] উৎসৰ সমল গোটাওক

আপোনাৰ প্ৰবন্ধটোৰ তথ্যৰ বাবে উৎস গোটাওক। ৱিকিপিডিয়াত অন্তৰ্ভুক্ত হ'বলৈ এটা বিষয় উল্লেখযোগ্য হ'ব লাগিব আৰু সেয়া বিশ্বাসযোগ্য উৎসৰ জৰিয়তে প্ৰামাণ্য হ'ব লাগিব ।

সম্পাদিত ৰূপৰ উৎস সাধাৰণতে বেছি বিশ্বাসযোগ্য হয়। ছপা উৎস (আৰু তাৰ ৱেব সংস্কৰণ) ইয়াৰ উদাহৰণ; অৱশ্যে কেৱল ৱেব উৎসও বিশ্বাসযোগ্য হ'ব পাৰে। আন কিছুমান উদাহৰণ হৈছে: ভাল প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা কিতাপ, বাতৰি কাকত, পণ্ডিতসকলে পৰীক্ষা কৰা জাৰ্ণাল, এইবোৰৰ ৱেবচাইট আদি।

তাৰ বিপৰীতে পাবত গজা প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা কিতাপ, বিজ্ঞাপনধৰ্মী আলোচনী, ব্ল'গ, ৱেব ফ'ৰাম, অনুৰাগী ৱেবচাইট আদি তথ্যৰ উৎস হিচাপে বিশ্বাসযোগ্য নহয় সহজভাৱে ক'বলৈ গ'লে আনে পৰীক্ষা নকৰাকৈ কোনোবাই প্ৰকাশ কৰা তথ্য ৱিকিপিডিয়াৰ বাবে উপযুক্ত নহয়।

ইয়াৰ অৰ্থ হ'ল এটা বিষয়ৰ ওপৰত প্ৰবন্ধ লিখাৰ জোখেৰে যদি তথ্যৰ যথেষ্ট উৎস থাকে তেন্তে সেই বিষয়টো উল্লেখযোগ্য আৰু ৱিকিপিডিয়াৰ প্ৰবন্ধটোত উৎসসমূহে তথ্যৰ প্ৰামাণ্যতা সাব্যস্ত কৰিব পাৰে। যদি আপুনি প্ৰৱন্ধটোৰ তথ্যৰ বাবে একো বিশ্বাসযোগ্য উৎস বিচাৰি পোৱা নাই, তেন্তে সেই বিষয়টো উল্লেখযোগ্য নহয় বা প্ৰামাণ্য নহয় আৰু তাক অৱশ্যেই বিলোপ কৰা হ'ব । গতিকে আপোনাৰ প্ৰথম কাম হৈছে উৎসৰ সন্ধান কৰা।

আপুনি প্ৰবন্ধটোৰ তথ্যসূত্ৰ গোটোৱাৰ পিছত সেয়া প্ৰবন্ধটোত সন্নিৱিষ্ট কৰাৰ বাবে ৱিকিপিডিয়া:উৎসৰ উল্লেখৰ সহায় ল'ব পাৰে। সেইবোৰৰ সঠিক সজ্জা আৰু উপস্থাপনৰ বাবে চিন্তা কৰিব নালাগে। আপুনি তেনে কৰিব পাৰিলে আনন্দৰ বিষয়, কিন্তু মূল কথাটো হৈছে প্ৰবন্ধত তথ্যসূত্ৰ অন্তৰ্ভুক্ত কৰা

