অগ্ৰি
অগ্ৰি হাংগেন বা অগ্ৰি হাংকেন হৈছে মেইতেই বা মণিপুৰী সাংস্কৃতিক সংগীত অনুষ্ঠান, য'ত সূৰ্য্যৰ বিভিন্ন উপাধি আৰু পৃথিৱী সৃষ্টিৰ পৌৰাণিক কাহিনী বৰ্ণনা কৰা হয়।[1] এয়া সাধাৰণতে লাই হাৰাওবা উৎসৱৰ শেষত গোৱা হয়[2][3][4] আৰু ইয়াৰ বিষয়বস্তু পৃথিৱী সৃষ্টিৰ মিথৰ সৈতে গভীৰভাৱে জড়িত।[5] এই গীতটোক সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতাৰ প্ৰকাশ বুলি গণ্য কৰা হয়।[6] ইয়াক এজন পুৰুষ গায়কৰ কোৰাছৰ দ্বাৰা গোৱা হয়, য'ত মাইবাক অগ্ৰদূত হিচাপে ৰখা হয়। কোৰাছৰ গায়কসকলে বৃত্তাকাৰ ৰূপত সংগীত ৰচনা আৰু পৰিবেশন কৰে আৰু তেওঁলোকৰ শাৰীবোৰ অবিচ্ছেদ্যভাৱে ৰাখিবলৈ নিৰ্দেশ দিয়া হয়।[7] ইয়াৰ যাদুকৰী শক্তিৰ বাবে বিখ্যাত[8] কাৰণ ইয়াৰ কেইটামান শাৰীৰ পৰিৱৰ্তনৰ জৰিয়তে ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ বাবে সমৃদ্ধি বা ধ্বংস কঢ়িয়াই অনাৰ ক্ষমতা আছে বুলি বিশ্বাস কৰা হয়।[9]
বহুতো শাসকে নিজৰ বিজয়[10] বা ৰাজ অভিষেকৰ সময়ত এই গীতটো গাইছিল। গান গোৱাৰ উপৰিও নৃত্যও পৰিৱেশন কৰিছিল। প্ৰশাসন আৰু সামাজিক আচৰণৰ ওপৰত এখন কিতাপ হ'ল লাইছৰা ফাম। সেই প্ৰাচীন পাণ্ডুলিপিত এই গীতটোৰ উল্লেখ আছে। সেই পুথিখনত অগ্ৰি গীতটো ৩৩ খ্ৰীষ্টাব্দত নংটা লাইলেন পাখাংপাৰ ৰাজ অভিষেকৰ সময়ত গীত গোৱা বুলি উল্লেখ আছে। নাওথিংখং ফাম্বাল কাবাত কোৱা হৈছে যে ঋষি লুৱাগে মেইতেই ৰজাৰ ৰাজকুমাৰক শিকোৱাৰ সময়ত এই গীতটো গাইছিল। মেইটেই পৌৰাণিক কাহিনীৰ অংশৰ পৰা এই তথ্য জনা যায়। চেইথাৰল কুম্বাবা অনুসৰি, ৬৬৩ চনৰ ঠিক আগতে এই ঘটনা সংঘটিত হৈছিল। কিছুমান ক্ষেত্ৰত অগ্ৰি গীতটোক মেইতেই জনগোষ্ঠীৰ প্ৰকৃত যুদ্ধৰ গীত হিচাপে উল্লেখ কৰা হৈছে।[11] অগ্ৰি সংগীতক আদিম মেইতেই সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ ৰচনা হিচাপে বিবেচনা কৰা হয়।[9]
মিথোলজি
[সম্পাদনা কৰক]মেইতেই সংস্কৃতি অনুসৰি, এই নৃত্যৰ উৎপত্তি সৃষ্টি মিথৰ লগত জড়িত।[12][13] সনামহি আৰু পাখাংবা আছিল বিশ্বৰ সৃষ্টিকৰ্তা সিদবা মাপু (সলাইলেল) আৰু তেওঁৰ পত্নী লাইমাৰেল সিদাবিৰ পুত্ৰ।[14]
