ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| এইখন এখন ৱিকিপ্ৰকল্প পৃষ্ঠা। ৱিকিপ্ৰকল্প বা ৱিকিপ্ৰজেক্ট হৈছে ৱিকিপিডিয়াৰ উন্নয়নৰ বাবে সমমনোভাবাপন্ন সম্পাদকসকলে মিলি খোলা একোটা সামাজিক গোট; একোটা প্ৰকল্পই কোনো নিৰ্দিষ্ট বিষয় - যেনে চিকিৎসাবিজ্ঞান বা কোনো নিৰ্দিষ্ট কাৰ্য্য, যেনে "পোখালি" বিলাক পৰীক্ষা কৰা -অৰ ওপৰত মনোনিৱেশ কৰে।
ৱিকিপ্রকল্প পৃষ্ঠাসমূহ প্রবন্ধ লিখাৰ স্থান নহয়, কিন্তু প্রবন্ধ লিখাৰ প্রবন্ধনত সহায় কৰা পৃষ্ঠা। এই পৃষ্ঠাসমুহে বিভিন্ন প্রকাৰে সম্পাদকসকলক সম্পৰ্কিত প্রবন্ধসমূহ লিখাত বা কাৰ্য্যসমূহ কৰাত সহায় কৰে। বৰ্তমান থকা ৱিকিপ্রকল্পসমূহৰ তালিকা চাবলৈ ৱিকিপ্ৰকল্প পৃষ্ঠালৈ যাওক। |
ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্পৰ মূল লক্ষ হৈছে অসমীয়া ৱিকিপিডিয়াত পদাৰ্থ বিজ্ঞানৰ লগত জড়িত বিষয় সমূহৰ ওপৰত নতুন আৰু গুণগত মানসম্পন্ন প্ৰবন্ধৰ সৃষ্টি কৰা।
সূচী |
[সম্পাদনা কৰক] সদস্য
- দীপাংকৰ চেতিয়া বাৰ্তা 15:11, 7 ফেব্ৰুৱাৰী 2012 (UTC)
- কৌশিক দাসবাৰ্তা 19:32, 7 ফেব্ৰুৱাৰী 2012 (UTC)
- প্ৰণৱ জ্যোতি ভূঞা বাৰ্তা 07:43, 8 ফেব্ৰুৱাৰী 2012 (UTC)
- প্রভাকৰ শৰ্মা নেওগ 07:52, 10 ফেব্ৰুৱাৰী 2012 (UTC)
- বিকাশ শৰ্মা বাৰ্তা 20:15, 10 ফেব্ৰুৱাৰী 2012 (UTC)
[সম্পাদনা কৰক] কৰিবলগীয়া কাম
- প্ৰথম পৰ্যায়
- পদাৰ্থ বিজ্ঞানৰ সৰ্বসাধাৰণে জানিবলগীয়া প্ৰবন্ধ সমূহৰ এখন তালিকা প্ৰস্তুত কৰা ।
- সেই প্ৰবন্ধ সমূহ আন ৱিকিপিডিয়া (যেনে: ইংৰাজী)ৰ পৰা অনুবাদ কৰা ।
- প্ৰতিটো প্ৰবন্ধত নিৰ্দিষ্ট বিষয়টোৰ সম্পৰ্কে এটা সম্যক ধাৰণা থকা উচিত (যেনে: মূল তত্বটো বৰ্ণনা কৰা অন্ততঃ এটা পেৰেগ্ৰাফ) ।
[সম্পাদনা কৰক] প্ৰয়োজনীয়তা
- যাদৃচ্ছিক ভাবে নিৰ্বাচিত বিষয় যোগ কৰাৰ পৰিৱৰ্তে, নিৰ্দিষ্ট তালিকা অনুসৰি বিষয় যোগ কৰা ।
- ই শৃংখলাবদ্ধ ভাবে অধিক প্ৰবন্ধ যোগ কৰাত সহায় কৰিব ।
