সমললৈ যাওক

অকোষীয় জীৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এবিধ ভাইৰাছ

অকোষীয় জীৱন, যাক অনা-কোষীয় জীৱন বুলিও কোৱা হয়, জীৱনচক্ৰৰ অন্ততঃ কিছু অংশ কোষীয় গঠন অবিহনে জীয়াই থকা জীৱন।[1] ঐতিহাসিকভাৱে প্ৰাণীৰ প্ৰাণৰ বেছিভাগ সংজ্ঞাই ধাৰণা কৰিছিল যে এটা জীৱ এটা বা ততোধিক কোষেৰে গঠিত হ'ব লাগিব,[2] কিন্তু কিছুমানৰ বাবে ইয়াক আৰু প্ৰয়োজনীয় বুলি গণ্য কৰা নহয় আৰু আধুনিক মাপকাঠীসমূহে অন্যান্য গাঁথনিগত ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি জীৱনৰ ৰূপসমূহ বেলেগ বেলেগো হ’ব পাৰে।[3][4][5]

নিউক্লিক এচিডযুক্ত সংক্ৰামক কাৰক

[সম্পাদনা কৰক]
an image showing types of virus
ভাইৰাছৰ প্ৰকাৰ

গৱেষকসকলে প্ৰথমে ভাইৰাছক বিষ বা প্ৰতিবিষ বুলি বৰ্ণনা কৰিছিল, তাৰ পিছত "সংক্ৰামক প্ৰ'টিন" বুলি; কিন্তু ইহঁতৰ জিনীয় পদাৰ্থ, এটা নিৰ্দিষ্ট গঠন আৰু ইহঁতৰ গঠনকাৰী অংশৰ পৰা স্বতঃস্ফূৰ্তভাৱে একত্ৰিত হোৱাৰ ক্ষমতা থাকে। ইয়াৰ ফলত ইহঁতক মৌলিকভাৱে জৈৱিক বা অজৈৱিক বুলি গণ্য কৰা উচিত নে—অতি সৰু জৈৱিক জীৱ হিচাপে বা অতি বৃহৎ জৈৱ-ৰাসায়নিক অণু হিচাপে গণ্য কৰা উচিত- সেই সম্পৰ্কে ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। ইহঁতে গৃহস্থৰ অবিহনে ইহঁতৰ জীৱনৰ কোনো কাম—যেনে বিপাকীয় ক্ৰিয়া, বৃদ্ধি বা প্ৰজনন আদি কৰিব নোৱাৰে। ১৯৫০ চনৰ পৰা বহু বিজ্ঞানীয়ে ভাইৰাছক ৰসায়ন বিজ্ঞান আৰু জীৱনৰ সীমাত জীৱিত আৰু অজীৱিতৰ মাজৰ এটা ধূসৰ অঞ্চলত থকা বুলি ধৰিছে।[6][7][8]

ভাইৰ’ইড

[সম্পাদনা কৰক]

যদি ভাইৰাছবোৰ জীৱৰ শেষসীমাত থাকে বা অজীৱিত হয়, তেন্তে ভাইৰ’ডবোৰ জীৱিত জীৱৰ পৰা বহু দূৰত থাকে। ভাইৰয়ড হৈছে কিছুমান সৰু সংক্ৰামক কাৰক, ই কেৱল প্ৰটিনৰ আৱৰণ নথকা বৃত্তাকাৰ, একক ডালযুক্ত আৰ এন এৰ চুটি ডালৰে গঠিত। ইহঁতে কেৱল ফুলৰ উদ্ভিদকহে সংক্ৰমিত কৰে বুলি জনা যায়, ইয়াৰে কিছুমানৰ ব্যৱসায়িক গুৰুত্ব আছে। ভাইৰ’ইডৰ জিন’মৰ আকাৰ অতি সৰু, ২৪৬ৰ পৰা ৪৬৭ নিউক্লিঅ’বেজৰ ভিতৰত। তুলনামূলকভাৱে সংক্ৰমণ ঘটাব পৰা সৰু ভাইৰাছৰ জিনমৰ আকাৰ প্ৰায় ২০০০ নিউক্লিঅ'বেজৰ।[9][10] ভাইৰইড আৰ এন এ কোনো প্ৰটিনৰ বাবে ক'ড নকৰে।[11] ইয়াৰ প্ৰতিলিপিকৰণ ব্যৱস্থাই আৰ এন এ(RNA) পলিমেৰেজ II হাইজেক কৰে, যিটো সাধাৰণতে ডি এন এৰ পৰা মেচেঞ্জাৰ আৰ এন এ সংশ্লেষণৰ সৈতে জড়িত গৃহস্থ-কোষ এনজাইম, যিয়ে ইয়াৰ পৰিৱৰ্তে ভাইৰ'ইডৰ আৰ এন এক টেমপ্লেট হিচাপে ব্যৱহাৰ কৰি নতুন আৰ এন এৰ "ৰোলিং চাৰ্কল" সংশ্লেষণৰ অনুঘটক হিচাপে কাম কৰে। কিছুমান ভাইৰ’ইড ৰাইব’জাইম, ইয়াৰ অনুঘটকীয় ধৰ্ম থাকে যিয়ে বৃহৎ প্ৰতিলিপি মধ্যৱৰ্তী পদাৰ্থৰ পৰা একক আকাৰৰ জিন’মসমূহ স্ব-বিভাজন আৰু লাইগেচনৰ অনুমতি দিয়ে।[12]

