সমললৈ যাওক

অগাষ্ট ক'ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অগাষ্ট ক'

Comte in 1849
জন্ম ১৯ জানুৱাৰী, ১৭৯৮
Montpellier, French First Republic
মৃত্যু ০৫ ছেপ্টেম্বৰ, ১৮৫৭ (৫৯ বছৰ)
Paris, Second French Empire
যুগ 19th-century philosophy
অঞ্চল Western philosophy
ধাৰা Positivism
উল্লেখযোগ্য কৰ্ম Altruism
Encyclopedic law
Hierarchy of the sciences
Law of three stages
Positivist calendar
Religion of Humanity
Sociological positivism
প্ৰতিষ্ঠান École Polytechnique

ইছিড'ৰ অগাষ্টে মেৰী ফ্ৰান্সোৱা জেভিয়াৰ ক'ট ( /kɒ̃t/ ;  ; ১৯ জানুৱাৰী ১৭৯৮ – ৫ ছেপ্টেম্বৰ ১৮৫৭) এজন ফৰাচী দাৰ্শনিক, গণিতজ্ঞ আৰু লেখক যিয়ে প্ৰত্যক্ষবাদ নামৰ মতবাদটো আগবঢ়াইছিল। তেওঁক প্ৰায়ে আধুনিক অৰ্থত বিজ্ঞানৰ প্ৰথম দাৰ্শনিক হিচাপে গণ্য কৰা হয়। [1] সমাজতত্ত্বৰ বিকাশৰ ক্ষেত্ৰত ক'টৰ ধাৰণাসমূহ আছিল অতি মৌলিক বা আধাৰস্বৰূপ। আনকি তেঁৱেই এই শব্দটো উদ্ভাৱন কৰিছিল আৰু এই বিষয়টোক সকলো বিজ্ঞানৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সাফল্য হিচাপে গণ্য কৰিছিল। [2] [3]

হেনৰী ডি চেণ্ট-চাইমনৰ দ্বাৰা প্ৰভাৱিত হৈ ক'টৰ কৰ্মৰাজিয়ে ফৰাচী বিপ্লৱৰ ফলত সৃষ্টি হোৱা সামাজিক বিশৃংখলতাক নিৰাময় কৰাৰ প্ৰয়াস কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে এই বিশৃংখলতাই এক নতুন ধৰণৰ সমাজ ব্যৱস্থালৈ আসন্ন পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে। তেওঁ বিজ্ঞানৰ ওপৰত আধাৰিত এক নতুন সামাজিক মতবাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, যাক তেওঁ 'প্ৰত্যক্ষবাদ' (positivism) বুলি নামাকৰণ কৰিছিল। ঊনবিংশ শতিকাৰ চিন্তাধাৰাৰ ওপৰত তেওঁৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ আছিল, যিয়ে জন ষ্টুৱাৰ্ট মিল আৰু জৰ্জ ইলিয়টৰ দৰে সমাজ চিন্তাবিদসকলৰ কৰ্মৰাজিকো বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল।[4]তেওঁৰ সমাজতত্ত্ব আৰু সামাজিক বিৱৰ্তনবাদৰ ধাৰণাই হেৰিয়েট মাৰ্টিন্যু আৰু হাৰ্বাৰ্ট স্পেন্সাৰৰ দৰে প্ৰাৰম্ভিক সমাজ তাত্ত্বিক তথা নৃতত্ত্ববিদসকলৰ চিন্তা-চৰ্চাৰ বাবে এক নিৰ্দিষ্ট পথ প্ৰশস্ত কৰিছিল। পৰৱৰ্তী সময়ত ই আধুনিক শৈক্ষিক সমাজতত্ত্বলৈ বিকশিত হয়, যাক এমিল ডুৰ্খেইমে এক ব্যৱহাৰিক আৰু বস্তুনিষ্ঠ সামাজিক গৱেষণা হিচাপে উপস্থাপন কৰিছিল।

ক'টৰ সামাজিক তত্ত্বসমূহৰ চূড়ান্ত পৰিণতি আছিল তেওঁৰ "মানৱতাৰ ধৰ্ম", যিয়ে ঊনবিংশ শতিকাত নিৰীশ্বৰবাদী ধৰ্মীয় মানৱতাবাদী আৰু ধৰ্মনিৰপেক্ষ মানৱতাবাদী সংগঠনসমূহৰ বিকাশৰ আগজাননী দিছিল। [5]'পৰাৰ্থবাদ' (altruism) শব্দটোও হয়তো তেঁৱেই উদ্ভাৱন কৰিছিল। [6]

১৭৯৮ চনৰ ১৯ জানুৱাৰীত হেৰ'ল্টৰ মন্টপেলিয়াৰত অগাষ্ট ক'টে জন্মগ্ৰহণ কৰিছিল। সেই সময়ত এই অঞ্চলটো নৱগঠিত 'ফৰাচী প্ৰথম প্ৰজাতন্ত্ৰ'ৰ শাসনাধীন আছিল। লিছে জোফ্ৰে আৰু তাৰ পাছত মন্টপেলিয়াৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত, ক'টে পেৰিছৰ 'ইক'ল পলিটেকনিক'ত নামভৰ্তিৰ সুযোগ লাভ কৰে। প্ৰজাতন্ত্ৰবাদ আৰু প্ৰগতিৰ ফৰাচী আদৰ্শৰ প্ৰতি থকা আনুগত্যৰ বাবে এই ইক'ল পলিটেকনিক বিশেষভাৱে পৰিচিত আছিল।পুনৰ্গঠনৰ উদ্দেশ্যে ১৮১৬ চনত শিক্ষানুষ্ঠানখন বন্ধ কৰি দিয়া হয়, যাৰ ফলত ক'টে মন্টপেলিয়াৰৰ এখন চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ অধ্যয়ন অব্যাহত ৰাখে। পাছলৈ যেতিয়া ইক'ল পলিটেকনিকক পুনৰ মুকলি কৰা হৈছিল, তেতিয়া তেওঁ তাত পুনৰ নামভৰ্তিৰ বাবে কোনো আবেদন কৰা নাছিল। [7]