- পদাৰ্থ বিজ্ঞানৰ প্ৰবন্ধৰ নামাকৰণৰ ক্ষেত্ৰত ইংৰাজী শব্দৰ সঠিক অসমীয়া প্ৰতিশব্দ নিৰ্বাচনত সহায়ক হ’ব (যিহেতু বহুতো ইংৰাজী শব্দৰ সঠিক অসমীয়া প্ৰতিশব্দ নাই বা কিছুমানৰ একাধিক আছে) ।
- প্ৰবন্ধ সমূহ পৰ্যায় ক্ৰমে যোগ কৰাত সহায় কৰিব ।
- যেনে প্ৰথম পৰ্যায়ত সৰ্বসাধাৰণ প্ৰবন্ধসমূহ, পাছত ক্ৰমে জতিল বিষয়ৰ প্ৰবন্ধ সমূহ যোগ কৰা হ’ব ।
- পদাৰ্থ বিজ্ঞানৰ প্ৰবন্ধ সম্পাদনা কৰিবৰ বাবে আপুনি এই প্ৰকল্পৰ সদস্য হোৱাৰ প্ৰয়োজন নাই, কিন্তু প্ৰকল্পই আপোনাক পদাৰ্থ বিজ্ঞানৰ প্ৰবন্ধ সম্পাদনা কৰাত সহায় কৰিব ।
[সম্পাদনা কৰক] প্ৰক্ৰিয়া
- প্ৰতিটো পৰ্যায়ৰ বাবে এখন লক্ষ্য তালিকা কৰা হ’ব ।
- আন ৱিকিপিডিয়াৰ পৰা অনুবাদ বা নিজাকৈ সংগৃহিত তথ্য উত্সৰ পৰা লক্ষ্য তালিকাৰ প্ৰবন্ধসমূহ নতুনকৈ যোগ কৰা হ’ব ।
- প্ৰতিটো প্ৰবন্ধত নিৰ্দিষ্ট বিষয়টোৰ সম্পৰ্কে এটা সম্যক ধাৰণা থকাৰ ওপৰত গুৰুত্ব দিয়া হ’ব (যেনে: মূল তত্বটো বৰ্ণনা কৰা অন্ততঃ এটা পেৰেগ্ৰাফ যোগ কৰা হ’ব) ।
- মূল প্ৰবন্ধৰ সৈতে সকলোবোৰ সাম্ভাব্য প্ৰতিশব্দৰ প্ৰবন্ধৰ পুনৰনিৰ্দেশিত পৃষ্ঠা যোগ কৰা হ’ব ।
- সম্ভব হ’লে ইংৰাজী প্ৰতিশব্দৰ পুনঃনিৰ্দেশিত পৃষ্ঠা যোগ কৰা হ’ব, ই প্ৰবন্ধ অনুসন্ধানত সহায় কৰিব, লগতে পদাৰ্থবিদ্যাৰ জটিল শব্দৰ অসমীয়া প্ৰতিশব্দৰ পৰা হ’ব পৰা বিভ্ৰাত দূৰ কৰিব ।
- লক্ষ্য তালিকাৰ কোনো প্ৰবন্ধ যদি আগৰে পৰা অসমীয়া ৱিকিপিডিয়াত আছে আৰু ই পোখালি অৱস্থাত আছে তেন্তে ইয়াৰ বিস্তাৰ কৰা হ’ব ।
[সম্পাদনা কৰক] প্রবন্ধসমূহ (লক্ষ্য তালিকা-১)
[সম্পাদনা কৰক] তালিকা-(ক)বিশেষ প্ৰৱন্ধ
| ক্ৰমিক নং | অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ | ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধ | পোখালি | প্ৰথম পৰ্যায় | দ্বিতীয় পৰ্যায় | সম্পূৰ্ণ | Featured প্ৰবন্ধ |
|---|---|---|---|---|---|---|---|
| ১ | পদাৰ্থ বিজ্ঞান | Physics | |||||
| ২ | পদাৰ্থ বিজ্ঞানৰ ইতিহাস | History of physics |