ন'বেল বঁটা বিজয়ী (শৰীৰবিজ্ঞান বা ঔষধ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(List of Nobel laureates in Physiology or Medicineৰ পৰা পুনঃনিৰ্দেশিত)

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। শৰীৰবিজ্ঞান বা ঔষধ বিষয়ত ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।

বৰ্ষ আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
২০১২
ছাৰ জন বি. গৰ্ডন
(Sir John B. Gurdon)
 যুক্তৰাজ্য এওঁলোকে আৱিষ্কাৰ কৰিছিল যে পৰিণত কোষকো পুনৰ প্ৰ'গ্ৰাম কৰি প্লুৰিপ'টেণ্ট কোষত পৰিণত কৰিব পৰা যায় ("for the discovery that mature cells can be reprogrammed to become pluripotent")[1]
শ্বিন্যা য়ামানাকা
(Shinya Yamanaka)
 জাপান
২০১১
ব্ৰুচ ই. বিউট্‌লাৰ
(Bruce A. Beutler)
 আমেৰিকা যুক্তৰাষ্ট্ৰ এই বৰ্ষৰ বঁটা দুভাগ কৰি এভাগ ব্ৰুচ বিউট্‌লাৰ আৰু জুল হফ্‌মেনলৈ দিয়া হয় তেওঁলোকৰ "জন্মগত প্ৰতিৰোধী ব্যৱস্থাৰ সক্ৰিয়কৰণ সম্পৰ্কীয় আৱিষ্কাৰ সমূহৰ বাবে" ("for their discoveries concerning the activation of innate immunity")। বঁটাৰ বাকী অংশ ৰাল্‌ফ ষ্টেইনমেনলৈ আগবঢ়োৱা হয়, "তেখেতে আৱিষ্কাৰ কৰা ডেনড্ৰাইটিক কোষ আৰু অভিযোজ্য প্ৰতিৰোধী ব্যৱস্থাত ইয়াৰ ভূমিকা সম্বন্ধীয় গৱেষণাৰ বাবে" ("for his discovery of the dendritic cell and its role in adaptive immunity".)[2]
জুল এ. হফ্‌মেন
(Jules A. Hoffmann)
 ফ্ৰান্স
ৰাল্‌ফ এম. ষ্টেইনমেন
(Ralph M. Steinman)
 কানাডা
২০১০
ৰবাৰ্ট জি. এড্‌ৱাৰ্ড্‌ছ
Robert G. Edwards)
 যুক্তৰাজ্য "কৃত্ৰিম নি:ষেচনৰ বিকাশৰ বাবে" ("Development of in vitro fertilization".)[3]
অসমাপ্ত তালিকা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Nobel Prize in Physiology or Medicine 2012". Nobelprize.org. 11 Oct 2012 http://www.nobelprize.org/nobel_prizes/medicine/laureates/2012/
  2. "The Nobel Prize in Physiology or Medicine 2011". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/medicine/laureates/2011/
  3. "The Nobel Prize in Physiology or Medicine 2010. Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/medicine/laureates/2010

বাহ্যিক সংযোগ[সম্পাদনা কৰক]