মন্টপেলিয়াৰলৈ ঘূৰি অহাৰ পাছত, ক'টে অতি সোনকালেই তেওঁৰ কেথলিক আৰু ৰাজতন্ত্ৰবাদী পৰিয়ালৰ সৈতে এক দূৰ কৰিব নোৱৰা মতানৈক্য উপলব্ধি কৰে। ইয়াৰ পাছতে তেওঁ পুনৰ পেৰিছলৈ ৰাওনা হয় আৰু তাত সৰু-সুৰা কাম কৰি ধন উপাৰ্জন কৰিবলৈ লয়। তেওঁৰ প্ৰথম শিক্ষক তথা প্ৰটেষ্টান্ট ধৰ্মযাজক ডেনিয়েল এনকন্ট্ৰেৰ প্ৰভাৱত পৰি ক'টে ইতিমধ্যে কেথলিক ধৰ্ম ত্যাগ কৰিছিল। [8] [9]

১৮১৭ চনৰ আগষ্ট মাহত তেওঁ পেৰিছৰ ৬ষ্ঠ এৰণ্ডিচমেণ্টৰ ৩৬ ৰু বোনাপাৰ্টত এটা এপাৰ্টমেণ্ট বিচাৰি লৈছিল (য'ত তেওঁ ১৮২২ চনলৈকে বসবাস কৰিছিল)। সেই বছৰৰে পৰৱৰ্তী সময়ত তেওঁ হেনৰি ডি ছেইন্ট-ছাইমনৰ ছাত্ৰ আৰু সচিব হৈ পৰে। ছেইন্ট-ছাইমনেই ক'টক বৌদ্ধিক সমাজৰ সংস্পৰ্শলৈ আনিছিল আৰু তাৰ পৰাই তেওঁৰ চিন্তাধাৰাক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। সেই সময়ছোৱাত, ক'টে ছেইন্ট-ছাইমনৰ দ্বাৰা পৰিচালিত বিভিন্ন প্ৰকাশনসমূহ, যেনে- 'এল'ইণ্ডাষ্ট্ৰী' (L'Industrie), 'লি পলিটিক' (Le Politique), আৰু 'এল'অৰ্গেনাইজেটাৰ'ত (L'Organisateur) (লগতে চাৰ্লছ ডুনয়েৰ আৰু চাৰ্লছ ক'টৰ 'লি চেন্সৰ ইউৰোপিয়েন'ত - Le Censeur Européen) তেওঁৰ প্ৰথম প্ৰবন্ধসমূহ প্ৰকাশ কৰিছিল। অৱশ্যে, ১৮১৯ চনত "La séparation générale entre les opinions et les désirs" ("মতামত আৰু আকাংক্ষাৰ সাধাৰণ পৃথকীকৰণ") প্ৰকাশ নোহোৱালৈকে তেওঁ নিজৰ নামত কোনো লেখা প্ৰকাশ কৰা নাছিল।

১৮২৪ চনত, দূৰ কৰিব নোৱৰা মতানৈক্যৰ বাবেই ক'টে পুনৰ ছেইন্ট-ছাইমনৰ সংগ ত্যাগ কৰিছিল। ক'টে ১৮২২ চনত তেওঁৰ 'প্লেন ডি ট্ৰেভক্স চাইণ্টিফিকছ নেচেচেয়াৰ্ছ প'ৰ ৰিঅৰ্গেনাইজাৰ লা চ'চাইটি' (অৰ্থাৎ, সমাজৰ পুনৰ্গঠনৰ বাবে প্ৰয়োজনীয় বৈজ্ঞানিক অধ্যয়নৰ পৰিকল্পনা) প্ৰকাশ কৰিছিল। কিন্তু তেওঁ কোনো শৈক্ষিক পদৱী লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। তেওঁৰ দৈনন্দিন জীৱন নিৰ্বাহ পৃষ্ঠপোষকসকল আৰু বন্ধু-বৰ্গৰ পৰা লাভ কৰা আৰ্থিক সাহায্যৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল।

১৮২৫ চনত ক'টে কেৰোলিন মেচিনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ১৮২৬ চনত তেওঁক এখন মানসিক চিকিৎসালয়লৈ নিয়া হৈছিল, কিন্তু সম্পূৰ্ণৰূপে সুস্থ নোহোৱাকৈয়ে তেওঁ চিকিৎসালয় ত্যাগ কৰে— ফৰাচী মানসিক ৰোগ বিশেষজ্ঞ জঁ-এটিন ডমিনিক এছকুইৰলে (Jean-Étienne Dominique Esquirol) কেৱল তেওঁৰ স্বাস্থ্যৰ অৱস্থাটো স্থিৰহে কৰিছিল— যাতে তেওঁ পুনৰ নিজৰ পৰিকল্পনাৰ ওপৰত কাম কৰিব পাৰে (পাছলৈ ১৮২৭ চনত তেওঁ 'পন্ট ডেছ আৰ্টছ'ৰ (Pont des Arts) পৰা জাপ দি আত্মহত্যাৰো চেষ্টা কৰিছিল)। এই ঘটনাৰ পৰা আৰম্ভ কৰি ১৮৪২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱালৈকে, এই সময়ছোৱাৰ ভিতৰতে তেওঁ তেওঁৰ 'ক'ৰ্ছ'ৰ (Cours) ছটা খণ্ড প্ৰকাশ কৰিছিল।

