সমললৈ যাওক

অঙ্কিতা চক্ৰৱৰ্তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অঙ্কিতা চক্ৰৱৰ্তী
জন্ম কলকাতা, পশ্চিম বংগ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমান
দাম্পত্যসঙ্গী প্ৰান্তিক বেনাৰ্জী (বিবাহ ২০২২)

অঙ্কিতা চক্ৰৱৰ্তী এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ বঙালী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে।[1][2]

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

অঙ্কিতাই হাইস্কুলীয়া ছাত্ৰী হৈ থকা অৱস্থাতে থিয়েটাৰৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল।[3] বঙালী টেলিভিছনত তেওঁৰ অভিষেক ঘটিছিল অগ্নিপৰীক্ষা (২০০৯) ধাৰাবাহিকৰ জৰিয়তে। ২০১১ চনৰ ধাৰাবাহিক ইষ্টি কুটুমত অৰ্থনীতিৰ অধ্যাপিকা কমলিকা মুখোপাধ্যায়ৰ চৰিত্ৰত কৰা অভিনয়ে তেওঁক জনপ্ৰিয়তা প্ৰদান কৰে।[4]

২০১৪ চনত ৰহস্যধৰ্মী থ্ৰিলাৰ ব্যোমকেশ ফিৰে এলোৰ জৰিয়তে তেওঁ বঙালী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।[5][6] ইয়াৰ পিছত তেওঁ এই শৃংখলাটোৰ পৰৱৰ্তী ছবি ব্যোমকেশ বক্সী (২০১৫), ব্যোমকেশ ও চিৰিয়াখানা (২০১৬), আৰু ব্যোমকেশ ও অগ্নিবাণ (২০১৭) ত অভিনয় কৰে। তেওঁ কিৰিটি ৰয় (২০১৬), এবং কিৰিটি (২০১৭), আৰু শংকৰ মুদি (২০১৯) আদি ছবিতো ভূমুকি মাৰিছে।[7]

তেওঁ ৱেব চিৰিজৰ জগতখনতো খোজ পেলায় আৰু কলকাতা তথা মুম্বাইৰ মাজত অহা-যোৱা কৰি বঙালী আৰু হিন্দী ভাষাৰ ধাৰাবাহিকত অভিনয় কৰে।[8] তেওঁ হইচৈৰ ধাৰাবাহিক চৰিত্ৰহীন (২০১৯), বউ কেন চাইকো (২০১৯), আৰু পৱিত্ৰ পাপিজ (২০২০) ত অভিনয় কৰিছিল।[9] তেওঁ জি-ফাইভ (ZEE5) ধাৰাবাহিক মাফিয়া (২০২০)ত বিদুৱাৰ চৰিত্ৰত অভিনয় কৰিছিল।[10] তেওঁৰ হিন্দী ভাষাৰ ধাৰাবাহিকসমূহৰ ভিতৰত আছে হাই তৌবা (২০২০), ক্ৰাইমছ এণ্ড কনফেশ্যনছ (২০২০), আৰু মল্লিকা শ্বেৰাৱত তথা ইশা গুপ্তাৰ সৈতে অভিনয় কৰা নকাব (২০২১)। ইয়াৰ পিছত তেওঁ অঞ্জন দত্তৰ পৰিচালনাত বঙালী ক্ৰাইম থ্ৰিলাৰ ধাৰাবাহিক ডেনী ডিটেক্টিভ ইনক (২০২২) আৰু চেভেন (২০২৩) ত অভিনয় কৰে।[11]

তেওঁ ভূমিকন্যা (২০১৮), ফাগুন বউ (২০১৮), মোহৰ (২০১৯), আৰু প্ৰথমা কাদম্বিনী (২০২০) আদি টেলিভিছন ধাৰাবাহিকতো অভিনয় অব্যাহত ৰাখে। ২০২১ চনত তেওঁ গল্পেৰ মায়াজাল আৰু দ্য ডালিং ৱাইফত অভিনয় কৰে।[12]