[সম্পাদনা কৰক] এৰাই চলিবলগীয়া কথা

আপোনাৰ নিজৰ বিষয়ে, আপোনাৰ বন্ধু, আপোনাৰ ৱেবচাইট, আপোনাৰ শিক্ষক, আপুনি উদ্ভাৱন কৰা শব্দ বা আপুনি লিখা কাহিনীৰ বিষয়ে
যদি আপুনি বিশ্বকোষত স্থান পাবৰ জোখাৰে যোগ্য, আন কাৰোবাক আপোনাৰ বিষয়ে প্ৰবন্ধ লিখিবলৈ সুযোগ দিয়ক। আপোনাৰ বন্ধুৰ বিষয়ে ৱিকিপিডিয়াত লিখাটো এটা ভাল কৌতুক বুলি ভাবিব পাৰে, কিন্তু এনে প্ৰবন্ধ সোনকালেই বিলোপ কৰা হ'ব। ইয়াৰ ফলত আপোনাৰ মনত লাগিব পৰা আঘাত পৰিহাৰ কৰিবলৈ আগতীয়াকৈ কথাবোৰ জুকিয়াই চাওক। সেইবাবে অনুগ্ৰহ কৰি এনে প্ৰবন্ধ নিলিখিব। আপুনি যদি উল্লেখযোগ্য ব্যক্তি সঁচাকৈ হয় আৰু প্ৰবন্ধটো নিৰপেক্ষভাৱে লিখিব পাৰে, তেন্তে হয়তো এইটো বিলোপ কৰা নহ'বও পাৰে, কিন্তু তাতকৈ ভাল কথা হ'ব যে আপুনি এটা খচৰা পৰ্যালোচনাৰ বাবে জমা দি ৱিকিসমাজৰ ঐকমত্যৰ বাবে অপেক্ষা কৰক।
উল্লেখযোগ্য নোহোৱা বিষয় 
ৱিকিপিডিয়াত অন্তৰ্ভুক্ত কৰিবলৈ উল্লেখযোগ্য হয়নে নহয় তাক বিচাৰ নকৰাকৈ মানুহে কিছুমান পৃষ্ঠা যোগ কৰা দেখা যায়। যিহেতু ৱিকিপিডিয়াত কাগজৰ সমস্যা নাই, আমাৰ উল্লেখযোগ্যতা নীতি আৰু নিৰ্দেশনাই বহল পৰিসৰৰ প্ৰবন্ধ যোগ কৰিবলৈ সুবিধা প্ৰদান কৰে - তাৰ অৰ্থ এইটো নহয় যে প্ৰতিটো বিষয় অন্তৰ্ভুক্ত কৰিব পাৰি। এনে উদাহৰণ হৈছে বিশ্বকোষত সন্নিবিষ্ট কৰিব পৰাকৈ গুৰুত্বপূৰ্ণ নোহোৱা ব্যক্তি, সংস্থা বা দল বিষয়ক প্ৰবন্ধ। সেইবাবে আমি সিদ্ধান্ত লৈছোঁ যে এইবোৰক ৱিকিপিডিয়া:ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী নীতিৰ আধাৰত বিলোপ কৰা হ'ব। এইটোৱে আপোনাক আঘাত দিব পাৰে - গতিকে অনুগ্ৰহ কৰি অপোনাৰ প্ৰবন্ধটো ৱিকিপিডিয়াৰ বাবে উপযুক্ত হয়নে নহয় চিন্তা কৰক আৰু ইয়াৰ গুৰুত্ব সাব্যস্ত কৰক। ৱিকিপিডিয়া পৃথিৱীৰ সকলো বস্তুৰে ডিৰেক্টৰি নহয়
বিজ্ঞাপন 
অনুগ্ৰহ কৰি আপোনাৰ ব্যৱসায় বা সামগ্ৰীৰ প্ৰচাৰ নচলাব। নিৰপেক্ষভাৱে বিচাৰ নোহোৱালৈকে ৱিকিপিডিয়াত আপোনাৰ ব্যৱসায়িক ৱেবচাইটৰ বহিঃসংযোগ সন্নিৱিষ্ট নকৰিব। সামগ্ৰী বা ব্যৱসায় সংক্ৰান্তীয় প্ৰবন্ধ লিখোঁতে নিৰপেক্ষ দৃষ্টিভংগী অৱলম্বন কৰক আৰু নিশ্চিত হওক যে আপোনাৰ কোনো আদৰ্শৰ বিবাদ নাই বা প্ৰবন্ধটোৰ বিষয়বস্তুৰ সম্পৰ্কীয় বিশ্বাসযোগ্য তথ্যসূত্ৰ আপোনাৰ হাতত মজুদ আছে।
ব্যক্তিগত ৰচনা বা মৌলিক গৱেষণা 
ৱিকিপিডিয়াই বৰ্তমানে থকা মানৱ জ্ঞানৰহে সমীক্ষণ কৰিছে; ই নতুন চিন্তা প্ৰকাশৰ স্থান নহয়। আপোনাৰ নিজৰ মৌলিক তত্ব, মত বা বিশ্লেষণ উপস্থাপন কৰা প্ৰবন্ধ নিলিখিব, লাগিলে সেয়া আপুনি অনুমোদিত প্ৰসংগকৰ্মৰ দ্বাৰা সমৰ্থন কৰিব পাৰকেই বা। প্ৰবন্ধ এটাত নিজস্ব চিন্তাৰ উপস্থাপন কৰাটো সচৰাচৰ হোৱা এটা ভুল।
এটা মাত্ৰ শাৰী বা এটা ৱেবচাইট সংযোগ
প্ৰবন্ধ এটাত নিজাকৈও অলপ বিষয়বস্তু থাকিব লাগে। অন্ততঃ এটা পৰিচ্ছেদ লিখক !

