ৱিকিপিডিয়া:সৰল সহায়িকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সহায়িকা ১:

ৱিকিপিডিয়াত কি লিখিব[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত একাউণ্ট খুলি সাধাৰণভাৱে প্ৰবন্ধ এটাৰ সালসলনি কৰিব পৰা সদস্যসকলৰ বাবে এই সহায়িকা যুগুত কৰা হৈছে। একেবাৰে নতুন সদস্যক কিদৰে একাউণ্ট খুলিব লাগে, প্ৰবন্ধ এটা বিচাৰিব লাগে, সালসলনি কৰিব লাগে এইবোৰ কথা আন ঠাইত কোৱা হৈছে।

ৱিকিপিডিয়াত একাউণ্ট খোলাকে আদি কৰি প্ৰাথমিক কামবোৰ কৰা পিছত কি কথানো লিখিব সেয়া ভাবি সদস্য এজন কেতিয়াবা অলপ দোমোজাত পৰে। বহুতে উচ্ছাসত নিলিখিবলগীয়া বাক্য কিছুমান লিখে, বহুতে বিষয়বস্তুৰ সঠিক বাছনি কৰিব নোৱাৰে বা বহুতে ভাল বিষয় এটা ভালকৈ লিখিব নোৱাৰে! ইয়াত তেওঁলোকৰ কোনো ভুল নাই, মানুহে জন্মতেতো সকলো কথা শিকি নাহে! আহক, ৱিকিপিডিয়াত কি লিখিব আৰু কি নিলিখিব তাৰ বিষয়ে অলপ আলোচনা কৰোঁ।

১) ৱিকিপিডিয়াত কি লিখিম?[সম্পাদনা কৰক]

> সদস্য হোৱাৰ পিছত লগে লগে আপুনি নতুন প্ৰবন্ধ এটা আৰম্ভ কৰিব নালাগে। নতুনকৈ লিখাৰ আগতে পুৰণি প্ৰবন্ধ এটা অলপ সালসলনি কৰিব পাৰিছেনে নাই চাই লওক, নহয় জানো? সম্পাদনা টেব্‌টোত ক্লিক কৰা, লেখা যোগ কৰা, সাঁচি থোৱা এইখিনি কাম আপুনি ইতিমধ্যে পাৰিছেনে? নাইপৰা যদি এতিয়াই কোনো অভিজ্ঞ সদস্যক সুধি লওক! এই লিংকটোত ক্লিক কৰিও নিজে পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে।

> অলপ কামত পকা হোৱাৰ পিছত এতিয়া আপুনি নতুন প্ৰবন্ধ এটা আৰম্ভ কৰিব পাৰে। আচলতে যিকোনো বিষয়ৰ প্ৰবন্ধ ৱিকিপিডিয়াত লিখিব পাৰি, মাত্ৰ সেই বিষয়টো ৱিকিপিডিয়াত অন্তৰ্ভুক্ত হোৱাৰ উপযুক্ত হ'ব লাগিব। কেনেকৈ গম পাব বিষয়টো উপযুক্ত হয়নে নহয়? আপুনি এটা কাম কৰিব পাৰে। অসমীয়া বা ইংৰাজী ৱিকিপিডিয়াৰ যিকোনো কেইটামান প্ৰবন্ধ মেলি চাওক। দেখিব তাত গহীন ভাষাৰে, নিৰ্দিষ্ট গতত বিষয় এটাৰ ওপৰত লিখা হৈছে। এটা উদাহৰণো দিওঁ- আপুনি হোমেন বৰগোহাঞিৰ কথা লিখিব পাৰিব; তেখেতৰ জন্ম, শিক্ষা, চাকৰি, সাহিত্যকৰ্ম আদিৰ ওপৰত। কিন্তু তেখেতক ক'ৰবাত লগ পোৱা কথা, একেলগে চাহ খোৱা কথা লিখিব নোৱাৰিব! বিষয়টো উপযুক্ত বুলি গম পাবলৈ আন এটা উপায় আছে- সেইটো বিষয়ত আপুনি কিতাপ, বাতৰি কাকত, ৱেবছাইট আদিত তথ্যাদি পাব। এতিয়া IPL চলি আছে। সেইটো নিঃসন্দেহে ৱিকিপিডিয়াত লিখিবলগীয়া এটা বিষয়। কিন্তু আপুনি IPL চাবলৈ যোৱাৰ অভিজ্ঞতা, কোনটো দল জিকিব তাৰ ওপৰত আপোনাৰ বিশ্লেষণ সেয়া কিন্তু লিখিবলগীয়া কথা নহয়!!

