অজিতা সুচিত্ৰা বীৰা
অজিতা সুচিত্ৰা বীৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখিকা, চিত্ৰকৰ, ফটোগ্ৰাফাৰ, আৰু চলচ্চিত্ৰ প্ৰযোজক। বীৰা অতি দৃশ্যমান, ভব্য, মহাকাব্যিক, চলচ্চিত্ৰীয় শৈলীৰ বাবে বেছিকৈ পৰিচিত, য’ত অগতানুগতিক আখ্যান সংৰচনা ৰূপ ভাঙি বাস্তৱ আৰু কল্পনা, সপোন, বৈজ্ঞানিক, দাৰ্শনিক, আধ্যাত্মিক আৰু মানৱতাবাদী ধাৰণাসমূহৰ মিশ্ৰণ ঘটায়। তেওঁৰ আগন্তুক পূ্ৰ্ণদৈৰ্ঘ্য ছবি "বেলাড অৱ ৰাষ্টম" ২০১৪ চনৰ শ্ৰেষ্ঠ ছবিৰ ৮৬তম অস্কাৰ বঁটাৰ প্ৰতিদ্বন্দ্বিতাত আছিল।[1] তেওঁৰ পূৰ্বৰ চুটি ছবি "নোটছ অন হাৰ" ২০০৩ চনত অস্কাৰ বঁটাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰে।[2] তেওঁ লিখা, পৰিচালনা আৰু প্ৰযোজনা কৰা আৰু লগতে প্ৰডাকচন ডিজাইন, সম্পাদনা, চাউণ্ড ডিজাইন আৰু সংগীতৰ সহযোগিতা কৰা তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য ছবি "বেলাড অৱ ৰুষ্টম"ক জাৰ্মানীৰ হাইডেলবাৰ্গৰ ৬১তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত "শক্তিশালী চিনেমেট'গ্ৰাফিক কবিতা, মহাকাব্য, আৰু ফ'ষ্টিয়ান" বুলি বৰ্ণনা কৰিছিল।[3][4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Lattanzio, Ryan. "289 Feature Films Eligible for Best Picture Oscar". Indiewire. http://blogs.indiewire.com/thompsononhollywood/best-picture-oscar-2014-eligible-films?page=2। আহৰণ কৰা হৈছে: 20 January 2014.
- ↑ Pasupulate, Karthik. "Ajita Suchitra Veera's film in Oscar contention". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news-interviews/Ajita-Suchitra-Veeras-film-in-Oscar-contention/articleshow/28394951.cms। আহৰণ কৰা হৈছে: 20 January 2014.
- ↑ "International Film Festival Prague". Febio Fest. Archived from the original on 16 December 2013. https://web.archive.org/web/20131216214847/http://www.febiofest.cz/en/about-us। আহৰণ কৰা হৈছে: 20 January 2014.
- ↑ Mehta, Santosh. "Thinker's cinema". Deccan Herald. http://www.deccanherald.com/content/340383/thinker039s-cinema। আহৰণ কৰা হৈছে: 20 January 2014.