ক'টে জন ষ্টুৱাৰ্ট মিলৰ সৈতে এক ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তুলিছিল। ১৮৪৪ চনত, তেওঁ কেথলিক ধৰ্মাৱলম্বী ক্ল'টিল্ড ডি ভক্সৰ (Clotilde de Vaux) গভীৰ প্ৰেমত পৰে। পিছে, ক্ল'টিল্ডৰ তেওঁৰ প্ৰথম স্বামীৰ সৈতে বিবাহ বিচ্ছেদ নোহোৱাৰ বাবে, তেওঁলোকৰ এই প্ৰেমে কেতিয়াও পূৰ্ণতা লাভ কৰা নাছিল।১৮৪৬ চনত ক্ল'টিল্ডৰ মৃত্যুৰ পাছত, তেওঁলোকৰ এই প্ৰেমে এক অৰ্ধ-ধৰ্মীয় (quasi-religious) ৰূপ ধাৰণ কৰে। ইয়াৰ পাছতে ক'টে মিলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি এক নতুন "মানৱতাৰ ধৰ্ম" (Religion of Humanity) গঢ়ি তুলিছিল।

অগাষ্ট ক'টৰ সমাধি

তেওঁ ১৮৫১ চনৰ পৰা ১৮৫৪ চনৰ ভিতৰত 'চিষ্টেম ডি পলিটিক পজিটিভ'ৰ (Système de politique positive) চাৰিটা খণ্ড প্ৰকাশ কৰিছিল। তেওঁৰ অন্তিমখন গ্ৰন্থ, 'লা ছিন্তেজ ছাবজেকটিভ'ৰ (La Synthèse Subjective - "The Subjective Synthesis") প্ৰথম খণ্ড ১৮৫৬ চনত প্ৰকাশ পাইছিল। ১৮৫৭ চনৰ ৫ ছেপ্টেম্বৰত পেৰিছত পাকস্থলীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ক'টৰ মৃত্যু হয় আৰু তেওঁক বিখ্যাত 'পেৰে লাচেইজ সমাধিস্থল'ত (Père Lachaise Cemetery) সমাধিস্থ কৰা হৈছিল। তেওঁৰ সমাধিটো তেওঁৰ মাতৃ ৰোজালি বয়াৰ (Rosalie Boyer) আৰু ক্ল'টিল্ড ডি ভক্সৰ (Clotilde de Vaux) স্মৃতিত নিৰ্মিত স্মৃতিসৌধৰে আৱৰি আছিল। ১৮৪১ চনৰ পৰা ১৮৫৭ চনলৈকে তেওঁ বাস কৰা এপাৰ্টমেণ্টটো বৰ্তমান 'মেইজন ডি'অগাষ্ট ক'ট' (Maison d'Auguste Comte) হিচাপে সংৰক্ষণ কৰা হৈছে, আৰু ই পেৰিছৰ ৬ষ্ঠ এৰণ্ডিচমেণ্টৰ ১০ ৰু মঁছিয়ে-ল্য-প্ৰিন্সত (10 rue Monsieur-le-Prince) অৱস্থিত।

কৰ্মৰাজি

[সম্পাদনা কৰক]

ক'টৰ প্ৰত্যক্ষবাদ

[সম্পাদনা কৰক]

