পৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰী

মদিৰা হাতত লৈ এজনী উৰন্ত পৰী, শিল্পী: শাকুলু (Şahkulu)
শ্ৰেণী কিংবদন্তিমূলক জীৱ
দেশ ইৰান

পৰী (ইংৰাজী: peri; হিন্দী: परी) হৈছে সৌন্দৰ্য্যৰ বাবে বিখ্যাত এবিধ সুন্দৰ, ডেউকাযুক্ত আত্মা। পাৰ্চী লোককথাৰ পৰীসকলক পিছলৈ আন সংস্কৃতিয়েও গ্ৰহণ কৰি লৈছিল।[1] এটা তথ্যসূত্ৰত পৰীসকলক পাপৰ প্ৰায়শ্চিত্তৰ বাবে তপস্যা সম্পূৰ্ণ নকৰালৈকে স্বৰ্গত প্ৰৱেশ কৰাৰ পৰা বঞ্চিত কৰা দুষ্ট সত্তা বুলি বৰ্ণনা কৰা হৈছে।[2] ইছলামিক প্ৰভাৱৰ ফলত পৰী উপকাৰী আত্মা হৈ পৰিছিল,[3] ইয়াৰ বিপৰীতে জিন আৰু দিৱ সকলক দুষ্ট আত্মা বুলি বৰ্ণনা কৰা হৈছে। পণ্ডিত উলৰিচ মাৰ্জলফে (Ulrich Marzolph) পৰীসকলক ভাৰত-ইৰাণী উৎপত্তিৰ বুলি ইংগিত দিয়ে,[4] যিবোৰ পিছলৈ আৰবীয় লোককথা পৰম্পৰাৰ সৈতে একত্ৰিত কৰা হয়।

ব্যুৎপত্তি[সম্পাদনা কৰক]

মধ্য পাৰ্চী পৰিগ (parīg) শব্দৰ পৰা পাৰ্চী পৰী (پَری ; parī) শব্দটো আহৰণ কৰা হৈছে। পৰিগ শব্দটো আকৌ পুৰণি পাৰ্চী পৰিকা- (parikā-) শব্দৰ পৰা আহিছে।[5] আধুনিক পাৰ্চী ভাষাত পৰ শব্দৰ অৰ্থ হৈছে ‘ডেউকা’।

আজেৰবাইজানী ভাষাত এই শব্দটো পেৰি (pəri) বুলি কোৱা হয়। হিন্দুস্তানীত পৰী (parī; উৰ্দুত پری / হিন্দীত परी) আৰু তুৰ্কী ভাষাত পেৰি (peri) বুলি কোৱা হয়।

পাৰ্চী লোককথা[সম্পাদনা কৰক]

পাৰ্চী লোককথা আৰু কবিতাৰ ৰোমাঞ্চ আৰু মহাকাব্যত পৰী সম্পৰ্কে বিশদ বিৱৰণ দিয়া হৈছে। তদুপৰি পিছৰ কবিসকলে সুন্দৰী নাৰীক বুজাবলৈ আৰু তেওঁৰ গুণৰ উদাহৰণ দিবলৈ এই শব্দটো ব্যৱহাৰ কৰে।

ফাৰ্দৌছিৰ (Ferdowsi) মহাকাব্যিক কবিতা “শাহনামা”ৰ আৰম্ভণিতে কেয়ুমাৰ্ছ (Keyumars; পৌৰাণিক পৃথিৱীৰ প্ৰথম মানুহ আৰু ৰজা) আৰু তেওঁৰ পুত্ৰ ছিয়ামকক (Siamak) অহ্ৰিমানৰ (Sorush) ধ্বংসাত্মক কাৰ্য সম্পৰ্কে সতৰ্ক কৰি দিবলৈ পৰীৰ ৰূপত দেৱতা সোৰুছ (Sorush) আবিৰ্ভাৱ হৈছিল। কেয়ুমাৰ্ছে অহ্ৰিমান আৰু তেওঁৰ আসুৰিক পুত্ৰক পৰাস্ত কৰিবলৈ গঠন কৰা পৌৰাণিক সেনাবাহিনীত পৰীয়ে অংশগ্ৰহণো কৰিছিল। কবিতাটোৰ “ৰোস্তম আৰু সোহৰাব” শিতানত ৰোস্তমৰ প্ৰেমিকা ৰাজকুমাৰী তাহমিনাক "পৰীৰ-মুখ" বুলি উল্লেখ কৰা হৈছে (যিহেতু তেওঁ ওৰণি লৈ থাকে, পৰী শব্দটোৱে ছদ্মবেশ বা লুকাই থকাৰ গৌণ অৰ্থও প্ৰকাশ কৰিব পাৰে)।

