মান্না দে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Manna Deyৰ পৰা পুনঃনিৰ্দেশিত)
মান্না দে

২০০৭ চনৰ দাদাচাহেব ফাল্কে বঁটা প্ৰদান অনুষ্ঠানত মান্না দে
প্ৰাথমিক তথ্য
জন্মৰ নাম প্ৰবোধ চন্দ্ৰ দে
জন্ম ১ মে', ১৯১৯ (১০৪ বছৰ)[1]
কলিকতা, ব্ৰিটিছ শাসিত ভাৰত
মৃত্যু ২৪ অক্টোবৰ, ২০১৩ (৯৪ বছৰ)
বেংগালুৰু, ভাৰত
সংগীতৰ প্ৰকাৰ নেপথ্য কণ্ঠশিল্পী
পেচা গায়ক
বাদ্যযন্ত্ৰ ভকেলিষ্ট
কাৰ্যকাল ১৯৪২-২০১৩
ৱেবছাইট www.mannadey.in

প্ৰবোধ চন্দ্ৰ দে বা মান্না দে (১ মে' ১৯১৯ - ২৪ অক্টোবৰ ২০১৩) এজন ভাৰতীয় কণ্ঠশিল্পী। ১৯৪২ চনৰ হিন্দী বোলছবি 'তমন্না'ত প্ৰথম গীত গোৱাৰ পিছত ২০১৩ চনলৈকে তেখেতে ৪০০০তকৈও অধিক গীত বাণীবদ্ধ কৰিছিল। হিন্দী বোলছবিৰ নেপথ্য কণ্ঠশিল্পীৰূপে তেখেত ১৯৫৩-১৯৭৬ চনৰ সময়ছোৱাত অধিক সক্ৰিয় আছিল। মূলতঃ হিন্দী আৰু বাংলা ভাষাৰ লগতে তেখেতে মাৰাঠী, গুজৰাটী, অসমীয়া আদি ভাষাতো গীত গাইছিল। সংগীত জগতলৈ তেখেতৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেখেতক ১৯৭১ চনত পদ্মশ্ৰী, ২০০৫ চনত পদ্মবিভূষণ আৰু ২০০৯ চনত দাদাচাহেব ফাল্কে সন্মানেৰে অভিষিক্ত কৰে।

জীৱনী[সম্পাদনা কৰক]

দেউতাক - পূৰ্ণ চন্দ্ৰ আৰু মাক - মহামায়া দে’ৰ সন্তান মান্না দেই ১ মে ১৯১৯ চনত জন্মগ্ৰহণ কৰে। দেউতাক-মাকৰ সংস্পৰ্শ অবিহনে পিতৃসম্বন্ধীয় সৰ্বকনিষ্ঠ খুৰাক সঙ্গীতাচাৰ্য (সঙ্গীতত বিশেষভাবে দক্ষ শিক্ষক) কে.চি. দে (পূৰ্ণনাম: কৃষ্ণ চন্দ্ৰ দে)ই তেওঁক খুব বেছি অনুপ্ৰাণিত আৰু উৎসাহিত কৰিছিল। দেই তেওঁৰ শৈশৱৰ পাঠ গ্ৰহণ কৰিছিল ‘ইন্দু বাবুৰ পাঠশালা’ নামৰ এক সৰু প্ৰাক-প্ৰাথমিক বিদ্যালয়ত। তাৰপাছাত তেখেতে স্কটিছ গিৰ্জা কলেজিয়েট স্কুল আৰু স্কটিছ গিৰ্জা কলেজত[2] স্নাতক শিক্ষাগ্ৰহণ কৰিছিল। স্কটি চাৰ্চ কলেজত অধ্যয়ন কৰা কালত তেওঁ তেওঁৰ সহপাঠীসকলক গান শুনাই অনুষ্ঠান পৰিবেশন কৰিছিল। তেওঁ তেওঁৰ খুৰাক কৃষ্ণ চন্দ্ৰ দে আৰু উস্তাদ দাবিৰ খানৰ পৰা গানৰ শিক্ষা লাভ কৰে। সেই সময়ত মান্না দে আন্তঃকলেজ গানৰ প্ৰতিযোগিতাত ধাৰাবাহিকভাবে তিনি বছৰত তিনিটা পৃথক শ্ৰেণীবিভাগত প্ৰথম হৈছিল।