ক'টে পোনপ্ৰথমে ১৮৩০ আৰু ১৮৪২ চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থৰ শৃংখলা 'দ্য ক'ৰ্ছ ইন পজিটিভ ফিল'ছফী'ত (The Course in Positive Philosophy) প্ৰত্যক্ষবাদৰ (positivism) জ্ঞানতাত্ত্বিক (epistemological) দৃষ্টিভংগী বৰ্ণনা কৰিছিল। এই গ্ৰন্থসমূহৰ পাছতেই ১৮৪৮ চনত তেওঁৰ আন এখন গ্ৰন্থ 'এ জেনেৰেল ভিউ অৱ পজিটিভিজম' (A General View of Positivism) প্ৰকাশ পাইছিল (যিখন ১৮৬৫ চনত ইংৰাজীত প্ৰকাশিত হৈছিল)। 'ক'ৰ্ছ'ৰ প্ৰথম ৩টা খণ্ডত মূলতঃ ইতিমধ্যে অস্তিত্বত থকা ভৌতিক বিজ্ঞানসমূহৰ (যেনে- গণিত, জ্যোতিৰ্বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান) বিষয়ে আলোচনা কৰা হৈছিল। আনহাতে পৰৱৰ্তী দুটা খণ্ডত সমাজতত্ত্বৰ অৱশ্যম্ভাৱী আগমণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। বিজ্ঞানত তত্ত্ব আৰু নিৰীক্ষণৰ মাজত থকা পাৰস্পৰিক নিৰ্ভৰশীলতা পৰ্যবেক্ষণ কৰি আৰু বিজ্ঞানসমূহক এনেদৰে শ্ৰেণীভুক্ত কৰাৰ বাবে, আধুনিক অৰ্থত ক'টক বিজ্ঞানৰ প্ৰথমগৰাকী দাৰ্শনিক হিচাপে গণ্য কৰিব পাৰি।[10] ক'টেই প্ৰথম ব্যক্তি আছিল যিয়ে প্ৰাকৃতিক দৰ্শনক (natural philosophy) বিজ্ঞানৰ পৰা স্পষ্টভাৱে পৃথক কৰিছিল। তেওঁৰ মতে, মানৱ জাতিয়ে মানৱ সমাজৰ আটাইতকৈ প্ৰত্যাহ্বানজনক আৰু জটিল "ৰাণী বিজ্ঞান"লৈ (Queen science) নিজৰ প্ৰচেষ্টাসমূহক পৰ্যাপ্তভাৱে পৰিচালিত কৰাৰ পূৰ্বে ভৌতিক বিজ্ঞানসমূহ প্ৰথমে বিকশিত হোৱাটো অপৰিহাৰ্য আছিল। সেয়েহে তেওঁৰ 'ভিউ অৱ পজিটিভিজম' (View of Positivism) নামৰ গ্ৰন্থখনে সমাজতাত্ত্বিক পদ্ধতিৰ অভিজ্ঞতামূলক লক্ষ্যসমূহক (empirical goals) অধিক বিতংভাৱে সংজ্ঞায়িত কৰাৰ প্ৰয়াস কৰিছিল।[ উদ্ধৃতিৰ প্ৰয়োজন ]

ক'টে সামাজিক বিৱৰ্তনৰ এক বিৱৰণ আগবঢ়াইছিল, য'ত তেওঁ মত পোষণ কৰিছিল যে 'তিনিটা স্তৰৰ সাধাৰণ সূত্ৰ' (general law of three stages) অনুসৰি, সত্যৰ সন্ধানত সমাজে তিনিটা পৰ্যায় বা স্তৰ অতিক্ৰম কৰে।

ক'টৰ স্তৰকেইটা আছিল: (১) ধৰ্মতাত্ত্বিক স্তৰ (theological stage), (২) অধিবিদ্যাগত স্তৰ (metaphysical stage), আৰু (৩) প্ৰত্যক্ষবাদী স্তৰ (positive stage)।

  1. ঊনবিংশ শতিকাৰ ফ্ৰান্সৰ দৃষ্টিকোণৰ পৰা ধৰ্মতাত্ত্বিক স্তৰটোক 'জ্ঞানদীপ্তিৰ যুগ'ৰ (Age of Enlightenment) পূৰ্বৱৰ্তী এক সময় হিচাপে গণ্য কৰা হৈছিল, য'ত সমাজত মানুহৰ স্থান আৰু মানুহৰ ওপৰত সমাজৰ বাধ্যবাধকতাসমূহক ঈশ্বৰৰ সৈতে সংযুক্ত কৰা হৈছিল। মানুহে নিজৰ পূৰ্বপুৰুষৰ পৰা যি শিকিবলৈ পাইছিল, তাকেই অন্ধভাৱে বিশ্বাস কৰিছিল। তেওঁলোকে অতিপ্ৰাকৃতিক শক্তিৰ ওপৰত বিশ্বাস কৰিছিল। এই সময়ছোৱাত 'জড়োপাসনা'ই (fetishism) এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
  2. "অধিবিদ্যাগত" (Metaphysical) স্তৰ বুলি কওঁতে, ক'টে এৰিষ্ট'টল বা অন্যান্য প্ৰাচীন গ্ৰীক দাৰ্শনিকসকলৰ অধিবিদ্যাৰ কথা বুজোৱা নাছিল। বৰঞ্চ, এই ধাৰণাটো ১৭৮৯ চনৰ ফৰাচী বিপ্লৱৰ পাছত ফৰাচী সমাজত সৃষ্টি হোৱা সমস্যাসমূহৰ মাজত নিহিত আছিল। এই অধিবিদ্যাগত স্তৰত সাৰ্বজনীন অধিকাৰসমূহক যিকোনো মানৱ শাসকৰ নাকচ কৰিব পৰা কৰ্তৃত্বতকৈ এক উচ্চ স্তৰত ৰাখি ন্যায্যতা প্ৰদান কৰা হৈছিল; অৱশ্যে এই অধিকাৰসমূহক কেৱল ৰূপকৰ (metaphor) বাহিৰে আন কোনো পৱিত্ৰতাৰ সৈতে সাঙুৰি পেলোৱা হোৱা নাছিল। এই স্তৰটোক 'অনুসন্ধানৰ স্তৰ' বুলি জনা যায়, কাৰণ এই সময়ত মানুহে যুক্তি দৰ্শাবলৈ আৰু প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল, যদিও কোনো নিৰ্দিষ্ট বা কঠিন প্ৰমাণ দাঙি ধৰা হোৱা নাছিল। অনুসন্ধানৰ এই স্তৰটোৱেই আছিল এনে এখন পৃথিৱীৰ আৰম্ভণি যিয়ে কৰ্তৃত্ব আৰু ধৰ্মক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল।
  3. ফৰাছী বিপ্লৱ আৰু নেপোলিয়নৰ বিফলতাৰ পাছত অস্তিত্বলৈ অহা এই 'বৈজ্ঞানিক' (Scientific) স্তৰত মানুহে মানৱ অধিকাৰৰ ঘোষণা বা ঈশ্বৰৰ ইচ্ছাৰ ভৱিষ্যতবাণীৰ উৰ্ধলৈ গৈ সামাজিক সমস্যাসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছিল। বিজ্ঞানে পূৰ্ণগতিত প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছিল। এই ক্ষেত্ৰত, তেওঁৰ (ক'টৰ) কাৰ্ল মাৰ্ক্স আৰু জেৰেমি বেন্থামৰ সৈতে যথেষ্ট সাদৃশ্য আছিল। সেই সময়ৰ বাবে বৈজ্ঞানিক স্তৰৰ এই ধাৰণাটোক অতি যুগোপযোগী বুলি গণ্য কৰা হৈছিল, যদিও পৰৱৰ্তী দৃষ্টিভংগীৰ পৰা চালে দেখা যায় যে ই ধ্ৰুপদী পদাৰ্থ বিজ্ঞান আৰু শৈক্ষিক ইতিহাসৰ পৰা অত্যাধিকভাৱে আহৰিত আছিল।