দিৱ নামৰ নিম্নস্তৰৰ দুষ্ট সত্তাৰ সাধাৰণ লক্ষ্য আছিল পৰীসকল। তেওঁলোকে পৰীসকলক লোৰ পিঞ্জৰাত আবদ্ধ কৰি অত্যাচাৰ কৰিছিল,[6] কাৰণ দিৱসকলে অনুভৱ কৰিছিল যে, বিকৃতিৰ বিৰুদ্ধে বিদ্ৰোহত যোগদান কৰিবলৈ পৰীসকলৰ পৰ্যাপ্ত আত্মসন্মান নাছিল।[2]

তুৰ্কী লোককথা[সম্পাদনা কৰক]

জিন, ইফ্ৰিত, নাকিৰ আৰু চয়তান ৰ সৈতে পৰীসকলকো তুৰ্কী লোককথাৰ পৌৰাণিক জীৱ হিচাপে দেখা পোৱা যায়।[7] কাজাখ তান্ত্ৰিকসকলে কেতিয়াবা সাহায্যৰ বাবে পৰীসকলৰ পৰামৰ্শ লয়।[8] উইঘুৰ জাতিৰ তান্ত্ৰিকসকলে মহিলাসকলক গৰ্ভপাতৰ পৰা সুস্থ কৰিবলৈ আৰু দুষ্ট জিনৰ পৰা ৰক্ষা কৰিবলৈ পৰীৰ সহায় ব্যৱহাৰ কৰা বুলি কোৱা হয়।[9]

একাদশ শতিকাৰ পৰাই তুৰ্কী উৎসত পৰীৰ অস্তিত্বৰ প্ৰমাণ পোৱা গৈছে।[10] ইছলামিক উৎসৰ জৰিয়তে তুৰ্কী বিশ্বাসত প্ৰৱেশ কৰাৰ সময়ত পৰী শব্দটো সম্ভৱতঃ আৰবী জিনৰ সৈতে জড়িত আছিল।[11] যদিও জিন আৰু পৰী কেতিয়াবা প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়, অতিপ্ৰাকৃতিক কাহিনীত পৰী শব্দটো অধিক ব্যৱহাৰ কৰা হয়।[12] তুৰ্কী উৎসত পৰীক সাধাৰণতে উপকাৰী বুলি গণ্য কৰা হয়,[13] যদিও কাজাখ পৰম্পৰাত ইহঁতক কেতিয়াবা কুৎসিত জিন বুলি গণ্য কৰা হয়।[14] পূৰ্বৰ টাটাৰ কবিতাত পৰীসকলক জটিল ব্যক্তি হিচাপে দেখা যায় যদিও সমসাময়িক চিন্তাধাৰাত তেওঁলোকক সাধাৰণতে দানৱ আৰু চয়তানৰ সৈতে একক শ্ৰেণীত একত্ৰিত কৰা হয়।[15]

ইছলামিক শাস্ত্ৰ আৰু লিখনী[সম্পাদনা কৰক]

পাৰস্যৰ মাজেৰে ইছলামৰ প্ৰসাৰৰ লগে লগে পৰী ইছলামিক লোককথাৰ লগত একত্ৰিত হ’ল। কোৰআনৰ প্ৰাৰম্ভিক পাৰ্চী অনুবাদত জিনক পৰী আৰু চয়তানক দিৱ বুলি কোৱা হৈছে।[16][17] পাৰ্চী কবি হাফেজে পৰীসকলক হাউৰিছৰ বুলি কব বিচাৰে।[18] আবু আলী বালামীৰ ব্যাখ্যা অনুসৰি পৰী হৈছে দুষ্ট দিৱসকলৰ পিছত ঈশ্বৰে সৃষ্টি কৰা ধুনীয়া নাৰী আত্মা।[19] পৰীসকলৰ বেছিভাগেই ঈশ্বৰ বিশ্বাস কৰে আৰু বেছিভাগেই মানৱজাতিৰ বাবে উপকাৰী।[20]

ইছলামত পৰীসকলৰ বিবাহ ক্ষণস্থায়ী বুলি গণ্য কৰা হয়। মানুহৰ অধৈৰ্য্যতা আৰু অনাস্থাৰ বাবে মানুহ আৰু পৰীৰ মাজৰ সম্পৰ্ক ভাঙি যায়। এটা আখ্যান মতে পৰী আৰু মানুহৰ মাজত এনে এক ব্যৰ্থ সম্পৰ্কত জন্মা কন্যা হৈছে শেবাৰ ৰাণী বিলকিছ।[21]