ভাইৰ’ইডৰ উৎপত্তিৰ এটা সম্ভাৱ্য ব্যাখ্যাই ইয়াক ডি এন এ(DNA) বা প্ৰটিনৰ বিৱৰ্তনৰ পূৰ্বে কাল্পনিক, প্ৰাচীন আৰু অকোষীয় আৰ এন এ জগতৰ পৰা "জীৱিত ধ্বংসাৱশেষ" হিচাপে দেখা যায়।[13][14] ১৯৮০ চনত প্ৰথমবাৰৰ বাবে প্ৰস্তাৱিত এই মতামত[13] ২০১০ চনত নিৰ্জীৱ পদাৰ্থৰ (এবায়'জেনেছিছ) পৰা জীৱনৰ বিৱৰ্তনৰ গুৰুত্বপূৰ্ণ মধ্যৱৰ্তী পদক্ষেপসমূহৰ ব্যাখ্যাৰ বাবে পুনৰ জনপ্ৰিয়তা লাভ কৰে।[15][16]

অবেলিস্ক

[সম্পাদনা কৰক]

২০২৪ চনত গৱেষকসকলে ভাইৰ’ইডৰ দৰে, কিন্তু সুকীয়া, আৰ এন এ ভিত্তিক মৌলৰ সম্ভাৱ্য আৱিষ্কাৰৰ কথা ঘোষণা কৰে যাক অবেলিস্ক বুলি অভিহিত কৰা হয়।ৱমানৱ মাইক্ৰ’বায়’মৰ ক্ৰমৰ তথ্যকোষত পোৱা অবেলিস্ক সম্ভৱতঃ আন্ত্ৰিক বেক্টেৰিয়াত ৰখা হয়। ইহঁতৰ ভাইৰ’ইডৰ পৰা পৃথক কাৰণ ইহঁতে দুটা সুকীয়া প্ৰটিনৰ বাবে ক’ড কৰে, যাক "অবলিন" বুলি অভিহিত কৰা হয়। আৰু ইহঁতৰ আৰ এন এৰ ভৱিষ্যদ্বাণী কৰা ৰডৰ দৰে গৌণ গঠনৰ বাবে।[17][18]

প্ৰথম সাৰ্বজনীন উমৈহতীয়া পূৰ্বপুৰুষ

[সম্পাদনা কৰক]