২০২২ চনত তেওঁ ইন্দ্ৰানী নামৰ টেলিভিছন ধাৰাবাহিকখনৰ নাম ভূমিকাত ইন্দ্ৰানী ৰয় হিচাপে অভিনয়ৰ বাবে নিৰ্বাচিত হয়।[13][14] তেওঁ সাবিত্ৰী চেটাৰ্জীৰ সৈতে কাদম্বৰী আজিও (২০২২) ত অভিনয় কৰিছিল।[15][16]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০২২ চনত অঙ্কিতাই তেওঁৰ দীৰ্ঘদিনীয়া বন্ধু তথা বঙালী অভিনেতা প্ৰান্তিক বেনাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[17]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "International Women's Day 2023: Roopa Ganguly as Bithika to Ankita Chakraborty essaying Indrani: Actresses playing strong female characters on Bengali TV". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/bengali/international-womens-day-2023-roopa-ganguly-as-bithika-to-ankita-chakraborty-essaying-indrani-actresses-playing-strong-female-characters-on-bengali-tv/photostory/98484762.cms?from=mdr.
  2. "Ankita Chakraborty-Rahul Ganguly starrer 'Indrani' completes 200 episodes". The Times of India. 5 February 2023. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/bengali/ankita-chakraborty-rahul-ganguly-starrer-indrani-completes-200-episodes/articleshow/97583215.cms.
  3. হাজৰা, উৎসা. "৯ বছৰেৰ সম্পৰ্কে ইতি, নিজেকে শেষ কৰতে চেয়েছিলাম! এত কিছুৰ পৰ আমি এখন কঠিন: অঙ্কিতা" (bn ভাষাত). anandabazar.com. https://www.anandabazar.com/entertainment/exclusive-interview-of-tollywood-actress-ankita-chakraborty-who-is-currently-working-in-colors-bangla-serial-indrani-dgtl/cid/1413634 আহৰণ কৰা হৈছে: 2 July 2023.
  4. "মুম্বইবাস নিজেকে তৈৰি কৰাৰ পৰ্ব" (bn ভাষাত). anandabazar.com. https://www.anandabazar.com/entertainment/journey-of-ankita-chakraborty-from-tollywood-to-bollywood-1.682542 আহৰণ কৰা হৈছে: 2 July 2023.
  5. was like a picnic/photostory/45559464.cms "Shooting for Byomkesh was like a picnic". The Times of India. ISSN 0971-8257. https://indiatimes.com was like a picnic/photostory/45559464.cms.
  6. "Byomkesh Phire Elo (Bengali) / Good, with some 'ifs' and 'buts'" (en ভাষাত). The Indian Express. 9 January 2015. https://indianexpress.com/article/entertainment/screen/byomkesh-phire-elo-bengali-good-with-some-ifs-and-buts/ আহৰণ কৰা হৈছে: 3 July 2023.
  7. "ইষ্টি কুটুম-এৰ কমলিকা এখন কোথায়?" (bn ভাষাত). eisamay.com. https://eisamay.com/web-stories/entertainment/ishti-kutum-kamalika-aka-ankita-chakraborty-returns-in-bengali-industry-with-indrani-tv-serial/photoshow/93349927.cms আহৰণ কৰা হৈছে: 2 July 2023.
  8. "Ankita Chakraborty: পাঁচ বছৰ পৰ ছোটপৰ্দায় ফিৰে কী বলছেন অঙ্কিতা?" (bn ভাষাত). ETV Bharat News. https://www.etvbharat.com/bengali/west-bengal/entertainment/tv-and-theater/ankita-chakraborty-all-set-to-make-her-come-back-in-tele-serial/wb20220712134110372372690 আহৰণ কৰা হৈছে: 2 July 2023.