সিদবা মাপুৱে নিজৰ উত্তৰাধিকাৰী নিৰ্ধাৰণ কৰিবলৈ দুই পুত্ৰক এটা পৰীক্ষা দিয়ালে। তেওঁ ঘোষণা কৰিছিল যে, যিয়ে বিশ্বটো সৰ্বপ্ৰথমে চক্ৰাকাৰভাৱে ঘূৰি আহিব, তেওঁেই সিংহাসন লাভ কৰিব।[15]
সনামহিয়ে যাত্ৰা আৰম্ভ কৰিলে, আৰু তেতিয়ালৈকে লাইমাৰেল সিদাবিয়ে তেওঁৰ কনিষ্ঠ পুত্ৰ পাখাংবাক পৰামৰ্শ দিলে যে তেওঁ যেন সিদবা মাপুৰ সিংহাসনৰ চাৰিওফালে সাতবাৰ চক্ৰাকাৰভাৱে ঘূৰি আহে। পাখাংবাই এইটো কৰিলে আৰু সিদবা মাপুৱে এইটো বিশ্ব চক্ৰাকাৰে ভ্ৰমণ কৰাৰ সমান বুলি মনি ল’লে।[15]
সিদবা মাপুৱে সিংহাসন পাখাংবাক দিলে। পিছত, সনামহিয়ে নিজৰ পৰিক্ৰমা শেষ কৰি উভতি আহি পাখাংবাক সিংহাসনত বহি থকা দেখি অতি ৰোষান্বিত হৈছিল। সিদবা মাপুৱে ১২টা অপ্সৰাক সৃষ্টি কৰি পাখাংবাক ৰক্ষা কৰাৰ বাবে প্ৰেৰণ কৰিলে। অপ্সৰাসকলে পাখাংবাক ঘেৰাও কৰি নৃত্য কৰিবলৈ ধৰিলে, যি প্ৰক্ৰিয়াই "ঔগ্ৰি"ৰ জন্ম দিছিল।[16]
প্ৰচলন
[সম্পাদনা কৰক]এই নৃত্যগীত সাধাৰণতে লাই হাৰাওবা উৎসৱৰ সময়ত প্ৰদৰ্শন কৰা হয়।[13][17][18] ই জনগোষ্ঠীৰ কল্যাণ নিশ্চিত কৰাৰ উদ্দেশ্যে সম্পাদিত হয়।[17] লগতে, এইটো সিদবা মাপুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ গীত হিচাপে ধৰা হয়।[19] অতীতে, ৰাজ্যৰ ৰজা সকলে নতুন দেশ বিজয়ৰ সময়ত বা নিজে সিংহাসনত উপবিষ্ট হোৱাৰ সময়ত এই নৃত্য নিজে কৰিছিল।[20]
অঞ্চলীয় প্ৰচলন
[সম্পাদনা কৰক]মেইতেই গ্ৰন্থ Leithak Leikharole অনুসৰি, অগ্ৰি হাংগেল হৈছে মণিপুৰৰ পৰম্পৰাগত নৃত্য।[15]
গ্ৰন্থসূত্ৰ
[সম্পাদনা কৰক]- Ahluwalia, B.K. (1984). Social Change in Manipur. Cultural Publishing House. https://books.google.com/books?id=R7siAAAAMAAJ.
- Banerji, Projesh (1959). The Folk-Dance of India. প্ৰকাশক Allahabad: Kitabistan. https://archive.org/details/FolkDanceOfIndia/page/n24/mode/1up.
- Kabui, Gangmumei (2004). The History of the Zeliangrong Nagas: From Makhel to Rani Gaidinliu. Spectrum Publications. ISBN 978-8-18750-276-0. https://books.google.com/books?id=6pf_muabVNIC.
- Parratt, Saroj Nalini (1997). The Pleasing of the Gods: Meitei Lai Haraoba. Vikas Publishing House. ISBN 978-8-12590-416-8. https://books.google.com/books?id=COCBAAAAMAAJ.
