সমললৈ যাওক

অঁতোৱান দ্য ছেঁৎ-এগজ্যুপেৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অঁতোৱান দ্য ছেঁৎ-এগজ্যুপেৰী

১৯৩৩ চনত ছেঁৎ-এগজ্যুপেৰী
স্থানীয় নাম Antoine de Saint-Exupéry
জন্ম অঁতোৱান মাৰী জঁ-বাতিস্ত ৰ’জে দ্য ছেঁৎ-এগজ্যুপেৰী
২৯ জুন, ১৯০০
লিয়ঁ, ফ্ৰাঞ্চ
নিখোজ প্ৰায় ৩১ জুলাই, ১৯৪৪ (৪৪ বছৰ)
ভূমধ্যসাগৰ
মাৰ্ছেই, নাৎছী দখলকৃত ফ্ৰাঞ্চৰ পৰা অনতিদূৰত
ৰাষ্ট্ৰীয়তা ফৰাচী
শিক্ষানুষ্ঠান ৱিলা ছেঁ জঁ আন্তৰ্জাতিক বিদ্যালয়
একল দে ব'জ আৰ
পেচা
দাম্পত্যসঙ্গী কনছুৱেল’ ছুনছিন দে ছান্দ’ৱাল (বি. ১৯৩১; মৃ. ১৯৪৪)
বঁটা, সন্মান, পুৰস্কাৰ আদি
অঁতোৱান দ্য ছেঁৎ-এগজ্যুপেৰী
ভাষা ফৰাচী
সময় ২০শ শতকীয়া ফৰাচী সাহিত্য
ধৰণ আত্মজীৱনী, বেল-লেত্ৰ, প্ৰবন্ধ, শিশুসাহিত্য
সামৰিক কেৰিয়াৰ
আনুগত্য
চাকৰি/শাখা
চাকৰিৰ কাৰ্যকাল
  • ১৯২০–১৯২৩
  • ১৯৩৯–১৯৪০
  • ১৯৪৩–১৯৪৪
পদমৰ্যদা কমাণ্ডাৰ (মেজৰ সমমান)
ইউনিট
  • ২য় শ্বাছ্যৰ আ শ্ব্যৱাল ৰেজিমেণ্ট
  • ৩৪শ ব্যোমচৰ ৰেজিমেণ্ট
  • ৩৭শ ফাইটাৰ ৰেজিমেণ্ট
যুদ্ধ-বিগ্ৰহ দ্বিতীয় বিশ্বযুদ্ধ
পুৰস্কাৰ
  • ক্রোৱা দ্য গেৰ (১৯৪০)[2]
  • ক্রোৱা দ্য গেৰ, পাল্ম দ্য ব্ৰঁ’জ (১৯৪৪)
  • মৰ পুৰ লা ফ্ৰঁচ (১৯৪৫)
স্বাক্ষৰ

অঁতোৱান মাৰী জঁ-বাতিস্ত ৰ’জে, ৱিকঁৎ দ্য ছেঁৎ-এগজ্যুপেৰী,[টোকা 1] যিজন অঁতোৱান দ্য ছেঁৎ-এগজ্যুপেৰী[টোকা 2] (French: Antoine de Saint-Exupéry, pronounced [ɑ̃twan sɛ̃t‿ɛɡzypeʁi] ; ২৯ জুন ১৯০০ – প্ৰায় ৩১ জুলাই ১৯৪৪) নামেৰে সুপৰিচিত, এজন ফৰাচী লেখক, সাংবাদিক, বৈমানিক আৰু সামৰিক কৰ্মকৰ্তা আছিল। তেওঁৰ শিশুসাহিত্যধৰ্মী গ্ৰন্থ ল্য প্যতি প্ৰেঁছ বিশ্ববিখ্যাত এখন উপন্যাসিকা।

ছেঁৎ-এগজ্যুপেৰী দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে এজন সফল বাণিজ্যিক বৈমানিক আছিল। তেওঁ ইউৰোপ, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ বিভিন্ন বিমান ডাকপথত উৰাজাহাজ চলাইছিল। যুদ্ধৰ আৰম্ভণিতে তেওঁ ফৰাচী বিমানবাহিনীত যোগদান কৰে আৰু ১৯৪০ চনত জাৰ্মানীৰ সৈতে ফ্ৰাঞ্চৰ যুদ্ধবিৰতি পৰ্যন্ত অনুসন্ধানমূলক (ৰ‌্যকনেছঁছ) অভিযানত উৰণ সম্পন্ন কৰে। ফৰাচী বিমানবাহিনীৰ পৰা অব্যাহতি লাভ কৰাৰ পিছত তেওঁ নাৎছী জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধত অংশগ্ৰহণ কৰিবলৈ ফৰাচী চৰকাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰে।

ছেঁৎ-এগজ্যুপেৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ২৮ মাহ অতিবাহিত কৰিছিল। এই সময়ছোৱাত তেওঁ তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিখন গ্ৰন্থ ৰচনা কৰে। ইয়াৰ পিছত তেওঁ উত্তৰ আফ্ৰিকাত মুক্ত ফৰাচী বিমানবাহিনীত যোগদান কৰে, যদিও এনে বৈমানিকসকলৰ বাবে নিৰ্ধাৰিত সৰ্বোচ্চ বয়সসীমা তেওঁ অতিক্ৰম কৰিছিল আৰু তেওঁৰ স্বাস্থ্যও ক্ৰমে অৱনতি ঘটিছিল। ১৯৪৪ চনৰ ৩১ জুলাইত ফৰাচী কৰ্চিকা দ্বীপৰ পৰা ভূমধ্যসাগৰৰ ওপৰত এক অনুসন্ধানমূলক (ৰ‌্যকনেছঁছ) অভিযানত ওলাই যোৱাৰ সময়ত তেওঁ নিৰুদ্দেশ হয় আৰু সেই সময়তেই তেওঁৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হয়।[6] যদিও ২০০০ চনত তেওঁৰ উৰাজাহাজৰ ধ্বংসাৱশেষ মাৰ্ছেই উপকূলত উদ্ধাৰ কৰা হৈছিল, তথাপিও দুৰ্ঘটনাটোৰ চূড়ান্ত কাৰণ এতিয়াও অজ্ঞাত হৈয়ে আছে।[7]

  1. French: Antoine Marie Jean-Baptiste Roger, Vicomte de Saint-Exupéry.[3]
  2. UK: /ˌsæ̃tɪɡˈzpəri/,[4] US: /-ɡzpˈr/;[5] French: Antoine de Saint-Exupéry, French: [ɑ̃twan sɛ̃t‿ɛɡzypeʁi] .

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Commire (1980), পৃষ্ঠা. 158.
  2. Commire (1980), পৃষ্ঠা. 161.
  3. Schiff (2006), পৃষ্ঠা. xi.
  4. "Saint-Exupéry, Antoine de". Lexico UK English Dictionary. Oxford University Press. Archived from the original on 2021-09-06. Unknown parameter |url-status= ignored (help)
  5. সাঁচ:Cite American Heritage Dictionary
  6. Tagliabue, John (2008-04-11). "Clues to the Mystery of a Writer Pilot Who Disappeared" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2008/04/11/world/europe/11exupery.html.
  7. Kocis, Desiree (17 December 2019). "Mysteries of Flight: The Disappearance of Antoine de Saint-Exupéry" (en-US ভাষাত). Plane & Pilot Magazine. https://www.planeandpilotmag.com/article/the-disappearance-of-antoine-de-saint-exupery/ আহৰণ কৰা হৈছে: 2022-01-06.