সদস্য:আকাশ প্ৰিয়ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰনোজ ভৰালী
শ্ৰী ৰনোজ ভৰালী
জন্ম ০২ মাৰ্চ, ১৯৯৪
আখৈফুটীয়া গাওঁ, ঢকুৱাখনা, অসম
ছদ্মনাম আকাশ প্ৰিয়ম
পেচা কবি, প্ৰৱন্ধকাৰ, নিৱন্ধকাৰ, সমালোচক, সাংবাদিক, নাট্যচিন্তন আলোচনীৰ কায্যবাহী সম্পাদক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
শিক্ষা উচ্চতৰ মাধ্যমিক, ইংৰাজীৰ স্নাতক, আইনৰ ছাত্ৰ ও গণ সংযোগ আৰু সাংবাদিকতা বিষয়ৰ ডিপ্লমা।
সময় ১৯৯৪ চনৰ পৰা বৰ্তমানলৈকে।
উল্লেখনীয় কৰ্মৰাজি জোনাক- প্ৰথমখন নিজা পকেট কবিতা কিতাপ ৩০ ডিচেম্বৰ, ২০১৪ তাৰিখে কবি যোগেন টাইডে জংকী পানৈৰ দেশ ঘূনাসুতিৰ মিৰি জীয়ৰী কলেজত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন হয়। ১। ম’হঘূলি- একাঁজলি প্ৰেমৰ কবিতা, ২০১২
২। গগণা- প্ৰথম সংখ্য, এপ্ৰিল, ২০১১
৩। গগণা দ্বিতীয় সংখ্যা, মে’, ২০১১
৪। অৰ্পণ, ২০১১ (যুটীয়া সম্পাদনা)
৫। বিহুৱান, ২০১৩ (সম্পাদনা সদস্য)
৬। বৰ্ণম, ২০১৩ (সম্পাদনা সদস্য)
৭। হাবুঙৰ কবিতা, ২০১৪ (সম্পাদনা সদস্য)
উল্লেখযোগ্য বঁটা ১। লখিমপুৰ জিলা সাংবাদিক সংস্থাই আয়োজন কৰা জিলা ভিত্তিক ঠাইতে লিখা বাতৰি প্ৰতিযোগিতাত তৃতীয় স্থান, ২০১২(বিষয়ঃ- লখিমপুৰ- ধেমাজিৰ বান)[উদ্ধৃতিৰ প্ৰয়োজন]
২। গোলাঘাট ডি আৰ কলেজত অনুষ্ঠিত সদৌ আসম ভিত্তিক কবিতা প্ৰতিযোগিতাত দ্বিতীয় স্থান, ২০১৩ (কবিতাঃ- পূৰ্ণতাৰ বিপৰীতে)[উদ্ধৃতিৰ প্ৰয়োজন]
৩। চি পি আই (এম), অসম ৰাজ্যিক সমিতিয়ে প্ৰতিস্থাপক সম্পাদক কমৰেড অচিন্ত ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান উপলক্ষে আয়োজিত সদৌ অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান, ২০১৪(ৰচনাৰ বিষয়ঃ- অসমৰ উন্নয়নঃ সমস্যা আৰু সম্ভাৱনা)[উদ্ধৃতিৰ প্ৰয়োজন]
৪। লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে অসম গণ পৰিষদে আয়োজন কৰা সদৌ অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাত দ্বিতীয় স্থান, ২০১৪(বিষয়ঃ- বেজবৰুৱাৰ ৰচনাত দেশাত্মবোধ)[উদ্ধৃতিৰ প্ৰয়োজন]

আকাশ প্ৰিয়ম (ইংৰাজী: Akash Priyam) আধুনিক অসমীয়া সাহিত্যৰ লগতে নিৰপেক্ষ সাংবাদিকতা আৰু সমালোচনাৰ জৰিয়তে অসমীয়া সাহিত্য জগতলৈ ৰনোজ ভৰালীয়ে আকাশ প্ৰিয়ম নামেৰে গুৰুতৰ অৱদান আগবঢ়াই আহিছে। কবিতা, প্ৰৱন্ধ, সমালোচনা, সাংবাদিকতা আদি সকলো দিশৰ উপৰিও বিভিন্ন সামাজিক-সাংস্কৃতিক দল-সংগঠনৰ লগত পোনপটীয়াকৈ জড়িত হৈ তেওঁ নিজকে এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে৷

জন্ম[সম্পাদনা কৰক]

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ আখৈফুটীয়া গাঁৱৰ এটা দুখীয়া পৰিয়ালত ৰনোজ ভৰালীৰ জন্ম হয় ১৯৯৪ চনৰ ০২ মাৰ্চ তাৰিখে। পিতৃ শ্ৰী গুনাৰাম ভৰালী, মাতৃ শ্ৰী মিনু বড়া ভৰালী । তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত নিৰৱচ্চিন্ন সাহিত্য সাধনাত ব্ৰতী হোৱাত তেওঁ নিজকে আকাশ প্ৰিয়ম নামেৰে চিনাকি দিয়ে।

