EMD GT46PAC

অসমীয়া ৱিকিপিডিয়াৰ পৰা
EMD GT46PAC [1]
WDP4 20013

  • ওপৰত : WDP4 20013 চৰ্ট হুড (Short hood) সন্মুখৰ ফালে থকা অৱস্থাত
  • তলত : WDP4 20011 লং হুড (Long hood) সন্মুখৰ ফালে থকা অৱস্থাত
আধাৰ-শক্তি ডিজেল-বিদ্যুত
নিৰ্মাতা Electro-Motive Diesel Inc আৰু Diesel Locomotive Works
নিৰ্মাণ-আৰ্হি GT46PAC
নিৰ্মাণ তিথি (EMD) ২০০১; (DLW) ২০০৩–সাম্প্ৰতিক
মুঠ উৎপাদন (EMD) ১১+; (DLW) ৮০+ অনুজ্ঞাপত্ৰসহ (নিৰ্মাণৰত)
চকা-বিন্যাস B1-1B (WDP-4), C-C (WDP-4B/4D)
গজ ব্ৰডগজ ৫ ফুট ৬ ইঞ্চি (১৬৭৬ মিঃমিঃ)
ভাৰাধাৰ উচ্চ-অনুলগ্ন ৬ অক্ষদণ্ডী HTSC
ডবাৰ চকা-বিন্যাস
  • Bo1-1Bo (WDP-4)
  • Co-Co (WDP-4B and WDP-4D)
ইন্ধন ডিজেল
ইন্ধন বহন ক্ষমতা সাঁচ:Convert/LinAonDbSoff
মূল-চালিকা 16-710G3B ডিজেল ইঞ্জিন
ইঞ্জিনৰ ধৰণ ২-চক্ৰাঘাট V16 ডিজেল ইঞ্জিন়়
পিষ্টন-পৰিক্ৰমা ১৮৬.২ লিটাৰ
যান্ত্ৰিক শ্বাস প্ৰেষিত-প্ৰবহন
উভমূখী বিদ্যুতাধাৰ TA-17-CA6A AC,
এটাকৈ inverter প্ৰতিখন ভাৰাধাৰত
ইঞ্জিনৰ চিলিণ্ডাৰৰ সংখ্যা ৬ টা
শক্তি-সঞ্চাৰ ৰাসায়নিক(ডিজেল)-বৈদ্যুতিক
ইঞ্জিন-ক্ষমতা
ইঞ্জিনৰ ব্ৰেক এয়াৰব্ৰেক
ডবাৰ ব্ৰেক এয়াৰ ব্ৰেক
কোনে চলায় ভাৰতীয় ৰেল

EMD GT46PAC একপ্ৰকাৰৰ ডিজেল-বৈদ্যুতিক যাত্ৰীবাহী ৰেলৰ ইঞ্জিন । মূল-চালিকা এটি ডিজেল ইঞ্জিনে চলোৱা পৰিৱৰ্তী বিদ্যুতাধাৰ (AC Alternator or generator) ৰ পৰা পোৱা পৰিৱৰ্তী বিদ্যুত-প্ৰবাহৰ (AC) দ্বাৰা চালিত উভমুখী বৈদ্যুতিক মটৰে (AC Motor) ইয়াক গতিশীল কৰি তোলে। ইয়াক প্ৰথমে জেনেৰেল মটৰ্চৰ ইলেক্ট্ৰমটিভ ডিভিজনে [2] নিৰ্মাণ কৰি উলিয়াইছিল আৰু তাহাঁতৰ অনুজ্ঞা-পত্ৰৰ আধাৰত বৰ্তমানে বাৰানসীস্থিত (Diesel Locomotive Works; DLW) কাৰখানাত ভাৰতীয় ৰেলৰ বাবে এনে ৰেলৰ ইঞ্জিন নিৰ্মাণ কৰি থকা হৈছে। এই ইঞ্জিনটো দৰাচলতে মালবাহী ৰেলৰ ইঞ্জিন EMD GT46MAC ৰ যাত্ৰীবাহী সংস্কৰণ মাথোঁ। এই ৰেল ইঞ্জিনত ১৬টা চিলিণ্ডাৰযুক্ত 16-710G3B ডিজেল ইঞ্জিন ব্যৱহৃত হৈছে যি সৰ্বোচ্চ ৯০৪ RPM (Revolutions Per Minute) গতিৰে ঘূৰিব পাৰে।

ভিন্নতা[সম্পাদনা কৰক]

এই WDP ( Wide-gauge Diesel Passenger) ৰেল ইঞ্জিনসমূহৰ তিনিটা প্ৰকাৰ দেখা যায় - মূল ৪,০০০ অশ্বশক্তিযুক্ত WDP-4, ৪,৫০০ অশ্বশক্তিযুক্ত WDP-4B আৰু ৪,৫০০ অশ্বশক্তিযুক্ত WDP-4D। প্ৰথম দুই প্ৰকাৰ এক চালক-কক্ষযুক্ত আৰু তৃতীয় প্ৰকাৰ দ্বৈত চালক-কক্ষযুক্ত ।

ইঞ্জিনসমূহৰ ক্ৰমিক নম্বৰ[সম্পাদনা কৰক]