ক'টৰ 'তিনিটা স্তৰৰ সূত্ৰ' (law of three stages) সামাজিক বিৱৰ্তনবাদৰ অন্যতম প্ৰথম তত্ত্ব আছিল।

ক'টৰ বিজ্ঞানৰ তত্ত্ব :তেওঁৰ মতে, সমগ্ৰ বিজ্ঞান তাত্ত্বিক আৰু প্ৰায়োগিক জ্ঞানৰ দ্বাৰা গঠিত। তাত্ত্বিক জ্ঞানক সাধাৰণ ক্ষেত্ৰ (যেনে- পদাৰ্থ বিজ্ঞান বা জীৱবিজ্ঞান, যিবোৰ তেওঁৰ গৱেষণাৰ বিষয় আছিল) আৰু বিতং ক্ষেত্ৰত (যেনে- উদ্ভিদবিজ্ঞান, প্ৰাণীবিজ্ঞান বা খনিজ বিজ্ঞান) বিভক্ত কৰা হয়। প্ৰধান ক্ষেত্ৰসমূহ— গণিত, জ্যোতিৰ্বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু সমাজতত্ত্বক গৱেষণাৰ ক্ৰমহ্ৰাসমান পৰিসৰ আৰু তাত্ত্বিক সঁজুলিসমূহৰ জটিলতাৰ ভিত্তিত ক্ৰমবদ্ধ কৰিব পাৰি, যিটো অনুসন্ধান কৰা পৰিঘটনাসমূহৰ বৰ্ধিত জটিলতাৰ সৈতে জড়িত। পৰৱৰ্তী বিজ্ঞানসমূহ সদায় পূৰ্বৱৰ্তী বিজ্ঞানৰ ওপৰত আধাৰিত। উদাহৰণস্বৰূপে, ৰসায়ন বিজ্ঞানক প্ৰণালীবদ্ধভাৱে আয়ত্ত কৰিবলৈ হ'লে পদাৰ্থ বিজ্ঞানৰ জ্ঞান থকাটো অপৰিহাৰ্য; কাৰণ সকলো ৰাসায়নিক পৰিঘটনা ভৌতিক পৰিঘটনাতকৈ অধিক জটিল হোৱাৰ লগতে সেইবোৰ পদাৰ্থ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল, আৰু ৰাসায়নিক পৰিঘটনাসমূহৰ নিজাববীয়াকৈ ভৌতিক পৰিঘটনাসমূহৰ ওপৰত কোনো প্ৰভাৱ নাথাকে। একেদৰে, আগতে শ্ৰেণীভুক্ত কৰা বিজ্ঞানসমূহ পিছত উপস্থাপন কৰা বিজ্ঞানসমূহতকৈ অধিক পুৰণি আৰু উন্নত।

তেওঁ এবাৰ লিখিছিল: 'ই স্পষ্ট যে, সৌৰজগতখন বেয়াকৈ পৰিকল্পনা কৰা হৈছে।'

আনটো সাৰ্বজনীন সূত্ৰক তেওঁ "বিশ্বকোষীয় সূত্ৰ" (encyclopedic law) বুলি অভিহিত কৰিছিল। এই সূত্ৰসমূহক একত্ৰিত কৰি, ক'টে সকলো বিজ্ঞানৰ এক প্ৰণালীবদ্ধ আৰু স্তৰভিত্তিক (hierarchical) শ্ৰেণীবিভাজন গঢ়ি তুলিছিল, যাৰ ভিতৰত আছিল অজৈৱিক পদাৰ্থ বিজ্ঞান (জ্যোতিৰ্বিজ্ঞান, ভূ-বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান) আৰু জৈৱিক পদাৰ্থ বিজ্ঞান (জীৱবিজ্ঞান আৰু প্ৰথমবাৰৰ বাবে, 'physique sociale', যাক পাছলৈ 'Sociologie' বুলি নামকৰণ কৰা হৈছিল)।১৭৮০ চনত ইমানুৱেল জোচেফ চিয়েছে (Emmanuel Joseph Sieyès) এই শব্দটোৰ প্ৰচলন কৰাৰ পৰা স্বতন্ত্ৰভাৱে, ক'টে ১৮৩৮ চনত "sociologie" (সমাজতত্ত্ব) শব্দটো পুনৰ আৱিষ্কাৰ কৰিছিল আৰু ইয়াক এক নৱসৃষ্ট শব্দ (neologism) হিচাপে পৰিচয় কৰাই দিছিল। ক'টে ইয়াৰ পূৰ্বে "সামাজিক পদাৰ্থ বিজ্ঞান" (social physics) শব্দটো ব্যৱহাৰ কৰিছিল, কিন্তু সেই শব্দটো আন লোকৰ দ্বাৰা, বিশেষকৈ এডল্ফ কুৱেটলেটৰ (Adolphe Quetelet) দ্বাৰা অধিগ্ৰহণ (appropriated) কৰা হৈছিল।