- Sanajaoba, Naorem (1988). Manipur, Past and Present: The Heritage and Ordeals of a Civilization. Mittal Publications. ISBN 978-81-7099-853-2. https://books.google.com/books?id=-CzSQKVmveUC.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বেজবৰুৱা, মদন প্ৰসাদ (2003). Fairs and Festivals of India: Bihar, Jharkhand, Orissa, West Bengal, Arunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim, Tripura. জ্ঞান পাব্লিচিং হাউচ. ISBN 978-81-212-0812-3. https://books.google.com/books?id=JQjgAAAAMAAJ.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Singh, Ch Manihar (1996). A History of Manipuri Literature. Sahitya Akademi. ISBN 978-81-260-0086-9. https://books.google.com/books?id=yiBkAAAAMAAJ.
- ↑ North East India History Association. Session (1995). Proceedings of North East India History Association. The Association. https://books.google.com/books?id=ljZuAAAAMAAJ.
- ↑ Bezbaruah, Madan Prasad (2003). Fairs and Festivals of India: Bihar, Jharkhand, Orissa, West Bengal, Arunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim, Tripura. Gyan Publishing House. ISBN 978-81-212-0812-3. https://books.google.com/books?id=JQjgAAAAMAAJ.
- ↑ Bahadur, Mutua (1988). Jewelleries of Manipur. Mutua Museum. https://books.google.com/books?id=CoEtAAAAMAAJ.
- ↑ Fifth North Eastern Literary Conference, 8th, 9th & 10th January 1994, Agartala, Tripura [souvenir]. The Conference. 1994. https://books.google.com/books?id=cutjAAAAMAAJ.
- ↑ Parratt, Saroj Nalini (1997). The Pleasing of the Gods: Meitei Lai Haraoba. Vikas Publishing House. ISBN 978-81-259-0416-8. https://books.google.com/books?id=COCBAAAAMAAJ.
- ↑ Tensuba, Keerti Chand (1993). Genesis of Indian Tribes: An Approach to the History of Meiteis and Thais. Inter-India Publications. ISBN 978-81-210-0308-7. https://books.google.com/books?id=GmZuAAAAMAAJ.
- ↑ Singh, Moirangthem Kirti (1998). Recent Researches in Oriental Indological Studies: Including Meiteilogy. Parimal Publications. https://books.google.com/books?id=LVpuAAAAMAAJ.
- ↑ 9.0 9.1 Ahluwalia, B.K. (1984). Social Change in Manipur. Cultural Publishing House. https://books.google.com/books?id=R7siAAAAMAAJ.
- ↑ Kabui, Gangmumei (2004). The History of the Zeliangrong Nagas: From Makhel to Rani Gaidinliu. Spectrum Publications. ISBN 978-81-87502-76-0. https://books.google.com/books?id=6pf_muabVNIC.
- ↑ Yanao Lungharnao Roland Shimmi (1988). Comparative History of the Nagas, from Ancient Period Till 1826. Inter-India Publications. ISBN 978-81-210-0210-3. https://books.google.com/books?id=6CBuAAAAMAAJ.
- ↑ Fifth North Eastern Literary Conference. University of Michigan. 1994. পৃষ্ঠা. 39. https://books.google.com/books?id=cutjAAAAMAAJ.
- ↑ 13.0 13.1 Proceedings of North East India History Association. North East India History Association. 1995. পৃষ্ঠা. 95. https://books.google.com/books?id=ljZuAAAAMAAJ.
- ↑ Parratt 1980, পৃষ্ঠা. 11-12.
- ↑ 15.0 15.1 15.2 Banerji 1959, পৃষ্ঠা. 35.
- ↑ Banerji 1959, পৃষ্ঠা. 36.
- ↑ 17.0 17.1 Nganbi 2014, পৃষ্ঠা. 47.
- ↑ Gopal 2003, পৃষ্ঠা. 350.
- ↑ Parratt 1997, পৃষ্ঠা. 28.
- ↑ Kabui 2004, পৃষ্ঠা. 64.