সমললৈ যাওক

ˈলেপচা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লেপচা, ৰং
ᰕᰫ་ᰊᰪᰰ་ᰆᰧᰶ ᰛᰩᰵ་ᰀᰪᰱ ᰛᰪᰮ་ᰀᰪᰱ
An aboriginal man from the Lepcha people of Sikhim.jpg
১৮৬৮চনত এজন লেচপা পুৰুষ
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত (Sikkim, Darjeeling and Kalimpong districts, West Bengal 76,871 (2011 census) [1]
 নেপাল (Ilam District, Panchthar District and Taplejung District) 3,445 (2011 census) [2]
 ভূটান (Samtse and Chukha districts) N/A
 চীন (Tibet region) N/A
ভাষাসমূহ

Lepcha, Sikkimese (Dranjongke), Dzongkha, Nepali

ধৰ্ম
Majority:
Buddhism
Minority:
[3][4][5]

লেপচা (ইংৰাজী: :Lepcha /লেন্পচা/;[6] লগতে ৰঙকুপ (লেপচা ভাষাত: ᰕᰫ་ᰊᰪᰰ་ᰆᰧᰶ ᰛᰩᰵ་ᰀᰪᰱ ᰛᰪᰮ་ᰀᰪᰱ,মুটুনচি ৰংকুপ ৰুমকুপ — অৰ্থাৎ “ৰং আৰু ঈশ্বৰৰ প্ৰিয় সন্তান”) আৰু ৰঙপা (চিকিমি ভাষাত: རོང་པ) নামেও পৰিচিত ) ভাৰতৰ চিকিম ৰাজ্যৰ আদিবাসী জনগোষ্ঠীসমূহৰ অন্যতম আৰু লগতে পশ্চিমবংগৰ সীমান্তৰ দাৰ্জিলিং আৰু কলিম্পঙত আৰু চুবুৰীয়া দেশ নেপালতো তেওঁলোক বাস কৰে। লেপচা লোকসকলৰ সংখ্যা প্ৰায় ৮০,০০০ বুলি অনুমান কৰা হয়। [1][2]ইয়াৰ উপৰিও বহু লেপচা ভুটানৰ পশ্চিম আৰু দক্ষিণ-পশ্চিম অংশত, দাৰ্জিলিং অঞ্চলত, নেপালৰ পূবাঞ্চলীয় কোশী প্ৰদেশত আৰু পশ্চিমবংগৰ পাহাৰীয়া অঞ্চলসমূহতো পোৱা যায়। লেপচা মানুহবোৰ প্ৰধান কৈ চাৰি পৃথক সম্প্ৰদায়ৰ দ্বাৰা গঠিত: চিকিমৰ ৰেঞ্জোংমু; কলিম্পঙ, কুৰ্চেওং আৰু মিৰিকৰ দামচাংমু; নেপালৰ ইলাম জিলাৰ ʔilámmú; আৰু দক্ষিণ-পশ্চিম ভুটানৰ সান্তসে আৰু চুখাৰ প্ৰমু।[7][8][9]

লেপচা ৱংশৰ উৎপত্তি

[সম্পাদনা কৰক]

লেপচাসকল কম্বোডিয়া আৰু তিব্বতৰ পৰা তেওঁলোকৰ নিজাসংস্কৃতি, সাজ-পোছাক, বৈশিষ্ট্য আৰু ইতিহাস লৈ প্ৰব্ৰজন কৰিছিল বুলি জনা যায়। [10] এওঁলোকে তিব্বত-বৰ্মী ভাষা কয়, আন কিছুমানে এই ভাষা টোক হিমালয়িশ ভাষা বুলি শ্ৰেণীবদ্ধ কৰে। বহুতৰ মতে লেপচাসকলে এক জটিল প্ৰব্ৰজন কৰি, প্ৰথমে কম্বোডিয়ালৈ ,তাৰ পিছত আয়েয়াৰৱাদী নদী আৰু চিন্দউইন নদীৰে নৌ যাত্ৰা কৰি, পশ্চিমলৈ ঘূৰি পাটকায়ই পৰ্বতমালা পাৰ হৈ অৱশেষত প্ৰাচীন ভাৰতত প্ৰৱেশ কৰা বুলি মত পুষন কৰে। এই ধাৰণাটো অষ্ট্ৰোএছিয়াটিক ভাষাৰ উপস্তৰে তেওঁলোকৰ শব্দভাণ্ডাৰত সমৰ্থন কৰে। ভাৰতৰ মাজেৰে পশ্চিম দিশে প্ৰব্ৰজন কৰাৰ সময়ত, তেওঁলোকে কাঞ্চনজংঘাৰ ওচৰত তেওঁলোকৰ অন্তিম গন্তব্যস্থানত উপনীত হোৱাৰ আগতে দক্ষিণ ভূটানৰ মাজেৰে পাৰ হৈ গৈছিল বুলি অনুমান কৰা হয়। লেপচা লোকসকলৰ নিজৰ প্ৰব্ৰজনৰ কোনো পৰম্পৰা নাই, আৰু সেয়েহে তেওঁলোকে এই সিদ্ধান্তত উপনীত হয় যে তেওঁলোক বৰ্তমান ছিকিম ৰাজ্য, পশ্চিম বংগৰ দাৰ্জিলিং জিলা, পূব নেপাল আৰু ভূটানৰ দক্ষিণ-পশ্চিম অংশৰ অন্তৰ্গত।

