সমললৈ যাওক

অংকুশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দক্ষিণ ভাৰতৰ পৰা ১৭ শতিকাৰ অংকুশ

অংকুশ বা লাংচিং বা বুলহুক[1] মাউতে হাতী চম্ভালিবলৈ আৰু প্ৰশিক্ষণ দিয়াত ব্যৱহাৰ কৰা সঁজুলি। হাতী পোহ মনাবলৈ ব্যৱহাৰ কৰা অংকুশ বা বুলহুকৰ জোঙা আগটোৰ সহায়ত হাতীটোৰ মূৰত খুচি আঘাত কৰিব পৰা যায় যদিহে হাতীটোৱে ওচৰৰ মানুহক আক্ৰমণ কৰে, যাৰ ফলত আৰোহী আৰু দৰ্শকৰ আঘাত বা মৃত্যুৰ আশংকা হ’ব পাৰে। হাতীৰ অংকুশ এটা হুক (সাধাৰণতে ব্ৰঞ্জ বা তীখা)ৰে গঠিত যিটো ৬০–৯০ চে.মি.

সাঁচীৰ এটা ৰিলিফ আৰু অজন্তা গুহাৰ এটা ফ্ৰেস্কোত যুদ্ধৰ হাতীটোৰ ওপৰত তিনিজনীয়া দল, হাতী চলাওতে লোৱা অংকুশ লৈ চালক, চালকৰ পিছফালে এজন সম্ভ্ৰান্ত যোদ্ধা আৰু হাতীটোৰ পিছফালে আন এজন পৰিচাৰক চিত্ৰিত কৰা হৈছে।[2]

নোছভ আৰু ডেনিছে (২০০৮: পৃষ্ঠা ১৯) তথ্য দাখিল কৰিছে যে তক্ষশীলাৰ এটা প্ৰত্নতাত্ত্বিক স্থানৰ পৰা দুটা নিখুঁতভাৱে সংৰক্ষিত অংকুশ উদ্ধাৰ কৰা হৈছে আৰু মাৰ্শ্বেলৰ মতে ইয়াৰ তাৰিখ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ১ম শতিকালৈকে। দুয়োটাৰ ভিতৰত ডাঙৰটো ৬৫ চে.মি.(২৬ ইঞ্চি) দীঘল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Dalal, Roshen (2014-04-18) (en ভাষাত). Hinduism: An Alphabetical Guide. Penguin UK. পৃষ্ঠা. 559. ISBN 978-81-8475-277-9. https://books.google.com/books?id=zrk0AwAAQBAJ&pg=PT559.
  2. 1 2 Nossov, Konstantin & Dennis, Peter (2008). War Elephants. illustrated by Peter Dennis. Edition: illustrated. Osprey Publishing. আই.এচ.বি.এন. 1-84603-268-7 (accessed: Monday April 13, 2009), p.18