[সম্পাদনা কৰক] সাৱধান হওক...

নকল নকৰিব আৰু স্বত্বাধিকাৰ উলঙ্ঘা নকৰিব।
নিজৰ গা বচাবলৈ কোনো ঠাইৰপৰা পোনে পোনে এটা-দুটা শাৰীতকৈ বছি উদ্ধৃতি নিদিব আৰু যিকোনো নথিৰ ক্ষেত্ৰত উত্‍সৰ উল্লেখ কৰক। ৰাজহুৱা প্ৰান্তত থকা বুলি নিশ্চিত হ'লে কোনো বস্তু তাৰপৰা লিখিব পাৰি কিন্তু তেতিয়াও উত্‍সৰ উল্লেখ কৰা ভাল। মন কৰক যে বেছিভাগ ৱেব পৃষ্ঠা বা বেছিভাগ গানৰে পাঠ ৰাজহুৱা প্ৰান্তৰ অন্তৰ্ভুক্ত নহয়। আপোনাৰ কোনো অৱদান যদি ৰাজহুৱা প্ৰান্তৰ পৰা তুলি দিয়া হৈছে, তেন্তে প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত সেয়া ক'ত পালে আৰু ৰাজহুৱা প্ৰান্ত বুলি ভবাৰ কাৰণ উল্লেখ কৰক। ভাৰতীয় স্বত্বাধিকাৰ আইনখনক সন্মান জনাওক। অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:স্বত্বাধিকাৰ চাওক।
ভাল গৱেষণা আৰু উত্‍সৰ উল্লেখ
নাই মোমাইতকৈ কণা মোমাই ভাল বুলি কিবা এটা লিখিলেই নহ'ব, সেইটো ৱিকিপিডিয়া নীতি অনুসৰি বিশ্বাসযোগ্যও হ'ব লাগিব। গতিকে উত্তম উত্‍সৰ সন্ধান কৰক আৰু সেয়া উল্লেখ কৰক। এয়া আৰু গোটেই পাঠ নকল নকৰা কাৰ্যই আপোনাক কুম্ভীলক বৃত্তিৰ বদনামৰ পৰা বচাব।
ওকালতি আৰু বিতৰ্কিত বিষয়
অনুগ্ৰহ কৰি ৰাজনীতি, ধৰ্ম বা যিকোনো বিষয়ত এটা মাত্ৰ দৃষ্টিভংগীৰ ওকালতি কৰা প্ৰবন্ধ নিলিখিব। এনে প্ৰবন্ধ লিখাৰ আগতে নিৰপেক্ষ দৃষ্টিভংগী মানে কি তাক বুজি লওক।
সংজ্ঞা যেন লগা অতিমাত্ৰা চুটি প্ৰবন্ধ
আভিধানিক সংজ্ঞা ৱিকিঅভিধানহে থাকে। বিষয়বস্তু সম্পৰ্কে "কিবা" তথ্য সম্বলিত এটা অনুচ্ছেদ লিখিবলৈ যত্ন কৰক। ভাল চুটি প্ৰবন্ধক আমি আদৰণি জনাওঁ যাক "ষ্টাব" বুলি কোৱা হয় আৰু ইয়াৰপৰাই আনে প্ৰবন্ধটো বহলাব পাৰে। এনে প্ৰবন্ধৰ ওপৰত আপুনি {{stub}} বুলি সাঁচ এখন লগাই থ'ব।
স্থানীয়ভাৱেহে গুৰুত্বপূৰ্ণ প্ৰবন্ধ
কেতিয়াবা কোনো ঠাই, বিদ্যালয় বা পথ এটাৰ ওপৰত লিখা প্ৰবন্ধ অতি কমসংখ্যক মানুহৰ বাবেহে গুৰুত্বপূৰ্ণ হ'ব পাৰে। এনে প্ৰবন্ধ লৈ "কোনো ঐকমত্য নাই" কিন্তু কোনো কোনোৱে আপত্তি দৰ্শাব পাৰে যে আন হাজাৰ হাজাৰ ঠাইতকৈ ই কিদৰে বেলেগ বা ৱিকিপিডিয়াত অন্তৰ্ভুক্ত কৰিবলৈ ইয়াৰ গুৰুত্বই বা কিমান। তেনে ক্ষেত্ৰত চিত্ৰ সংযোগ কৰাটো ভাল। আপুনি লিখা বিষয়ৰ উল্লেখযোগ্যতা সাব্যস্ত কৰিবলৈ তৃতীয় পক্ষৰ তথ্যসূত্ৰৰ সহায় লওক।