The most important thing to determine was the natural order in which the sciences stand – not how they can be made to stand, but how they must stand, irrespective of the wishes of anyone...This Comte accomplished by taking as the criterion of the position of each the degree of what he called "positivity", which is simply the degree to which the phenomena can be exactly determined. This, as may be readily seen, is also a measure of their relative complexity, since the exactness of a science is in inverse proportion to its complexity. The degree of exactness or positivity is, moreover, that to which it can be subjected to mathematical demonstration, and therefore mathematics, which is not itself a concrete science, is the general gauge by which the position of every science is to be determined. Generalizing thus, Comte found that there were five great groups of phenomena of equal classificatory value but of successively decreasing positivity. To these, he gave the names: astronomy, physics, chemistry, biology, and sociology.

 Lester F. Ward, The Outlines of Sociology (1898)

সমাজৰ বাবে এটা বিশেষ বিজ্ঞানৰ (মানৱবিদ্যা নহয়, অধিবিদ্যাও নহয়) এই ধাৰণাটো ঊনবিংশ শতিকাত যথেষ্ট প্ৰভাৱশালী আছিল আৰু ই কেৱল ক'টৰ মাজতেই আৱদ্ধ বা অনন্য নাছিল।শেহতীয়াকৈ এইটো পোহৰলৈ আহিছে যে "sociology" (সমাজতত্ত্ব) শব্দটো (যিটো শব্দ ক'টে উদ্ভাৱন কৰা বুলি গণ্য কৰা হয়) ইতিমধ্যে ১৭৮০ চনত ফৰাচী প্ৰবন্ধকাৰ ইমানুৱেল জোচেফ চিয়েছৰ (Emmanuel Joseph Sieyès, ১৭৪৮–১৮৩৬) দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল, অৱশ্যে ইয়াৰ অৰ্থ কিছু বেলেগ আছিল। অৱশ্যে, ক'টে সমাজৰ এই বিশেষ বিজ্ঞানৰ বিষয়ে যি উচ্চাকাংক্ষী (বা বহুতৰ মতে 'আড়ম্বৰপূৰ্ণ') দৃষ্টিভংগী গঢ়ি তুলিছিল, সেয়া আছিল একেবাৰে অনন্য। ক'টে এই নতুন বিজ্ঞান, অৰ্থাৎ সমাজতত্ত্বক সকলো বিজ্ঞানৰ অন্তিম আৰু সৰ্বশ্ৰেষ্ঠ বিজ্ঞান হিচাপে গণ্য কৰিছিল, যিয়ে আন সকলো বিজ্ঞানক নিজৰ অন্তৰ্ভুক্ত কৰিব আৰু সেইবোৰৰ ফলাফলসমূহক একত্ৰিত আৰু সংযুক্ত কৰি এক সুসংহত ৰূপ প্ৰদান কৰিব। অৱশ্যে, এইটো আঙুলিয়াই দিয়া প্ৰয়োজন যে তেওঁ এটা সপ্তম বিজ্ঞানৰ কথাও উল্লেখ কৰিছিল, যি সমাজতত্ত্বতকৈয়ো অধিক শ্ৰেষ্ঠ আছিল। সেয়া হ'ল, ক'টে "নৃতত্ত্ব (Anthropology), বা মানুহৰ প্ৰকৃত বিজ্ঞানক বিমূৰ্ত বিজ্ঞানৰ বৃহৎ স্তৰবিন্যাসৰ (Grand Hierarchy of Abstract Science) অন্তিম পৰ্যায়" বুলি গণ্য কৰিছিল।

ব্ৰাজিলৰ ৰাষ্ট্ৰীয় পতাকাত থকা 'অৰ্ডেম ই প্ৰগ্ৰেছ'' (Ordem e Progresso - "শৃংখলা আৰু প্ৰগতি") মূলমন্ত্ৰটো অগাষ্ট ক'টৰ প্ৰত্যক্ষবাদৰ মূলমন্ত্ৰৰ দ্বাৰা অনুপ্ৰাণিত: L'amour pour principe et l'ordre pour base; le progrès pour but ("প্ৰেমেই নীতি আৰু শৃংখলাই মূল আধাৰ; প্ৰগতিয়েই হ'ল লক্ষ্য")। ব্ৰাজিলৰ সাম্ৰাজ্যৰ পতন ঘটাই দেশখনক এখন গণৰাজ্য হিচাপে ঘোষণা কৰা সামৰিক অভ্যুত্থানত জড়িত থকা লোকসকলৰ বহুতেই ক'টৰ আদৰ্শৰ অনুগামী আছিল। [11]

