অংকুৰ (চলচ্চিত্ৰ)
| অংকুৰ | |
|---|---|
পোষ্টাৰ | |
| পৰিচালক | শ্যাম বেনেগাল |
| ৰচনা | শ্যাম বেনেগাল (চিত্ৰনাট্য) সত্যদেৱ ডুবে (সংলাপ) |
| প্ৰযোজক | ললিত এম বিজলানি, ফ্ৰেনী ভাৰিবা, ব্লেজ ফিল্ম এণ্টাৰপ্ৰাইজ |
| অভিনয়ত | অনন্ত নাগ শাবানা আজমী সাধু মেহেৰ প্ৰিয়া টেণ্ডুলকাৰ কাদেৰ আলি বেগ দিলীপ তাহিল |
| চিত্ৰগ্ৰহণকাৰী | গোবিন্দ নিহালিনী কামাথ Ghanekar[1] |
| সংগীত পৰিচালক | বনৰাজ ভাটিয়া |
মুক্তি |
১৯৭৪ |
দৈৰ্ঘ্য |
১২৫ মিনিট |
| দেশ | ভাৰত |
| ভাষা | ডেক্কানী ভাষা |
অংকুৰ (ইংৰাজী: Ankur) ১৯৭৪ চনত মুক্তি পোৱা এখন ভাৰতীয় ৰঙীন ছবি। এইখন আছিল শ্যাম বেনেগাল পৰিচালিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য ছবি আৰু এই ছবিখনৰ যোগেদি অভিনেতা অনন্ত নাগ আৰু শ্বাবানা আজমীৰ আত্মপ্ৰকাশ ঘটিছিল। মুম্বাইত উচ্চ শিক্ষা লোৱাৰ পিছত অনন্ত নাগক শ্যাম বেনেগালে অংকুৰত চিনাকি কৰাই দিছিল। ছবিখনৰ শ্বুটিং হায়দৰাবাদত কৰা হৈছিল।[2] যদিও শ্বাবানা আজমীয়ে পূৰ্বে আন ছবিতো অভিনয় কৰিছিল, অংকুৰ তেওঁৰ প্ৰথম মুক্তি আছিল।[3]
বেনেগালৰ আন বহু ছবিৰ দৰে অংকুৰো কলাত্মক ধাৰাৰ বা অধিক স্পষ্টকৈ ক'বলৈ গ'লে ভাৰতীয় সমান্তৰাল চলচ্চিত্ৰৰ অন্তৰ্গত।[4][5] কাহিনীভাগ ১৯৫০ ৰ দশকত হায়দৰাবাদত ঘটা এটা সত্য কাহিনীৰ ওপৰত আধাৰিত।[6] ছবিখন প্ৰায় সম্পূৰ্ণৰূপেই ঘটনাৰ স্থানত চিত্ৰগ্ৰহণ কৰা হৈছিল।
অংকুৰে দেশত আৰু বিদেশত তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি আৰু আন ৪৩টা পুৰস্কাৰ লাভ কৰে। ২৪তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইয়াক গোল্ডেন বিয়াৰৰ বাবে মনোনীত কৰা হৈছিল।
এই ছবিখনত এটা চাবুক মৰাৰ দৃশ্য আৰু ভাৰতীয় ছবিত সাধাৰণতে দেখা যোৱাতকৈ অধিক অশ্লীল শব্দ সন্নিবিষ্ট কৰা হৈছে।
নিৰ্মাণ
[সম্পাদনা কৰক]অংকুৰৰ চৰিত্ৰবোৰে প্ৰায়ে দখনী ভাষা কয়, যিটো দক্ষিণ ভাৰতৰ, বিশেষকৈ হায়দৰাবাদ অঞ্চলৰ মান্য হিন্দী-উৰ্দুৰ এটা কথিত মানৰ ৰূপ। উদাহৰণস্বৰূপে, সূৰ্যই লক্ষ্মীক কিষ্টয়া ক'ত আছে বুলি সুধিলে, মান্য হিন্দীত "মুঝে নাহিন মালুম"ৰ (মই নাজানো) সলনি দখনিত "মেৰেকো নহী মালুম " বুলি উত্তৰ দিয়ে।
ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট, পুনে (FTII)ৰ পৰা নতুনকৈ ওলাই অহা স্নাতক শাবানা আজমীৰ লক্ষ্মীৰ চৰিত্ৰটো প্ৰথম পছন্দ হোৱা নাছিল। ইয়াৰ পূৰ্বে বেনেগালে ৱাহিদা ৰহমান, অঞ্জু মহেন্দ্ৰ আৰু সাৰদাৰ কাষ চাপিছিল আৰু সকলোৱে তেওঁৰ প্ৰস্তাৱ নাকচ কৰিছিল। ইয়াৰ পিছত তেওঁ শাবানা আজমীক বাছি লয়। তেনেই কম বয়সীয়া যেন দেখা লক্ষ্মীৰ লগত খাপ খুৱাই চিত্ৰনাট্যখন অলপ সলনি কৰিবলগীয়া হৈছিল।[7]
বেনেগালে আৰম্ভণিতে আজমীক অভিনয় কৰাবলৈ ইচ্ছুক নাছিল। কাৰণ তেওঁ ভাবিছিল যে শাবানা এগৰাকী মডেল আৰু সম্ভৱতঃ এজনী গাঁওৰ নম্ৰ গাঁৱলীয়া ছোৱালীৰ ভূমিকা ৰূপায়ণ কৰিব নোৱাৰিব।
সংগীত
[সম্পাদনা কৰক]ভাৰতীয় কলাত্মক ছবি হোৱাৰ বাবে অংকুৰ এখন পোনপতীয়া কাহিনী ছবি আছিল, য’ত কোনো সাংগীতিক দৃশ্য অন্তৰ্ভূক্ত কৰা হোৱা নাছিল। অৱশ্যে ছবিখনত সূৰ্য্যই দুখন ৰেকৰ্ডৰ কিছু অংশ বজায়। প্ৰথম ৰেকৰ্ডিঙত ‘’ষোলৱা সাল’’ (১৯৫৮)ত মহম্মদ ৰফীয়ে গোৱা "য়হী তো হ্যায় ৱহ" গীতটোৰ তৃতীয় স্তৱকটো আছে। তাৰ পিছত সূৰ্য্যই লক্ষ্মীৰ লগত কথা পাতি থাকোঁতে পৃষ্টভূমিক চতুৰ্থটো স্তৱক বাজি থাৰে।