প্ৰথম জীৱন[সম্পাদনা কৰক]

মান্না দে ১৯৪২ চনত কৃষ্ণ চন্দ্ৰ দে’ৰ সৈতে বোম্বে (বৰ্তমান মুম্বাই) চাবলৈ আহে। তাত আৰম্ভণিতে তেওঁ কৃষ্ণ চন্দ্ৰ দে’ৰ অধীনত সহকাৰী হিচাপে আৰু তাৰপাছত শচীন দেৱ বৰ্মণ (এচ.ডি. বৰ্মণ) ৰ অধীনত কাম কৰে। পৰৱৰ্তীকালত তেওঁ অন্যান্য স্বনামধন্য গীতিকাৰৰ সান্নিধ্যলৈ আহে আৰু তাৰপাছত স্বাধীনভাবে নিজেই কাম কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত তেওঁ বিভিন্ন হিন্দী চলচ্চিত্ৰৰ বাবে সঙ্গীত পৰিচালনাৰ সমসাময়িক উস্তাদ আমান আলি খান আৰু উস্তাদ আব্দুল ৰহমান খানেৰ পৰা হিন্দুস্তানী শাস্ত্ৰীয় সঙ্গীতত তামিল লয়।

প্ৰাথমিক পেছাগত জীৱন[সম্পাদনা কৰক]

‘তামান্না’ (১৯৪৩) চলচ্চিত্ৰত গায়ক হিচাপে মান্না দে‘ৰ অভিষেক ঘটে। সুৰাইয়া’ৰ সৈতে দ্বৈত সঙ্গীতত গান গায় আৰু সুৰকাৰ আছিল কৃষ্ণ চন্দ্ৰ দে। সেই সময়ত গানটোৱে ভীষণ জনপ্ৰিয়তা অৰ্জন কৰিছিল। 'মশাল' (১৯৫০) ছবিত শচীন দেৱ বৰ্মণৰ গীত ৰচনাত ‘ওপৰ গগন বিশাল’ নামে একক গান গাইছিল। এই গানৰ কথা লিখিছিল কবি প্ৰদীপে। ১৯৫২ চনত মান্না দেই বাংলা আৰু মাৰাঠী ছবিত একেই নামেৰে আৰু গল্পত ‘আমাৰ ভূপালী’ গান গায়। ইয়াৰফলতেই তেওঁ প্ৰতিষ্ঠিত হয় আৰু পৰিপক্কতা লাভ কৰে আৰু জনপ্ৰিয় গায়ক হিচাপে সঙ্গীতপ্ৰেমীৰ পৰা স্বীকৃতি পায়।

মান্না দে ভীমসেন জোশী’ৰ সৈতে এটা জনপ্ৰিয় দ্বৈত গান ‘কেতকী গুলাব জুহি’ গায়। ইয়াৰ বাদেও, তেওঁ কিশোৰ কুমাৰৰ সৈতে পৃথক গোত্ৰৰ দ্বৈত গান হিচাপে ‘ইয়ে দোস্তী হাম নেহী তোৰেঙ্গে (শ্ব’লে)’ আৰু ‘এক চতুৰ নৰ' (পড়োচন) গায়। ইয়াৰ বাদেও, মান্না দে শিল্পী আৰু গীতিকাৰ হেমন্ত মুখোপাধ্যায় (হেমন্ত কুমাৰ)সহ আৰু বেছ কিছু গীতিকাৰৰ সৈতে বাংলা ছবিত গান গাইছিল। দ্বৈত সঙ্গীতত লতা মুঙ্গেশকাৰৰ সৈতে ‘কে প্ৰথম কাষত এসেছি' (শঙ্খবেলা) গান গাইছিল। ৰবীন্দ্ৰ সঙ্গীতসহ প্ৰায় ৩৫০০ গান গাইছে মান্না দেই।

