সমললৈ যাওক

অকালবোধন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৃত্তিবাসী ৰামায়ণ গ্ৰন্থত বৰ্ণিত ৰামৰদ্বাৰা দুৰ্গাৰ অকালবোধনৰ দৃশ্য; খিদিৰপুৰস্থিত ভেনাছ ক্লাবৰ পূজামণ্ডপ, কলকাতা, ২০১০।

অকালবোধন (Sanskrit: अकालबोधन, romanized: akālabodhana) হʼল শাৰদীয়া দুৰ্গাপূজাৰ প্ৰাৰম্ভিক অনুষ্ঠান। হিন্দু পঞ্জিকা অনুসৰি, আহিন মাহৰ কৃষ্ণপক্ষৰ নৱমী তিথি অথবা শুক্লপক্ষৰ ষষ্ঠী তিথিত হিন্দু দেৱী পাৰ্বতীৰ দুৰ্গা ৰূপৰ পূজা-আৰম্ভৰ প্ৰাক্কালত এই অনুষ্ঠান আয়োজিত হয়। হিন্দুধৰ্মীয় বিশ্বাস অনুসৰি, শৰৎকাল দেৱলোকৰ ৰাতি দক্ষিণায়নৰ অন্তৰ্গত। সেয়ে এই সময়ছোৱাত দেৱপূজা কৰিবলৈ হʼলে, আগতে দেৱতাৰ বোধন (জাগৰণ) কৰিব লাগে। একাধিক পুৰাণ আৰু অন্যান্য হিন্দু ধৰ্মগ্ৰন্থত উল্লিখিত আছে যে, ৰাৱণ বধৰ পূৰ্বে ৰামে দেৱী পাৰ্বতীৰ ওচৰত আশীৰ্বাদ বিচাৰি বিল্ববৃক্ষ (বেল গছ)ৰ তলত বোধনপূৰ্বক দুৰ্গাপূজা কৰিছিল। শৰৎকাল দেৱপূজাৰ ‘শুদ্ধ সময়’ নহয় বাবে ৰামৰদ্বাৰা হোৱা দেৱী পাৰ্বতীৰ বোধন ‘অকালবোধন’ নামেৰে পৰিচিত হয়। উল্লেখযোগ্য যে, শাস্ত্ৰমতে বসন্তকাল দুৰ্গাপূজাৰ প্ৰশস্ত সময় হʼলেও, আধুনিক যুগত শাৰদীয়া দুৰ্গাপূজাই অধিক প্ৰচলিত। ৰাৱণে বসন্ত কালত চʼত মাহত দেৱী পাৰ্বতীক পূজা কৰি সন্তুষ্ট কৰিছিল। দেৱীয়ে তেওঁক সকলো বিপদ-বিঘিনিৰপৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দেৱীয়ে চৰ্ত দিয়ে যে যদি তেওঁ দেৱীৰ পূজা মন্ত্ৰ শ্ৰী শ্ৰী চণ্ডিত কোনো ধৰণৰ ভুল কৰে তেন্তে দেৱীয়ে তেওঁক ত্যাগ কৰিব। সেইবাবেই ৰামৰ সকলো অস্ত্ৰ ৰাৱণৰ ওপৰত বিফল হৈ গৈছিল। তেতিয়া ব্ৰহ্মাই ৰামচন্দ্ৰক দেৱী পাৰ্বতীৰ পূজা কৰিবলৈ কʼলে। কাৰণ দেৱীয়ে এই সময়ছোৱাতেই মৰ্ত্যলোকত তেওঁৰ পিতৃ-গৃহলৈ আহে। ৰামে দেৱী পাৰ্বতীৰ পূজা কৰাৰ সময়তে দেৱীয়ে তেওঁৰ উদ্দেশ্যে অনা এটি পদুম ফুল হৰণ কৰে। তেতিয়া ৰামচন্দ্ৰই নিজৰ চকুযুৰি দেৱীক দান কৰিবলৈ উদ্যমিত হোৱাত দেৱী পাৰ্বতীয়ে তেওঁক বাধা প্ৰদান কৰে আৰু বৰ প্ৰদান কৰে। তাৰ পিছত দশমী তিথিত, ৰাৱণ কল্যাণত শ্ৰী চণ্ডী পাঠ ৰত বৃহস্পতিক অচেতন কৰি হনুমানে শ্ৰী চণ্ডী অশুদ্ধ কৰে। চৰ্তমতে দেৱীয়ে ৰাৱণক ত্যাগ কৰে। ৰাৱণে দেখে যে দেৱীয়ে তেওঁক ত্যাগ কৰি কৈলাসলৈ গুচি গৈ আছে। ৰাৱণৰ শত মিনতি সত্ত্বেও দেৱী পাৰ্বতীয়ে আৰু ঘূৰি নাচালে। তাৰপাছত ৰামচন্দ্ৰই ৰাৱণক বধ কৰে। বৰ্তমান যুগত দেৱীৰ অকাল বোধন ৰূপটিৰও পূজা কৰা হয়।

নামৰ ব্যুৎপত্তি

[সম্পাদনা কৰক]