> বিষয়টো উল্লেখযোগ্য হোৱা ভাল। যেনে- আপুনি কোনোবা ভেকুলীচুক নামৰ গাঁও এখনৰ ওপৰত প্ৰবন্ধ লিখিব খুজিছে। তেতিয়া আনে আপত্তি কৰিব পাৰে, গাঁওখনতনো এনে কি আছে যে মানুহে তাৰ বিষয়ে জানিব লাগে? তাতকৈ এনে এটা বিষয় বাছি লওক যাৰ কথা মানুহে জনাটো আৱশ্যক।

২) ৱিকিপিডিয়াত কি নিলিখিব?[সম্পাদনা কৰক]

> এইটো এটা লাখটকীয়া প্ৰশ্ন, ইয়াৰ উত্তৰো ঢেৰ! গোটেইখিনি কথা ইয়াত নকওঁ। কেইটামান কথাহে আঙুলিয়াই দিওঁ।

ব্যক্তিগত কথা, আড্ডা দিয়াৰ দৰে কথা, ভ্ৰমণ কাহিনী এইবোৰ ৱিকিপিডিয়াত লিখিব নাপায়। ওপৰত দুটামান উদাহৰণ দিছোঁৱেই।

> মৌলিক কথা, নিজে চিন্তা বা গৱেষণা কৰি উলিওৱা কথা, নিজৰ মতামত আদিবোৰ ৱিকিপিডিয়াত লিখিব নালাগে। যেনে- "ফাটবিহু" ৱিকিপিডিয়াত লিখিবলগীয়া এটা বিষয়, কিন্তু "ঢকুৱাখানাৰ ফাটবিহুত আধুনিকতাৰ পৰশ"ৰ দৰে প্ৰবন্ধ ৱিকিপিডিয়াত লিখিব নালাগে! এনে প্ৰবন্ধই লেখকৰ নিজৰ মতামত, চিন্তাচৰ্চাক দাঙি ধৰে। আকৌ "অসমীয়া সমাজত আশীৰ্বাদৰ ধৰণ", "ইউনিক'ডত অসমীয়া আৰু বাংলা লিপিৰ দ্বন্দ্ব" আদিৰ দৰে ৰচনাও লেখকৰ নিজা চিন্তা আৰু কষ্টৰ ফছল, কিন্তু ৱিকিপিডিয়াত লিখাৰ বাবে উপযুক্ত নহয়।

> আন কিতাপ বা ৱেবছাইটৰ পৰা পোনে পোনে প্ৰতিলিপি কৰি প্ৰবন্ধত যোগ কৰিব নালাগে। এইবোৰ বস্তুৰ নিৰ্দিষ্ট কপিৰাইট থাকে, সেয়া ভংগ কৰাৰ অধিকাৰ আমাৰ নাই।

> বিজ্ঞাপনধৰ্মী কথা, এটা শাৰীৰ প্ৰবন্ধ ৱিকিপিডিয়াত লিখিব নালাগে। যেনে- আপুনি জি টিভিত দেখুওৱা কিবা ধাৰাবাহিক এখনৰ কথা লিখিব পাৰে, তাৰ অভিনেতা, কাহিনীৰ সাৰাংশ, কলা-কুশলী আদি সামৰি। কিন্তু আপুনি যদি ধাৰাবাহিকখনত বেছি গুৰুত্ব দিয়ে, তাৰ সম্প্ৰচাৰৰ সময়, অভিনেত্ৰীগৰাকীৰ গুণ বখানে (ৰেফাৰেন্স নিদিয়াকৈ) সেয়া বিজ্ঞাপনৰ নিচিনাই নহ'ব জানো?

