অ'লগা হেনকিন
অ'লগা হেনকিন (ইংৰাজী: Olga Hankin, ৯ জানুৱাৰী ১৮৫২ - ২ এপ্ৰিল ১৯৪২)[1]এগৰাকী নাৰীবাদী, পেছাদাৰী ধাত্ৰী আৰু জায়নিষ্ট কৰ্মী আছিল যি তেওঁৰ স্বামী য়েহোছুয়া হেনকিনৰ সৈতে মিলি অট্টোমান পেলেষ্টাইন আৰু বাধ্যতামূলক পেলেষ্টাইনত জিয়নিষ্ট সংগঠনৰ বেছিভাগ ডাঙৰ মাটি ক্ৰয়ৰ বাবে দায়বদ্ধ আছিল।
জীৱনী
[সম্পাদনা কৰক]
বেলাৰুছ বা বাইলেৰুছিয়াৰ মিনস্কৰ ওচৰৰ সৰু চহৰ লাহোইস্কত জন্মগ্ৰহণ কৰিছিল[2]৷ অলগা হেংকিন মেইৰ আৰু শ্বিফ্ৰা বেলকিনৰ জ্যেষ্ঠ সন্তান। [3] ১৮৮৬ চনত তেওঁ যুৱতী হিচাপে চেণ্ট পিটাৰ্ছবাৰ্গলৈ আৰু প্ৰথম আলিয়াৰ অংশ হিচাপে ইজৰাইল দেশলৈ আহে। দুবছৰৰ পিছত তেওঁ গেডেৰাৰ কৃষি বসতিস্থলত য়েহোছুয়া হেনকিন (১৮৬৪–১৯৪৫)ৰ লগত বিয়া হয়। তেওঁলোক জাফালৈ গুচি যায় আৰু চেণ্ট পিটাৰ্ছবাৰ্গত এই বৃত্তিটো অধ্যয়ন কৰি ধাত্ৰী দক্ষতাৰ বাবে পৰিচিত হৈ পৰে৷ তেওঁ দেশৰ প্ৰথম পেছাদাৰী ধাত্ৰী আছিল।[4] তেওঁ য়েহোছুয়াতকৈ ১৩ বছৰ ডাঙৰ আছিল আৰু তেওঁলোকে পৰৱৰ্তী সময়ত একেলগে অনেক কামৰ অংশীদাৰ হৈছিল। কিন্তু তেওঁলোক নিঃসন্তান আছিল।[5]
নাৰীবাদ
[সম্পাদনা কৰক]
অ'লগা হেনকিনে এগৰাকী সাহসী মহিলা হিচাপে খ্যাতি লাভ কৰিছিল, যিয়ে অকলে ঘোঁৰাত উঠি, আনকি ৰাতিও, ইহুদী বা আৰব হওক মহিলাৰ বাবে ধাত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ বিশ্বাস আছিল যে নাৰীৰ এটা পেছা থাকিব লাগে৷ ইজৰাইল দেশলৈ প্ৰব্ৰজন কৰাৰ আগতে তেওঁ ধাত্ৰী অধ্যয়নৰ বাবে টিউচনৰ বাবে ধন সঞ্চয় কৰিবলৈ ট্ৰেন্স-চাইবেৰিয়ান ৰেলৱেত টেলিগ্ৰাফাৰ আছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "ן אולגה חנקין לבית בלקינד | — הבקר 3 אפריל 1942 — הספרייה הלאומית של ישראל │ עיתונים" (he ভাষাত). www.nli.org.il. https://www.nli.org.il/he/newspapers/hbkr/1942/04/03/01/article/63?&dliv=none&e=-------he-20--1--img-txIN%7CtxTI--------------1&utm_source=he.wikipedia.org&utm_medium=referral&utm_campaign=%22%D7%90%D7%95%D7%9C%D7%92%D7%94+%D7%97%D7%A0%D7%A7%D7%99%D7%9F%22&utm_content=itonut। আহৰণ কৰা হৈছে: 2025-01-29.
- ↑ "Olga Belkind-Hankin". www.eilatgordinlevitan.com. http://www.eilatgordinlevitan.com/minsk/minsk_pages/min_stories_belkind_2.html। আহৰণ কৰা হৈছে: 2022-02-06.
- ↑ "Irit Amit-Cohen | Jewish Women's Archive" (en ভাষাত). Jewish Women's Archive. https://jwa.org/encyclopedia/author/amit-cohen-irit। আহৰণ কৰা হৈছে: 2022-02-06.
- ↑ https://jwa.org/encyclopedia/article/belkind-hankin-olga%7CJewish[সংযোগবিহীন উৎস] Women's Archive
- ↑ "Olga Belkind-Hankin | Jewish Women's Archive". http://jwa.org/encyclopedia/article/belkind-hankin-olga.
- ↑ Man, Nadav (2008-07-14). "Feinberg family: Back to first days of Zionism – part 2" (en ভাষাত). Ynetnews. https://www.ynetnews.com/articles/0,7340,L-3567283,00.html.