নেপালৰ কোশী প্ৰদেশত লেপচাসকলে ইলাম জিলাৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭%, পাঞ্চথাৰ জিলাত ২%, আৰু টাপ্লেজুং জিলাত প্ৰায় ১০% গঠন কৰে। ভাৰতৰ চিকিম ৰাজ্যত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৫% বুলি গণ্য কৰা হয়।.[11]

লেপচা জনগোষ্ঠী আগতে পানো অৰ্থাৎ ৰজা গাইবু আচ্যোক ৰ দ্বাৰা শাসিত হৈছিল। গাইবু আচ্যোকে লেপচা লোকসকলক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকৰ এই অৱদানক সন্মান জনাই লেপচা জনগোষ্ঠীয়ে প্ৰতি বছৰৰ ২০ ডিচেম্বৰ তাৰিখটো গাইবু আচ্যোক দিৱস হিচাপে পালন কৰে।

গাইবু আচ্যোকে লেপচা ৰাজ্যৰ সীমা পূব দিশত ভুটানৰ পৰা পশ্চিমে নেপালৰ ইলামলৈ, আৰু উত্তৰে ছিক্কিমৰ পৰা দক্ষিণে বৰ্তমানৰ বাংলাদেশৰ উত্তৰ প্ৰান্তলৈ বিস্তাৰ কৰিছিল বুলি কোৱা হয়।[12]

লেপচাই নিজৰ ভাষা আছে, যাক লেপচা বুলি কোৱা হয়। এইটো টিবেটো-বাৰ্মান ভাষাৰ বডিশ-হিমালয়িশ গোটত পৰে। লেপচাই নিজৰ ভাষা নিজৰ লিপিত লিখে, যাক ৰঙ বা লেপচা লিপি বুলি কোৱা হয়, আৰু এই লিপি টিবেটান লিপিৰ পৰা উদ্ভৱ হৈছে। এইটো ১৭ম আৰু ১৮শ শতিকাৰ মাজত বিকাশ ঘটে, সম্ভৱতঃ লেপচা পণ্ডিত থিকুঁং মুন্সুলং নামৰ এজন পণ্ডিতৰ দ্বাৰা, যিসময়ত সিকিমৰ তৃতীয় চোগিয়াল (টিবেটান ৰজা)ৰ শাসনকাল চলিছিল।[13]

লেপচা লোকসকল বহুতো গোত্ৰত (লেপচা ভাষাত: পুট্ছো / putsho) বিভক্ত। প্ৰতিটো গোত্ৰে নিজৰ নিজৰ পৱিত্ৰ হ্ৰদ আৰু পৰ্বত শিখৰক (লেপচা ভাষাত: দাঁ (dâ) আৰু চু (cú)) পূজা-সন্মান কৰে, আৰু সেই পৱিত্ৰ হ্ৰদ আৰু পৰ্বত শিখৰৰ নামৰ পৰাই গোত্ৰটোৱে নিজৰ নাম লাভ কৰে। যদিও অধিকাংশ লেপচা লোকেই নিজৰ গোত্ৰ চিনাক্ত কৰিব পাৰে, তথাপিও লেপচা গোত্ৰৰ নামসমূহ যথেষ্ট দীঘল আৰু জটিল হোৱাৰ বাবে সাধাৰণতে সেইবোৰ সংক্ষিপ্ত ৰূপত ব্যৱহাৰ কৰা হয়।[14]