>কাৰোবাৰ ওকালতি বা বদনাম কৰা ধৰণৰ কথা ৱিকিপিডিয়াত লিখিব নালাগে। সুৰেশ কালমাদীৰ বিষয়ে লিখোঁতে তেওঁ কিমান টকা আত্মসাত্‍ কৰিলে সেয়া লিখিলেই নহ'ব। ৰেফাৰেন্সসহ তেওঁৰ ভাল কাম, বেয়া কাম সকলোবোৰ ধুনীয়াকৈ আৰু কাৰো পক্ষ নোলোৱাকৈ লিখিব লাগিব।

থোৰতে ক’বলৈ গ’লে ৱিকিপিডিয়াৰ প্ৰবন্ধ একোটা বিশেষ কথা (topic)ৰ ওপৰত লিখা তথ্যভিত্তিক প্ৰবন্ধ হ'ব লাগে। যিকোনো ধৰণৰ সৃজনীমূলক লেখনী বা মৌলিক কৰ্ম (original work) নহয়। সৃজনীমূলক মানে নিজে কৰা নহৈ আনে কৰাও হ'ব পাৰে। আকৌ বিশ্লেষাণাত্মক লিখনিও বিশ্বকোষৰ বস্তু নহয়। কাৰণ বিশ্লেষণো আচলতে তথ্যৰ ওপৰত ভিত্তি কৰি লেখকে আগবঢ়োৱা বাখ্যাহে, যিটো শুদ্ধ বুলি প্ৰমাণিত নহ'বও পাৰে।

অধিক উদাহৰণ:

'অসমৰ বাদ্য যন্ত্ৰ': এইটো প্ৰবন্ধত অকল বাদ্য যন্ত্ৰবিলাকৰ পৰিচিতি, ছবি, কি উৎসৱত কেনেকৈ বজোৱা হয়, ইত্যাদি কথা থাকিব, আৰু এইটো ৱিকিপিডিয়াত লিখিব পাৰি। অৱশ্যে অসমৰ বাদ্য-যন্ত্ৰ বুলিলে পৰিসৰ বহুত বহল হৈ পৰে বাবে, এনেকৈ নিলিখি প্ৰতিটো বাদ্য-যন্ত্ৰৰ বাবে বেলেগ বেলেগ প্ৰবন্ধ কৰিলে বেছি ভাল হয়, আৰু পঢ়িবলৈও সহজ হয়।

'অসমীয়া সমাজত গগণাৰ ভূমিকা': এইটো কিন্তু বিশ্বকোষীয় প্ৰবন্ধ নহয়। কাৰণ এইটো প্ৰবন্ধত লেখকে গগণাৰ ব্যৱহাৰে অসমীয়া সমাজত কেনেকুৱা প্ৰভাৱ পেলাইছে, তাৰ ওপৰত নিজৰ বিশ্লেষণ দাঙি ধৰিব। সেয়ে এইটো মৌলিক কৰ্ম।

'ঢোল বাদনত ব্যৱহৃত কিছুমান মালিতা': এইটোও বিশ্বকোষৰ বস্তু নহয়। কাৰণ ইয়াত কোনো তথ্য উল্লেখ নাথাকে, বৰং প্ৰচলিত মালিতা কিছুমান থাকিব। সেয়ে এইটো মৌলিক কৰ্ম হ'ব। অৱশ্যে 'ঢোল' প্ৰবন্ধত 'মালিতা' প্ৰবন্ধত দুটামান 'মালিতা' উদাহৰণ হিচাপে দিব পাৰে, কাৰণ সেইটোৱে মালিতা ঠিক কেনেকুৱা হয়, সেইটো বুজাত সহায় কৰিব।

গল্প-কবিতা আদি দিবই নোৱাৰি বুলি সকলোৱে জানেই।

এইখিনি কথাৰ পৰা আপোনাৰ অলপ হ'লেও সহায় হৈছেনে? কিবা নুবুজা কথা থাকিলে সুধিবলৈ এলাহ নকৰিব!


