কুচিপুড়ি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Kuchipudiৰ পৰা পুনঃনিৰ্দেশিত)


কুচিপুড়ি

কুচিপুড়ি নৃত্যশিল্পী
শৈলী ভাৰতীয় শাস্ত্ৰীয় নৃত্যকলা

কুচিপুড়ি (ইংৰাজী: Kuchipudi) ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ এটা প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। সপ্তদশ শতিকাত ভক্তি আন্দোলনৰ ফলস্বৰূপে অন্ধ্ৰপ্ৰদেশৰ কুচিপুড়ি নামৰ গাঁৱত এই নৃত্যকলাৰ জন্ম হয়।[1][2][3] সিদ্ধেন্দ্ৰ যোগী নামৰ এজন নৃত্য গুৰুৱে ভগৱান শ্ৰীকৃষ্ণৰ পত্নী সত্যভামাৰ কাহিনীৰ ভিত্তিত ‘ভামা কল্পনা’ নামৰ এখন নৃত্য-নাটিকাত এই নৃত্য কলাৰ প্ৰয়োগ কৰে। সিদ্ধেন্দ্ৰ যোগীয়ে কুচিপুড়ি গাঁৱৰ ব্ৰাহ্মণ পুত্ৰ সন্তান সকলক এই নৃত্য কলাৰ প্ৰশিক্ষণ দিয়ে ১৬৭৫ চনত গোলকোণ্ডাৰ নবাবৰ দৰবাৰত এই নৃত্যকলাৰ প্ৰদৰ্শন কৰে। ন-শৈলীৰ এই নৃত্য দেখি নবাব সন্ত্তষ্ট হয় আৰু এই নৃত্যৰ চৰ্চা আৰু সংৰক্ষণৰ বাবে কুচিপুড়ি গাঁওখন দান কৰে। এই নৃত্যত নৰ্তকে তাল-লয়ৰ লগত সংগতি ৰাখি মাজে মাজে গান গায় আৰু সংলাপো ব্যৱহাৰ কৰে। পৰম্পৰাগত এই নৃত্য পুৰুষেহে প্ৰদৰ্শন কৰে যদিও বৰ্তমান মহিলায়ো এই নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছে।[4] কুচিপুড়ি হৈছে নৃত্ত, নৃত্য আৰু নাটকেৰে গঠিত এক নৃত্যনাটিকা। বৰ্তমান সময়ত কুচিপুড়ি একক, দ্বৈত আৰু দলগতভাৱে প্ৰদৰ্শন কৰা হয়। পুৰণিকালত ইয়াক দলগত ভাৱে প্ৰতিজন নাট্যকাৰে বিভিন্ন চৰিত্ৰ লৈ নৃত্যনাটিকা হিচাপেহে প্ৰদৰ্শন কৰিছিল।[3]

ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ কুচিপুড়ি নৃত্যশিল্পী[সম্পাদনা কৰক]

  • বেদান্তম সত্যনাৰায়ণ
  • যামিনী কৃষ্ণমূৰ্তি
  • ৰাজা ৰেড্ডী
  • ৰাধা ৰেড্ডী

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "‘Art has to be nurtured to sustain’". The Hindu. http://www.thehindu.com/entertainment/dance/%E2%80%98Art-has-to-be-nurtured-to-sustain%E2%80%99/article16993784.ece। আহৰণ কৰা হৈছে: 5 April 2017. 
  2. "Kuchipudi". Kuchipudi Dance Academykuchipudidance.org. http://www.kuchipudidance.org/kuchipudi.html। আহৰণ কৰা হৈছে: 7 June 2020. 
  3. 3.0 3.1 "Dance". Ministry of Culture, Government of Indiaindiaculture.nic.in. http://www.indiaculture.nic.in/dance। আহৰণ কৰা হৈছে: 7 June 2020. 
  4. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন, শান্তনু কৌশিক বৰুৱা, পৃষ্ঠা নং -?