অধিকাংশ লেপচা লোক বৌদ্ধ ধৰ্মাৱলম্বী, যদিও বৰ্তমান বহু সংখ্যক লেপচাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে।[4][15] কিছুমান লেপচাই এতিয়াও নিজৰ শামানবাদী ধৰ্ম ত্যাগ কৰা নাই; এই ধৰ্মটোক মুন বুলি কোৱা হয়। বাস্তৱিক জীৱনত কিছুমান লেপচাৰ মাজত মুন আৰু বৌদ্ধ ধৰ্মৰ আচাৰ-অনুষ্ঠান একেলগে পালন কৰা দেখা যায়। উদাহৰণস্বৰূপে, পূৰ্বপুৰুষসকলৰ সৈতে জড়িত পৰ্বত শিখৰসমূহক নিয়মিতভাৱে টাণ্ডং ল’ ৰুমফাত (tandong lho rumfát) নামৰ অনুষ্ঠানত সন্মান জনোৱা হয়। বহুতো আচাৰ-অনুষ্ঠান স্থানীয় প্ৰাণী, ছত্রাক আৰু উদ্ভিদ প্ৰজাতিৰ সৈতে সম্পৰ্কিত।

চিকিমত লেপচাসকলে ৩৭০-ৰো অধিক প্ৰজাতিৰ প্ৰাণী, ছত্রাক আৰু উদ্ভিদ ব্যৱহাৰ কৰে বুলি জনা যায়।[16] ২০০১ চনৰ নেপালৰ জনগণনা অনুসাৰে, নেপালত থকা ৩,৬৬০ জন লেপচাৰ ভিতৰত ৮৮.৮০% বৌদ্ধ আৰু ৭.৬২% হিন্দু ধৰ্মাৱলম্বী আছিল। চিকিমৰ পাহাৰীয়া অঞ্চলসমূহ, দাৰ্জিলিং আৰু কালিম্পঙত বাস কৰা বহু লেপচা খ্ৰীষ্টান ধৰ্মাৱলম্বী।[17][4]

সাজ-সজ্জা

[সম্পাদনা কৰক]

লেপচা মহিলাসকলৰ পৰম্পৰাগত পোছাক হ'ল গোৰোহালৈকে ধকা ডামভুন, যাক ডামডিয়াম বা গাদা ("মহিলাৰ পোছাক") বুলিও কোৱা হয়। ই হৈছে মসৃণ কপাহী বা ৰেচমৰ এটা ডাঙৰ টুকুৰা, সাধাৰণতে এক গোটা ৰঙৰ। যেতিয়া ইয়াক পিন্ধা হয়, ইয়াক এখন কান্ধত ভাঁজ কৰা হয়, আনখন কান্ধত পিন লগোৱা হয়, আৰু কঁকালৰ বেণ্ড বা টেগোৰ দ্বাৰা বান্ধি ৰখা হয়, যাৰ ওপৰত অতিৰিক্ত সামগ্ৰী আবৃত হৈ থাকে। তলত এক বিপৰীত দীঘল হাতৰ ব্লাউজ পিন্ধিব পাৰি। [18][19]

পুৰুষৰ বাবে পৰম্পৰাগত লেপচা পোছাক হৈছে থাক্ৰ' ("পুৰুষৰ পোছাক")। ই হৈছে এক বহুৰঙী, হাতেৰে বোৱা কাপোৰ যাক এখন কান্ধত পিন লগোৱা হয় আৰু কঁকালৰ বেণ্ডেৰে ঠাইত ধৰি ৰখা হয়, সাধাৰণতে বগা চাৰ্ট আৰু ট্ৰাউজাৰৰ ওপৰত পিন্ধা হয়। পুৰুষসকলে থিয়াকটুক নামৰ চেপেটা ঘূৰণীয়া টুপী পিন্ধে, কঠিন ক’লা মখমলৰ কাষ আৰু বহুৰঙী টপৰ ওপৰত মংগোলীয়সকলৰ দৰে গাঁঠি থাকে। বিৰলভাৱে, পৰম্পৰাগত শংকু আকৃতিৰ বাঁহ আৰু বেতৰ টুপী পিন্ধা হয়।[18][19]

