অঙ্গাদিপুৰম
অঙ্গাদিপুৰম | |
|---|---|
গাওঁ | |
| Lua error in Module:Location_map at line 526: Unable to find the specified location map definition: "Module:Location map/data/ভাৰত কেৰালা" does not exist. | |
| স্থানাংক: 10°58′48″N 76°11′39″E / 10.980°N 76.1941°Eস্থানাংক: 10°58′48″N 76°11′39″E / 10.980°N 76.1941°E | |
| দেশ | ভাৰত |
| State | কেৰালা |
| District | মালাপুৰম |
| টালুক | Perinthalmanna |
| চৰকাৰ | |
| • ধৰণ | গাওঁ পঞ্চায়ত |
| • পৰিচালনা | অঙ্গাদিপুৰম পঞ্চায়ত |
| • President | Shabeer Kurumukkil [1] (IUML) |
| • Vice President | Mubeena Thasni (IUML) |

অঙ্গাদিপুৰম(ইংৰাজী: : Angadippuram ) কেৰালাৰ মালাপ্পুৰাম জিলাৰ পেৰিন্থালমান্না তালুকত অৱস্থিত এখন গাঁও আৰু পেৰিন্থালমান্না চহৰৰ এটা প্ৰধান উপকণ্ঠ অঞ্চল।[2] মধ্যযুগত ই শক্তিশালী ভাল্লুৱনাদ ৰাজ্যৰ ৰাজধানী আছিল।অঙ্গাদিপুৰম অঙ্গাদিপুৰম লেটাৰাইটৰ বাবে বিশেষভাৱে পৰিচিত, যিটো এখন অধিসূচিত ভূ-ঐতিহ্য স্মাৰক। এই ঠাইখন বিশেষকৈ দুটা বিখ্যাত মন্দিৰৰ বাবে জনাজাত— থিৰুমন্ধমকুন্নু মন্দিৰ আৰু তালি মহাদেৱ মন্দিৰ। কোজিকোডে–পালাক্কাড ৰাষ্ট্ৰীয় ঘাইপথ ৯৬৬ অঙ্গাদিপুৰমৰ মাজেৰে গৈছে আৰু অঙ্গাদিপুৰম ৰে’ল ষ্টেচন পালাক্কাড ডিভিজনৰ দক্ষিণ ৰে’লৱেৰ নীলাম্বুৰ–শোৰনুৰ ৰে’ল লাইনৰ এটা গুৰুত্বপূৰ্ণ ষ্টেচন। এই ৰে’ল লাইনৰ জৰিয়তে অঙ্গাদিপুৰম কোচি আৰু থিৰুৱনন্তপুৰম আদি মুখ্য চহৰসমূহৰ সৈতে সংযুক্ত।
দৰ্শনীয় স্থানসমূহ
[সম্পাদনা কৰক]অঙ্গাদিপুৰম গাওঁখন বহু সংখ্যক মন্দিৰেৰে ভৰা, সেয়েহে প্ৰকৃততে ই এখন মন্দিৰ নগৰী হিচাবে খ্যাত। গাঁওখনত প্ৰায় ১২টা মন্দিৰ আছে। থিৰুমন্ধনকুন্নু ভাগৱতী মন্দিৰভাগ পূৰ্বৰ ভাল্লুৱনাদৰ ৰাজা আৰু শাসকসকলৰ দ্বাৰা নিৰ্মান কৰা হৈছিল। এই মন্দিৰত অধিষ্ঠিত দেৱী ভাগৱতী ভাল্লুৱকোনাথিৰিসকলৰ পৰিয়াল দেৱতা (কুলদেৱী)। সাম্প্ৰতিক সময়ত এই মন্দিৰখনে বিশেষ গুৰুত্ব লাভ কৰিছে। এই গাঁওখন মালাপ্পুৰাম জিলাৰ অন্যতম ডাঙৰ গাঁও। গাওঁ খনত পৰম্পৰা আৰু সংস্কৃতিৰ ভৰপূৰ অৱস্থান দেখাযায়, য়াৰ বাবে পৰ্যটন ব্যৱসায় দিনে দিনে উন্নত অৱস্থালৈ গৈ আছে। থিৰুমন্ধনকুন্নু ভাগৱতী মন্দিৰৰ উপৰিও গাঁওখনত আন এটা গুৰুত্বপূৰ্ণ তীৰ্থস্থান হৈছে তালি মন্দিৰ, এই মন্দিৰভাগ ঘাইপথৰ ওচৰতে অৱস্থিত। ইয়াৰ বাহিৰেও পুথানাংগাডিত অৱস্থিত পৱিত্ৰ ধৰ্মস্থানখন সাধাৰণ লোকসকলৰ বাবে এক শান্তিৰ স্থান, যিটো ভালাঞ্চেৰী পথত চহৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত অৱস্থিত।
