ৱিকিপিডিয়া:মতামত আহ্বান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া:Requests for commentৰ পৰা পুনঃনিৰ্দেশিত)

মোৰ দ্বাৰা সৃষ্ট http://bigyanbichitra.blogspot.com শীৰ্ষক ব্লগটোৰ সকলোবোৰ পৃষ্ঠা কোনো সদস্যই হুবহু নকল কৰি ৱিকিপেডিয়াত সন্নিৱিষ্ট কৰিছে | উদাহৰণ স্বৰূপে: জৈৱ তথ্য প্ৰযুক্তি, প্ৰিয়’ন, পাস্কেল, পাস্কেলৰ ত্ৰিভূজ, পাইথাগোৰাছ আদি বিষয়লৈ আঙুলিয়াব পাৰি |

অনুগ্ৰহ কৰি এই বিষয়ত সঠিক পদক্ষেপ ল’বলৈ সংশ্লিষ্ট সম্পাদকক অনুৰোধ জনালোঁ |


লিখনিসমূহ আলোচনামৰ্মে ৱিকিপিডিয়াৰ পৰা বিলোপ কৰা হ’ল|

সদস্যৰ অশালীন আচৰণ সন্দৰ্ভত[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ মাননীয় প্ৰশাসক আৰু সদস্যসকলৰ জ্ঞাতাৰ্থে জনাওঁ‌ যে অশ্বমেধ শীৰ্ষক প্ৰবন্ধ সন্দৰ্ভত সম্পাদকসকলৰ মতভেদৰ বাবে প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত মতামত প্ৰকাশ কৰোঁতে Usoejw9 নামৰ সদস্যগৰাকীয়ে বাৰম্বাৰ আন সদস্য তথা প্ৰশাসকৰ প্ৰতি অসংবিধানিক শব্দৰ প্ৰয়োগ কৰিছে। মোৰ ধাৰণাৰে ই ৱিকিপিডিয়াৰ ব্যক্তিগত আক্ৰমণ নকৰা নীতিৰ সম্পূৰ্ণৰূপে বিৰোধী। যদিহে এই নীতি সলনি হৈছে আৰু সদস্যসকলক বৰ্তমান অসংযত ভাষা প্ৰয়োগৰ স্বাধীনতা দিয়া হৈছে তেন্তে এই বিষয়ে প্ৰশাসনীয় কক্ষৰ পৰা এক নিশ্চিতি আহ্বান কৰিলোঁ। ইয়াৰোপৰি উক্ত সদস্যগৰাকীৰ বিষয়ে বিহিত ব্যৱস্থা লোৱাৰ সন্দৰ্ভত সদস্যসকলৰ মতামত বিচাৰিলোঁ‌।-Chandan Chiring Phukon Chat 09:11, 4 September 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আলোচনা পৃষ্ঠাত তেওঁ নিজেই কৈছে যে অসমীয়া ভাষাৰ ওপৰত তেওঁৰ কোনো জ্ঞান নাই৷ তেনেস্থলত অসমীয়া ৱিকিত আহি কেৱল মেচিন ট্ৰান্সচলেটকে কোনোধৰণৰ সম্পাদনা নকৰাকৈ এসোপা লিখি ৰাখিলে অসমীয়া ৱিকিৰ কোনো উপকাৰ নহয় বৰং ই অপকাৰহে কৰিব৷ যিটো ভাষা তেওঁ বুজি পায়, পঢ়িব পাৰে লিখিব পাৰে সেইটো ভাষাৰ ৱিকিৰ লগত জড়িত হ’লে তেওঁৰ আৰু ৱিকিৰ দুয়োৰে মংগল হ’ব বুলি ভাবোঁ৷ -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 10:27, 4 September 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সদস্য জনৰ এনে ব্যৱহাৰ পুৰ্বৰেপৰা মন কৰিছোঁ। নিৰ্দিষ্ট এটা প্ৰবন্ধৰ বাদে তেওঁৰ অন্য কোনো অৱদান নাই, সদস্যজনক সকিয়াইদিয়াৰ পিছতো তেওঁ এনে ব্যৱহাৰ কৰি থাকিলে অনিৰ্দিষ্ট কাললৈ ব্লক কৰা উছিত।-Nayan j Nath (বাৰ্তা) 12:09, 4 September 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]