সমললৈ যাওক

অংগলা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অংগলা পৰমেশ্বৰী অম্মান
অন্য নাম
  • অংগলম্মান
  • অংগলা দেৱী
  • অংগলা পৰমেশ্বৰী
  • অংগলা ঈশ্বৰী
  • তাণ্ডৱেশ্বৰী
  • পুংগাৱানাথুৱাম্মান
  • পেৰিয়ায়ি
  • পেৰিয়াণ্ডিচি
  • পেচিয়ায়ি
সম্পৰ্ক শাক্তবাদ, পাৰ্বতী
নিবাস মেল মালয়নূৰ
অস্ত্ৰ
সঙ্গী শিৱ[1]
আসন/বাহন সিংহ

অংগলা দেৱীঅংগলম্মান আৰু অংগলা পৰমেশ্বৰী (ইংৰাজী: Angala Devi) বুলিও কোৱা হয়। তেওঁ হিন্দু দেৱী পাৰ্বতীৰ এটা স্বৰূপ। তেওঁ‌ক মূলতঃ দক্ষিণ ভাৰতত কাৱল দেৱম অৰ্থাৎ ৰক্ষক দেৱতা হিচাপে পূজা কৰা হয়। এই গৰাকী দেৱীক প্ৰায়ে অতিৰিক্তভাৱে মাত্ৰিকাসকলৰ এগৰাকী বুলি গণ্য কৰা হয় ৷ [2]

কিংবদন্তী

[সম্পাদনা কৰক]

অংগলম্মান দেৱী পাৰ্বতীৰ প্ৰকাশ। মাতৃ দেৱীৰ এই প্ৰকাশ দক্ষিণ ভাৰতত অধিক জনপ্ৰিয়। এয়া দেৱী শক্তিৰ উগ্ৰ ৰূপ আৰু বহু গাঁৱৰ ৰক্ষক দেৱতা হিচাপেও পূজিত।

কোৱা হৈছে যে ব্ৰ্হ্মাৰ পঞ্চম মূৰ কাটি পেলোৱাৰ পিছত শিৱক এই কোপৰ পৰা মুক্ত কৰাত সহায় কৰিবলৈ দেৱী পাৰ্বতীয়ে অংগলা আম্মানৰ ৰূপ লৈছিল।


কিংবদন্তি অনুসৰি শিৱই ভৈৰৱৰ ৰূপ লৈ ব্ৰহ্মাৰ সৃষ্টিৰ প্ৰতি অহংকাৰী হোৱাৰ বাবেই ব্ৰহ্মাৰ পঞ্চম মূৰটো কাটি পেলাইছিল। পৃথিৱীত জীৱই যি দুখ-কষ্ট পাইছিল, সেই দুখ-কষ্টক লৈ ব্ৰহ্মাৰ কোনো অনুশোচনা নাছিল।

কিন্তু অতি সোনকালেই শিৱই তেওঁৰ কৰ্মৰ অনুশোচনা অনুভৱ কৰিলে আৰু পাপৰ মুক্তিৰ বাবে ব্ৰহ্মাই শিৱক বিচৰণকাৰী তপস্বী (ভিক্ষতন) হৈ মূৰৰ খুলিত খাদ্য ভিক্ষা কৰিবলৈ অনুৰোধ কৰিলে।

অংগলম্মানৰ কাহিনী অনুসৰি ব্ৰহ্মাৰ পঞ্চম মূৰটোৱে শিৱক পিছে পিছে অনুসৰণ কৰিবলৈ ধৰিলে। ইয়াৰোপৰি মূৰটোৱে শিৱৰ কোলাতে থাকিবলৈ লৈ শিৱই ভিক্ষাৰ পৰা যি পাইছিল, তাকেই খাবলৈ ধৰিলে।

দেৱী পাৰ্বতীয়ে এই মুণ্ডটোৰ অন্ত পেলোৱাৰ সিদ্ধান্ত ল’লে। বিষ্ণুৰ পৰামৰ্শ মতে দেৱীয়ে অংগিকুলা তীৰ্থৰ ওচৰৰ থাণ্ডকাৰুণ্যম তীৰ্থত শিৱৰ বাবে খাদ্য প্ৰস্তুত কৰিছিল। শিৱ যেতিয়া সেইস্থানত খাদ্য খাবলৈ আহিছিল, তেতিয়া দেৱী পাৰ্বতীয়ে ইচ্ছাকৃতভাৱে সেই ঠাইৰ চাৰিওফালে খাদ্য সিঁচৰতি কৰি দিয়ে আৰু ব্ৰহ্মাৰ পঞ্চমটো মুণ্ডই শিৱৰ হাত এৰি সেইবোৰ খাবলৈ নামি আহে। এই সুযোগ গ্ৰহণ কৰি দেৱী পাৰ্বতীয়ে অংগলম্মানৰ উগ্ৰ ৰূপ লৈ সোঁ ভৰিখন ব্যৱহাৰ কৰি মুণ্ডিটোৰ কপালত হেচামাৰি ধৰি মাৰিলে।

অংগলম্মানৰ নামত উৎসৰ্গিত আটাইতকৈ বিখ্যাত মন্দিৰটো হ’ল তামিলনাডুৰ ভিল্লুপুৰম জিলাৰ জিংগী তালুকৰ মেলমালয়ানুৰত থকা শ্ৰী আংগলা পৰমেশ্বৰী মন্দিৰ।

লগতে চাওক

[সম্পাদনা কৰক]

টোকাসমূহ

[সম্পাদনা কৰক]

তথ্যসূত্ৰসমূহ

[সম্পাদনা কৰক]
  • W.T. Elmore, Dravidian Gods in Modern Hinduism.