ৱিকিপিডিয়া বাৰ্তা:সন্মিলন/গুৱাহাটী ১

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অংশগ্ৰহণ[সম্পাদনা কৰক]

এই পৃষ্ঠাটো লৈ অলপ খেলি মেলি হৈছে, "কোন কোন" মানে ইয়াত বুজোৱা হৈছে কোন উপস্থিত থাকিব সেই অনুসৰি তাতে সদস্য সকলে হস্তাক্ষৰ কৰিব । তেনেহলে অংশগ্ৰহনকাৰী শব্দটোৰ কাক বুজোৱা হব বাৰু ?
Jyoti Prakash Nath 13:39, 12 জানুৱাৰী 2012 (UTC)

মানুহবোৰে স্বাক্ষৰ কৰিব নাজানি নামটো লিখিছে নেকি বাৰু? "উপস্থিত থাকিব" অনুচ্ছেদটো মচি নামবোৰ "অংশগ্ৰহণকাৰী"ত ভৰাই দিয়া যাওক। হ'বনে? Gitartha.bordoloi 07:22, 12 জানুৱাৰী 2012 (UTC)
"উপস্থিত থাকিব" শিতানত বিশেষ ব্যক্তিসকলৰ নাম লিখি ৰাখিলে ভাল হ'ব৷ যেনে Shiju Alexদা বা অন্য৷ আনহাতে অংশগ্ৰহণকাৰী শিতানত ৱিকিপিডিয়াত সক্ৰিয়-অসক্ৰিয় আমাৰ সাধাৰণ সদস্য-অসদস্যসকলৰ নামবোৰ থাকিব পাৰে৷ এই লিংকটো ফে'চবুকৰ সকলো গোটতে উপলভ্য কৰি দিলে গুৱাহাটীত থকা বহু সদস্য পোৱা যাব৷ সেই সকলে নিজৰ নাম "অংশগ্ৰহণকাৰী"ত লিখিব৷

Anjal Borah 07:37, 12 জানুৱাৰী 2012 (UTC)

পৰিকল্পনা[সম্পাদনা কৰক]

কেনেধৰণৰ পৰিকল্পনা লোৱা হৈছে জনাবনেকি? মোৰ বোধেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগকে ধৰি দুই এটা বিভাগ আৰু কেইখনমান কলেজৰ বিভাগসমূহলৈ একোখন চিঠি দি ছাত্ৰ-ছাত্ৰীসকলক নিমন্ত্ৰণ কৰাটো ভাল হ'ব৷ কাৰণ আমাক এতিয়া সজাগতা অতিব প্ৰয়োজন৷ বিশেষকৈ কটন কলেজৰ সাংবাদিকতা পাঠক্ৰম আৰু অসম সাংবাদিকতা বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলকো খবৰ দিব পাৰিলে ভাল হ'ব৷ এইয়া মোৰ অনুভৱহে৷ বাকী কৰ্মকৰ্তাসকলে নিশ্চয় চিন্তাচৰ্চা কৰিছে৷ ধন্যবাদ৷ Anjal Borah 07:28, 12 জানুৱাৰী 2012 (UTC)

মই ইতিমধ্যে প্ৰায় পোন্ধৰটামান ফেচবুকৰ গোটত এই লিংকটো দি কথাখিনি লিখিছো কিন্তু কাৰো পৰা সহাৰি নাই পোৱা । অঞ্জল বৰা দা এতিয়ালৈকে মই একো পৰিকল্পনা নাই
কৰা কাৰণ মোৰ বেছি অভিজ্ঞতাও নাই, আপোনালোকে কথা বিলাক লিখি ইয়াতে জনালে ভাল আছিলে । আপোনালোকৰ সহায় সহযোগ কামনা কৰিলো । মই কেইজনমান
মানুহক মাতাৰ কথা ভাৱি আছো, এই বিষয়ে চিযু চাৰৰ লগত কথা পাতি জনাম । বাকি আপোনালোকেও নিজৰ ফালৰ পৰা প্ৰচাৰ কৰিলে ভাল হয় । ইতিমধ্যে ঠাই আৰু
সময় ঠিক কৰা হৈছে কিন্তু গীতাৰ্থ দা আহিব নোৱাৰিব বুলি কোৱাত বেয়া লাগিল ।

Jyoti Prakash Nath 13:33, 12 জানুৱাৰী 2012 (UTC)

অঞ্জল দা এইখন ৱিকি-মিটিআপ বুলিহে পৰিকল্পনা কৰা হৈছে অৰ্থাত্‍ কেইজনমান ৱিকিপিডিয়ানৰ চিনাকী পৰ্ব আৰু অনানুষ্ঠানিক আলোচনা। কলেজৰ ছাত্ৰসকলক মাতিলে কৰ্মশালা জাতীয়হে হ'ব। কৰিব পৰা যায়, তাৰবাবে প্ৰস্তুতিও অলপ বেলেগ হ'ব। Gitartha.bordoloi 17:33, 12 জানুৱাৰী 2012 (UTC)