অগ্গী বীৰুডু
| অগ্গী বীৰুডু | |
|---|---|
![]() পোষ্টাৰ | |
| পৰিচালক | বি ভি শ্ৰীনিবাস |
| ৰচনা | জি কে মূৰ্তি (dialogues) |
| চিত্ৰনাট্য | বি ভি শ্ৰীনিবাস |
| কাহিনী | বি ভি শ্ৰীনিবাস |
| অভিনয়ত | এন টি ৰামাৰাও ৰাজশ্ৰী |
| সম্পাদনা | কে গোবিন্দ স্বামী |
| সংগীত পৰিচালক | বিজয় কৃষ্ণ মূৰ্তি |
প্ৰযোজনা কোম্পানী |
শ্ৰী ভিট্টল কম্বাইনছ্[1] |
মুক্তি |
১৭ অক্টোবৰ ১৯৬৯ |
দৈৰ্ঘ্য |
১২৪ মিনিট |
| দেশ | ইণ্ডিয়া |
| ভাষা | তেলুগু |
অগ্গী বীৰুডু (ইংৰাজী: Aggi Veerudu; অনু. অগ্নিবীৰ) ১৯৬৯ চনৰ তেলেগু ভাষাৰ এখন ছচবাল্কাৰ ছবি, যিখন বি. ভিট্টলচাৰ্যই শ্ৰী ভিট্টল কম্বাইনছ্ৰ বেনাৰৰ অধীনত প্ৰযোজনা কৰিছে। পৰিচালনা কৰিছে বি ভি শ্ৰীনিবাসে। ইয়াত এন টি ৰামা ৰাও, ৰাজশ্ৰী[2] বিজয়াই অভিনয় কৰিছে। সংগীত ৰচনা বিজয় কৃষ্ণ মূৰ্তিৰ।[3][4]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]ছবিখনৰ আৰম্ভণিতে ৰাজকুমাৰ যশোবৰ্ধন আৰু ৰাজকুমাৰী পদ্মাৱতীৰ মিত্ৰতাৰ পৰা হয়। ৰুধিৰাক্ষুদু নামৰ যাদুকৰে পদ্মাৱতীক প্ৰলোভিত কৰি অপহৰণ কৰি তেওঁক মাছলৈ ৰূপান্তৰিত কৰে। লগতে তেওঁ দৰাৰ ঘৰত অশান্তি সৃষ্টি কৰিবলৈ এজন দানৱক আদেশ দিয়ে, আৰু যশোবৰ্ধনৰ দেউতাকৰ দৃষ্টিশক্তি নাইকীয়া কৰি পেলায়। এইবাবে তেওঁ দেউতাকক আগৰ অৱস্থালৈ ওভতাই আনিবলৈ আৰু পদ্মাৱতীক সুৰক্ষিত কৰিবলৈ এক দুঃসাহসিক যাত্ৰা আৰম্ভ কৰাৰ সংকল্প লয়। বাটত অদ্ভুত কাণ্ড সংঘটিত হয়। ইফালে পদ্মাৱতীয়ে পলায়ন কৰে যদিও সাধুৰ অভিশাপৰ বলি হৈ তাই নিগনিলৈ পৰিণত হয়। অৱশেষত যশোবৰ্ধনে তাইক ৰক্ষা কৰে, ৰুধিৰাক্ষুদু বধ কৰি পিতৃৰ দৃষ্টিশক্তি আৰু শহুৰেকক নতুন ৰূপলৈ ঘূৰাই আনে। শেষত যশোবৰ্ধন আৰু পদ্মাৱতীৰ বিবাহেৰে ছবিখন এক সুখাত্মক অনুভূতিৰে সমাপ্ত হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Aggi Veerudu (Overview)". IMDb. https://www.imdb.com/title/tt1510668/?ref_=nm_flmg_act_95.
- ↑ "Aggi Veerudu (Cast & Crew)". gomolo.com. Archived from the original on 2018-01-22. https://web.archive.org/web/20180122001231/http://www.gomolo.com/aggi-veerudu-movie/16158। আহৰণ কৰা হৈছে: 2025-03-16.
- ↑ "Aggi Veerudu (Preview)". Know Your Films. Archived from the original on 2025-01-25. https://web.archive.org/web/20250125165918/https://www.knowyourfilms.com/film/Aggiveerudu/12484। আহৰণ কৰা হৈছে: 2025-03-16.
- ↑ "Aggi Veerudu (Preview)". Know Your Films. Archived from the original on 2025-01-25. https://web.archive.org/web/20250125165918/https://www.knowyourfilms.com/film/Aggiveerudu/12484। আহৰণ কৰা হৈছে: 2025-03-16.