ক'টৰ প্ৰত্যক্ষবাদী দৰ্শনৰ ব্যাখ্যাই তত্ত্ব, প্ৰয়োগ আৰু পৃথিৱীখনৰ প্ৰতি মানৱীয় বোধৰ মাজত থকা গুৰুত্বপূৰ্ণ সম্পৰ্কৰ সূচনা কৰিছিল। ১৮৫৫ চনত প্ৰকাশিত হেৰিয়েট মাৰ্টিন'ৰ (Harriet Martineau) দ্বাৰা অনূদিত *'দ্য পজিটিভ ফিল'ছফী অৱ অগাষ্ট ক'ট'*ৰ (The Positive Philosophy of Auguste Comte) ২৭ নং পৃষ্ঠাত আমি তেওঁৰ এই পৰ্যবেক্ষণ দেখিবলৈ পাওঁ যে: "যিদৰে এইটো সঁচা যে প্ৰতিটো তত্ত্বই পৰ্যবেক্ষণ কৰা তথ্যৰ ওপৰত আধাৰিত হ'ব লাগিব, ঠিক একেদৰে এইটোও সমানেই সঁচা যে কিছুমান তত্ত্বৰ নিৰ্দেশনা অবিহনে তথ্যসমূহ পৰ্যবেক্ষণ কৰিব নোৱাৰি। এনে নিৰ্দেশনা অবিহনে, আমাৰ তথ্যসমূহ অসংলগ্ন (desultory) আৰু নিৰৰ্থক (fruitless) হৈ পৰিব; আমি সেইবোৰ ধৰি ৰাখিব নোৱাৰিম: আনকি বেছিভাগ ক্ষেত্ৰতেই আমি সেইবোৰ উপলব্ধিও কৰিব নোৱাৰিম।"

সামাজিক উপাদানসমূহৰ পাৰস্পৰিক সম্পৰ্কৰ ওপৰত ক'টে আৰোপ কৰা গুৰুত্ব আধুনিক প্ৰকাৰ্যবাদৰ (functionalism) এক অগ্ৰদূত আছিল। তথাপিও, ক'টৰ সমসাময়িক আন বহুতো ব্যক্তিৰ দৰেই, বৰ্তমান তেওঁৰ কৰ্মৰাজিৰ কিছুমান উপাদানক অদ্ভুত (eccentric) আৰু অবৈজ্ঞানিক বুলি গণ্য কৰা হয়। ইয়াৰ লগতে, সমাজতত্ত্বক সকলো বিজ্ঞানৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰাৰ তেওঁৰ যি বৃহৎ দৃষ্টিভংগী বা সপোন আছিল, সেয়া বাস্তৱত পৰিণত নহ'ল।

সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰিমাণগত আৰু গাণিতিক ভিত্তিৰ ওপৰত তেওঁ আৰোপ কৰা গুৰুত্ব আজিও আমাৰ মাজত বৰ্তি আছে। ই প্ৰত্যক্ষবাদৰ (Positivism) আধুনিক ধাৰণা, আধুনিক পৰিমাণগত পৰিসাংখ্যিক বিশ্লেষণ আৰু ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণৰ এক অন্যতম ভিত্তি। তত্ত্ব আৰু প্ৰয়োগৰ মাজত থকা অবিৰত চক্ৰীয় সম্পৰ্কৰ বিষয়ে তেওঁ দিয়া বৰ্ণনা আধুনিক ব্যৱসায়িক ব্যৱস্থাসমূহ, যেনে- 'সামগ্ৰিক গুণমান ব্যৱস্থাপনা' (Total Quality Management - TQM) আৰু 'নিৰন্তৰ গুণমান বিকাশ'ত (Continuous Quality Improvement) দেখিবলৈ পোৱা যায়। এই ব্যৱস্থাসমূহৰ সমৰ্থকসকলে 'পৰিকল্পনা-কাৰ্যকৰী-পৰীক্ষা-পদক্ষেপ'ৰ (Plan-Do-Check-Act বা PDCA, যাক শ্বিউহাৰ্ট চক্ৰ বুলিও কোৱা হয়) চাৰিটা পৰ্যায়ৰ জৰিয়তে তত্ত্ব আৰু প্ৰয়োগৰ এক ধাৰাবাহিক চক্ৰৰ বৰ্ণনা কৰে। পৰিমাণগত বিশ্লেষণৰ পোষকতা কৰা স্বত্বেও, সামাজিক পৰিঘটনাসমূহ ব্যাখ্যা কৰাৰ ক্ষেত্ৰত ইয়াৰ সক্ষমতাৰ এক সীমাৱদ্ধতা থকা বুলি ক'টে অনুভৱ কৰিছিল।

হাৰ্বাৰ্ট স্পেন্সাৰৰ প্ৰাৰম্ভিক সমাজতত্ত্ব মূলতঃ ক'টৰ প্ৰতি এক প্ৰতিক্ৰিয়া হিচাপে গঢ় লৈ উঠিছিল; বিৱৰ্তনমূলক জীৱবিজ্ঞানৰ বিভিন্ন বিকাশৰ পাছত নিজৰ ৰচনা আগবঢ়াই, স্পেন্সাৰে এই বিষয়টোক এনে এক ৰূপত পুনৰ্গঠন কৰাৰ প্ৰয়াস কৰিছিল যাক আমি বৰ্তমান 'সামাজিক ডাৰউইনবাদী' (socially Darwinistic) পৰিভাষা হিচাপে বৰ্ণনা কৰিব পাৰোঁ।

বৰ্তমান ক'টৰ খ্যাতিৰ আঁৰত আংশিকভাৱে এমিল লিট্ৰেৰ (Émile Littré) অৱদানো আছে, যিয়ে ১৮৬৭ চনত 'দ্য পজিটিভিষ্ট ৰিভিউ' (The Positivist Review) প্ৰতিষ্ঠা কৰিছিল।

