লীনাক্স
Wikipedia -ৰ পৰা
লীনাক্স বা লাইনাক্স এবিধ অপাৰেটিং চিষ্টেম। ইয়াত লীনাক্স নামৰ কাৰ্ণেল আৰু তদুপযোগী অন্যান্য প্রগ্রেম ব্যৱহাৰ কৰা বাবে ইয়াৰ নাম লীনাক্স ৰখা হৈছে।
সূচী |
[সম্পাদন কৰক] পৰিচয় আৰু ইতিহাস
প'জিক্স(POSIX) নামেৰে এলানী সৰ্বজনমান্য নিৰ্দেশনা অনুসৰি SYSV আৰু BSDনামৰ দুইধৰণৰ ধাৰাত লীনাক্স অপাৰেটিং চিষ্টেম তৈয়াৰ কৰা হৈছে। সাধাৰণভাবে ইয়াক ইউনিক্স (UNIX) নামৰ এবিধ বহুপ্রচলিত অপাৰেটিং চিষ্টেমৰ নিচিনা বুলি কব পৰা যায়।
অপাৰেটীং চিষ্টেমৰ নাম লীনাক্স হলেও প্রকৃততে ইয়াৰ কাৰ্ণেল অৰ্থাৎ চফ্টোৱেৰৰ যি অংশই কম্পিউটাৰটো মুলত: পৰিচালনা কৰে তাৰ নামহে লীনাক্স। এই কাৰ্ণেলৰ মূল স্রষ্টা লাইনাচ টৰ্ভেল্ডচ-অৰ নাম অনুসৰি ইয়াৰ নাম লীনাক্স ৰখা হৈছে। ইয়াৰ চ'ৰ্ছ ক'ড সাৰ্বজনীন – অৰ্থাৎ বিনামূল্যে উপলব্ধ আৰু সত্বাধিকাৰ মুক্ত। এনেধৰণে সত্বসংৰক্ষণ বাহাল ৰাখিবৰ বাবে ইয়াক জি এন ইউ সাৰ্বজনীন লাইচেন্সৰ অধীনত বিতৰণ কৰা হয়। এই কাৰ্ণেল আৰূ ইয়াক ব্যৱহাৰ কৰি চলাব পৰা অন্যান্য প্রগ্রেম সন্নিবিষ্ট কৰি এক পূৰ্ণাংগ ব্যৱহাৰযোগ্য অপাৰেটিং চিষ্টেমৰূয়পে বিতৰণ কৰা হয় কাৰণে জনপ্রিয়ভাৱে অপাৰেটিং চিষ্টেমটোক লীনাক্স বোলা হয়। সাধাৰণতে ওপৰোক্ত সন্নিবিষ্ট প্রগ্ৰেমবিলাকো জি এন ইউ লাইচেন্সযুক্ত হয়। ফলস্বৰূপে পৰিবহন আৰু বিতৰণৰ বাবে হোৱা খৰচ বাদ দিলে লীনাক্স অন্য যিকোনো ব্যাৱসায়ীক ভাৱে তৈয়াৰ কৰা অপাৰেটিং চিষ্টেম যেনে মাইক্রচফ্ট উইন্ড'জ এক্স পি, এপল মেক অ' এচ আদিৰ লগত ফেৰ মাৰিব পৰা অথচ বিনামূলীয়াকৈ পোৱা যায়।
লীনাক্স কাৰ্ণেল লাইনাচ টৰ্ভেল্ডচ-এ ১৯৯১ চনত লিখা আৰম্ভ কৰে। ইয়াৰ কাৰণে ১৯৮৩-ত ৰিচাৰ্ড ষ্টলমেনৰ উদ্যমত প্রতিস্থিত ফ্রী চফটৱেৰ ফাউণ্ডেশ্যন (FSF) নামে অব্যৱসায়ীক সংস্থাৰ সৌজন্যত প্রাপ্ত জি এন ইউ (GNU) লাইচেন্সযুক্ত চফ্টৱেৰ লাইব্রেৰী আৰু প্রগ্রেমিঙৰ সাধনসমূহ ব্যৱহাৰ কৰা হয়। সেয়ে লীনাক্সক কেতিয়াবা-কেতিয়াবা জি-এন-ইউ/লীনাক্স বুলিও উল্লেখ কৰা দেখা যায়।
[সম্পাদন কৰক] লীনাক্সৰ ডিষ্ট্রীবিউশ্যন বা সংকলনসমূহ
