সমললৈ যাওক

অচাৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অচাৰিয়া

পৰম্পৰাগত অচাৰিয়া পৰিহিত এগৰাকী সিংহলী মহিলা
পদাৰ্থ কপাহ
উৎপত্তিৰ স্থান শ্ৰীলংকা
পৰিচয় ২০ শতিকাৰ আৰম্ভণি

অচাৰিয়া (সিংহলী: ඔසරිය) বা কাণ্ডিয়ান সাজ-পাৰ হৈছে শ্ৰীলংকাৰ সিংহলী লোকসকলৰ পৰম্পৰাগত সাজ-পাৰ আৰু ইয়াক শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় সাজ-পাৰ হিচাপে গণ্য কৰা হয়।[1] এই সাজযোৰ শ্ৰীলংকাৰ কাণ্ডিয়ান ৰাজ্যৰ কাণ্ডিয়ান সিংহলী লোকসকলৰ মাজত উৎপত্তি হৈছিল আৰু কাণ্ডিয়ান যুগৰ উচ্চবৰ্ণৰ সিংহলী মহিলাসকলে ইয়াক পৰিধান কৰিছিল।[1][2]

উৎপত্তি

[সম্পাদনা কৰক]

অচাৰিয়া সাজযোৰ কাণ্ডিয়ান ৰাজ্যৰ কাণ্ডিয়ান সিংহলীসকলৰ মাজত উৎপত্তি হৈছিল।[3] ইয়াৰ প্ৰভাৱৰ বিষয়ে পণ্ডিতসকলৰ মাজত মতভেদ আছে। বিশ্বাস কৰা হয় যে কাণ্ডিয়ান ৰাজ্যৰ নায়ক ৰাজবংশৰ প্ৰভাৱে অচাৰিয়া সাজযোৰক ইয়াৰ চুড়ান্ত ৰূপ দিছিল।[1][4]

আন এটা তত্ত্ব অনুসৰি, দক্ষিণ-পূব এছিয়াৰ মূল ভূখণ্ড আৰু দক্ষিণ ভাৰতৰ প্ৰভাৱৰ সৈতে সেই সময়ৰ কাণ্ডিয়ান পৰম্পৰাগত সাজ-পাৰৰ সংমিশ্ৰণত অচাৰিয়াৰ সৃষ্টি হৈছিল।[5]

শৈলী আৰু সামগ্ৰী

[সম্পাদনা কৰক]

অচাৰিয়া হৈছে কঁকালত কুঁচি থকা এক প্ৰকাৰৰ শাড়ী, য’ত এটা সম্পূৰ্ণ ব্লাউজ থাকে যিয়ে পেটৰ অংশ সম্পূৰ্ণকৈ ঢাকি ৰাখে। ইয়াৰ হাতবোৰ ফুলা (puffed sleeves) আৰু কাপোৰখনৰ এঅংশ আগফালে খোচনি মাৰি থোৱা হয়।[1][2]

কৰ্মক্ষেত্ৰলৈ যোৱা বা বিবাহৰ দৰে বিভিন্ন অনুষ্ঠানত অচাৰিয়া পৰিধান কৰা হয় আৰু অনুষ্ঠান সাপেক্ষে ইয়াৰ সাজ-সজ্জা ভিন্ন হ’ব পাৰে।[6]

ৰাষ্ট্ৰীয়কৰণ আৰু ইতিহাস

[সম্পাদনা কৰক]
অচাৰিয়া পৰিহিত এগৰাকী সিংহলী মহিলা (১৮৯৫)

ইয়াৰ প্ৰামাণিকতা কাণ্ডিয়ান সংস্কৃতিৰ সৈতে জড়িত আছিল।[3]

অনাগাৰিকা ধৰ্মপালৰ মতে এগৰাকী আদৰ্শ মহিলাৰ বাবে ‘এটা সঠিক ব্লাউজে বুকু, পেট আৰু পিঠি সম্পূৰ্ণকৈ ঢাকি ৰখা উচিত আৰু অচাৰিয়া বা শাড়ী হিচাপে দহ হাত দীঘল কাপোৰ পিন্ধিব লাগে’। তেওঁৰ এই ধাৰণা ভিক্টোৰিয়ান নৈতিকতাৰ দ্বাৰা প্ৰভাৱিত আছিল। সেইদৰে তেওঁ পুৰুষৰ বাবে পাশ্চাত্যৰ টুপি, ফণি, কলাৰ, টাই, বনিয়ন, চাৰ্ট, কোট, পটলুং, মোজা আৰু জোতাৰ সংমিশ্ৰণক প্ৰত্যাখ্যান কৰিছিল।[7][3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 Neluka Silva (2002). The hybrid Island : culture crossings and the invention of identity in Sri Lanka. Internet Archive. Colombo : Social Scientists' Association. পৃষ্ঠা. 78–79. ISBN 978-955-9102-42-7. http://archive.org/details/hybridislandcult0000unse. 
  2. 2.0 2.1 "Osariya : ඔසරිය" (en ভাষাত). Lakpura®. https://us.lakpura.com/pages/osariya। আহৰণ কৰা হৈছে: 2025-08-04. 
  3. 3.0 3.1 3.2 Wickramasinghe, Nira (2006-03-31) (en ভাষাত). Sri Lanka in the Modern Age: A History of Contested Identities. University of Hawaii Press. ISBN 978-0-8248-3016-8. https://books.google.com/books?id=Y-xQ8qk9mgYC&dq=osariya&pg=PA93. 
  4. Wickramasinghe, Nira (2006-03-31) (en ভাষাত). Sri Lanka in the Modern Age: A History of Contested Identities. University of Hawaii Press. পৃষ্ঠা. 93. ISBN 978-0-8248-3016-8. https://books.google.com/books?id=Y-xQ8qk9mgYC&dq=osariya&pg=PA93. 
  5. Rambukwella, Harshana (2018), "The protean life of authenticity: history, nation, Buddhism and identity", Politics and Poetics of Authenticity, A Cultural Genealogy of Sinhala Nationalism (UCL Press): pp. 24–47, doi:10.2307/j.ctv3hh4f7.5, ISBN 978-1-78735-129-5, https://www.jstor.org/stable/j.ctv3hh4f7.5, আহৰণ কৰা হৈছে: 2025-08-04 
  6. "Osariya — The Kandyan Sari | The Cultural Me" (en ভাষাত). thecultural.me. https://thecultural.me/osariya-the-kandyan-sari-221515। আহৰণ কৰা হৈছে: 2025-08-05. 
  7. Esposito, Adele, ed (2017). Eurasian Encounters: Museums, Missions, Modernities. Amsterdam University Press. পৃষ্ঠা. 189. ISBN 978-90-8964-883-9. https://www.jstor.org/stable/j.ctt1zxskgt.