লোককথাৰ অংশ হিচাপে আজিও পৰীসকল মানুহৰ আগত দেখা দিয়ে বুলি কোৱা হয়, কেতিয়াবা পাহাৰত অসন্মান বা সম্পদ অপচয় কৰা চিকাৰীক শাস্তি দিয়ে, আনকি সামাজিক অনুষ্ঠানৰ বাবে যুৱককো অপহৰণ কৰে। শাৰীৰিক আৰু মানসিকভাবে পৰীৰ সৈতে মুখামুখি হয় বুলি ধৰা হয়।[22]

ভাৰতৰ মুছলমানসকলৰ মাজত জিন, চয়তান আৰু দুষ্টৰ ভূতৰ বাহিৰেও এক প্ৰকাৰৰ আধ্যাত্মিক জীৱ হিচাপে এতিয়াও পৰীক বিশ্বাস কৰা হয়।[23]

পাকিস্তানৰ খো জাতিৰ লোকসকলে পৰীসকলৰ দ্বাৰা পেৰি-খানসকলে প্ৰেমৰ যাদু কৰে বুলি বিশ্বাস কৰা হয়। পৰীৰ সৈতে যাদু কলা আয়ত্ত কৰিবলৈ তেওঁলোকে চহৰ অঞ্চলৰ পৰা বহু দূৰলৈ যায়।[24]

যদিও পৰীক সাধাৰণতে উপকাৰী জীৱ হিচাপে গণ্য কৰা হয়, “পিপুল অৱ দ্য এয়াৰ” (people of the air) নামৰ কিতাপখনৰ মতে, তেওঁলোকক নৈতিকভাৱে দুৰ্বল জীৱ বুলি কোৱা হয়, যি মুছলমান বা কাফিৰ হ'ব পাৰে।[25]

পশ্চিমীয়া সংস্কৃতিত[সম্পাদনা কৰক]

