সদস্য:লুইত অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ, অসমীয়া ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠালৈ আপোনাক স্বাগতম জনাইছোঁ। লুইত অসম মোৰ ছদ্মনাম। মোৰ প্ৰকৃত নাম শ্ৰী নয়ন জ্যোতি নাথ। আমাৰ ঘৰ শোণিতপুৰজিলাৰ জামুগুৰি হাট চহৰত। অৱশ্যে বিভিন্ন প্ৰয়োজনত মই বৰ্তমান তেজপুৰত থাকোঁ। মই বৰ্তমান স্নাতকোত্তৰ মহলাৰ ছাত্ৰ। অসমীয়া আৰু ৰিটেইল মেনেজমেণ্ট বিভাগত মই অধ্যয়ন কৰি আছোঁ। মই মোৰ সু-হৃদ অজয় দাসৰ প্ৰেৰণাৰে অসমীয়া ৱিকিপিডিয়াৰ নতুন সদস্য। মই মূলতঃ অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱাৰ হেতু আগ্ৰহী।

লুইতে মোৰ আইৰ চৰণ পখালি মোক প্ৰাণ দিলে[সম্পাদনা কৰক]

১৯৯৫চনৰ ২২মাৰ্চ তাৰিখে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত মই প্ৰথম চকু মেলোঁ। প্ৰাথমিক শিক্ষা লাভৰ সময়ৰে পৰা ক্ৰমে নৃত্য, ছবি, হাতৰ আখৰ,গান, কবিতাৰ প্ৰেমত পৰি বৰ্তমানো আজৰি পৰত চৰ্চা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰো পৰি বিভিন্ন সৃষ্টিশীল কামকাজৰ প্ৰতি অভাৱনীয় দুৰ্বলতা আছে।

শিক্ষা[সম্পাদনা কৰক]

আমাৰ গাঁৱৰ খাদৈচুক প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি পিছলৈ ক্ৰমে, জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, অৰিয়েন্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ, তেজপুৰ মহাবিদ্যালয়ত শিক্ষা সাং কৰি বৰ্তমান দৰং মহাবিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়(মুক্ত বিশ্ববিদ্যালয়ৰ)ত অধ্যয়নৰত।

পৰিয়াল[সম্পাদনা কৰক]

মই শ্ৰীমতী ৰঞ্জু দেৱী আৰু শ্ৰীযুত নগেন নাথৰ দ্বিতীয় সন্তান মোৰ জ্যেষ্ঠ শ্ৰী পবিত্ৰ নাথ মোৰ অনুপ্ৰেৰণাৰ বুধিদ্রুম। দেউতা এজন সৰল খেতিয়ক মা এগৰাকী গৃহিনী। দাদা ব্যৱসায়ৰ কামত জড়িত।পেচাগত ভাৱে বৰ্তমান মই এজন ঘৰুৱা শিক্ষক।