শিক্ষা[সম্পাদনা কৰক]

আখৈফুটীয়া গাওঁ প্ৰাথমিক বিদ্যালয়তে শিক্ষাৰম্ভ কৰি ২০১০ চনত ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। ২০১২চনত ঢকুৱাখনা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ পুনৰ ঢকুৱাখনা মহাবিদ্যালয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰি 2015 চনত ইংৰাজী বিষয়ত মেজৰ সহ স্নাতক উত্তীৰ্ণ হৈ উত্তৰ লখিমপুৰ আইন মহাবিদ্যালয়ত আইনৰ ছাত্ৰ হিচাপে নামভৰ্তী কৰাৰ উপৰিও ২০১৩ চনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত গণ সংযোগ আৰু সাংবাদিকতাৰ ডিপ্লমা পাঠ্যক্ৰম সম্পুৰ্ণ কৰে।

কৰ্ম-জীৱন[সম্পাদনা কৰক]

২০১২ চনৰ জুলাই মাহত প্ৰথম সাপ্তাহিক নীলাচল কাকতত সাংবাদিকতা আৰম্ভ কৰাৰ পিছত চেন্টিনেল গ্ৰুপৰ আজিৰ অসম কাকতৰ ঢকুৱাখনাৰ নিজা প্ৰতিবেদক হিচাপে কাৰ্যনিৰ্বাহ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] ইয়াৰ পিছত এদিনৰ সংবাদ কাকতত ঢকুৱাখনাৰ প্ৰতিবেদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে আজিৰ দৈনিক বাতৰি, গণ সংবাদ, জনসাধাৰণ আদি কাকতটো দুবছৰ দিন (অবৈতনিক) সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] তদুপৰি বৰ্তমান ঢকুৱাখনাৰ সাংস্কৃতিক প্ৰতিবেদক হিচাপে কেইখনমান কাকতত সাংস্কৃতিক বাৰ্তা পৰিৱেশন কৰি অহাৰ উপৰি লখিমপুৰৰ পৰা প্ৰকাশিত নাট্যচিন্তন নামৰ নাট্যালোচনীখনৰ প্ৰতিনিধি হিচাপে কাম কৰাৰ পাছত 2015 চনত কায্যবাহী সম্পাদক হিচাপে দায়িত্ব পালন কৰে৷ সাঁচ:নাট্যচিন্তন, তিনিমহীয়া নাটক বিষয়ক আলোচনী সাংবাদিকতা কিছুদিনৰ বাবে স্থগিত ৰাখি আকাশ প্ৰিয়মে নিয়মীয়াকৈ লিখা-মেলা আৰম্ভ কৰে। সাদিন, আমাৰ অসম(বহুমুখ), অসমীয়া প্ৰতিদিন, জনসাধাৰণ, আজিৰ দৈনিক বাতৰি, এদিনৰ সংবাদ, গণ সংবাদ, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা আদি কাকতৰ লগতে সাতসৰী আলোচনীত নিয়মীয়াকৈ লেখা মেলা অব্যহত ৰাখিছে। আকাশ প্ৰিয়মে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰিয়েই ঢকুৱাখনাৰ পৰা গগণা নামেৰে এখন ক্ষুদ্ৰ আলোচনী প্ৰকাশৰ প্ৰয়াস কৰে। ২০১১ চনৰ এপ্ৰিল মাহত গগণাৰ প্ৰথমটি সংখ্যা প্ৰকাশ কৰাৰ পাছত দ্বিতীয়টো সংখ্য প্ৰকাশ পায় ঢকুৱাখনাৰ ফাটবিহুৰ উপলক্ষে। ইয়াৰ পিছত পুনৰ ২০১২ চনত অসমৰ জনপ্ৰিয় কবি সকলৰ প্ৰেম, ফাটবিহু, মহঘূলি চাপৰি, বিহু আদি বিষয়ৰ কবিতা সংকলন কৰি মহঘূলি একাজঁলি প্ৰেমৰ কবিতা প্ৰকাশ আৰু সম্পাদনা কৰে। ইয়াৰ লগতে ঢকুৱাখনাৰ পৰা প্ৰকাশ পোৱা হেঙুল নামৰ আলোচনীখনৰ উপ-সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

সামাজিক জীৱন[সম্পাদনা কৰক]