সহায়িকা ২:

ৱিকিপিডিয়াত কেনেকৈ লিখিব[সম্পাদনা কৰক]

ইয়াৰ আগতে আমি ৱিকিপিডিয়াত কি লিখিব লাগে আৰু নালাগে তাৰ বিষয়ে আলোচনা কৰিলোঁ। আজি ৱিকিপিডিয়াত প্ৰবন্ধ এটা কেনেকৈ লিখিব লাগে সেই বিষয়ে থুলমুলকৈ শিকোঁ আহক।

আপুনি নিশ্চয় মন কৰিছে যে ৱিকিপিডিয়াৰ উচ্চ মানবিশিষ্ট প্ৰবন্ধবোৰ এটা বিশেষ শৈলীত লিখা হয়। সেই শৈলী কিতাপ, আলোচনীত প্ৰকাশ পোৱা প্ৰবন্ধৰ দৰে নহয়। প্ৰবন্ধবোৰৰ এটা আৰম্ভণিৰ অংশ থাকে আৰু তাৰ পিছত বেলগ বেলেগ শিৰোনাম দি কেইবাটাও পৰিচ্ছেদত বিষয়টো বহলাই আলোচনা কৰা হয়। লগতে ঠায়ে ঠায়ে তথ্যসূত্ৰৰ উল্লেখ থাকে।

  • আৰম্ভণিৰ অংশ: প্ৰথমতেই আমি লিখিবলৈ লোৱা বিষয়টোৰ এক সংজ্ঞামূলক পৰিচয় ডাঙি ধৰিব লাগে। যেনে- কোনো এজন ব্যক্তিৰ কথা লিখোঁতে ব্যক্তিজন কোন সেয়া প্ৰথম শাৰীত লিখিব লাগে। তাৰ পিছত তেওঁ কিয় বিখ্যাত, তেওঁৰ অৱদানৰ কথা চমুৱাই আৰম্ভণিৰ পৰিচ্ছেদত লিখিব লাগে। কোনো প্ৰযুক্তিৰ কথা লিখিলে প্ৰথম শাৰীত সেইটোনো কি লিখিব লাগে। তেনেদৰে ঠাইৰ কথা লিখিলে ঠাইখন কি আৰু ক'ত সেয়া প্ৰথম শাৰীত লিখিব লাগে।

> মন কৰিবলগীয়া কথা: প্ৰবন্ধ এটা লিখোঁতে নিৰপেক্ষতা অৱলম্বন কৰিব লাগে। বিশেষণৰ অত্যধিক ব্যৱহাৰ কৰা উচিত নহয়। যেনে ভুল আৰম্ভণি হৈছে- "অসমীয়া নাৰীৰ বিষয়ে কওঁতে সতী জয়মতীৰ নাম উল্লেখ নকৰিলে ভুল হ'ব। তেওঁৰ সাহসে যুগ যুগ ধৰি অসমীয়াক দেশপ্ৰেমৰ প্ৰতি উদ্বুদ্ধ কৰি আহিছে"।

শুদ্ধ আৰম্ভণিৰ ধৰণ- "জয়মতী কুঁৱৰী (১৭শ শতিকা) আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী। পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ।"

> প্ৰশংসামূলক বাক্যও লিখিব পাৰি যদিহে তথ্যসূত্ৰ উল্লেখ থাকে। উদাহৰণৰ বাবে "লিঅ'নাৰ্ড' দা ভিন্সি" প্ৰবন্ধটোত চকু ফুৰাব পাৰে। তেওঁক মহান, জিনিয়াছ বুলি উচ্চ প্ৰশংসা কৰা আছে যদিও তেনে প্ৰতিটো বাক্যৰ পিছৰ আন লিখক বা জীৱনীকাৰৰ উদ্ধৃতি দিয়া হৈছে।

  • বিৱৰণ: আৰম্ভণিৰ অংশৰ পিছত বিষয়তো লাহে লাহে খোলোচা কৰিব লাগে। বেলেগ অনুচ্ছেদ কৰিবলৈ "==শিৰোনাম==" এইদৰে লিখি তাৰ তলত কথাবোৰ লিখিব লাগে। যেনে- ব্যক্তিৰ বিষয়ে লিখিলে জন্ম, শিক্ষা, চাকৰি, পৰিয়াল, মৃত্যু, অৱদান, লাভ কৰা বঁটা আদিবোৰ বেলেগ বেলেগকৈ বহলাই লিখিব লাগে। ৰোগৰ বিষয়ে লিখিলে চিহ্ন আৰু লক্ষণ, কাৰক, ৰোগ প্ৰক্ৰিয়া, ৰোগ নিৰ্ণয়, চিকিত্‍সা, এপিডেমিঅ'লজী আদিবোৰ বেলেগ বেলেগ অনুচ্ছেদ কৰি লিখিব লাগে। উত্‍সৱৰ কথা লিখোঁতে ইতিহাস, তাৎপৰ্য্য, বৰ্ণনা, বৰ্তমানৰ অৱস্থিতি আদিবোৰ লিখিব লাগে। আন উদাহৰণৰ বাবে ৱিকিপিডিয়াৰ কোনো মানবিশিষ্ট প্ৰবন্ধত চকু ফুৰাই চাব পাৰে।

