সমললৈ যাওক

অংকিতা দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অংকিতা দাস
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম অংকিতা দাস
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ১৭ জুলাই, ১৯৯৩ (৩৩ বছৰ)
শিলিগুড়ি, পশ্চিম বংগ, ভাৰত
উচ্চতা ৫.৬ ফুট
ওজন ৫৩ কেজি
ক্ৰীড়া
ক্লাব জাৰ্মান ক্লাব ২য় ডিভিজন লীগ, চিলিগুৰিৰ ৱাইএমএ ক্লাব

অংকিতা দাস (ইংৰাজী: Ankita Das; জন্ম: ১৭ জুলাই ১৯৯৩) পশ্চিম বংগশিলিগুড়িৰ এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। তেওঁ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছিল। তেওঁ ২০১২ চনৰ লণ্ডন গ্ৰীষ্মকালীন অলিম্পিকৰ মহিলাৰ একক ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। সেই অলিম্পিকত তেওঁ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আছিল। তেওঁ লুচোফণিয়া গেমছত অংশ লৈ ব্ৰঞ্জ, ৰূপ আৰু সোণৰ পদক লাভ কৰিছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

অংকিতা দাসে ৭৫সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপত (২০১৪) জ্যেষ্ঠ চেম্পিয়নৰ খিতাপ জয় কৰিছে।[1]

অৰ্জুন বঁটা বিজয়ী প্ৰশিক্ষক মণ্টু ঘোষৰ তত্ত্বাৱধানত অনুশীলন কৰাৰ পূৰ্বে দাসে ৭৫সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপৰ (২০১৪) মহিলাৰ একক শাখাত জয়লাভ কৰিছিল। তেওঁ সেই অলিম্পিকৰ কনিষ্ঠতম খেলুৱৈ আছিল। তেওঁ ২০১১ চনৰ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ খেলিছিল আৰু একক শাখাত কোৱাৰ্টাৰ ফাইনেলিষ্ট হোৱাৰ লগতে ফেয়াৰ প্লে বঁটা লাভ কৰিছিল। সেই টুৰ্ণামেণ্টত তেওঁ ইতিহাস ৰচনা কৰিছিল। জ্যেষ্ঠ এছিয়ান চেম্পিয়নশ্বিপত তেওঁ আটাইতকৈ জনপ্ৰিয় খেলুৱৈৰ বঁটা লাভ কৰি পুনৰ ইতিহাস সৃষ্টি কৰে। নিজৰ কেৰিয়াৰত তেওঁ ধাৰাবাহিকভাৱে ১০ বছৰ ৰাষ্ট্ৰীয় ফাইনেল খেলিছিল, যিটো ভাৰতীয় টেবুল টেনিছৰ ইতিহাসত বিৰল। তেওঁ কেডেট ৱৰ্ল্ড চেলেঞ্জত অংশগ্ৰহণ কৰি দলীয় শাখাত সোণৰ পদক আৰু একক শাখাত অষ্টম স্থান লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ লুচোফণিয়া গেমছত অংশ লৈ ব্ৰঞ্জ, ৰূপ আৰু সোণৰ পদক লাভ কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Keerthivasan, K. (13 January 2014). "Sanil, Ankita are National champs". The Hindu. http://www.thehindu.com/sport/other-sports/sanil-ankita-are-national-champs/article5571879.ece আহৰণ কৰা হৈছে: 30 March 2014.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]