সমললৈ যাওক

অচেইক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
'অচেইক লংয়ী' পৰিহিত ম্যানমাৰৰ ৰাজ্যিক শান্তি আৰু উন্নয়ন পৰিষদৰ সদস্যসকল

অচেইক (Acheik; বাৰ্মিজ: အချိတ်) বা লুনটায়া অচেইক (luntaya acheik; অৰ্থ: এশ মাকুৰ অচেইক) হৈছে ম্যানমাৰৰ এবিধ থলুৱা বস্ত্ৰৰ আৰ্হি বা ডিজাইন। ইয়াত পথালি আঁচৰ সৈতে জটিল তৰংগসদৃশ শৈলী আৰু আৰাবেস্ক ডিজাইনৰ সংমিশ্ৰণ দেখা যায়। 'লুনটায়া' (luntaya; বাৰ্মিজ: လွန်းတစ်ရာ) শব্দৰ আক্ষৰিক অৰ্থ হৈছে "এশটা মাকো"। এই বস্ত্ৰ বোৱাৰ প্ৰক্ৰিয়াটো অতি সময়সাপেক্ষ, ব্যয়বহুল আৰু জটিল; য’ত ৫০ৰ পৰা ২০০টা পৃথক মাকো ব্যৱহাৰ কৰা হয় আৰু প্ৰতিটো মাকোত বিভিন্ন ৰঙৰ পাটৰ সূতা থাকে।[1][2] এই বয়ন কাৰ্যত যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন আৰু তৰংগসদৃশ আৰ্হিটো ফুটাই তুলিবলৈ অন্ততঃ দুজন শিপিনীয়ে মাকোসমূহ পৰিচালনা কৰিব লাগে।[3]

মহিলাৰ 'অচেইক' 'টামেইন' (সাৰং)ৰ সংগ্ৰহ

অচেইক সাধাৰণতে পুৰুষৰ 'পাছো' বা মহিলাৰ 'টামেইন' প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। অচেইকত ব্যৱহাৰ কৰা ৰঙৰ সংমিশ্ৰণত উজ্জ্বল আৰু বৈপৰীত্যপূৰ্ণ ছাঁ (contrasting shades) ব্যৱহাৰ কৰা হয় যাতে ই এক জিলিকি থকা চকুৰ ভ্ৰম (trompe-l'œil) সৃষ্টি কৰিব পাৰে।[3] পুৰুষৰ বাবে কৰা ডিজাইনত সৰল জিগ-জ্যাগ আৰু কেবুলৰ আৰ্হি থাকে, আনহাতে মহিলাৰ বাবে ফুলৰ থোপোকা বা লতাসদৃশ অলংকৰণেৰে তৰংগায়িত ডিজাইন বোৱা হয়।[3]

অমৰাপুৰ আৰু উণ্ডুইন চহৰ দুখন পৰম্পৰাগত অচেইক বয়নৰ প্ৰধান কেন্দ্ৰ হৈ আছে। অৱশ্যে শেহতীয়া বছৰবোৰত চীন আৰু ভাৰতৰ পৰা অহা সস্তা কলত নিৰ্মিত নকল সামগ্ৰীয়ে ম্যানমাৰৰ এই থলুৱা কুটিৰ উদ্যোগটোক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে।[4]

উৎপত্তি

[সম্পাদনা কৰক]

অচেইক বয়নৰ উৎপত্তি অমৰাপুৰৰ পাটোডাউগ্যী পেগোডাৰ ওচৰত হৈছিল।[5] শিপিনীসকলে বাস কৰা অঞ্চলটোৰ নাম 'লেটচেইক' শাৰীৰ পৰা 'অচেইক' নামটো আহিব পাৰে। এই বস্ত্ৰক আগতে 'ৱাইক' বুলিও কোৱা হৈছিল, যিয়ে বোৱা জিগ-জ্যাগ আৰ্হিটো বুজাইছিল।[5]

কিছুমান উৎসৰ মতে ১৭০০ চনৰ শেষৰ ফালে মণিপুৰী শিপিনীসকলে অচেইক আৰ্হিটোৰ প্ৰৱৰ্তন কৰিছিল, কিন্তু মণিপুৰী বস্ত্ৰৰ সৈতে অচেইকৰ কোনো পোনপটীয়া সাদৃশ্য পোৱা নাযায়।[3] তৰংগসদৃশ এই আৰ্হিটো প্ৰকৃততে নৱপ্ৰস্তৰ যুগৰ আৰ্হি আৰু প্ৰাকৃতিক পৰিঘটনা (যেনে: ঢৌ, ডাৱৰ, গছ-লতা)ৰ দ্বাৰা অনুপ্ৰাণিত হ’ব পাৰে।[5] পিউ চহৰ-ৰাজ্যৰ (৪০০-৯০০ খ্ৰীষ্টাব্দ) মাটিৰ পাত্ৰ আৰু বাগান সাম্ৰাজ্যৰ (১০০০-১২০০ খ্ৰীষ্টাব্দ) দেৱাল চিত্ৰতো অচেইক সদৃশ ডিজাইন দেখিবলৈ পোৱা যায়।[3] কোনবং ৰাজবংশৰ সময়ত এই বস্ত্ৰবিধ অতি জনপ্ৰিয় হৈ পৰিছিল আৰু সেই সময়ত কোনে অচেইক কাপোৰ পিন্ধিব পাৰিব তাৰ বাবে চৰকাৰী নিয়ম বা 'বিলাসিতা বিৰোধী আইন' আছিল।[6] অচেইক আৰ্হিৰ কাপোৰ কেৱল ৰাজদৰবাৰৰ সদস্য, বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ মাজতে সীমাবদ্ধ আছিল।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Green, Gillian (2012-05-25). "Verging on Modernity: A Late Nineteenth-Century Burmese Painting on Cloth Depicting the Vessantara Jataka". Journal of Burma Studies খণ্ড 16 (1): 79–121. doi:10.1353/jbs.2012.0000. ISSN 2010-314X. 
  2. "Silk acheik-luntaya | V&A Search the Collections" (en ভাষাত). collections.vam.ac.uk. https://collections.vam.ac.uk/item/O10875/silk-acheik-luntaya-unknown/। আহৰণ কৰা হৈছে: 2017-12-05. 
  3. 3.0 3.1 3.2 3.3 3.4 Green, Alexandra (2008) (en ভাষাত). Eclectic Collecting: Art from Burma in the Denison Museum. NUS Press. ISBN 978-9971-69-404-3. 
  4. Lynn, Kyaw Ye (26 January 2019). "Weavers of traditional textiles in Mandalay unite" (en ভাষাত). Frontier Myanmar. Archived from the original on 2020-03-28. https://web.archive.org/web/20200328203035/https://frontiermyanmar.net/en/weavers-of-traditional-textiles-in-mandalay-unite। আহৰণ কৰা হৈছে: 2020-03-28. 
  5. 5.0 5.1 5.2 5.3 Hardiman, John Percy (1901) (en ভাষাত). Silk in Burma. superintendent, Government printing, Burma. https://books.google.com/books?id=AUpAAAAAYAAJ&q=acheik+amarapura. 
  6. "The Tradition of Acheik Weaving in Myanmar – ICHCAP" (en-US ভাষাত). Archived from the original on 2020-03-28. https://web.archive.org/web/20200328203037/https://www.unesco-ichcap.org/the-tradition-of-acheik-weaving-in-myanmar/। আহৰণ কৰা হৈছে: 2020-03-28.