পাৰিবাৰিক প্ৰেক্ষাপট[সম্পাদনা কৰক]

কেৰালাৰ ছোৱালী সুলোচনা কুমাৰনক ১৮ ডিচেম্বৰত ১৯৫৩ চনত বিয়া পাতে। তেওঁলোকৰ দুই কন্যা: শুৰোমা (জন্মঃ ১৯ অক্টোবৰ ১৯৫৬ চনত) আৰু সুমিতা (জন্মঃ ২০ জুন ১৯৫৮ চনত)ই জন্মগ্ৰহণ কৰে। মান্না দেই পঞ্চাশ বছৰৰো বেছি সময় মুম্বাইত কটোৱাৰ পাছাত বৰ্তমান বাঙ্গালোৰৰ কালিয়ানগৰ চহৰত বাস কৰিছে। ইয়াৰ বাদেও, তেওঁ কলকাতাত বাস কৰে। এতিয়াও তেওঁ বিভিন্ন সঙ্গীতবিষয়ক অনুষ্ঠানত যোগ দিবলৈ বিশ্বৰ বিভিন্ন স্থানলৈ ভ্ৰমণ কৰি থাকে।

আত্মজীৱনী আৰু ৰবীন্দ্ৰ ভাৰতী’ৰ পদক্ষেপ[সম্পাদনা কৰক]

২০০৫ চনত বাংলাভাষাত তেওঁৰ আত্মজীৱনী ‘জীৱনেৰ জলসাঘৰে’ খ্যাতিমান আনন্দ প্ৰকাশনৰ মাধ্যমত প্ৰকাশিত হয়। পাছাত এইখন ইংৰাজীত 'মেমৰীজ কাম এলাইভ', হিন্দীত 'ইয়াদেঁ জী উঠি' আৰু মাৰাঠী ভাষাত 'জীৱনেৰ জলসাঘৰে' নামেৰে অনুদিত হৈছে। মান্নাদেৰ জীৱনক লৈ ‘জীৱনেৰ জলসাঘৰে’ নামৰ এখন তথ্যচিত্ৰ ২০০৮ চনত মুক্তি পায়। মান্না দে সঙ্গীত একাডেমীত মান্না দে’ৰ সম্পূৰ্ণ আৰ্কাইভ বিকশিত আৰু ৰক্ষণাবেক্ষণ কৰা হৈছে। ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, কলকাতা সঙ্গীত ভৱনত মান্নাদে’ৰ সঙ্গীত সংৰক্ষণৰ উদ্যোগ লৈছে।

মৃত্যু[সম্পাদনা কৰক]

বুকুত সংক্ৰমণৰ পৰা জটিলতাৰ সৃষ্টি হোৱা বাবে ২০১৩ চনৰ ৮ জুনত মান্না দেক বেংগালুৰুৰ এখন চিকিৎসালয়ৰ আই চি য়ুত ভৰ্তি কৰোৱা হয়।[3] ৯ জুনত তেখেতৰ মৃত্যুৰ উৰাবাতৰি ওলাইছিল যদিও চিকিৎসকসকলে এই কথা নস্যাৎ কৰি কয় যে তেখেত জীয়াই আছে, কিন্তু জটিলতাৰ পৰা মুক্ত হোৱা নাই।[4] ৯ জুলাইত প্ৰকাশ কৰা হয় যে তেখেতৰ স্বাস্থ্য ভাললৈ আহিছে আৰু চিকিৎসকসকলে ৫ জুলাইত তেখেতৰ ভেণ্টিলেটৰ চাপৰ্ট আঁতৰাই দিছে।[5] হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ ২০১৩ চনৰ ২৪ অক্টোবৰৰ পুৱা ৩:৫০ বজাত নাৰায়ণা হৃদয়ালয়ত তেখেতে মৃত্যুবৰণ কৰে।[6][7]