লীনাক্স কাৰ্ণেল আৰু বিভিন্ন প্রগ্রেম সহকাৰে বিভিন্ন সংকলনৰূপে বিভিন্ন ব্যৱসায়ীক বা দাতব্য গোটে উপভোক্তাৰ ব্যৱহাৰৰ কাৰণে লীনাক্স প্রস্তুত কৰে। বিভিন্ন মাধ্যম যেনে ইন্টাৰনেট, চি ডি/ডিভিডি, ইউ এচ বি ড্রাইভ ইত্যাদি ব্যৱহাৰ কৰি এই সংকলনবোৰ যোগান ধৰা হয়। এই বিভিন্ন সংকলনবোৰ সাধাৰণ দৈনন্দিন কামত যেনে ৱৰ্ড প্রচেচিং, স্প্রেডচিট, খেলা আদিত ব্যৱহাৰৰ উপৰিও বিভিন্ন বিশেষ ব্যৱহাৰ যেনে ৰাউটিং, শিক্ষামূলক ব্যৱহাৰ, ইমেইল, ৱেব আদি বিভিন্ন ইন্টাৰনেট চাৰ্ভাৰ প্রগ্রেমৰ উপযোগী হোৱাকৈও প্রস্তুত কৰা হয়। আৰ্থিক লাভৰ বাবে উপভোক্তাৰ প্রয়োজন অনুসৰী কোনো কোনো সংগঠনে ব্যাৱসায়ীক সেৱা আৰু দিহা-পৰামৰ্শও আগবঢ়ায়।
নিম্নলিখিত তালিকাত এনে কিছুমান ভা্ষ্য আৰু সেইবোৰৰ বিষয়ে কিছু তথ্য দিয়া হ'ল।
- আৰ্কলীনাক্স(Archlinux): এই সংকলনত লীনাক্সক যথাসম্ভৱ সৰল কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে।
- চেন্টঅ'এচ(CentOS): ৰেডহেট সংকলনৰ অনুকৰণ কৰি এই সংকলন তৈয়াৰ কৰা হৈছে। এক স্বেচ্ছাসেৱক গোটে জনপ্রিয় ৰেডহেটৰ দৰে অথচ বিনামূলীয়া এই লীনাক্স-অৰ চোৱাচিতা কৰে।
- ডেবীয়ান(Debian): ই “বিনামূলীয়া চফ্টৱেৰ নীতি”-ৰ সমৰ্থক স্বেচ্ছাসেৱক গোটৰ দ্বাৰা সৃষ্টি আৰু চোৱাচিতা কৰা লীনাক্সৰ এক জনপ্রীয় সংকলন।
- ফেড'ৰা(Fedora): ৰেডহেট সংকলনৰ ৰাজহুৱা ৰূপ (বিনামূল্য উপলব্ধ)
- জেণ্টু/গেণ্টু(Gentoo): পাকৈত উপভোক্তাৰ কাৰণে। ইয়াৰ চফ্টৱেৰ উন্নীতকৰণৰ কাৰণে স্বয়ংক্রিয় ভাবে চ'ৰ্ছ ক'ড ডাউনল'ড আৰু কম্পাইল কৰি কম্পিউটাৰ চিষ্টেমটোত শেহতীয়া পৰিবৰ্তনবোৰ যোগ দিয়াৰ ব্যৱস্থা আছে।
- নপিক্স লাইভ চি-ডি(Knoppix Live CD): ইয়াক চি-ডি-ৰ পৰা কম্পিউটাৰ বুট কৰি কাম কৰিব পৰা যায়। ফলত লীনাক্স ইনষ্টল নকৰা কম্পিউটাৰতো লীনাক্স-অত কাম কৰিব পৰা যায়।
- মেনড্রীভা(Mandriva): ৰেডহেটৰেই মূল ব্যৱহাৰ কৰি সৃষ্ট এই সংকলণটো ফ্রান্স আৰু ব্রাজিলত অত্যন্ত জনপ্রিয়।
- মণ্টাভিষ্টা চফ্টৱেৰ(MontaVista Software): লাইনাক্সৰ এক “লীনাক্স এম্বেডেড ডিভাইচ”-ত ব্যৱহাৰ কৰিব পৰা সংকলণ
