২৯ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০২ তম (অধিবৰ্ষত ৩০৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৩টা দিন বাকী থাকে।
- ১৭৪০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ সাহিত্যিক , জীৱনীকাৰ জেছ বছৱেলৰ জন্ম হয়।
- ১৭৯৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ কবি জন কীটছৰ জন্ম হয়।
- ১৮৯৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে হিটলাৰৰ অধীনৰ জাৰ্মানীৰ প্ৰচাৰমন্ত্ৰী যোছেফ গোৰৱেলছ জন্ম হয়।
- ১৯১৭ চনৰ আজিৰ দিনটোতে নাট্যকাৰ সত্যপ্ৰসাদ বৰুৱাৰ জন্ম হয়।
- ১৯২০ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত আমেৰিকান বিজ্ঞানী বাৰুজ বেনাকেৰৰাফৰ জন্ম হয়।
- ১৯২৩ চনৰ আজিৰ দিনটোতে তুৰস্কক গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে ঘোষণা কৰা হয়। ইস্তানবুলৰ পৰা আংকাৰালৈ দেশখনৰ ৰাজধানী স্থানান্তৰিত কৰা হয়।
- ১৯০৮ চনত আন এজন বিজ্ঞানী ডাঃ কেমিলি গুৰিনৰ সৈতে যুটীয়াভাৱে গৱেষণা কৰি তেওঁ আৱিষ্কাৰ কৰে যক্ষ্মা ৰোগৰ প্ৰতিষেধক ছিটা বি চি জি।
- ২০০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয়।