ভাৰতীয় ৰেলত পোনতে এই ইঞ্জিনসমূহৰ ক্ৰমিক সংখ্যা ২০০০০ৰ পৰা আৰম্ভ হৈ ২০১০৩লৈকে বিস্তাৰিত আছিল। ২০১০৩ ৰ পাচত নতুন ইঞ্জিনসমূহৰ নম্বৰ ৪০০০১ ৰ পৰা আৰম্ভ হৈছে কিয়নো ২০১০৩ৰ পিছৰ ক্ৰমিক নম্বৰ সমূহ (Wide-gauge DC Goods) WCG-2 মালবাহী ৰেলৰ বৈদ্যুতিক-ইঞ্জিন সমূহৰ লগত একাকাৰ হোৱাৰ উপক্ৰম হৈছিল। ইঞ্জিন ক্ৰমিকসংখ্যা ২০০০০-২০০৪৬, ২০০৪৮-২০০৭৪, ২০০৭৬-২০১০২ মূল WDP-4 আৰ্হিত আৰু ইঞ্জিন ক্ৰমিকসংখ্যা ২০০৪৭ আৰু ২০০৭৫ WDP-4B আৰ্হিত নিৰ্মিত।[3] ইঞ্জিন ক্ৰমিকসংখ্যা ২০১০৩, ৪০০০১-৪০০১৩, ৪০০১৫-৪০০২৫, ৪০০২৭-৪০০৮৫ WDP-4B আৰ্হিত নিৰ্মিত । ইঞ্জিন ক্ৰমিকসংখ্যা ৪০০১৪ আৰু ৪০০২৬ WDP-4D আৰ্হিত নিৰ্মাণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ৪০০৮৬ অগ্ৰৱৰ্তী ইঞ্জিনসমূহ WDP-4D আৰ্হিৰ।

পৰাক্ৰম[সম্পাদনা কৰক]

WDP-4 ৰেল ইঞ্জিন একোটাই ২৪টা ডবাৰ ৰেল এখন ১১০-১২০ কি.মি./ঘণ্টা (৬৮–৭৫ মাইল/ঘণ্টা) বেগেৰে টানিব পাৰে। পৰীক্ষামূলক চালনৰ সময়ত ৮টা ডবাযুক্ত ৰেল একোখন এই ইঞ্জিনে ১৬০ কি.মি./ঘণ্টা (৯৯ মাইল/ঘণ্টা) বেগত টনাও পৰিলক্ষিত হৈছিল।[4]

তুগলকাবাদ ল'ক'শ্বেডৰ HOG যুক্ত WDP4B 40078
নিয়মীয়া নিৰ্মাণৰ প্ৰথম WDP4D 40086

অন্যান্য তথ্য[সম্পাদনা কৰক]

WDP-4 ইঞ্জিনসমূহ দ্বৈতদিশত সঞ্চাৰণক্ষম আৰু প্ৰায়ে দীঘল অংশ আগত ৰাখি চলাব লগা হয়। ৮-চকাৰ WDP-4 ইঞ্জিনসমূহৰ চকা-বিন্যাস Bo1-1Bo যাৰ প্ৰতিদাল অক্ষদণ্ডক পৃথকে পৃথকে চাৰিটা ট্ৰেকশ্যন মটৰে কাৰ্যক্ষম কৰি তোলে। এতিয়াৰ ১২-চকাৰ WDP-4B আৰু WDP-4D ইঞ্জিনসমূহ Co-Co চকা-বিন্যাসেৰে সজ্জিত যাৰ প্ৰতিদাল অক্ষদণ্ডক পৃথকে পৃথকে ৬টা ট্ৰেকশ্যন মটৰে কাৰ্যক্ষম কৰি তোলে । লংহুড সমুখদিশত ৰাখি চলাওতে চালকৰ দৃষ্টি বাধিত হোৱা কেতবোৰ ঘটনাৰ পৰিপেক্ষিতত (পুষ্পক এক্সপ্ৰেছৰ চালকে চিগনেল পাৰ হৈ যোৱা ঘটনা উল্লেখযোগ্য[5]) WDP-4B আৰ্হিৰ ইঞ্জিনত দ্বৈত-চালককক্ষৰ ব্যৱস্থা কৰা হৈছে। নতুন ইঞ্জিনসমূহত চালককক্ষসমূহ পূৰ্বতকৈ কিছু বহলো কৰা হৈছে। ইয়াৰ বাদে WDP4B আৰু WDP4D শ্ৰেণীৰ বাকী গঠন প্ৰায় একে।

ৰাজধানী আৰু শতাব্দী শ্ৰেণীৰ ৰেলত ব্যৱহৃত কিছুসংখ্যক WDP-4B/WDP-4D ইঞ্জিনত ইনভাৰ্টাৰযুক্ত হে'ড-এণ্ড পাৱাৰ ইউনিটৰ ব্যৱস্থা কৰি জেনেৰেটৰ ডবাৰ অবিহনে ডবাত বিদ্যুতৰ যোগান ধৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে।[6]

২ ষ্ট্ৰ'ক ডিজেল ইঞ্জিনযুক্ত এই ৰেল ইঞ্জিনসমূহ যথেষ্ট কম ইন্ধন-ব্যয়ী আৰু কম ধোঁৱা এৰা বিধৰ । উচ্চ আন্তঃঘূৰ্ণনত এই শ্ৰেণীৰ ইঞ্জিনৰ পৰা উৰাজাহাজৰদৰে এক বিশেষ চিনাকী গোঁ-গোঁৱনি শব্দ নিৰ্গত হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]