পৰীৰ চৰিত্ৰটোক পশ্চিমীয়া অলৌকিক নাৰী হংসকন্যাৰ সৈতে তুলনা কৰা হয়। এই শ্ৰুতিকথা মতে এজন লোকে এগৰাকী হংসকন্যাৰ ৰাজহংসৰ পাখিৰে নিৰ্মিত যাদুকৰী পোচাকযোৰ তেওঁ উৰি যাব নোৱাৰাকৈ চুৰ কৰে আৰু তেওঁক বিয়া কৰায়। পিছত হংসকন্যা ডেউকা ঘূৰাই পায় আৰু মৰ্ত্যলোকৰ স্বামীক এৰি গুছি যায়।[26]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Sherman, Josepha (2008). Storytelling: An Encyclopedia of Mythology and Folklore. Sharpe Reference. p. 361. আই.এচ.বি.এন. 978-0-7656-8047-1.
  2. 2.0 2.1 Nelson, Thomas (1922). Nelson's New Dictionary of the English Language. Thomas Nelson & Sons. পৃষ্ঠা. 234. https://books.google.com/books?id=LJURAAAAIAAJ&dq=peri+mythology&pg=RA1-PA234. 
  3. Aigle, Denise. The Mongol Empire between Myth and Reality: Studies in Anthropological History. BRILL, 28.10.2014. p. 118. আই.এচ.বি.এন. 9789004280649.
  4. Marzolph, Ulrich (08 Apr 2019). "The Middle Eastern World’s Contribution to Fairy-Tale History". In: Teverseon, Andrew. The Fairy Tale World. Routledge, 2019. pp. 46, 52, 53. Accessed on: 16 Dec 2021.
  5. "PAIRIKĀ". Iranicaonline.org. https://iranicaonline.org/articles/pairika. 
  6. Olinthus Gilbert Gregory Pantologia. A new (cabinet) cyclopædia, by J.M. Good, O. Gregory, and N. Bosworth assisted by other gentlemen of eminence, Band 8 Oxford University 1819 digitalized 2006 sec. 17
  7. Yves Bonnefoy Asian Mythologies University of Chicago Press 1993 আই.এচ.বি.এন. 978-0-226-06456-7 p. 322
  8. Basilov, Vladimir N. "Shamanism in central Asia." The Realm of Extra-human. Agents and Audiences (1976): 149-157.
  9. ZARCONE, EDITED BY THIERRY, and ANGELA HOBART. "AND ISLAM." The Sufi orders in northern Central Asia.
  10. DAVLETSHİNA, Leyla, and Enzhe SADYKOVA. "ÇAĞDAŞ TATAR HALK BİLİMİNDEKİ KÖTÜ RUHLAR ÜZERİNE BİR ÇALIŞMA: PERİ BAŞKA, CİN BAŞKA." Uluslararası Türk Lehçe Araştırmaları Dergisi (TÜRKLAD) 4.2 (2020): 366-374.
  11. DAVLETSHİNA, Leyla, and Enzhe SADYKOVA. "ÇAĞDAŞ TATAR HALK BİLİMİNDEKİ KÖTÜ RUHLAR ÜZERİNE BİR ÇALIŞMA: PERİ BAŞKA, CİN BAŞKA." Uluslararası Türk Lehçe Araştırmaları Dergisi (TÜRKLAD) 4.2 (2020): 366-374.
  12. MacDonald, D.B., Massé, H., Boratav, P.N., Nizami, K.A. and Voorhoeve, P., “Ḏj̲inn”, in: Encyclopaedia of Islam, Second Edition, Edited by: P. Bearman, Th. Bianquis, C.E. Bosworth, E. van Donzel, W.P. Heinrichs. Consulted online on 31 January 2024 <http://dx.doi.org/10.1163/1573-3912_islam_COM_0191> First published online: 2012 First print edition: আই.এচ.বি.এন. 978-90-04-16121-4, 1960-2007
  13. Boratav, P.N. and J.T.P. de Bruijn, “Parī”, in: Encyclopaedia of Islam, Second Edition, Edited by: P. Bearman, Th. Bianquis, C.E. Bosworth, E. van Donzel, W.P. Heinrichs. Consulted online on 31 January 2024 doi:10.1163/1573-3912_islam_COM_0886 First published online: 2012 First print edition: আই.এচ.বি.এন. 978-90-04-16121-4, 1960-2007
  14. Boratav, P.N. and J.T.P. de Bruijn, “Parī”, in: Encyclopaedia of Islam, Second Edition, Edited by: P. Bearman, Th. Bianquis, C.E. Bosworth, E. van Donzel, W.P. Heinrichs. Consulted online on 31 January 2024 doi:10.1163/1573-3912_islam_COM_0886 First published online: 2012 First print edition: আই.এচ.বি.এন. 978-90-04-16121-4, 1960-2007
  15. DAVLETSHİNA, Leyla, and Enzhe SADYKOVA. "ÇAĞDAŞ TATAR HALK BİLİMİNDEKİ KÖTÜ RUHLAR ÜZERİNE BİR ÇALIŞMA: PERİ BAŞKA, CİN BAŞKA." Uluslararası Türk Lehçe Araştırmaları Dergisi (TÜRKLAD) 4.2 (2020): 366-374.
  16. https://iranicaonline.org/articles/genie-
  17. Hughes, Patrick; Hughes, Thomas Patrick (1995). Dictionary of Islam. Asian Educational Services. ISBN 9788120606722. https://books.google.com/books?id=O84eYLVHvB0C&q=Piris. 
  18. Boratav, P.N. and J.T.P. de Bruijn, “Parī”, in: Encyclopaedia of Islam, Second Edition, Edited by: P. Bearman, Th. Bianquis, C.E. Bosworth, E. van Donzel, W.P. Heinrichs. Consulted online on 31 January 2024 <http://dx.doi.org/10.1163/1573-3912_islam_COM_0886> First published online: 2012 First print edition: আই.এচ.বি.এন. 978-90-04-16121-4, 1960-2007
  19. Abedinifard, Mostafa; Azadibougar, Omid; Vafa, Amirhossein, eds. (2021). Persian Literature as World Literature. Literatures as World Literature. USA: Bloomsbury Publishing. pp. 40–43. আই.এচ.বি.এন. 978-1-5013-5420-5
  20. Cosimo, Inc Arabian Nights, in 16 volumes: Volume XIII, Band 13 2008 আই.এচ.বি.এন. 978-1-605-20603-5 page 256
  21. Joseph Freiherr von Hammer-Purgstall Rosenöl. Erstes und zweytes Fläschchen: Sagen und Kunden des Morgenlandes aus arabischen, persischen und türkischen Quellen gesammelt BoD – Books on Demand 9783861994862 p. 103 (German)
  22. Peter J. Claus, Sarah Diamond, Margaret Ann Mills South Asian Folklore: An Encyclopedia : Afghanistan, Bangladesh, India, Nepal, Pakistan, Sri Lanka Taylor & Francis, 2003 আই.এচ.বি.এন. 978-0-415-93919-5 page 463
  23. Frederick M. Smith The Self Possessed: Deity and Spirit Possession in South Asian Literature and Civilization Columbia University Press 2012 আই.এচ.বি.এন. 978-0-231-51065-3 page 570
  24. Ferrari, Fabrizio M. (2011). Health and religious rituals in South Asia : disease, possession, and healing. প্ৰকাশক London: Routledge. ISBN 978-0-203-83386-5. OCLC 739388185.  p. 35-38
  25. Shamanism and Islam: Sufism, Healing Rituals and Spirits in the Muslim World. (2017). Vereinigtes Königreich: Bloomsbury Publishing. p. 148
  26. Polish Fairy Tales. Translated from A. J. Glinski by Maude Ashurst Biggs. New York: John Lane Company. 1920. p. 96.