সদস্য:Purnananda Neog

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰত ত্যাগ আন্দোলনত ঢেকীয়াজুলীৰ অৱদান ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক উল্লেখযোগ্য অধ্যায় ১৯৪২চনত মহাত্মা গান্ধীৰ আহ্বানত গণ আন্দোলনৰ ৰূপ লোৱা ভাৰত ত্যাগ আন্দোলন য'ত সমগ্ৰ দেশৰ লগতে অসমেও এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল । অসমৰ ভিতৰত সেইসময়ৰ অবিভক্ত দৰং জিলাৰ অন্তৰ্গত ঢেকীয়াজুলিতে ভাৰত ত্যাগ আন্দোলনৰ সবাটোকৈ বৰ্ণিল অধ্যায়টি ৰচিত হৈছিল । সহস্ৰাধিক জনতাই অংশ লোৱা এই আন্দোলনত ২০ চেপ্তেম্বৰ তাৰিখে ঢেকীয়াজুলি থানাত তিৰংগা উৰুৱাবলৈ গৈ ১৩জনকৈ মহান আত্মা শ্বহীদ হয় । তেওঁলোক হ'ল ক্ৰমে মনবৰ নাথ, কুমলী দেৱী , মহীৰাম কোঁচ , ৰতন কছাৰী , মণিৰাম কছাৰী , সৰুনাথ চুতিয়া , খহুলী দেৱী , দয়াল পানিকা, মংগল কুৰ্কু, তিলেশ্বৰী বৰুৱা , লেৰেলা কছাৰী , হাবাং কছাৰী , এজন অজ্ঞাত সাধু আৰু এজন ভিক্ষু ।