অঙ্গাদিপুৰম ঠাইখন এতিয়া মালাবাৰৰ মন্দিৰ নগৰী হিচাপে পৰিচিত। ইয়াত শ্ৰী থিৰুমন্থমকুন্নু মন্দিৰ আৰু তালি মন্দিৰকে ধৰি বহু সংখ্যক হিন্দু মন্দিৰ অৱস্থিত।
থিৰুৰ্ক্কাড হৈছে অঙ্গাদিপুৰমৰ ওচৰৰ এখন যান-বাহন ব্যৱসায়িক এলেকা। থিৰুৰ্ক্কাড আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত বহুতো অটোমোবাইল শ্ব’ৰূম অৱস্থিত।
ইতিহাস
[সম্পাদনা কৰক]অঙ্গাদিপুৰম আগতে মধ্যযুগীয় ভাল্লুৱনাদ ৰাজ্যৰ ৰাজধানী আছিল। ভাল্লুৱনাদত ভেল্লোদি নামেৰে পৰিচিত এজন সমন্থন নায়াৰ বংশে শাসন কৰিছিল; এই বংশটো ওচৰচুবুৰীয়া এৰানাদৰ এৰাদি আৰু নেডুঙ্গানাদৰ নেডুঙ্গাদি বংশৰ সৈতে সাদৃশ্যপূৰ্ণ আছিল। ভাল্লুৱনাদৰ শাসকসকলক ভাল্লুৱকোনাথিৰি বা ভেল্লাত্তিৰি উপাধিৰে জনা গৈছিল।
ভাল্লুৱনাদ বৰ্তমানৰ কেৰালা ৰাজ্যত অৱস্থিত অতিজৰ এখন ৰাজকীয় দেশীয় ৰাজ্য আছিল। এই ৰাজ্যখনৰ সীমা দক্ষিণত ভাৰতপুঝা নদীৰ পৰা উত্তৰত পান্থালুৰ মালালৈ বিস্তৃত আছিল। পশ্চিমত ই পোন্নানিত আৰব সাগৰৰ সৈতে সংলগ্ন আছিল আৰু পূৰ্বত আত্তাপাডী পাহাৰশ্ৰেণীয়ে ইয়াৰ সীমা নিৰ্ধাৰণ কৰিছিল।
পৰিবহন
[সম্পাদনা কৰক]ৰেলৱে
[সম্পাদনা কৰক]অংগাদীপুৰম ৰেলৱে ষ্টেচন নীলাম্বুৰ–শোৰানুৰ লাইনৰ এটা প্ৰধান ৰেল ষ্টেচন।
ইয়াৰ পৰা নীলাম্বুৰ, শোৰানুৰ, পলাক্কাড, কোট্টায়ম আৰু কোচুভেলীলৈ ৰে’লৰ ব্যৱস্থা আছে।
স্থলপথ
[সম্পাদনা কৰক]কোজিকোড–পালাক্কাড ৰাষ্ট্ৰীয় ঘাইপথ ৯৬৬ত অংগাদিপ্পুৰম অৱস্থিত।
ৰাষ্ট্ৰীয় ঘাইপথ নং ৬৬ ভেলেঞ্চেৰীৰ মাজেৰে পাৰ হৈ উত্তৰ দিশটো গোৱা আৰু মুম্বাইৰ সৈতে সংযোগ কৰে। দক্ষিণৰ অংশটো কোচিন আৰু ত্ৰিবান্দ্ৰমৰ সৈতে সংযোগ হৈছে।
ভেলাঞ্চেৰী–নীলামবুৰ ৰাজ্যিক ঘাইপথ ৭৩ অংগাদিপ্পুৰমত ৯৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে মিলিত হয়। আন এটা গুৰুত্বপূৰ্ণ পথ হৈছে ৰাজ্যিক ঘাইপথ ৬০ যিটো অংগাদিপ্পুৰমৰ পৰা আৰম্ভ হৈ চেৰুকাৰাত শেষ হয়।
উল্লেখযোগ্য ব্যক্তি
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ https://lsgkerala.gov.in/en/lbelection/electdmemberdet/2015/950
- ↑ "Angadippuram Population - Malappuram, Kerala". census2011.co.in. https://www.census2011.co.in/data/village/627498-angadippuram-kerala.html। আহৰণ কৰা হৈছে: April 2, 2025.