কুমাৰ স্বামী কামৰাজ নাদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুমাৰা স্বামী কামৰাজ নাদাৰ
கு. காமராஜ்
Member of Parliament (Lok Sabha) for Nagercoil
কাৰ্যকাল
1967–1975
পূৰ্বসূৰী A. Nesamony
উত্তৰসূৰী Kumari Ananthan
সমষ্টি Nagercoil
Member of Tamil Nadu Legislative Assembly for Sattur
কাৰ্যকাল
1957–1967
পূৰ্বসূৰী S. Ramaswamy Naidu
উত্তৰসূৰী S. Ramaswamy Naidu
সমষ্টি Sattur
Member of Tamil Nadu Legislative Assembly for Gudiyatham
কাৰ্যকাল
1954–1957
পূৰ্বসূৰী Rathnaswamy and A. J. Arunachala Mudaliar
উত্তৰসূৰী V. K. Kothandaraman and T. Manavalan
সমষ্টি Gudiyatham
Chief Minister of the Madras State (Tamil Nadu)
কাৰ্যকাল
1954–1963
পূৰ্বসূৰী C. Rajagopalachari
উত্তৰসূৰী M. Bhakthavatsalam
Member of Parliament (Lok Sabha) for Srivilliputhur
কাৰ্যকাল
1952–1954
পূৰ্বসূৰী None
উত্তৰসূৰী S. S. Natarajan
সমষ্টি Srivilliputhur
President of the Indian National Congress (Organisation)
কাৰ্যকাল
1967–1971
পূৰ্বসূৰী None
উত্তৰসূৰী Morarji Desai
President of the Indian National Congress
কাৰ্যকাল
1963–1967
পূৰ্বসূৰী Neelam Sanjiva Reddy
উত্তৰসূৰী S. Nijalingappa
President of the Madras Provincial Congress Committee
কাৰ্যকাল
1946–1952
উত্তৰসূৰী P. Subbarayan
ব্যক্তিগত তথ্য
জন্ম ১৫ জুলাই, ১৯০৩
Virudhunagar, Tamil Nadu, India
মৃত্যু ০২ অক্টোবৰ, ১৯৭৫ (৭২ বছৰ)
Chennai, Tamil Nadu, India
ৰাষ্ট্ৰীয়তা Indian
ৰাজনৈতিক দল Indian National Congress
স্বাক্ষৰ

কুমাৰা স্বামী কামৰাজ নাদাৰ (ইংৰাজী: Kumara Swami Kamraj Nadar) (১৯০৩-১৯৭৫) ১৯৭৬ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত হোৱা বিশিষ্ট ব্যক্তিগৰাকী হৈছে কুমাৰা স্বামী কামৰাজ নাদাৰ। ভাৰত ৰাজনৈতিক আৰু সামাজিক দিশলৈ তেওঁৰ বিশিষ্ট বৰঙণিৰ বাবে ভাৰত চৰকাৰে এই সন্মান আগবঢ়াইছিল। সাধাৰণ পৰিয়ালৰ পৰা অহা স্কুলীয়া শিক্ষা-দীক্ষাত আগবাঢ়িব নোৱাৰা ব্যক্তি এজনে সমাজ সংগঠনৰ দিশত যি কৃতিত্ব আৰু সাফল্য প্ৰদৰ্শন কৰিছিল-সেয়া আদৰ্শ হৈ ৰল। ১৯৫৪ চনত তেওঁ মাদ্ৰাজৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ ইংৰাজী ভাষাৰ প্ৰতি অকণো মোহ নাছিল।[2]

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

কামৰাজ নাদাৰৰ জন্ম হয় ১৯০৩ চনৰ ১৫ জুলাই তাৰিখে ৰামনাদৰ বিৰুধুনাগাৰত। তেওঁৰ পিতাক এজন সাধাৰণ নাৰিকল ব্যৱসায়ী আছিল। কামৰাজৰ ছয় বছৰ বয়সতে তেওঁৰ পিতাকৰ মৃত্যু হৈছিল। তেওঁলোকৰ নিঠৰুৱা পৰিয়ালটোৱে মোমায়েকৰ আশ্ৰয়ত লালিত-পালিত হৈছিল। কামৰাজে সংসাৰ ধৰ্মত প্ৰৱেশ কৰা নাছিল।[2]

সংগ্ৰামী জীৱন[সম্পাদনা কৰক]

কুমাৰা স্বামী কামৰাজ নাদাৰে মাত্ৰ ওঠৰ বছৰ বয়সৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিবলৈ ওলাই আহে। তেওঁৰ নিজৰ জিলাতে স্বাধীনতা সংগ্ৰমাৰ সেৱাত ব্ৰতী হয়। এই আন্দোলনৰ প্ৰতিটো কাৰ্যসূচীত তেওঁ সক্ৰিয় অংশ লোৱাত ব্ৰিটিছ কোপ নলত পৰে আৰু ইয়াৰ বাবে তেওঁ কেইবামাহো কাৰাবৰণ খাটিবলগীয়া হয়। ১৯৪০ চনত তেওঁ তামিলনাডু কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হয়। এনেদৰে ১৯৪৭ চনৰ পৰা ১৯৬৯ চনলৈকে তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ বিভিন্ন বিষয় পদত অধিষ্ঠিত হয়। মাদ্ৰাজ বিধান সভাৰ তেওঁ কেইবাবাৰো সদস্য নিৰ্বাচিত হৈছিল। ১৯৫৪ চনত তেওঁ মাদ্ৰাজৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়। ১৯৬৩ চনৰ ৯ অক্টোৱৰত তেওঁ নিখিল ভাৰত জাতীয় কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হয়। ১৯৬৩ চনত কামৰাজে জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলক মন্ত্ৰী পদৰ পৰা এৰুৱাই সংগঠনৰ কামত ব্ৰতী হবলৈ জৱাহৰলাল নেহেৰুক দিহা দিছিল। ইয়াকে কমাৰাজ আঁচিনি বুলি কোৱা হৈছিল।[2]


পুৰস্কাৰ প্ৰাপ্ত বঁটা[সম্পাদনা কৰক]

  1. ভাৰত ৰত্ন বঁটা (১৯৭৬),


মৃত্যু[সম্পাদনা কৰক]

কুমাৰা স্বামী কামৰাজ নাদাৰৰ ১৯৭৫ চনত পৰলোক প্ৰাপ্তি ঘটে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Complete biography of K. Kamaraj". Archived from the original on 2012-08-20. https://web.archive.org/web/20120820183205/http://www.preservearticles.com/201104306162/k-kamaraj.html। আহৰণ কৰা হৈছে: 2012-12-31. 
  2. 2.0 2.1 2.2 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৬৯. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]