> মন কৰিবলগীয়া কথা: প্ৰবন্ধটো সুখপাঠ্য কৰিবলৈ উপ-শিৰোনামৰ সহায় ল'ব পাৰি। তাৰ বাবে সমান চিন (=)ৰ সংখ্যা বঢ়াই থাকিব পাৰি। যেনে- বুৰঞ্জী বিষয়ক প্ৰবন্ধ এটা লিখোঁতে ==মধ্যযুগ== বুলি অনুচ্ছেদ এটা আৰম্ভ কৰিলোঁ। তাৰ পিছত মধ্যযুগত বেলেগ বেলেগ শাসনকালৰ বিষয়ে লিখিবলৈ ===অমুকৰ শাসন===, ===তমুকৰ শাসন=== এনেকৈ উপ-অনুচ্ছেদৰ সৃষ্টি কৰিব পাৰি।

  • আন পৃষ্ঠালৈ লিংক: আপোনালোকে নিশ্চয় মন কৰিছে যে ৱিকিপিডিয়াৰ প্ৰবন্ধবিলাকত কিছুমান শব্দ নীলা ৰঙৰ আৰু কিছুমান ৰঙা ৰঙৰ হৈ থাকে। নীলা শব্দবিলাকত ক্লিক কৰিলে সেই নামৰ প্ৰবন্ধটো খোল খাব (যেনে- ইয়াৰ আগৰ শাৰীৰ "ৱিকিপিডিয়া" শব্দটো)। ৰঙা শব্দবিলাকৰ সংশ্লিষ্ট প্ৰবন্ধ নাই। ক্লিক কৰিলে সেই নামৰ প্ৰবন্ধ সৃষ্টি কৰিব পাৰিব। এই লিংকবোৰ ৱিকিপিডিয়াৰ এটা ডাঙৰ সুবিধা। ইয়াৰ ফলত কোনো এটা প্ৰবন্ধত থকা উল্লেখযোগ্য কথা এটাৰ বিষয়ে জানিবলৈ আকৌ সেই নামটো টাইপ কৰি বিচাৰিব নালাগে। এনেকৈ লিংক সৃষ্টি কৰিবৰ বাবে বিশেষ শব্দবোৰ অমুক এনেকৈ দুটা বন্ধনীৰ মাজত সুমুৱাই দিব।

> মন কৰিবলগীয়া কথা: প্ৰত্যেকটো শব্দত লিংক সৃষ্টি কৰিব নালাগে কাৰণ প্ৰতিটো শব্দ এটা উল্লেখযোগ্য বিষয় নহ'ব পাৰে বা প্ৰতিটো শব্দৰ প্ৰবন্ধ সৃষ্টি সম্ভৱ নহ'ব পাৰে। যেনে- "গণনাৰ সুবিধাৰ বাবে প্ৰাচীন চীন, মিচৰ আদি দেশত 'এবাকাচ' নামৰ এবিধ আহিলা ব্যৱহাৰ কৰা হৈছিল"- এই শাৰীটোত গণনা, প্ৰাচীন, আহিলা আদিবোৰ শব্দৰ লিংক সৃষ্টি প্ৰয়োজনীয় নহয়। সেইবাবে দুটামান শব্দতহে লিংক দিয়া হৈছে।

  • তথ্যসূত্ৰ: ৱিকিপিডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈছে তথ্যসূত্ৰৰ উল্লেখ। তথ্যসূত্ৰ নাথাকিলে প্ৰবন্ধ এটা অসম্পূৰ্ণ হৈ থাকে আৰু বিশ্বাসযোগ্য নহয়। তথ্যসূত্ৰ কেনেকৈ দিব লাগে সেই কথা ইয়াৰ পিছৰ অংশত আলোচনা কৰা হৈছে।


