সদস্য:Sachidananda Saikia

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সচ্চিদানন্দ শইকীয়া[সম্পাদনা কৰক]

জন্ম ডিব্ৰুগড় , অসম
পেচা আকাশবাণী কেন্দ্ৰ ডিব্ৰুগড়
ভাষা অসমীয়া, ইংৰাজী, মাৰাঠী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা স্নাতকোত্তৰ (অসমীয়া সাহিত্য)
বিষয় ফটোগ্ৰাফী
দাম্পত্যসংগী এল. এক্স. প'লিন হাজৰিকা

সচ্চিদানন্দ শইকীয়া (ইংৰাজী: Sachidananda Saikia) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসীয়াৰ বিষয়ত স্নাতকোত্তৰ। বিশ্ববিদ্যালয় অনুদান আয়োগৰ গৱেষণা জলপানী (JRF) লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অসমীয়া বিভাগৰ পৰা ড০ নীৰাজনা মহন্ত বেজবৰাৰ তত্ত্বাৱধানত গৱেষণা কৰি ২০১৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় পি.এইছডি ডিগ্ৰী লাভ কৰে। তেওঁৰ অধ্যয়নৰ বিষয় আছিল "অৰুণ শৰ্মা আৰু বিজয় তেণ্ডুলকৰৰ সমাজতত্ত্ব"। তেওঁ প্ৰকাশিত গ্ৰন্থ "সাহিত্যৰ সমাজতত্ত্ব" (২০১৮)। ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ প্ৰাক্তন নৈমিত্তিক ঘোষক শইকীয়া বৰ্তমান খোৱাং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক। কম্পিউটাৰ গ্ৰফিক্স আৰু ফটোগ্ৰাফীত তেওঁৰ বিষেশ ৰাপ আছে।