মনালিচা বৰুৱা মেহতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Monalisa Baruah Mehtaৰ পৰা পুনঃনিৰ্দেশিত)
মনালিচা বৰুৱা মেহতা
ব্যক্তিগত তথ্যাৱলী
জন্ম নাম মনালিচা বৰুৱা
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া টেবুল টেনিছ

মনালিচা বৰুৱা মেহতা (ইংৰাজী: Monalisa Baruah Mehta) হৈছে অসমৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ। ১৯৮৭ চনত এওঁ অৰ্জুন বঁটা লাভ কৰে। অৰ্জুন বঁটাৰে সন্মানিত তেখেত হৈছে দ্বিতীয় অসমীয়া আৰু প্ৰথম অসমীয়া মহিলা।[1] এওঁ পূৰ্বৰ নেচনেল টেবুল টেনিছৰ বিজয়ী কমলেশ মেহতা (ইংৰাজী: Kamlesh Mehta)ৰ লগত বিবাহ পাশত আবদ্ধ হয়।

তেখেতে ১২ বাৰ অসম ৰাজ্যিক চেম্পিয়ন খিতাপ দখল কৰিছিল। মনালিছাই ১৯৮৬ চনৰ ছিউল এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[2]

তেখেতে গুৱাহাটীৰ ছেণ্ট মেৰীজ কনভেণ্ট স্কুল আৰু কটন কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ মুম্বাই নিবাসী আৰু অইল ইণ্ডিয়াত কৰ্মৰত এগৰাকী বিষয়া।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]