অগাষ্ট ক'টে সমাজতত্ত্বৰ (অৰ্থাৎ সমাজ, সামাজিক সম্পৰ্কৰ আৰ্হি, সামাজিক ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু সংস্কৃতিৰ অধ্যয়ন) ধাৰণাটোৰ সৃষ্টি কৰা নাছিল, বৰঞ্চ তেওঁ ইয়াক বহুলভাৱে সম্প্ৰসাৰিতহে কৰিছিল।প্ৰত্যক্ষবাদ, অৰ্থাৎ অভিজ্ঞতাবাদ আৰু বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে সমাজতত্ত্ব অধ্যয়ন কৰাৰ নীতিটোৱেই আছিল ক'টে সমাজতত্ত্ব অধ্যয়ন কৰা প্ৰাথমিক উপায়। তেওঁ সমাজতত্ত্বক দুটা ভিন্ন অধ্যয়নৰ ক্ষেত্ৰত বিভক্ত কৰিছিল। প্ৰথমটো, সামাজিক স্থিতিবিদ্যা (social statics), যিয়ে সমাজখনে কেনেকৈ নিজকে একত্ৰিত কৰি ৰাখে তাক বুজায়, আৰু দ্বিতীয়টো, সামাজিক গতিবিদ্যা (social dynamics), যি হৈছে সামাজিক পৰিৱৰ্তনৰ কাৰণসমূহৰ অধ্যয়ন। তেওঁ এই দুয়োটা ক্ষেত্ৰকে একেটা ব্যৱস্থাৰে অংশ হিচাপে গণ্য কৰিছিল। ক'টে সমাজ আৰু সমাজতত্ত্বক মানৱ শৰীৰ আৰু শৰীৰস্থানৰ (anatomy) সৈতে তুলনা কৰিছিল। "ক'টে সংযোগ আৰু সীমাৰ কাৰ্যসমূহ ভাষা, ধৰ্ম আৰু শ্ৰম-বিভাজনৰ সামাজিক গাঁথনিৰ ওপৰত আৰোপ কৰিছিল।" ভাষাৰ জৰিয়তে, সমাজৰ অতীত আৰু বৰ্তমানৰ সকলোৱে ইজনে সিজনৰ সৈতে যোগাযোগ কৰিব পাৰে। ধৰ্মই সমাজক এক সাধাৰণ বিশ্বাস ব্যৱস্থাৰ অধীনত একত্ৰিত কৰে আৰু এক ব্যৱস্থাৰ অধীনত সমন্বয়ৰে (harmony) কাম কৰাত সহায় কৰে। অৱশেষত, শ্ৰম-বিভাজনে (division of labor) সমাজৰ সকলোকে ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ সুযোগ প্ৰদান কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Auguste Comte". The Stanford Encyclopedia of Philosophy. Metaphysics Research Lab, Stanford University. 2018. http://plato.stanford.edu/entries/comte/#Con.
  2. Park, Robert E. (1921). "Sociology and the Social Sciences". American Journal of Sociology খণ্ড 26 (4): 401–424. doi:10.1086/213192. ISSN 0002-9602. https://www.jstor.org/stable/2764494.
  3. "A Comtean Centenary". American Journal of Sociology খণ্ড 27 (4): 510–513. 1922. doi:10.1086/213378. ISSN 0002-9602. http://dx.doi.org/10.1086/213378.
  4. "Lecture 25: The Age of Ideologies (3): The World of Auguste Comte". http://www.historyguide.org/intellect/lecture25a.html#course.
  5. "Auguste Comte (1798-1857)". Humanist Heritage. Humanists UK. https://heritage.humanists.uk/auguste-comte/ আহৰণ কৰা হৈছে: 5 February 2025.
  6. "altruism (n .)". Online Etymology Dictionary. http://www.etymonline.com/index.php?term=altruism আহৰণ কৰা হৈছে: 21 August 2013.
  7. "Rencontre avec Annie Petit "Auguste Comte"". Montpellier Agglomeration. 19 October 2007. Archived from the original on 15 February 2009. https://web.archive.org/web/20090215021044/http://mediatheque.montpellier-agglo.com/22887393/0/fiche___document/%26RH%3D1219250799417 আহৰণ কৰা হৈছে: 15 October 2008. ""Né à Montpellier, brillant élève du Lycée Joffre..." Translation: "Born in Montpellier, shining student of the Lycée Joffre ...""
  8. Climont, Jean de. Contra Calvitius (English): A critical view of Calvinism. Editions d Assailly. ISBN 9782902425334. https://books.google.com/books?id=LncoDwAAQBAJ&dq=auguste+comte+protestantism+encontre&pg=PT11.
  9. Bridges, John Henry (1883). "Comte: The successor of Aristotle and st. Paul, a discourse". https://books.google.com/books?id=8sAIAAAAQAAJ&dq=daniel+encontre+comte+pastor&pg=PA4.
  10. Bourdeau, Michel (October 1, 2008). "Stanford Encyclopaedia: Auguste Comte". Stanford Encyclopedia of Philosophy. https://plato.stanford.edu/entries/comte/#pagetopright আহৰণ কৰা হৈছে: 2026-01-19.
  11. "BRAZIL: Order and Progress". wais.stanford.edu. http://wais.stanford.edu/Brazil/brazil_orderandprogress42703.html.