ফ্ৰান্‌জ কাফ্‌কা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফ্ৰান্‌জ কাফ্‌কা
Franz Kafka
Black-and-white photograph of Kafka as a young man with dark hair in a formal suit
1906 চনত কাফ্‌কা
জন্ম ৩ জুলাই, ১৮৮৩
প্ৰাগ, বহেমিয়া,
অষ্ট্ৰিয়া-হাংগেৰী
(এতিয়াৰ চেক গণৰাজ্য)
মৃত্যু ৩ জুন, ১৯২৪ (৪০ বছৰ)
কিৰ্লিং, ক্ল'ষ্টাৰনিউবাৰ্গৰ অংশ, নামনি অষ্ট্ৰিয়া
নাগৰিকত্ব Austria, Czechoslovakia[1][2]
শিক্ষানুষ্ঠান German Charles-Ferdinand University, প্ৰাগ
পেচা
উল্লেখযোগ্য কৰ্ম
শৈলী আধুকতাবাদী
পিতৃ-মাতৃ
  • হাৰ্মান কাফ্‌কা
  • জুলি কাফ্‌কা (née Löwy)
স্বাক্ষৰ

ফ্ৰান্‌জ কাফ্‌কা{{efn|জাৰ্মান উচ্চাৰণ: [fʁant͡s ˈkafkaː]; চেক উচ্চাৰণ: [ˈfrant͡s ˈkafka]; বা চেক ভাষাত কেতিয়াবা František Kafka (চেক উচ্চাৰণ: [ˈfrancɪʃɛk ˈkafka]); (৩ জুলাই ১৮৮৩ – ৩ জুন ১৯২৪) এজন জাৰ্মান ভাষাৰ ঔপন্যাসিক আৰু চুটি গল্প লেখক। তেখেতক বিংশ শতিকাৰ সাহিত্যৰ অন্যতম লেখক হিচাপে গণ্য কৰা হয়। বাস্তৱবাদ আৰু ফেণ্টাছীৰ উপাদান থকা তেখেতৰ কৰ্মত [3] প্ৰায়েই অকলশৰীয়া প্ৰটাগনিষ্টক অদ্ভুত বা অধিবাস্তৱিক দুৰ্দশা আৰু অবোধগম্য সামাজিক-কূটনৈতিক শক্তিয়ে আৱৰি ধৰে। এনে কাহিনীৰ জৰিয়তে সামাজিক বিচ্ছিন্নতা, অস্তিত্ব সম্পৰ্কীয় উদ্বেগ, দোষ আৰু অযৌক্তিকতাৰ দৰে বিষয় বিশ্লেষণ কৰা হৈছে।[4] তেখেতৰ শ্ৰেষ্ঠ কৰ্মসমূহ হৈছে "Die Verwandlung" ("দ্য মেটাম'ৰ্ফচিছ"), Der Process (দ্য ট্ৰায়েল), আৰু Das Schloss (দ্য কেষ্টল)। তেখেতৰ লেখাত পোৱাৰ দৰে অৱস্থা বুজাবলৈ Kafkaesque শব্দটো ইংৰাজী ভাষাত অন্তৰ্ভুক্ত কৰা হৈছে।[5]

কাফ্‌কাৰ জন্ম এক মধ্যশ্ৰেণীৰ জাৰ্মান কোৱা প্ৰাগৰ (বহেমিয়া ৰাজ্যৰ ৰাজধানী, তেতিয়াৰ অষ্ট্ৰিয়া-হাংগেৰী সাম্ৰাজ্য, এতিয়াৰ চেক গণৰাজ্য) এটা ইহুদী পৰিয়ালত হৈছিল। তেখেতে উকিলতাৰ প্ৰশিক্ষণ লোৱাৰ পাছত এটা বীমা প্ৰতিষ্ঠানত কামত সোমায় আৰু আজৰি সময়ত লিখিবলৈ লয়। জীৱনকালত কাফ্‌কাই দেউতাককে ধৰি পৰিয়াল আৰু অন্তৰংগ বন্ধুবৰ্গলৈ শ শ চিঠি লিখিছিল। দেউতাকৰ লগত তেখেতৰ সম্পৰ্ক কষ্টফলিত আৰু আনুষ্ঠানিক বিধৰ আছিল। কেইবাগৰাকী নাৰীৰ সৈতে সম্পৰ্ক আছিল যদিও তেখেতে বিয়া নকৰালে। ১৯২৪ চনত যক্ষ্মাত ভুগি তেখেতৰ মৃত্যু ঘটে।

কাফ্‌কাৰ জীৱনকালত বেছি লেখা প্ৰকাশিত হোৱা নাছিল: গল্প সংকলন Betrachtung (কণ্টেপ্লেচন) আৰু Ein Landarzt (এ কাউণ্ট্ৰী ডক্টৰ), আৰু একক গল্প (যেনে "Die Verwandlung") সাহিত্য আলোচনীত প্ৰকাশিত হ'লেও পাঠকৰ আদৰ পোৱা নাছিল। কাফ্‌কাৰ অসমাপ্ত কৰ্ম Der Process, Das Schloss আৰু Amerika (বা Der Verschollene, The Man Who Disappeared), আদি উপন্যাস ধ্বংস কৰি পেলাবলৈ তেখেতে বন্ধু মেক্স ব্ৰডক আদেশ দিছিল কিন্তু ব্ৰডে নামানি কাফ্‌কাৰ মৃত্যুৰ পাছত সেইবোৰ প্ৰকাশ কৰে। কাফ্‌কাৰ কৰ্মৰাজীয়ে বিংশ শতিকাৰ বহু লেখক, সমালোচক, শিল্পী আৰু দাৰ্শনিকক প্ৰভাৱিত কৰিছে।

টোকা

তথ্যসূত্ৰ

উদ্ধৃতি

  1. Koelb 2010, পৃষ্ঠা. 12.
  2. Czech Embassy 2012.
  3. Spindler, William (1993). "Magical Realism: A Typology". Forum for Modern Language Studies খণ্ড XXIX (1): 90–93. doi:10.1093/fmls/XXIX.1.75. http://fmls.oxfordjournals.org/content/XXIX/1/75.full.pdf.  (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)
  4. "Franz Kafka". Encyclopædia Britannica. http://www.britannica.com/biography/Franz-Kafka। আহৰণ কৰা হৈছে: 16 November 2015. 
  5. Steinhauer 1983, পৃষ্ঠা. 390–408.

উৎস

  • Koelb, Clayton (2010). Kafka: A Guide for the Perplexed. প্ৰকাশক Chippenham, Wiltshire: Continuum International Publishing Group. ISBN 978-0-8264-9579-2. 
  • Steinhauer, Harry (Autumn 1983). "Franz Kafka: A World Built on a Lie". The Antioch Review (Yellow Springs, Ohio) খণ্ড 41 (4): 390. doi:10.2307/4611280. 

বাহ্যিক সংযোগ