[সম্পাদনা কৰক] প্ৰবন্ধ এটা সৃষ্টি কৰি থাকোঁতে

আপোনাৰ প্ৰবন্ধটোত যদি একাধিক সম্পাদনাৰ প্ৰয়োজন হ'ব বা তথ্যসূত্ৰৰ তালিকা প্ৰস্তুত কৰোঁতে বা উপস্থাপনত অধিক সময়ৰ প্ৰয়োজন হ'ব বুলি ভাবিছে, তেন্তে পৃষ্ঠাখনৰ ওপৰত {{newpage}} বুলি সাঁচ এটা থৈ দিয়ক। এনে কৰিলে প্ৰবন্ধটোৰ কাম চলি থকা বুজাব আৰু আন সম্পাদকে তাত হাত ফুৰাওঁতে সাৱধান হ'ব। আন এটা ভাল উপায় হ'ল নিজৰ সদস্যপৃষ্ঠাত নতুন প্ৰবন্ধ আৰম্ভ কৰাটো। তেতিয়া আপুনি যিমান ইচ্ছা সিমান সময় ল'ব পাৰে আৰু প্ৰবন্ধটো সম্পূৰ্ণ হ'লে তাক মূল প্ৰবন্ধ স্থানলৈ স্থানান্তৰ কৰিব পাৰে।

[সম্পাদনা কৰক] তাৰপিছত?

পৃষ্ঠা এখন সৃষ্টি কৰাৰ পিছতো আপোনাৰ কৰিবলৈ বহু কামেই আছে।

[সম্পাদনা কৰক] উন্নত কৰি থাকক

ৱিকিপিডিয়াৰ শেষ নাই। সৃষ্টি কৰাৰ মূহুৰ্তত প্ৰবন্ধ এটা সম্পূৰ্ণ হোৱাৰ কথাই নাহে। কেতিয়াবা আৰম্ভণি কৰিবলৈকো কেইবাটাও সম্পাদনাৰ প্ৰয়োজন হ'ব পাৰে।

আপুনি সৃষ্টি কৰা প্ৰবন্ধটোৰ বিষয় যদি আপোনাৰ ভাল লাগে, আপুনি ভৱিষ্যতেও ইয়াৰ ওপৰত অধিক জানিব পাৰে আৰু তেতিয়া প্ৰবন্ধটোত ন ন কথা যোগ কৰিব পাৰে। এয়া আজিও হ'ব পাৰে, কাইলৈ বা আজিৰপৰা কেইবামাহো পিছত হ'ব পাৰে। মাত্ৰ আগবাঢ়ি যাওক।

[সম্পাদনা কৰক] সম্পাদনাৰ সহায়

[সম্পাদনা কৰক] সজ্জা উন্নত কৰক

প্ৰবন্ধটোৰ উপস্থাপন আৰু সজ্জা উন্নত কৰিবলৈ তলৰ সংযোগসমূহ চাওক:

ৱিকিপিডিয়াৰ আন প্ৰবন্ধৰ পৰা নতুন প্ৰবন্ধটোলৈ সংযোগ দিবলৈ নাপাহৰিব আৰু ইয়াক এটা হ'লেও উপযুক্ত শ্ৰেণীত (সহায়:শ্ৰেণী চাওক) অন্তৰ্ভুক্ত কৰিব। অন্যথা পঢ়ুৱৈৰ বাবে এইটো বিচৰা টান হ'ব।

প্ৰবন্ধটো সাঁচি ৰখাৰ পিছত আনে ইয়ালৈ মুকলিকৈ বৰঙণি যোগাব পাৰে। পিছত যোগ দিয়া বিষয়বস্তুৰ ওপৰত সৃষ্টি কৰোঁতাজনৰ বিশেষ অধিকাৰ নাই। ৱিকিপিডিয়া:প্ৰবন্ধৰ অধিকাৰিতা চাওক।

আৰু আনে প্ৰবন্ধটো সম্পাদনা বা বিস্তাৰ কৰাক লৈ আপুনি অতিষ্ঠ হোৱাৰ আগতে লাজ নকৰিব শীৰ্ষক লেখাটো পঢ়ক।

ব্যক্তিগত সৰঞ্জাম

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত