সমললৈ যাওক

অ'চেন অফ টিয়েৰৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অ'চেন অফ টিয়েৰৰ্চ
পৰিচালক বিল্লাল এ জান
প্ৰযোজক ৰাজীৱ মেহৰোত্ৰা
দৈৰ্ঘ্য
২৭ মিনিট
দেশ ভাৰত
ভাষা কাশ্মীৰী

অ'চেন অফ টিয়েৰৰ্চ (ইংৰাজী: Ocean of Tears) হ'ল ২০১২ চনত ৰাজীৱ মেহৰোটাৰ দ্বাৰা প্ৰযোজিত কাশ্মীৰী ভাষাত বিল্লাল এ জান পৰিচালিত এখন চুটি তথ্যচিত্ৰ, এই তথ্যচিত্ৰখন ভাৰতীয় ৰাজহুৱা সেৱা সম্প্ৰচাৰ ন্যাস (পিবিএছটি) ৰ বেনাৰত নিৰ্মিত।[1] চলচ্চিত্ৰখন কাশ্মীৰৰ জনসাধাৰণৰ ওপৰত, বিশেষকৈ মহিলাসকলৰ ওপৰত আৰোপ কৰা অপৰাধ আৰু মানৱ অধিকাৰ উলংঘনৰ এক তথ্যচিত্ৰ।[2] তথ্যচলচ্চিত্ৰখনত কুনান পশপোৰাৰ গণধৰ্ষণৰ ঘটনাকো সামৰি লোৱা হৈছে। [3][4]

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত এই ছবিখন কাশ্মীৰ বিশ্ববিদ্যালয় আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ে নিজ নিজ চৌহদত প্ৰদৰ্শন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মীসকলেও ছবিখন প্ৰদৰ্শনত বাধা দিয়াৰ চেষ্টা চলাইছিল [5][6][7][8]

বিলালে কাশ্মীৰত শিশু শ্ৰমিকৰ ওপৰত পূৰ্বৰ এখন তথ্যচিত্ৰ চিত্ৰগ্ৰহণ কৰাৰ সময়তে অঞ্চলটোৰ মহিলাসকলৰ পৰিস্থিতিৰ সন্ধান কৰাৰ ধাৰণাটো কল্পনা কৰিছিল। মূল প্ৰস্তাৱটো বহুত দীঘলীয়া ছবি এখনৰ বাবে আছিল যদিও পিছলৈ পি এছ বি টিৰ পৰামৰ্শ অনুসৰি ইয়াক চুটি কৰা হয়।[9] কুনান পশপোৰা আৰু শ্বোপিয়ান গাঁৱত ১০ দিনৰ ভিতৰত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। গাঁৱৰ লোকসকলে কেমেৰাত তেওঁলোকৰ কাহিনী ক'বলৈ সন্মত হোৱাৰ আগতে তেওঁলোকৰ সৈতে কেইবাটাও আলোচনা কৰিবলগীয়া হৈছিল; প্ৰথমে কেৱল পুৰুষসকলেহে ইচ্ছা প্ৰকাশ কৰি‍ছিল, কিন্তু চাৰিবাৰ ভ্ৰমণৰ পিছত মহিলাসকলে চিত্ৰগ্ৰহণত অংশ ল'বলৈ‍ সন্মত হৈছিল।[10] চাৰিজন যুৱতীৰ এটা দলে চিত্ৰগ্ৰহণত সহায় কৰিছিল।[11]

পি এছ বি টিয়ে প্ৰথমে পৰিকল্পনা কৰা ৭৮ মিনিট ২৬ মিনিটলৈ কৰ্তন কৰাৰ পৰামৰ্শ দিছিল, যাতে চুটি ছবিৰ শ্ৰেণীৰ অন্তৰ্গত হয়, আৰু ছবিখনৰ লগত এটা ডিচক্লেইমাৰ ৰাখিবলৈ‍ অনুৰোধ জনায়। তাৰ পিছত চেন্সৰশ্বিপ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল। [10]

কাশ্মীৰ বিশ্ববিদ্যালয় আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ে নিজ নিজ চৌহদত ছবিখন প্ৰদৰ্শন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ২০১৩ চনত খবৰ আহিছিল যে ভাৰতত ছবিখনৰ একমাত্ৰ প্ৰদৰ্শন আছিল ফেডাৰেচন অৱ ফিল্ম ছ’চাইটিজ অৱ ইণ্ডিয়াৰ চলচ্চিত্ৰ মহোৎসৱত। ভাৰতৰ বাহিৰত হিউমেন ৰাইটছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু দোহাৰ আল জাজীৰা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।[5][6][8]

লগতে খবৰ ওলাইছিল যে ২০১৪ চনত থ্ৰিছুৰত অনুষ্ঠিত এখন চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মীসকলে ছবিখনৰ প্ৰদৰ্শনত বাধা দিবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় আৰক্ষীয়ে কৰ্মীসকলক ক্লিয়াৰ কৰি প্ৰদৰ্শন আগবঢ়াই নিবলৈ অনুমতি দিছিল৷[7][8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "A conspiracy of silence" (en-IN ভাষাত). 13 December 2013. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/a-conspiracy-of-silence/article5452791.ece. 
  2. Chatterji, Shoma A. (2015). "Chapter 8 Out of the Box". Filming Reality: The Independent Documentary Movement in India. SAGE Publications India. ISBN 9789351505433. https://books.google.com/books?id=xV0lDAAAQBAJ&q=ocean+of+tears+bilal&pg=PT222. 
  3. "Ocean of Tears". Greater Kashmir. 14 December 2012. Archived from the original on 17 December 2012. https://web.archive.org/web/20121217042526/https://www.greaterkashmir.com/news/2012/Dec/14/-ocean-of-tears-screening-on-saturday-11.asp। আহৰণ কৰা হৈছে: 17 November 2018. 
  4. "A documentary movie on Kashmir lands in controversy". english.samaylive.com. Archived from the original on 30 December 2012. https://web.archive.org/web/20121230203053/http://english.samaylive.com/nation-news/676520296/bilal-bhat-special-correspondent-movie-srinagar-jammu-kashmir-na.html। আহৰণ কৰা হৈছে: 2012-12-18. 
  5. 5.0 5.1 "KU bans screening of 'Ocean of Tears'". Kashmir Times. 15 December 2012. Archived from the original on 27 January 2013. https://archive.today/20130127101353/http://www.kashmirtimes.com/newsdet.aspx?q=9339। আহৰণ কৰা হৈছে: 17 November 2018. 
  6. 6.0 6.1 . 7 May 2013. Archived from the original on 1 February 2016. https://web.archive.org/web/20160201021237/http://tehelka.com/2013/05/govt-sponsored-kashmir-documentary-struggles-with-unofficial-ban/. 
  7. 7.0 7.1 . 15 February 2014. https://timesofindia.indiatimes.com/india/RSS-workers-stop-screening-of-Ocean-of-Tears-at-film-festival/articleshow/30453942.cms. 
  8. 8.0 8.1 8.2 . 15 February 2014. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Ocean-of-Tears-screened-under-police-protection/articleshow/30471659.cms. 
  9. "GoI helps Kashmir's 'Ocean of Tears' reach nation, world". Kashmir Times. 18 November 2012. Archived from the original on 21 November 2018. https://web.archive.org/web/20181121203745/http://www.kashmirtimes.com/newsdet.aspx?q=21858। আহৰণ কৰা হৈছে: 21 November 2018. 
  10. 10.0 10.1 "Valley of Tears" (en-GB ভাষাত). 5 November 2012. https://kashmirlife.net/valley-of-tears-9361/. 
  11. "'Ocean of Tears' selected for international festival" (en-US ভাষাত). 18 February 2013. http://www.dailyexcelsior.com/ocean-of-tears-selected-for-international-festival/.