অঙ্গদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অংগদৰ পৰা পুনঃনিৰ্দেশিত)
অঙ্গদ
ৰামায়ণৰ চৰিত্ৰ

বল প্ৰদৰ্শনৰ সময়ত অঙ্গদ
তথ্য
প্ৰজাতি বান্দৰ
পৰিয়াল
অঞ্চল
পূৰ্বসূৰী সুগ্ৰীৱ

অংগদ বা অঙ্গদ (সংস্কৃত: अङ्गदः অংগ দাতা) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এটা বান্দৰ চৰিত্ৰ, যিয়ে ৰামক তেওঁৰ পত্নী সীতাক বিচাৰি উলিওৱাত আৰু তেওঁৰ হৰণকাৰী ৰাৱণৰ সৈতে যুঁজ দিয়াত সহায় কৰিছিল। পিছত তেওঁ কিষ্কিন্ধা ৰ ৰজা হিচাপে মুকুট পৰিধান কৰে।[2]

জীৱন[সম্পাদনা কৰক]

অংগদ শক্তিশালী বান্দৰ ৰজা বালি আৰু তেওঁৰ পত্নী তাৰাৰ পুত্ৰ আৰু সুগ্ৰীৱৰ ভতিজা আছিল। ৰাম আৰু সুগ্ৰীৱৰ দ্বাৰা বালিৰ বধৰ পিছত তেওঁ লংকাৰ পৰা সীতাক উদ্ধাৰৰ বাবে ৰামৰ সৈন্য দলত অংশগ্ৰহণ কৰে।

সুগ্ৰীৱে ৰামক তেওঁৰ পত্নীক বিচাৰি উলিওৱা আৰু উদ্ধাৰ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাৰ পিছত অঙ্গদ আৰু তাৰাই ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণক সুগ্ৰীৱৰ সৈতে মিলামিছা কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকে একেলগে সুগ্ৰীৱক ৰামৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিক সন্মান কৰিবলৈ সৈমান কৰিবলৈ সক্ষম হয়। [3] সুগ্ৰীৱে তেতিয়া ৰামক সহায় কৰিবলৈ বান্দৰৰ ব্যৱস্থা কৰে আৰু বান্দৰ সৈন্যৰ আয়োজন কৰে যি ৰাৱণৰ পৈশাচিক যোদ্ধাৰ সৈতে যুঁজ দিব। অঙ্গদে হনুমান আৰু জাম্বৱন্তক লৈ গঠিত নিৰ্দিষ্ট অনুসন্ধান দলটোৰ নেতৃত্ব দিছিল আৰু ৰামৰ পত্নী সীতাক বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল।[4]

সংঘটিত ৰামায়ণৰ যুদ্ধত অঙ্গদে লংকাৰ বহুতো মহান যোদ্ধাক হত্যা কৰ কৰিবলৈ সক্ষম হয়, সেইসমূহৰ ভিতৰত আছে ৰাৱণৰ পুত্ৰ নৰান্তক আৰু ৰাৱণৰ সেনাৰ মুখ্য সেনাপতি মহাপৰ্শ।[5]
অঙ্গদ বান্দৰ মৈণ্ডৰ জ্যেষ্ঠ কন্যাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, আৰু তেওঁৰ ধ্ৰুৱ নামৰ এজন পুত্ৰ সন্তান জন্ম হয়।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]