২০০৮ চনত হাইস্কুলত পঢ়ি থাকোতেই ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব পায়।[উদ্ধৃতিৰ প্ৰয়োজন] পিছলৈ ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপেও দায়িত্ব পালন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] ২০১২ চনত গগণা সাহিত্য গোষ্ঠী নামেৰে এটি সাহিত্য অনুষ্ঠান গঠন কৰি সম্পাদক হিচাপে কাৰযনিৰ্বাহ কৰাৰ ওপৰি ঢকুৱাখনা সমন্বয় নাট্য সংঘ নামৰ এটি নাট্য সংগঠনৰো সম্পাদক আছিল।[উদ্ধৃতিৰ প্ৰয়োজন] এইবোৰৰ উপৰিও ঢকুৱাখনা নাট্য বিদ্যালয়, ঢকুৱাখনা প্ৰেছ গীল্ড, ঢকুৱাখনা শাখা সাহিত্য সভা, ঢকুৱাখনা কবি সমাজ আদিৰ অন্যতম সদস্য।[উদ্ধৃতিৰ প্ৰয়োজন]

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

২০১১ চনত ঢকুৱাখনাৰ পৰা আকাশ প্ৰিয়মৰ নিজা প্ৰচেষ্টাৰে গগণা ক্ষুদ্ৰ আলোচনী প্ৰকাশেৰে সাহিত্য জীৱনৰ পাতনি মেলে।[উদ্ধৃতিৰ প্ৰয়োজন] ইয়াৰ পিছত তেওঁ মহঘূলি একাজঁলি প্ৰেমৰ কবিতা প্ৰকাশ কৰাৰ উপৰি হেঙুল আলোচনীৰ উপ-সম্পাদক আৰু বিহুৱান(ঢকুৱাখনা ফাটবিহুৰ মুখপত্ৰ), ঢকুৱাখনা মহাবিদ্যালয় আলোচনী, বৰ্ণম (ঢকুৱাখনা কবি সমাজ মুখপত্ৰ), হাবুঙৰ কবিতা, আদি আলোচনী-মুখপত্ৰৰ সম্পাদনা সদস্য হিচাপে সাহিত্য সেৱা আগবঢ়ায়।

২০১৫ বৰ্ষত ঢকুৱাখনাত অনুস্থিত চাৰিকড়ীয়া মহোত্সৱ উপলক্ষে চাৰিকড়ীয়া মহোত্সৱ পত্ৰিকা প্ৰকাশ আৰু সম্পাদনা কৰাৰ পিছত ২০১৬ বৰ্ষৰ ফাটবিহু উপলক্ষে সম্প্ৰীতি নামৰ এখন পত্ৰিকা প্ৰকাশ কৰে।

কবিতা সংকলন[সম্পাদনা কৰক]

জোনাক এমুঠি প্ৰেমৰ কবিতা (৩০ ডিচেম্বৰ, ২০১৪ তাৰিখে ঘূনাসুতিত উন্মোচন হয়)

সম্পাদনা কৰা আলোচনী আৰু গ্ৰন্থ[সম্পাদনা কৰক]

  • ১।ম’হঘূলি- একাঁজলি প্ৰেমৰ কবিতা, ২০১২
  • ২। গগণা- প্ৰথম সংখ্য, এপ্ৰিল, ২০১১
  • ৩। গগণা দ্বিতীয় সংখ্যা, মে’, ২০১১
  • ৪। অৰ্পণ, ২০১১ (যুটীয়া সম্পাদনা)
  • ৫। বিহুৱান, ২০১৩ (সম্পাদনা সদস্য)
  • ৬। বৰ্ণম, ২০১৩ (সম্পাদনা সদস্য)
  • ৭। হাবুঙৰ কবিতা, ২০১৪ (সম্পাদনা সদস্য)

উল্লেখযোগ্য পুৰষ্কাৰ[সম্পাদনা কৰক]

  • ১। লখিমপুৰ জিলা সাংবাদিক সংস্থাই আয়োজন কৰা জিলা ভিত্তিক ঠাইতে লিখা বাতৰি প্ৰতিযোগিতাত তৃতীয় স্থান, ২০১২ (বিষয়ঃ- লখিমপুৰ- ধেমাজিৰ বান)
  • ২। গোলাঘাট ডি আৰ কলেজত অনুষ্ঠিত সদৌ আসম ভিত্তিক কবিতা প্ৰতিযোগিতাত দ্বিতীয় স্থান, ২০১৩ (কবিতাঃ- পূৰ্ণতাৰ বিপৰীতে)
  • ৩। চি পি আই (এম), অসম ৰাজ্যিক সমিতিয়ে প্ৰতিস্থাপক সম্পাদক কমৰেড অচিন্ত ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান উপলক্ষে আয়োজিত সদৌ অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান, ২০১৪

(ৰচনাৰ বিষয়ঃ- অসমৰ উন্নয়নঃ সমস্যা আৰু সম্ভাৱনা)

  • ৪। লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে অসম গণ পৰিষদে আয়োজন কৰা সদৌ অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাত দ্বিতীয় স্থান, ২০১৪

(বিষয়ঃ- বেজবৰুৱাৰ ৰচনাত দেশাত্মবোধ)