সংস্কৃত ভাষাৰ ‘অকাল’ আৰু ‘বোধন’ শব্দদুটি বঙালী ভাষাত তৎসম শব্দ হিচাপে গৃহীত হৈছে। ‘অকাল’ শব্দৰ অৰ্থ হৈছে ‘অসময়, শুভকৰ্মৰ অযোগ্য কাল[1] বা অনুপযুক্ত কাল’।[2]। আনহাতে, ‘বোধন’ শব্দটিৰ অৰ্থ হৈছে ‘উদ্বোধন, নিদ্ৰাভঙ্গকৰণ, বা জগোৱা’[3] ‘অকালবোধন’ শব্দগুচ্ছটিৰ অৰ্থ হৈছে ‘অসময়ত বোধন বা জাগৰণ, (হিন্দু সংস্কাৰত) অসময়ত দেৱী দুৰ্গাৰ আৰাধনা’।[4]। এই প্ৰসংগত জ্ঞানেন্দ্ৰমোহন দাসে লিখিছে:[5]

যি সময়ত (শাওণৰপৰা পুহ) দুৰ্গা পূজা হয় তেতিয়া সূৰ্য্যৰ গতি দক্ষিণ দিশে হয়। এই ছমাহ দক্ষিণায়ণ। বাকী ছমাহ (মাঘৰপৰা আহাৰ) উত্তৰায়ণ। উত্তৰায়ণ দেৱতাসকলৰ দিন আৰু দক্ষিণায়ণ ৰাতি। ৰাতিভাগত দেৱীদুৰ্গা (পাৰ্বতী) নিদ্ৰাৱস্থাত থাকে বুলি তেওঁৰ বোধন কৰি পূজা কৰিব লাগে। সাধাৰণতে ষষ্ঠীতেই বোধন আৰম্ভ হয়, পূজাৰ আগৰদিনা সন্ধিয়া ষষ্ঠী নাথাকিলে বা আগদিনা থাকিলে আগদিনাই বোধন হয়।

আনহাতে দুৰ্গাপূজাৰ বিধিসম্মত সময়কাল হিন্দু পঞ্জিকা অনুসৰি চʼত মাহ; বাসন্তীপূজা নামেৰে পৰিচিত।[6] হিন্দু পুৰাণত উল্লিখিত আছে যে, ৰজা সুৰথ আৰু সমাধি বৈশ্যই বসন্তকালতেই দুৰ্গাপূজা কৰিছিল। ব্ৰহ্মবৈবৰ্ত পুৰাণ গ্ৰন্থত উল্লিখিত আছে যে, ৰজা সুৰথে চʼত মাহৰ শুক্লপক্ষৰ অষ্টমী আৰু নৱমী তিথিত শাস্ত্ৰবিধিমতে দেৱী দুৰ্গতিনাশিনীৰ (পাৰ্বতী) পূজা কৰিছিল। বসন্তকাল উত্তৰায়ণৰ অন্তৰ্গত। উত্তৰায়ণত দেৱতাসকল জাগ্ৰত থাকে বাবে বাসন্তীপূজাত বোধনৰ প্ৰয়োজন নহয়।[7]

লগতে চাওক

[সম্পাদনা কৰক]

১. “পূজিতা সুৰথেনাদৌ দেবী দুৰ্গতিনাশিনী।
মধুমাসসিতাষ্টম্যাং নবম্যাং বিধিপূৰ্বকম্‌॥”, ব্ৰহ্মবৈবৰ্ত পুৰাণ, প্ৰকৃতি খণ্ড, ১/১৪৭

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. বাঙ্গালা ভাষাৰ অভিধান, প্ৰথম ভাগ, জ্ঞানেন্দ্ৰমোহন দাস সংকলিত ও সম্পাদিত, সাহিত্য সংসদ, কলকাতা, ২০০০ মুদ্ৰণ, পৃ. ৭
  2. আকাদেমি বিদ্যাৰ্থী বাংলা অভিধান, পশ্চিমবঙ্গ বাংলা আকাদেমি, কলকাতা, ২০০৯ মুদ্ৰণ, পৃ. ৩
  3. বাঙ্গালা ভাষাৰ অভিধান, দ্বিতীয় ভাগ, জ্ঞানেন্দ্ৰমোহন দাস সংকলিত ও সম্পাদিত, সাহিত্য সংসদ, কলকাতা, ১৯৯৮ মুদ্ৰণ, পৃ. ৭
  4. আকাদেমি বিদ্যাৰ্থী বাংলা অভিধান, পশ্চিমবঙ্গ বাংলা আকাদেমি, কলকাতা, ২০০৯ মুদ্ৰণ, পৃ. ৪
  5. বাঙ্গালা ভাষাৰ অভিধান, দ্বিতীয় ভাগ, জ্ঞানেন্দ্ৰমোহন দাস সংকলিত ও সম্পাদিত, সাহিত্য সংসদ, কলকাতা, ১৯৯৮ মুদ্ৰণ, পৃ. ১৬৪৫
  6. "Akaal Bodhan Article". http://www.durga-puja.org/what-the-epics-say-akalbodhan.html. 
  7. পূজা-বিজ্ঞান, স্বামী প্ৰমেয়ানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, ২০০৫ মুদ্ৰণ, পৃ. ৩৮

বাহ্যিক সংযোগ ‌

[সম্পাদনা কৰক]