- ৰেডহেট/ৰেডহেট এন্টাৰপ্রাইজ লীনাক্স(Red Hat): একে নামৰ কম্পেনীৰদ্বাৰা সৃষ্টি আৰু বিক্রয় কৰা জনপ্রিয় ব্যৱসায়ীক সংকলণ।
- শ্লেকওৱেৰ(Slackware): লীনাক্সৰ প্রথমৰ ফালৰ এক অন্যতম জনপ্রিয় সংকলণ।
- ইউবাণ্টু(Ubuntu) আৰু এডুবাণ্টু: ডেবিয়ানৰ পৰিবৰ্তিত ৰূপ। এডুবা্ন্টু-ক বিশেষভাবে শৈক্ষিক কাৰ্যত ব্যৱহাৰৰ কাৰণে তৈয়াৰ কৰা হৈছে।
সাধাৰণতে এই সংকলনবোৰ নিজৰ নিজৰ ৱেব চাইটৰ পৰা ডাউনল'ড কৰিব পৰাকৈ বিতৰণ কৰা হয়। ব্যৱসায়ীক সংকলনবিলাকত উপভোক্তাৰ সুবিধাৰ কাৰণে সাধাৰণতে কোনো কোনো অতিৰিক্ত চফ্টৱেৰ যোগ কৰা হয়। এনে লীনাক্স সংকলনৰ লগত সাধাৰণতে ব্যৱসায়িক সেৱা আৰু দিহা-পৰামৰ্ষও পোৱা যায়।
[সম্পাদন কৰক] লীনাক্স-অৰ বাবে উপলব্ধ বিভিন্ন চফ্টৱেৰ
এটা লীনাক্স সংকলনত সন্নিহিত চফ্টৱেৰ সমুহক নিম্নলিখিত ভাগত শ্রেণীবদ্ধ কৰিব পৰা যায়:
- কাৰ্ণেল আৰু ডিভাইচ ড্রাইভাৰ
- চফ্টৱেৰ লাইব্রেৰী আৰু বিভিন্ন চিষ্টেম চফ্টৱেৰ
- এপ্লিকেশ্যন চফ্টৱেৰ
[সম্পাদন কৰক] কাৰ্নেল আৰু ডিভাইচ ড্রাইভাৰ
লীনাক্স কাৰ্নেল দুটা ধাৰাত পোৱা যায় – SYSV আৰু BSD । দুইধৰণৰ কাৰ্নেলেই মন'লিথিক। কম্পিউটাৰ বুট কৰাৰ সময়ত প্রথমতে হাৰ্ড-ডিস্ক-অৰ পৰা কাৰ্নেল চফ্টৱেৰটো প্রাথমিক মেমৰীত তুলি তাৰ ইনষ্ট্রাকচন বোৰ ৰান কৰা হয়।
কোনো কোনো সাধন – বিশেষকৈ প্রিন্টাৰ, নেটৱৰ্ক কাৰ্ড, ডিচপ্লে' আদি পাৰিপাৰ্শ্বিক যতনবোৰ ব্যৱহাৰ কৰিবলৈ কাৰ্নেলক ডিভাইচ ড্রাইভাৰ চফ্টৱেৰৰ প্রয়োজন হয়। এইবোৰ সাধাৰণতে ডিভাইচবোৰ তৈয়াৰ কৰা কোম্পানীবোৰেই যোগান ধৰে। বুটিঙৰ সময়তে কাৰ্ণেলে কম্পিউটাৰৰ হাৰ্ডৱেৰ ডিভাইচবোৰ বা অন্যান্য সংসাধনবোৰৰ অনুসন্ধান কৰি উপযুক্ত ড্রাইভাৰবোৰ ল'ড কৰে। ল'ড কৰাৰ দুইধৰণৰ উপায় আছে - ড্রাইভাৰ বোৰ কাৰ্ণেলৰ লগতে কম্পাইল কৰি কাৰ্ণেলৰ লগতে যোগ কৰি, অথবা মডিউল হিচাবে কাৰ্ণেলৰ লগত প্রয়োজন অনুসৰী বাহিৰৰ পৰা ল'ড কৰা। প্রথম উপায়টো সাধাৰণতে য'ত সৰু বা তড়িৎ প্রতিক্রিয়াযুক্ত কাৰ্ণেল-অৰ প্রয়োজন, তেনে ক্ষেত্রত যেনে ঔদ্যোগিক যন্ত্রৰ পৰিচালনা আদিৰ বাবে ব্যৱহাৰ কৰা হয়। অন্যথা বেছিভাগ ক্ষেত্রতে দ্বিতীয় উপায় ব্যৱহাৰ কৰা হয়। এনে কৰিলে ভোক্তাই বুটিঙৰ সময়ত ড্রাইভাৰবোৰ ল'ড নকৰি প্রয়োজন অনুসৰী ল'ড বা আনল'ড কৰে।