ছবিখনত কেইবাটাও দৃশ্যও সন্নিবিষ্ট কৰা হৈছে য’ত গ্ৰামীণ লোকগীত গোৱা হয় আৰু ইয়াৰ বেছিভাগেই বেছিভাগেই তেলেগু ভাষাত।
সহাৰি
[সম্পাদনা কৰক]এই ছবিখনে ব্যৱসায়িক আৰু সমালোচনাত্মক দুয়োটা দিশতে সফলতা লাভ কৰিছিল। ছবিখনৰ প্ৰযোজক ললিত এম বিজলানীয়ে মাত্ৰ পাঁচ লাখ টকাত ছবিখন নিৰ্মাণ কৰিছিল আৰু মুক্তিৰ লগে লগে এক কোটি টকা উপাৰ্জন কৰিছিল।[8] ৰিভিউ এগ্ৰিগেটৰ ৱেবছাইট ৰ’টেন টমেটোজত ছবিখনে ৬টা ৰিভিউৰ ভিত্তিত ১০০% ৰেটিং লাভ কৰিছে।[9]
দ্য ইণ্ডিপেণ্ডেণ্টে লিখিছিল, "শ্বাবানা আজমীৰ অতি প্ৰভাৱশালী মুখ্য অভিনয়ে অংকুৰক ভাৰতীয় চিনেমাৰ সকলোতকৈ পৰিপক্ক আৰু সন্মোহক ছবি সমূহৰ ভিতৰত অন্যতম হিচাপে প্ৰদৰ্শন কৰে"।[10] টাইম আউটৰ সমালোচকৰ মতে ছবিখনে "সত্যজিৎ ৰায়ৰ বিনম্ৰ বাস্তৱতাক মনত পেলায়"।[11] শেহতীয়াকৈ এজন সমালোচকে কয়, "শ্যাম বেনেগালে অংকুৰৰ ভণ্ডামি, অৰ্থনৈতিক বৈষম্য আৰু নাৰীৰ সামাজিক মৰ্যাদাৰ এক সাংঘাটিক আৰু উত্তেজক পৰীক্ষা কৰিছে।
বঁটা
[সম্পাদনা কৰক]- ১৯৭৫: দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ২৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্যাম বেনেগাল
- ১৯৭৫: শ্ৰেষ্ঠ অভিনেতাৰ ২৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: সাধু মেহেৰ
- ১৯৭৫: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্বাবানা আজমী
- ১৯৭৪: বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ: গোল্ডেন বিয়াৰ: মনোনীত
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Ankur (1974) - Cast and Credits The New York Times.
- ↑ "Blast from the Past, Ankur (1974)". The Hindu. 20 September 2012. http://www.thehindu.com/features/cinema/ankur-1974/article3918198.ece.
- ↑ Shabana Azmi interview Archived 2 February 2007 at the Wayback Machine
- ↑ "Our ultimate guide to the 1970-80s parallel cinema gems". The Indian Express. 5 May 2020. https://indianexpress.com/article/entertainment/opinion-entertainment/parallel-cinema-movies-6375603/.
- ↑ "A case for the parallel cinema". India Today. 3 April 2015. https://www.indiatoday.in/magazine/society-the-arts/films/story/19760415-a-case-for-the-parallel-cinema-819111-2015-04-03.
- ↑ "Ankur". Bollywood Films. Red Hot Country. Archived from the original on 21 October 2006. https://web.archive.org/web/20061021153316/http://www.redhotcurry.com/entertainment/films/bollywood/ankur.htm.
- ↑ Benegal, Nihalani & Mirza Archived 16 July 2011 at the Wayback Machine www.southasiancinema.com.
- ↑ "ANKUR (1974)". Rotten Tomatoes. https://www.rottentomatoes.com/m/ankur। আহৰণ কৰা হৈছে: December 10, 2021.
- ↑ Ankur 1974 Review
- ↑ Ankur (1974) Review Archived 7 June 2011 at the Wayback Machine Time Out.
- ↑ Ankur - Awards Internet Movie Database.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Ankur সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Excerpts of Ankur
| |||||||||||||