  9. "Hoichoi launches an array of shot-at-home web series during lockdown" (en ভাষাত). The Indian Express. 17 June 2020. https://indianexpress.com/article/entertainment/web-series/hoichoi-shot-at-home-web-series-bengali-6461931/ আহৰণ কৰা হৈছে: 4 July 2023.
  10. "Not convincing enough". https://www.tribuneindia.com/news/lifestyle/not-convincing-enough-114976.
  11. "Bengali thriller series Seven to hit OTT platform ZEE5 on March 17". connectedtoindia.com. Archived from the original on 2 July 2023. https://web.archive.org/web/20230702195040/https://www.connectedtoindia.com/bengali-thriller-series-seven-to-hit-ott-platform-zee5-on-march-17-10664.html আহৰণ কৰা হৈছে: 2 July 2023.
  12. "| News in Bengali". Zee24Ghanta.com. https://zeenews.india.com/bengali/photos/the-darling-wife-director-barshali-chatterjee-to-make-her-hindi-debut-film-258159/-258168 আহৰণ কৰা হৈছে: 3 July 2023.
  13. "Ankita Chakraborty: 7 বছৰ পৰ ছোট পৰ্দায় লিড ৰোলে অঙ্কিতা" (bn ভাষাত). ETV Bharat News. https://www.etvbharat.com/bengali/west-bengal/entertainment/tv-and-theater/ankita-chakraborty-to-act-in-new-bengali-serial-indrani/wb20220612125906759759887 আহৰণ কৰা হৈছে: 2 July 2023.
  14. "'নিজেকে শেষ কৰতে চেয়েছি ৫-৬বাৰ' ৯বছৰেৰ প্ৰেমকে হাৰিয়ে এখন কঠিন হয়েছেন অঙ্কিতা" (bn ভাষাত). Hindustantimes Bangla. 13 March 2023. Archived from the original on 2 July 2023. https://web.archive.org/web/20230702195042/https://bangla.hindustantimes.com/entertainment/ankita-chakraborty-aka-colours-bangla-s-indrani-shares-her-personal-life-along-with-career-31678675440587.html আহৰণ কৰা হৈছে: 2 July 2023.
  15. "বড় পৰ্দায় ফিৰছেন সাবিত্ৰী, একালেৰ 'কাদম্বৰী'দেৰ কথা বলবে ছবি" (bn ভাষাত). Aaj Tak বাংলা. https://bangla.aajtak.in/cinema-and-tv-serial-news/tollywood-bengali-cinema/story/legendary-actress-sabitri-chatterjee-coming-back-big-screen-kadambari-aajo-releasing-soon-rjk-441901-2022-08-31 আহৰণ কৰা হৈছে: 3 July 2023.
  16. "Sabitri Chatterjee: আবাৰও বড়পৰ্দায় ফিৰছেন অভিনেত্ৰী সাবিত্ৰী চট্টোপাধ্যায়, মুক্তি পাচ্ছে ' কাদম্বৰী আজও '" (bn ভাষাত). Eisamay. https://eisamay.com/photo-gallery/entertainment/sabitri-chatterjee-returns-to-film-kadambari-aajo-movie-along-with-ankita-chakraborty/photoshow/93881434.cms আহৰণ কৰা হৈছে: 2 July 2023.
  17. "সিকিমে গিয়ে চুপিচুপি বিয়ে সাৰলেন 'মন ফাগুন' অভিনেতা, পাত্ৰীও টলিউডেৰ চেনা মুখ" (bn ভাষাত). Hindustantimes Bangla. 22 April 2022. Archived from the original on 2 July 2023. https://web.archive.org/web/20230702195039/https://bangla.hindustantimes.com/entertainment/mon-pagun-actor-prantik-banerjee-tied-knot-with-girlfriend-ankita-chakraborty-31650612717225.html আহৰণ কৰা হৈছে: 2 July 2023.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

অঙ্কিতা চক্ৰৱৰ্তী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।