ৱিকিপিডিয়া:ভাল প্ৰবন্ধ/৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাৰ্লি চেপলিন-ৰ 'দা বণ্ড' চলচ্চিত্ৰৰ কেইটামান মূহুৰ্ত

চলচ্চিত্ৰ বা 'বোলছবি' বা চমুকৈ অকল 'ছবি' (ইংৰাজী চিনেমা বা ফিল্ম), মূলত: স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে (কেমেৰা) গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি বা এখন এখনকৈ ছবি আকিও চলচ্চিত্ৰ নিৰ্মান কৰিব পাৰি। ইয়াৰ প্ৰথম বিধ প্ৰক্ৰিয়াৰে নিৰ্মান কৰা ছবিক 'জীৱন্ত গতি'ৰ ছবি আৰু দ্বিতীয় বিধ প্ৰক্ৰিয়াক এনিমেছন বোলা হয়। অৱশ্যে এনিমেছনত এখন এখনকৈ ছবি অঁকাৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰেও স্থিৰচিত্ৰৰ ক্ৰমটো নিৰ্মান কৰিব পাৰি। বৰ্তমান চলচ্চিত্ৰ নিৰ্মান একেসময়তে এটা শিল্প আৰু উদ্যোগ। এটা জাতি/যুগ বা প্ৰজন্মই চলচ্চিত্ৰক নিজা বৈশিষ্টপূৰ্ণ ৰূপত তুলি ধৰে আৰু চলচ্চিত্ৰয়ো এখন সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে। একে সময়তে সমাজৰ দাপোন আৰু পৰিবৰ্তনৰ কাৰক হিচাপে কাম কৰিব পৰাৰ ক্ষমতাৰ বাবে চলচিত্ৰক এটা অতি গুৰুত্বপূৰ্ণ কলা জ্ঞান কৰা হয়। চলচিত্ৰই সফল মনোৰঞ্জনৰ আৰু জ্ঞানৰ ক্ষমতাশালী বাহক হিচাপে কাম কৰিব পাৰে। চলচিত্ৰই একেসময়তে ছবি, শব্দ, সংলাপ সকলো সাঙুৰি লয় বাবে ই যোগাযোগৰ এটা বিশেষ প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। বহুতো চলচিত্ৰই স্থান, কাল-ৰ পৰিধি ভাঙি বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। চলচিত্ৰ কাহিনী-ভিত্তিক, শৈক্ষিক বা এবষ্ট্ৰেক্ট (abstract) যিকোনো বিধৰ হ'ব পাৰে। চলচ্চিত্ৰ মূলতে এলানি ক্ৰমিক স্থিৰচিত্ৰ। প্ৰতিখন স্থিৰ ছবিক 'ফ্ৰেম' (Frame) বোলা হয়। এই ক্ৰমিক স্থিৰ ছবিসমূহক ইখনৰ পাছত সিখনকৈ খৰ গতিৰে দেখুৱাই গ'লে আমাৰ চকুৰ দৃষ্টি জড়তাৰ বাবে ইখনৰ পাচত সিখন অহাটো ধৰিব নোৱাৰি। আন এটা পৰিঘটনা 'বিটা গতি'-ৰ বাবে ক্ৰমে সলনি হৈ থকা এই ছবিসমূহ প্ৰত্যক্ষ কৰিলে গতিৰ ভ্ৰমৰ সৃষ্টি হয়, অৰ্থাৎ স্থিৰ চিত্ৰৰ ক্ৰমটোৱে গতি কৰা দেখিবলৈ পোৱা যায়। (সবিশেষ পঢ়ক ........)