সহায়িকা ৩:

তথ্যসূত্ৰ কেনেকৈ দিব[সম্পাদনা কৰক]

তথ্যসূত্ৰ কিয় লাগে: ৱিকিপিডিয়াৰ এটা প্ৰধান স্তম্ভ হৈছে প্ৰবন্ধৰ সত্যাপনযোগ্যতা অৰ্থাৎ‍ পঢ়ুৱৈয়ে প্ৰবন্ধ এটাত লিখা তথ্যৰ সত্যাসত্য প্ৰমাণ কৰিব পাৰিব লাগিব। তথ্যসূত্ৰ/ তথ্যউৎ‍স/তথ্যউদ্ধৃতি বা ৰেফাৰেন্সৰ গুৰুত্ব এইখিনিতেই। আমি যদি প্ৰবন্ধ এটা লিখি তাত সঠিক তথ্যসূত্ৰ নিদিওঁ কোনোবাই তাত প্ৰশ্ন কৰিব পাৰে যে কথাখিনি কেনেকৈ বিশ্বাস কৰা যায়। আপোনালোকেতো সকলো কথা সাজি সাজিও লিখিব পাৰে! ধৰা হওক ৰাজ্য এখনৰ জনসংখ্যা আমি ৩ কোটি বুলি প্ৰবন্ধ এটাত লিখিলোঁ। সেই তথ্য কোনোবা শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব পাৰে। আমি যদি আন্দাজতে তিনি কোটি বুলি লিখিছিলোঁ তেন্তে শিক্ষাৰ্থীজনৰ লগতে আন বহু পঢ়ুৱৈৰ ক্ষতি হ’ব। গতিকে তাত আমি এটা নিৰ্ভৰযোগ্য তথ্যউৎ‍সৰ উল্লেখ কৰিব লাগিব- লাগিলে সেয়া কিতাপেই হওক, বাতৰি কাকতেই হওক, লোকপিয়লৰ ৱেবছাইতেই হওক বা বৈজ্ঞানিক জাৰ্ণালেই হওক।

তথ্যউৎ‍স উল্লেখ কৰোঁতে সেইবোৰৰ সবিশেষ দাঙি ধৰিব লাগে। যেনে-

 কিতাপৰ ক্ষেত্ৰত: কিতাপৰ নাম, লেখকৰ নাম, প্ৰকাশক, প্ৰকাশনৰ স্থান, বছৰ, পৃষ্ঠা সংখ্যা, আৰু সম্ভৱ হ’লে ISBN
 বাতৰি কাকত: বাতৰি/প্ৰবন্ধৰ শিৰোনামা, লেখক, কাকতৰ নাম, পৃষ্ঠা সংখ্যা, প্ৰকাশন গোষ্ঠী, তাৰিখ
 ৱেবছাইট: [ৱেব লিংক] শিৰোনাম, লেখক, প্ৰকাশক, প্ৰকাশৰ তাৰিখ, তথ্য আহৰণ কৰা তাৰিখ ইত্যাদি ইত্যাদি।

তথ্যসূত্ৰ দিয়াৰ নিয়ম: ৱিকিপিডিয়াৰ প্ৰবন্ধত এই তথ্যসূত্ৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কেইবাটাও উপায় আছে। তাৰে কেইটামান তলত আলোচনা কৰা হ’ল।


১) নশিকাৰুৰ বাবে সহজ উপায় হৈছে ref টেগৰ ব্যৱহাৰ। যিঠাইত তথ্যসূত্ৰ উল্লেখ কৰিব খুজিছে সেই ঠাইত <ref> লিখি ওপৰত কোৱা ধৰণে উৎ‍সটো লিখক আৰু লিখা হ’লে </ref> বুলি মোখনি মাৰক।

উদাহৰণ: অসমত এশিঙীয়া গঁড়ৰ সংখ্যা দহ বছৰৰ আগতকৈ এক-চতুৰ্থাংশ কমিছে।< ref>”অসমত গঁড়ৰ পিয়ল”, জ্যোতি প্ৰকাশ নাথ, দৈনিক অসম, পৃষ্ঠা ৩, ১০ অক্টোবৰ ২০১২ </ref> (সঁচা নহয়!)

