অজয় ঘোষ
অজয় কুমাৰ ঘোষ | |
|---|---|
| ভাৰতীয় কমিউনিষ্ট পাৰ্টি ৰ সাধাৰণ সম্পাদক। | |
| কাৰ্যকাল ১৯৫১ – ১৯৬২ | |
| পূৰ্বসূৰী | চন্দ্ৰ ৰাজেশ্বৰ ৰাও |
| উত্তৰসূৰী | ই এম এছ নামবুদিৰিপাদ |
| ব্যক্তিগত তথ্য | |
| জন্ম | ২০ ফেব্ৰুৱাৰী, ১৯০৯ বৰ্ধমান জিলা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ৰাজ |
| মৃত্যু | ১৩ জানুৱাৰী, ১৯৬২ (৫২ বছৰ) |
| ৰাজনৈতিক দল | ভাৰতীয় কমিউনিষ্ট পাৰ্টি |
| পেচা |
|
অজয় কুমাৰ ঘোষ (ইংৰাজী: Ajoy Ghosh; ২০ ফেব্ৰুৱাৰী ১৯০৯ – ১৩ জানুৱাৰী ১৯৬২)[1] আছিল এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ বিশিষ্ট নেতা। ১৯৫৪ চনৰ পৰা ১৯৬২ চনলৈকে তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক আছিল।[2]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]ঘোষৰ জন্ম হৈছিল ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ বৰ্ধমান জিলাৰ মিহিজাম গাঁৱত।[3] তেওঁ পিতৃ ডাক্তৰ শচীন্দ্ৰনাথ ঘোষৰ সৈতে কানপুৰলৈ যায়।[4]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]১৯২৬ চনত এলাহাবাদ বিশ্ববিদ্যালয়ত ভৰ্তি হোৱাৰ পূৰ্বে ঘোষে ভগৎ সিং আৰু বাটুকেশ্বৰ দত্তক লগ পায়। তেওঁ হিন্দুস্তান ছ’চিয়েলিষ্ট ৰিপাব্লিকান এছ’চিয়েশ্যনৰ এজন সদস্য আছিল। ১৯২৯ চনত লাহোৰ ষড়যন্ত্ৰ গোচৰৰ বিচাৰত অভিযুক্ত কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু কাৰাগাৰত ভৰাই থোৱা হয় যদিও প্ৰমাণৰ অভাৱত মুকলি কৰি দিয়া হয়। ১৯৩১ চনত পুনৰ গ্ৰেপ্তাৰ হৈ কাৰাগাৰত শ্ৰীনিবাস চৰ্দেশাইৰ সংস্পৰ্শলৈ আহে। মুক্তিৰ পাছতেই তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰে।[4] ১৯৩৪ চনত তেওঁ চিপিআইৰ কেন্দ্ৰীয় সমিতিলৈ আৰু ১৯৩৬ চনত চিপিআইৰ পলিট ব্যুৰোলৈ নিৰ্বাচিত হয়। ১৯৩৮ চনত ঘোষ দলৰ মুখপত্ৰ নেচনেল ফ্ৰণ্টৰ সম্পাদকীয় মণ্ডলীৰ সদস্য হয়। তেওঁ ১৯৫১ চনৰ পৰা ১৯৬২ চনত মৃত্যুৰ আগলৈকে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক আছিল। ১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ সময়ত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিক নেতৃত্ব দিছিল।[5][6] ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) বিভাজিত হোৱাৰ পূৰ্বে তেওঁ কেন্দ্ৰীয়তাবাদী ফৈদৰ বিশিষ্ট ব্যক্তি আছিল।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Anil Rajimwale (26 December 2009). "Ajoy Ghosh: The Creative Marxist". Mainstream Weekly. https://www.mainstreamweekly.net/article1843.html.
- ↑ Pyotr Kutsobin (1987). Ajoy Kumar Ghosh and Communist movement in India. Sterling Publishers, New D]elhi.
- 1 2 "Ajoy Ghosh – Mainstream". mainstreamweekly.net. https://www.mainstreamweekly.net/article1182.html। আহৰণ কৰা হৈছে: 2022-02-26.
- 1 2 Vol – I, Subodh C. Sengupta & Anjali Basu (2002). Sansad Bangali Charitavidhan (Bengali). প্ৰকাশক Kolkata: Sahitya Sansad. পৃষ্ঠা. 5. ISBN 81-85626-65-0.
- ↑ The India-China Border Dispute and the Communist Party of India: Resolutions, Statements and Speeches, 1959-1963 (Communist Party of India, 1963), 61-96
- ↑ "The Sino-Indian Border Dispute", B. 644 (R) November 1962, 4, India, CPR 12-61-12-62 folder 3 of 4, Papers of President Kennedy, National Security File, Robert Komer, Box 420, John F. Kennedy Library.