প্ৰতিবন্ধকতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Accessৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন।

অক্ষমতা (ইংৰাজী: Disability) হৈছে যিকোনো প্ৰকাৰৰ শাৰীৰিক, সংজ্ঞানাত্মক, মানসিক, সংবেদনাত্মক, বিকাশজনিত অথবা ইহঁতৰ সংমিশ্ৰিত বিকাৰজনিত সমস্যা। অক্ষমতা জন্মগতভাৱে বা ব্যক্তিৰ জীৱন কালত দেখা দিব পাৰে।

অক্ষমতা এটা বহুঅৰ্থযুক্ত শব্দ, বিভিন্ন বিকাৰ, কাৰ্যক্ষমতাৰ সীমাবদ্ধতা, আৰু অংশগ্ৰহণৰ বাধাগ্ৰস্থতা বুজায়। বিকাৰ হৈছে এক প্ৰকাৰৰ দৈহিক কাৰ্য আৰু গঠনৰ সমস্যা; কাৰ্যক্ষমতাৰ সীমাবদ্ধতাই কোনো ব্যক্তিয়ে কোনো কাৰ্য সম্পাদন কৰোতে পোৱা জটিলটাক সূচায়; আনহাতে অংশগ্ৰহণৰ বাধাগ্ৰস্থতা হৈছে কোনো ব্যক্তিয়ে জীৱনৰ বিভিন্ন পৰিস্থিতিৰ লগত জড়িত হওতে লাভ কৰা সমস্যাসমূহৰ অভিজ্ঞতাক বুজায়। এনেদৰে, কোনো ব্যক্তিৰ দৈহিক বৈশিষ্ট আৰু তেঁও বাসকৰা সমাজখনৰ বৈশিষ্টৰ মাজৰ আন্তঃক্ৰিয়াসমূহ প্ৰতিফলিত কৰা অক্ষমতা এটা অতি জটিল পৰিঘটনা।[1]

কোনো ব্যক্তিৰ অতীতত থকা বিকাৰ অথবা ব্যক্তিগত বা দলীয় মানদণ্ড বা মাপাংকৰ ভিত্তিত কোনো ব্যক্তিক অক্ষম বুলি কোৱা হয়। এনে বিকাৰসমূহ শাৰীৰিক, সংবেদনাত্মক, আৰু সংজ্ঞানাত্মক বা বিকাশজনিত অক্ষমতা হ'ব পাৰে। মানসিক বিসংগতি (psychiatric বা psychosocial disability বুলিও কোৱা হয়) আৰু বিভিন্ন ধৰণৰ অৰ্জিত ৰোগকো অক্ষমতা বুলি নিৰ্ধাৰণ কৰা হয়।

কিছু লোকে "অক্ষমতা"ক, বিতৰ্কিতভাৱে সমাজত অন্যায়পূৰ্ৱক লাঞ্চিত বুলি বিবেচিত বিকাশজনিত ভিন্নতাৰ বিশেষ পৰিস্থিতি বুলি বৰ্ণনা কৰিছে।[2][3] ইয়াৰোপৰি, অন্য কিছুৱে অক্ষমতা কোনো বিকাৰ নহয়, ই সমাজৰ মূলসুঁতিৰ পৰা বহিষ্কৰণ (ableism)ৰ ফলশ্ৰুতি বুলিহে কব বিচাৰে।[4][5]

তথ্য সংগ্ৰহ

  1. "Disabilities". World Health Organization. http://www.who.int/topics/disabilities/en/। আহৰণ কৰা হৈছে: 11 August 2012. 
  2. Ladd, Paddy (2003). Understanding Deaf Culture: In Search of Deafhood.. Multilingual Matters. পৃষ্ঠা. 502. ISBN 1-85359-545-4. https://books.google.com/books?id=7PRLjkES83oC. 
  3. Solomon, Andrew. "The New Wave of Autism Rights Activists". New York Magazine. http://nymag.com/news/features/47225/। আহৰণ কৰা হৈছে: October 30, 2011. 
  4. "Welcome to the Autistic Community!". Autistic Self Advocacy Network. http://autisticadvocacy.org/wp-content/uploads/2014/02/WTTAC-Adolescent-FINAL-2.pdf। আহৰণ কৰা হৈছে: July 24, 2014. 
  5. Langtree, Ian. "Definitions of The Models of Disability". Disabled World. http://www.disabled-world.com/definitions/disability-models.php। আহৰণ কৰা হৈছে: July 24, 2014.