 মন কৰিবলগীয়া কথা: <ref>... </ref> টেগৰ ব্যৱহাৰ কৰিলে প্ৰবন্ধটোৰ শেষত ==তথ্যসূত্ৰ== বুলি এটা অনুচ্ছেদ কৰি তলত   {{reflist}}
 বুলি লিখিব লাগিব। তেতিয়াহে প্ৰবন্ধটোত ব্যৱহাৰ কৰা গোটেইবোৰ তথ্যসূত্ৰৰ এখন তালিকা নিজে নিজে আহি যাব।
 একেটা উৎ‍সৰ উল্লেখ কেইবাবাৰো কৰিবলগীয়া হ’লে বাৰে বাৰে কিতাপ, লেখক আদি নিলিখিলেও হয়। তেতিয়া প্ৰথমবাৰ য’ত তথ্যসূত্ৰটো 
 দিছে তাত <refname=অমুক>....</ref>  বুলি লিখিব পাৰে। পিছৰ য’ত য’ত একেটা উৎ‍স উল্লেখ কৰিব লাগে তাত <refname=অমুক/> 
 বুলি লিখি থ’ব পাৰে। ওপৰত দিয়া জ্যোতি প্ৰকাশ নাথৰ ৰেফাৰেন্স বাৰে বাৰে দিবলগীয়া হ’লে প্ৰথমবাৰ < ref name=জ্যোতি>”অসমত গঁড়ৰ পিয়ল”, 
 জ্যোতি প্ৰকাশ নাথ, দৈনিক অসম, পৃষ্ঠা ৩, ১০ অক্টোবৰ ২০১২ </ref> লিখি পিছৰকেইবাৰ < ref name=জ্যোতি/> বুলি চমুৱাই থ’ব পাৰি।


২) কেইবাবাৰো একেটা উৎ‍সৰ উল্লেখ কৰিবলগীয়া হ’লে আন এটা উপায় আছে। প্ৰবন্ধটোৰ মাজত সেইবোৰৰ নাম চুটিকৈ লিখিব পাৰি। যেনে ধৰক গোপীনাথ বৰদলৈৰ বিষয়ে লিখোঁতে কেইবাবাৰো হেমন্ত কুমাৰ ভৰালীৰ “এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া” কিতাপখন উল্লেখ কৰিবলগীয়া হ’ল। তেতিয়া আমি যথাস্থানসমূহত <ref>“এশগৰাকী অসমীয়া”, ভৰালী, পৃ-১০৭ </ref> আৰু <ref>“এশগৰাকী অসমীয়া”, ভৰালী, পৃ-১০৯</ref> আদি লিখিব পাৰোঁ। তলত ==তথ্যসূত্ৰ== বুলি অনুচ্ছেদ কৰি ওপৰত কোৱা দৰে {{reflist}} বুলি লিখিম। তাৰ পিছত ==গ্ৰন্থপঞ্জী== বুলি অনুচ্ছেদ এটা কৰি এনেকৈ তথ্যসূত্ৰবোৰৰ সবিশেষ লিখিম-

  • “এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া”, হেমন্ত কুমাৰ ভৰালী, চিত্ৰেলেখা পাব্লিকেশ্বন্‌ছ, গুৱাহাটী, ২০০১

তেনেকৈ বাৰে বাৰে উল্লেখ থকা আন গোটেইবোৰ তথ্যসূত্ৰৰ তালিকা দিব পাৰি।

  • দ্বিতীয় তথ্যসূত্ৰ


৩) তথ্যসূত্ৰ দিয়াৰ আটাইতকৈ উপায় হৈছে “Prove it” গেজেটৰ ব্যৱহাৰ। প্ৰবন্ধ এটাৰ সম্পাদনা পৃষ্ঠা খুলিলে তলত references, Add a reference আদি লিখা এটা সঁজুলি দেখা পোৱা যাব (চিত্ৰ:ProveIt.jpg চাওক) । যদি দেখা নাই তেন্তে লগ্‌ ইন কৰাৰ পিছত পৃষ্ঠাৰ ওপৰৰ “মোৰ পছন্দসমূহ”লৈ যাওক->গেজেট->ProveIt সক্ৰিয় কৰক।