সাফল্য আৰু খ্যাতি[সম্পাদনা কৰক]

মান্না দেই পদ্মশ্ৰী আৰু পদ্মবিভূষণ খিতাপসহ অসংখ্য খিতাপ অৰ্জন কৰিছে। অন্যান্য পুৰস্কাৰৰ তালিকা:

চন বিৱৰণ
১৯৬৯ হিন্দী চলচ্চিত্ৰ মেৰে হুজুৰ ছবিৰ গানৰ বাবে জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ: শ্ৰেষ্ঠ সঙ্গীতশিল্পী (পুৰুষ)
১৯৬৯ জাতীয় বোলছবি পূৰস্কাৰ Renaissance Sanskritik Parishadৰ মাজত মধ্যপ্ৰদেশ
১৯৭১ বাংলা চলচ্চিত্ৰ নিশি পদ্মে ছবিৰ গানৰ বাবে জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ: শ্ৰেষ্ঠ সঙ্গীতশিল্পী (পুৰুষ)
১৯৭১ ভাৰত চৰকাৰে পদ্মশ্ৰী পুৰস্কাৰ দিয়ে।
১৯৮৫ মধ্য প্ৰদেশ চৰকাৰে লতা মঙ্গেশকাৰ পদক প্ৰদান কৰে।
১৯৮৮ ৰেনেঁসা সাংস্কৃতিক পৰিষদ, ঢাকাৰ দ্বাৰা মাইকেল সাহিত্য পুৰস্কাৰ প্ৰদান।
১৯৯০ মিঠুন ফেনচ এচ’চিয়েছনৰ ফালৰ পৰা শ্যামল মিত্ৰ পুৰস্কাৰ।
১৯৯১ শ্ৰী ক্ষেত্ৰ কলা প্ৰকাশিকা, পুৰীৰ পৰা সঙ্গীত স্বৰ্ণচূড় পুৰস্কাৰ প্ৰদান।
১৯৯৩ পি.চি চন্দ্ৰ গ্ৰুপ আৰু অন্যান্যসকলৰ ফালৰ পৰা পি.চি. চন্দ্ৰ পুৰস্কাৰ।
১৯৯৯ কমলা দেৱী গ্ৰুপে কমলা দেৱী ৰায় পুৰস্কাৰ প্ৰদান কৰে।
২০০১ ‍আনন্দবাজাৰ গ্ৰুপে আনন্দলোক জীৱনজোৰা সন্মান প্ৰদান কৰে।
২০০২ বিশেষ জুৰী ব’ৰ্ডৰ দ্বাৰা সঙ্গীতত অৱদানৰ বাবে সাৰল্য যশোদাস পুৰস্কাৰ প্ৰদান কৰে।
২০০৩ পশ্চিমবঙ্গ চৰকাৰৰ দ্বাৰা আলাউদ্দিন খান পুৰস্কাৰেৰে বিভূষিত।
২০০৪ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ দ্বাৰা ডি.লিট সন্মান প্ৰদান।
২০০৪ কেৰালা চৰকাৰে গায়ক হিচাপে জাতীয় পুৰস্কাৰ প্ৰদান কৰে।
২০০৫ ভাৰত চৰকাৰৰ দ্বাৰা পদ্মবিভূষণ খিতাপ প্ৰদান।
২০০৫ মহাৰাষ্ট্ৰৰ চৰকাৰৰ দ্বাৰা আজীৱনকালৰ সন্মান প্ৰদান।
২০০৭ ভাৰত চৰকাৰৰ দ্বাৰা দাদাচাহেব ফালকে পুৰস্কাৰ।
২০০৭ ওড়িষ্যা চৰকাৰৰ দ্বাৰা “প্ৰথম অক্ষয়” পুৰস্কাৰ প্ৰদান।
২০০৮ যাদবপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা ডি.লিট সন্মান প্ৰদান।

আৰু চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]