অসমৰ পুথিচিত্ৰ: অজামিলোপাখ্যান
অসমৰ পুথিচিত্ৰ: অজামিলোপাখ্যান মহাপুৰুষ শঙ্কৰদেৱে পদবন্ধ কৰা ষষ্ঠস্কন্ধ ভাগৱতৰ অংশ। অজামিল-উপাখ্যান খনিয়ে মধ্যযুগীয় সত্ৰীয়া আৰু ৰাজপৃষ্ঠপোষকতাৰে সমৃদ্ধ গড়গঞা-উভয় চিত্ৰশৈলীৰ যোগেদি আত্মপ্ৰকাশ কৰা দেখা যায়। সত্ৰীয়া চিত্ৰশৈলীৰ প্ৰথমখনি পুথিচিত্ৰ দক্ষিণপাট সত্ৰৰ পুথিশালাত থকা বুলি জনা যায়। এই পুথিখনিৰ বৈশিষ্ট্য হ'ল - কথা আৰু চিত্ৰিকাৰ চাৰিওফালে ভিন্ন ৰঙৰ পুষ্প-লতিকাৰ মণ্ডন কৰ্মৰ সংযোজন (গৌৰৱময় অসম, চিত্ৰফলক নং ৫৬) এই শৈলীৰ দ্বিতীয়খনি সাঁচিপতীয়া পুথি কামৰূপ জিলাৰ পুৰণি বুৰ্কা সত্ৰত আছে। ১৩.৪ X ৩৫ ছে.মি. জোখৰ এই পুথিচিত্ৰখনিৰ কিছু সংখ্যক ফলকৰ দুয়োমূৰ আংশিকভাবে নষ্ট হৈছে। পুথিচিত্ৰখনিৰ কেইটামান ফলক তেজপুৰৰ অসম চিত্ৰকলা সংগ্ৰহালয়ত সংৰক্ষিত। এইখনি পুথিচিত্ৰৰ সৈতে চিত্ৰ-ভাগৱতৰ চিত্ৰৰ এটা চকুত পৰা পাৰ্থক্য হ'ল- মোগলাই টুপীৰ পৰিৱৰ্তে জৈন পদ্ধতিৰ শিৰস্ত্ৰাণৰ প্ৰয়োগ আৰু ৰাজপুতী ধৰণৰ আগ কপাললৈকে নাৰীসকলে লোৱা ফুলাম ওৰণিৰ বহুল ব্যৱহাৰ।
১৬৫৯ শকত ৰাজ-পৃষ্ঠপোষকতাত চিত্ৰিত গড়গঞা শৈলীৰ ষষ্ঠস্কন্ধ ভাগৱতৰ অন্তিম ফলকটি মাথোঁ ব্ৰহ্মদেশৰপৰা সংগ্ৰহ কৰি আনি বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত সুৰক্ষা দিয়া হৈছে। ইয়াৰ এটা পিঠিত আছে- '১৬৫৯ শকৰ আহাৰ মাহৰ ১৫ দিন যাওঁতে কৃষ্ণ-ত্ৰয়োদশী তিথিত ছবিৰে সৈতে বধ লিগিৰবা নামে পণ্ডিত এজনে লিখি মহাৰাজ শিৱসিংহক অৰ্পণ কৰা' আৰু আনটো পিঠিত 'গায়ন-বায়ন নৃত্যকাৰী শ্ৰীশ্ৰী শিবসিংহ মহাৰাজ, শ্ৰীশ্ৰী অম্বিকা নাম মহাদেৱীএ শ্ৰীশ্ৰী তিপাম ৰাজা সহিতে কৌতুক' কৰা দৃশ্য।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ অসমৰ সংস্কৃতি-কোষ,অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ হৈ। মুখ্য সম্পাদক: ড° নাৰায়ণ দাস,সম্পাদক: ড° পৰমানন্দ ৰাজবংশী Published by Jyoti Prakashan,পৃষ্ঠা -২৭ প্ৰথম প্ৰকাশ : মাৰ্চ,২০০৯