প্ৰবন্ধ এটা লিখোঁতে যিঠাইত তথ্যসূত্ৰ দিয়াৰ প্ৰয়োজন তালৈ গৈ সঁজুলিটোৰ Add a reference বুটামটো ক্লিক কৰক। একেবাৰে ওপৰৰ শাৰীটোৰ ড্ৰপ ডাউন মেনুত Web, Book, News group, Journal আদিৰ মাজৰ পৰা লগাটো বাছনি কৰক। তাৰ পিছত তলৰ শাৰীবোৰৰ Ref name, URL, Publisher, Author আদি ঠাইত সবিশেষ লিখক। লিখা হ’লে একেবাৰে তলত “Insert into edit form” বুটামটো ক্লিক কৰক। আপোনাৰ তথ্যসূত্ৰ সঠিক ঠাইত সোমাই গ'ল! একেটা উৎ‍স বাৰে বাৰে উল্লেখ কৰিবলৈ এক নম্বৰ পদ্ধতিত কোৱাৰ দৰে < ref name=অমুক/> চমুপথ অৱলম্বন কৰক।

কেতিয়াবা কোনো কোনো প্ৰবন্ধৰ তলত ১, ২, ৩কৈ কেৱল তথ্যসূত্ৰৰ এখন তালিকা দিয়া হয়। তেতিয়া অভিজ্ঞ ৱিকিপিডিয়ানসকলে প্ৰবন্ধটোত এখন জাননী লগাই দিয়ে- যে শাৰীৰ মাজত উদ্ধৃতি নথকা বাবে তথ্যউৎ‍সবোৰ পৰিষ্কাৰ নহয়। এনে নোহোৱা কৰিবলৈ ওপৰত কোৱাৰ দৰেই তথ্যসূত্ৰবোৰ সঠিককৈ উপস্থাপন কৰিব লাগে। ইয়াক “Inline citation” বুলিও কোৱা হয়।

তথ্যসূত্ৰ দিয়াৰ আৰু কিছুমান পদ্ধতি আছে। সদ্যহতে ইমান প্ৰয়োজন নাই।

তথ্যসূত্ৰৰ বাছনি: তথ্যসূত্ৰ দিওঁতে কেনেধৰণৰ উৎ‍স উল্লেখ কৰা হৈছে সেয়াও অলপ মন কৰিব লাগে। যিমান পাৰি কৰ্তৃত্বশীল উৎ‍স উল্লেখ কৰিব পাৰিলে ভাল। যেনে বিদ্যায়তনিক বিষয়ৰ বাবে বাতৰিৰ টুকুৰাতকৈ বিষয়টো ভালকৈ জনা মানুহে লিখা প্ৰবন্ধ, কিতাপ বা পাঠ্যপুথি আদিৰ উল্লেখ কৰিব লাগে। মূল উৎ‍সত বিষয়টোৰ তথ্য স্পষ্ট নহ’লে সেই উৎ‍স নিদিয়াই ভাল। বাতৰি কাকতৰ ক্ষেত্ৰত চমক লগোৱা যেন লেখাবোৰ পৰিহাৰ কৰিব লাগে। ৱেবছাইটৰ ক্ষেত্ৰত ব্যক্তিগত ৱেবছাইটৰ ব্যৱহাৰ কমোৱা ভাল। ইণ্টাৰনেট ফ’ৰাম, ফে’চবুক, টুইটাৰ, ব্যক্তিগৰ ব্ল’গ আদিবোৰ তথ্যসূত্ৰ হিচাপে ব্যৱহাৰ কৰিব নালাগে। উৎ‍সটোৰ বিশ্বাসযোগ্যতাৰ ওপৰত অলপ সন্দেহ হ’লেই আন উৎ‍সবোৰৰ লগত তথ্য মিলাই চাব লাগে।


এই পৃষ্ঠাতো তথ্যসূত্ৰ সম্পৰ্কে সহায় পাব: ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতি

আৰু বহুত আছে। ৱিকিপিডিয়াত সম্পাদনা কৰি থাকিলে লাহে লাহে সকলো পৰিষ্কাৰ হ’ব।