পৰম্পৰাগতভাৱে লেপচা লোকসকলে লি বুলি কোৱা স্থানীয় ঘৰতে বাস কৰে। এটা পৰম্পৰাগত লেপচা ঘৰ কাঠৰ গঁছ আৰু বাঁহেৰে নিৰ্মিত হয় আৰু মাটিৰ ওপৰত প্ৰায় ৪ৰ পৰা ৫ ফুট (প্ৰায় ১.২ মিটাৰৰ পৰা ১.৫ মিটাৰ) উচ্চতাত খুঁটিৰ ওপৰত স্থাপন কৰা থাকে। খেৰছাওনি থকা কাঠৰ এই ঘৰটো প্ৰাকৃতিকভাৱে বায়ু চলাচলযোগ্য হোৱাত ই এক প্ৰাকৃতিক এয়াৰ কণ্ডিচনাৰৰ দৰে কাম কৰে আৰু পৰিৱেশ-অনুকুল।

পৰম্পৰাগত লেপচা ঘৰৰ নিৰ্মাণত কোনো ধৰনৰ গজাল ব্যৱহাৰ কৰা নহয়। ঘৰটোৰ খোটা মাটিত নোপোঁতি ডাঙৰ ডাঙৰ শিলৰ ফলকৰ ওপৰত ৰখা হয়; সেইবাবে এই ঘৰসমূহ ভূমিকম্পজনিত দুৰ্য্যোগৰ সময়ত অধিক সুৰক্ষিত আৰু উপযোগী হৈ থাকে।[20]

লেপচা লোকসকল মূলতঃ কৃষিজীৱী। তেওঁলোকে কমলা, ধান, ইলাচি আৰু আন আন খাদ্যশস্য খেতি কৰে।[20]

শিল্প, হস্তশিল্প, আৰু সংগীত

[সম্পাদনা কৰক]

লেপচা লোকসকল তেওঁলোকৰ অনন্য বয়ন আৰু বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণৰ দক্ষতাৰ বাবে পৰিচিত। তেওঁলোকৰ নৃত্য, গীত আৰু লোককথাৰ এক সমৃদ্ধ পৰম্পৰা আছে। লেপচাসকলৰ জনপ্ৰিয় লোকনৃত্যসমূহ হ’ল জো-মাল-লোক , চু-ফাত, তেনডং লো ৰুম ফাত আৰু কিঞ্চুম-চু-বোমছা।[21]

লেপচাসকলে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহৰ ভিতৰত আছে চাংগা (ঢোল), য়াংজেই (তাৰবাদ্য), ফাংগাল, ইয়াৰ্কা, বাঁহী আৰু টুংবুক।[21] লেপচাসকলৰ এটা বিশেষ জনপ্ৰিয় বাদ্যযন্ত্ৰ হ’ল চাৰি-তাৰযুক্ত লিউট, যিটো ধনুৰ সহায়ত বজোৱা হয়।[20]

বিবাহৰ প্ৰচলিত প্ৰথা

[সম্পাদনা কৰক]

লেপচাসকল মুখ্যতঃ এক অন্তঃবিবাহ সম্প্ৰদায়। [20]

লেপচাসকলে তেওঁলোকৰ বংশধৰ পিতৃতান্ত্ৰিক ভাৱে অনুসৰণ কৰে। বিবাহখন দৰাৰ পৰিয়াল আৰু কইনাৰ মাজত আলোচনা কৰা হয়। যদি বিবাহৰ চুক্তি নিষ্পত্তি হয়, লামাই বিবাহৰ বাবে অনুকূল তাৰিখ নিৰ্ধাৰণ কৰিবলৈ লৰা আৰু ছোৱালীৰ কুণ্ডলী পৰীক্ষা কৰে। তাৰ পিছত ল’ৰাৰ মোমায়েকে আন আত্মীয়সকলৰ সৈতে ছোৱালীজনীৰ মোমায়েকৰ ওচৰলৈ এখন ,এখন আনুষ্ঠানিক স্কাৰ্ফ যাক খাড়াবুলি কোনা হয় আৰু এক টকা লৈ মামায়েকৰ আনুষ্ঠানিক সন্মতি লাভ কৰে। [22]

বিয়াখন শুভ দিনটোৰ দুপৰীয়া অনুষ্ঠিত হয়। দৰা আৰু তেওঁৰ সমগ্ৰ পৰিয়ালে কিছু টকা আৰু অন্যান্য উপহাৰ লৈ ছোৱালীজনীৰ ঘৰলৈ ৰাওনা হয় যিবোৰ কইনাৰ মোমায়েকক প্ৰদান কৰা হয়। গন্তব্য স্থানত উপস্থিত হোৱাৰ পিছত, পৰম্পৰাগত নিয়োমচক অনুষ্ঠান অনুষ্ঠিত হয়, আৰু কইনাৰ দেউতাকে আত্মীয় আৰু বন্ধুবৰ্গৰ বাবে ভোজৰ আয়োজন কৰে। ই দম্পতীহালৰ মাজৰ বিবাহ বন্ধন স্থায়ী কৰে। [22]