প্ৰথম সাৰ্বজনীন সাধাৰণ পূৰ্বপুৰুষ (FUCA) এটা প্ৰস্তাৱিত অকোষীয় জীৱৰূপৰ উদাহৰণ, কাৰণ ই শেষৰ সাৰ্বজনীন সাধাৰণ পূৰ্বপুৰুষ, ইয়াৰ ভগ্নী বংশ আৰু বৰ্তমান জীৱিত প্ৰতিটো কোষৰ আদিম পূৰ্বপুৰুষ।[19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "What is Non-Cellular Life?". Wise Geek. Conjecture Corporation. 2009. http://www.wisegeek.com/what-is-non-cellular-life.htm। আহৰণ কৰা হৈছে: 2009-08-02. সাঁচ:Unreliable source?
  2. "The 7 Characteristics of Life". infohost.nmt.edu. Archived from the original on 2016-11-19. https://web.archive.org/web/20161119145005/http://infohost.nmt.edu/~klathrop/7characterisitcs_of_life.htm। আহৰণ কৰা হৈছে: 2017-01-26. [ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]
  3. Benner, Steven A. (2017-01-26). "Defining Life". Astrobiology খণ্ড 10 (10): 1021–1030. doi:10.1089/ast.2010.0524. ISSN 1531-1074. PMID 21162682. 
  4. Trifonov, Edward (2012). "Definition of Life: Navigation through Uncertainties". Journal of Biomolecular Structure & Dynamics খণ্ড 29 (4): 647–650. doi:10.1080/073911012010525017. PMID 22208269. http://www.jbsdonline.com/mc_images/category/4317/21-trifonov-jbsd_29_4_2012.pdf। আহৰণ কৰা হৈছে: 27 January 2017. 
  5. Ma, Wentao (2016-09-26). "The essence of life". Biology Direct খণ্ড 11 (1): 49. doi:10.1186/s13062-016-0150-5. ISSN 1745-6150. PMID 27671203. 
  6. Villarreal, Luis P. (December 2004). "Are Viruses Alive?". Scientific American খণ্ড 291 (6): 100–105. doi:10.1038/scientificamerican1204-100. PMID 15597986. http://www.scientificamerican.com/article.cfm?id=are-viruses-alive-2004। আহৰণ কৰা হৈছে: 2013-04-27. 
  7. Forterre, Patrick (3 March 2010). "Defining Life: The Virus Viewpoint". Orig Life Evol Biosph খণ্ড 40 (2): 151–160. doi:10.1007/s11084-010-9194-1. PMID 20198436. 
  8. Lwoff, A. (1957-01-01). "The Concept of Virus". Microbiology খণ্ড 17 (2): 239–253. doi:10.1099/00221287-17-2-239. PMID 13481308. 
  9. "Potato spindle tuber "virus". IV. A replicating, low molecular weight RNA". Virology খণ্ড 45 (2): 411–28. August 1971. doi:10.1016/0042-6822(71)90342-4. PMID 5095900. 
  10. "ARS Research Timeline – Tracking the Elusive Viroid". 2006-03-02. https://www.ars.usda.gov/oc/timeline/viroid/। আহৰণ কৰা হৈছে: 18 July 2007. 
  11. Tsagris, E. M.; Martínez De Alba, A. E.; Gozmanova, M; Kalantidis, K (2008). "Viroids". Cellular Microbiology খণ্ড 10 (11): 2168–79. doi:10.1111/j.1462-5822.2008.01231.x. PMID 18764915. 
  12. Daròs, J. A.; Elena, S. F.; Flores (2006). "Viroids: An Ariadne's thread into the RNA labyrinth". EMBO Reports খণ্ড 7 (6): 593–598. doi:10.1038/sj.embor.7400706. PMID 16741503. 
  13. 13.0 13.1 Diener, T. O. (1989). "Circular RNAs: Relics of precellular evolution?". Proceedings of the National Academy of Sciences of the United States of America খণ্ড 86 (23): 9370–4. doi:10.1073/pnas.86.23.9370. PMID 2480600. 
  14. Villarreal, Luis P. (2005). Viruses and the evolution of life. প্ৰকাশক Washington, D.C.: ASM Press. পৃষ্ঠা. 31. ISBN 1-55581-309-7. https://archive.org/details/virusesevolution0000vill. 
  15. Flores, R; Gago-Zachert, S.; Serra, P.; Sanjuán, R.; Elena, S. F. (2014). "Viroids: Survivors from the RNA world?". Annual Review of Microbiology খণ্ড 68: 395–414. doi:10.1146/annurev-micro-091313-103416. PMID 25002087. https://digital.csic.es/bitstream/10261/107724/1/Annu.%20Rev.%20Microbiol.%20Flores%20et%20al%202014.pdf। আহৰণ কৰা হৈছে: 15 December 2018. 
  16. Zimmer, Carl (25 September 2014). "A Tiny Emissary From the Ancient Past". The New York Times. https://www.nytimes.com/2014/09/25/science/a-tiny-emissary-from-the-ancient-past.html. 
  17. Sidik, Saima (29 January 2024). "'Wildly weird' RNA bits discovered infesting the microbes in our guts". Nature. doi:10.1038/d41586-024-00266-7. PMID 38291328. https://www.nature.com/articles/d41586-024-00266-7। আহৰণ কৰা হৈছে: 31 January 2024. 
  18. Pennisi, Elizabeth (26 January 2024). 'It's insane': New viruslike entities found in human gut microbes. doi:10.1126/science.znxt3dk. https://www.science.org/content/article/it-s-insane-new-viruslike-entities-found-human-gut-microbes। আহৰণ কৰা হৈছে: 31 January 2024. 
  19. Prosdocimi, Francisco; José, Marco V.; de Farias, Sávio Torres (2019), Pontarotti, Pierre, ed., "The First Universal Common Ancestor (FUCA) as the Earliest Ancestor of LUCA's (Last UCA) Lineage", Evolution, Origin of Life, Concepts and Methods (Cham: Springer International Publishing): pp. 43–54, doi:10.1007/978-3-030-30363-1_3, ISBN 978-3-030-30363-1, https://doi.org/10.1007/978-3-030-30363-1_3, আহৰণ কৰা হৈছে: 2023-11-02