[সম্পাদন কৰক] লাইব্রেৰী আৰু চিষ্টেম চফ্টৱেৰ
এইশ্রেণীৰ চফ্টৱেৰ ভোক্তাই প্রত্যক্ষভাবে ব্যৱ্হাৰ নকৰিলেও সাধাৰণতে যিকোনো প্রগ্রেম ৰাণ কৰিবলৈ প্রয়োজন হয়। লীনাক্স-অত মূখ্যত: জি এন ইউ-ৰ দ্বাৰা প্রযোজিত চফ্টৱেৰ লাইব্রেৰী জিলীবচী ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও অন্যান্য এপ্লীকেশ্যন চফ্টৱেৰৰ লগতো প্রয়োজনীয় লাইব্রেৰী যোগান ধৰা হয়। অনেক সংকলনৰ লগত প্রায়ে বিভিন্ন কম্পাইলাৰ পেকেজ (চী, ফৰট্রান ইত্যাদি), পাৰ্ল, পাইথন আদি প্রগ্রেমিঙৰ সঁজুলি চফ্টৱেৰ-ও (সাধাৰণতে জি এন ইউ লাইচেন্স যুক্ত) বিতৰণ কৰা হয়।
সাধাৰণতে লীনাক্স-অত শ্বেয়াৰ্ড অবজেক্ট লাইব্রেৰী ব্যৱহাৰ (উইন্ড'জ-অৰ ডি এল এল লাইব্রেৰীৰ সমকক্ষ) কৰা হয় যদিও কোনো কোনো ক্ষেত্রত ষ্টেটিক লাইব্রেৰীও ব্যৱহাৰ কৰা হয়।
[সম্পাদন কৰক] এপ্লীকেশ্যন চফ্টৱেৰ
এইশ্রেণী চফ্টৱেৰৰ সহায়ত লীনাক্স-অৰ ভোক্তাই নিজৰ প্রয়োজনীয় কাম কৰে। লীনাক্স-অত ব্যৱহাৰোপযোগী অনেক বিনামূলীয়া, শ্বেয়াৰৱেৰ বা জি-এন-ইউ বা তৎসম লাইচেন্সযুক্ত অনেক চফ্টৱেৰ ইন্টাৰনেটট উপলব্ধ। তলত এনে কিছুমান চফ্টৱেৰৰ নাম আৰু থুলমুল বৰ্ণনা দিয়া হ'ল।
- এক্স-ফ্রী-এইট-চিক্স (Xfree86): গ্রাফিকেল ইউজাৰ ইন্টাৰফেচ বা জী-ইউ-আই (GUI). লীনাক্স-অৰ গ্রাফিকচ-ৰ পৰিৱেশক চফ্টৱেৰ।
- বেশ্ব শ্বেল (bash shell): লীনাক্সৰ অক্ষৰিক(text) কামান্ড ইন্টাৰপ্রিটাৰ (command interpreter)
- জী-ন'ম, কে-ডি-ই (Gnome, KDE): লীনাক্স-অৰ দুইপ্রকাৰ জনপ্রীয় উইন্ড' মেনেজাৰ – যি লীনাক্স-অৰ গ্রাফিকেল ডেস্কটপ পৰিবেশৰ সৃষ্টি কৰে। ই উইন্ড'জৰ ডেস্কটপৰ দৰেই * লীনাক্সতো সাধাৰণ ভোক্তাৰ কাৰণে সহজতে শিকিব আৰু কাম কৰিব পৰা পৰিবেশৰ সৃষ্টি কৰে।
- জী-এন-ইউ চী/চী++ (GNU C/C++) আৰু অন্যান্য প্রগ্রেমিঙৰ সাধনসমূহ: এইলানী চফ্টৱেৰৰ সহায়ত একে নামৰ প্রগ্রেমিং লেংগুৱেজত প্রগ্রেম তৈয়াৰ কৰিব পৰা হয়।
[অসম্পূৰ্ণ]