নেপালৰ লেপচা মানুহ

[সম্পাদনা কৰক]

নেপালৰ কেন্দ্ৰীয় পৰিসংখ্যা বুৰো দ্বাৰা লেপচাক পৰ্বত/পাহাৰ জাতিজাতিৰ বৃহত্তৰ সামাজিক গোটৰ এখন উপ-গোট হিচাপে শ্ৰেণীবদ্ধ কৰে[23]। ২০১১ চনৰ নেপালৰ জনগণনাৰ সময়ত ৩,৪৪৫ জন লোকে নিজকে লেপচা বুলি চিনাক্ত কৰিছিল, যি নেপালৰ মুঠ জনসংখ্যা (২৬,৪৯৪,৫০৪)ৰ ভিতৰত প্ৰতি ৭,৬৯০ জনত এজনৰ সমান।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 ORGI. "A-11 Individual Scheduled Tribe Primary Census Abstract Data and its Appendix". Office of the Registrar General & Census Commissioner, Indiawww.censusindia.gov.in. http://www.censusindia.gov.in/2011census/PCA/ST.html। আহৰণ কৰা হৈছে: 20 November 2017. 
  2. 2.0 2.1 "National Population and Housing Census 2011". UN Statistical Agency. https://unstats.un.org/unsd/demographic/sources/census/wphc/Nepal/Nepal-Census-2011-Vol1.pdf. 
  3. Semple 2003, পৃষ্ঠা 233
  4. 4.0 4.1 4.2 Joshi 2004.
  5. Thakur, Rudranand (1988) (en ভাষাত). Himalayan Lepchas. Archives Publishers, Distributors. পৃষ্ঠা. 62. https://books.google.com/books?id=cdYtAAAAMAAJ&q=lepcha+muslim. 
  6. "Lepcha". Random House Webster's Unabridged Dictionary.
  7. Plaisier 2007, পৃষ্ঠা. 1–2.
  8. SIL 2009.
  9. NIC-Sikkim.
  10. West, Barbara A. (2009). Encyclopedia of the Peoples of Asia and Oceania. Facts on File. পৃষ্ঠা. 462. ISBN 978-0816071098. https://books.google.com/books?id=pCiNqFj3MQsC&q=origin+of+the+Lepcha&pg=PA462. 
  11. "Lepchas of Dzongu, Sikkim". 19 February 2022. https://ekaxp.in/eka-experiences-blog/dzongu/. 
  12. "B'day bash for Lepcha king". Telegraph India-1. 18 December 2006. https://www.telegraphindia.com/west-bengal/b-day-bash-for-lepcha-king/cid/752810. 
  13. Plaisier 2007, পৃষ্ঠা. 34.
  14. A.R.Foning, Lepcha My Vanishing Tribe, Sterling Publishers, 1987, pp. 123-136
  15. Semple 2003, পৃষ্ঠা. 123,233.
  16. O'Neill, Alexander (29 March 2017). "Integrating ethnobiological knowledge into biodiversity conservation in the Eastern Himalayas". Journal of Ethnobiology and Ethnomedicine খণ্ড 13 (21). doi:10.1186/s13002-017-0148-9. PMID 28356115. 
  17. Semple 2003.
  18. 18.0 18.1 Plaisier 2007, পৃষ্ঠা. 4.
  19. 19.0 19.1 Dubey 1980, পৃষ্ঠা. 53, 56.
  20. 20.0 20.1 20.2 20.3 Human: The Definitive Visual Guide. প্ৰকাশক New York: Dorling Kindersley. 2004. পৃষ্ঠা. 437. ISBN 0-7566-0520-2. 
  21. 21.0 21.1 "Lepcha Folk Dances". Sikkim Tourism. http://www.sikkimtourism.gov.in/Webforms/General/SikkimAtAGlance/LepchaFolkDances.aspx. 
  22. 22.0 22.1 Gulati 1995, পৃষ্ঠা. 80–81.
  23. Population Monograph of Nepal, Volume II